মূৰঘূৰণিৰ কাৰণ আৰু চিকিৎসা

ৰাজীৱ কাশ্যপ

প্রায় সকলো মানুহে জীৱনকালত মূৰঘূৰণি সমস্যাটো অনুভৱ কৰে ৷ আচলতে ই কোনো বেমাৰ নহয়, বিভিন্ন বেমাৰৰ লক্ষণহে মাত্র ৷ বেছিভাগ মূৰঘূৰণি নিজে নিজে ভাল হয় যদিও কিছুমান ক্ষেত্রত ই ডাঙৰ ৰোগ কিছুমানৰ আগজাননী হব পাৰে ৷ অতি কম ক্ষেত্রত মূৰঘূৰণি প্রাণঘাতক হোৱা দেখা যায় ৷  মূৰঘূৰণি হলে, চাৰিওফালৰ বস্তুবোৰ ঘূৰি থকা যেন লাগে, শৰীৰৰ ভাৰসাম্য নোহোৱা হয়, পৰি যাওঁ যেন লাগে আৰু ওপঙি থকা যেন লাগিব পাৰে ৷ সাধাৰণতে মূৰঘূৰণি হলে চিকিৎসাৰ প্রয়োজন নহবও পাৰে ৷ কিন্তু ইয়াৰ লগত অন্য কিছুমান লক্ষণ দেখা দিলে সোনকালে ডাক্তৰৰ ওচৰলৈ যোৱা উচিত ৷ সেইবোৰ হৈছে

  • হঠাতে অতিমাত্রা মূৰৰ বিষ হোৱা৷
  • বুকুৰ বিষ হোৱা৷
  • উশাহ লোৱাত কষ্ট হোৱা৷
  • হাত–ভৰি ঝিনঝিন কৰা বা লৰচৰ কৰিব নোৱাৰা হোৱাৰ লগতে চকুৰে ধূঁৱলি–কুঁৱলী দেখা৷
  • চেতনাহীন হৈ পৰি যোৱা৷
  • হূদস্পন্দন বৃদ্ধি হোৱা বা অনিয়মীয়া হোৱা৷
  • ভ্রম হোৱা বা ভালদৰে মাত ফুটি নোলোৱা বা হঠাতে কাণেৰে ভালদৰে শুনা নোপোৱা হোৱা, খোজ কাত অসুবিধা হোৱা ৷
  • সঘনাই বমি হোৱা৷
  • মুখখন বেঁকা হৈ যোৱা৷

মূৰঘূৰণিৰ কাৰণ

মূৰঘূৰণিৰ বহুতো কাৰণ থাকে৷ কিছুমান শাৰীৰিক ৰোগৰ লক্ষণ হিচাপে মূৰঘূৰণি হোৱাৰ উপৰি বেছি দূৰ ভ্রমণ কৰিলে আৰু কিছুমান ঔষধ সেৱন কৰিলেও এহ সমস্যা হব পাৰে৷ তলত এহ কাৰণসমূহ আলোচনা কৰা হৈছে৷

  • কাণৰ ভিতৰত হোৱা কিছুমান সংক্রমণ ঃ আমাৰ কাণৰ ভিতৰ অংশত কিছুমান ভাহৰাছৰ সংক্রমণ হলে মূৰঘূৰণি হব পাৰে৷ কাণৰ ভেষ্টিবুলাৰ স্নায়ুডাল সংক্রমিত হলে সকলো সময়তে মূৰঘূৰণি অনুভৱ হব পাৰে৷ কাণৰ অন্য এটা ৰোগ হৈছে মেনিয়ার্ছ ডিজিজ৷ এহ ৰোগপ্রাপ্ত বয়স্ক্ লোকৰ হয়৷ কাণৰ ভিতৰত থকা তৰল পদার্থৰ তাৰতম্যৰ বাবে এহ ৰোগ হয়৷ হয়াৰ ফলত ৩০ মিনিটৰ পৰা কেহবাঘণ্টা ধৰি মূৰঘূৰণি হব পাৰে আৰু কাণৰ ভিতৰত কিবা বাজি থকা যেন লাগে৷
  • BPPV (Benign Paroxysmal Positional Vertigo) ঃ এহবিধ ৰোগ বেছিভাগ মূৰঘূৰণিৰ কাৰণ হয়৷ এহবিধ ৰোগত মূৰৰ স্থান পৰিৱর্তন কৰিলে যেনে– বিছনাত শুলে, শোৱাৰ পৰা উঠিলে, ওপৰলৈ চালে আদি ক্ষেত্রত মূৰ ঘূৰাহ আৰু অতি সোনকলে ভাল হৈও যায়৷
  • মাহগ্রেন মূৰৰ বিষত ভোগা লোকসকলে মাজে মূৰঘূৰণিত ভুগিব পাৰে৷
  • ৰক্তচাপ কমি যোৱাৰ ফলত ঃ ৰক্তচাপ কমি যোৱাৰ ফলত মূৰঘূৰণি হয়৷ নিম্ন ৰক্তচাপত ভুগি থকা লোকৰ প্রায়ে মূৰঘূৰণি হয়৷ বহাৰ পৰা তৎক্ষণাৎ থিয় হলে বা শোৱাৰ পৰা তৎক্ষণাৎ উঠিলে মগজুলৈ তেজৰ সঞ্চালন কমি যায় আৰু মূৰঘূৰণি অনুভৱ হয়৷ হূদযন্ত্র আৰু পৰিবহণ তন্ত্রৰ কিছুমান ৰোগ যেনে– কার্ডিমায়পেথী, হার্ট এটেক, এৰিথমিয়া, ড্রেনচিয়েণ্ট হস্কিমিক হার্ট এটেক আদিৰ বাবে মূৰঘূৰণি হব পাৰে৷ এলকহল সেৱন কৰিলেও ৰক্তচাপ কমি যাব পাৰে আৰু মূৰঘূৰণি হব পাৰে৷
  • কিছুমান স্নায়ুৱিক ৰোগ যেনে– পাৰকিনচ্ন, মাচ্টিপল স্কেৰছিছ আদি হলে ব্যক্তিৰ ভাৰসাম্য ৰক্ষাৰ ক্ষমতা কমি যায়৷ ছার্ভাহকেল স্পণ্ডাহলছিছ হলেও মূৰঘূৰণি হোৱা দেখা যায়৷ বয়সিয়াল লোকসকলৰ দৃষ্টিশক্তি কমি যোৱা আৰু স্নায়ুৱিক দুর্বলতাৰ বাবেও ভাৰসাম্য ৰক্ষাৰ ক্ষমতা কমাৰ লগতে মূৰঘূৰণি হোৱা দেখা যায়৷
  • কিছুমান ঔষধৰ পার্শ্বক্রিয়া হিচাপে মূৰঘূৰণি হব পাৰে৷ উদাহৰণস্বৰূপে মৃগী ৰোগৰ দৰব, এণ্টিডিপ্রেচেণ্ট, চিডেটিভচ্ ,ডাহহউৰেটিক, পুৰুষৰ যৌন উত্তেজক আদি দৰবৰ পার্শ্বক্রিয়া হৈ মূৰঘূৰণি হব পাৰে৷ কিছুমান ৰক্তচাপ নিয়ন্ত্রণ কৰা দৰব খোৱাৰ ফলত ৰক্তচাপ অধিক কমি গৈ মূৰঘূৰণি হব পাৰে৷
  • শৰীৰত আহৰনৰ অভাৱ হলে বা ৰক্তহীনতা হলেও মূৰঘূৰণি হোৱা দেখা যায়৷
  • হাইপগ্লাচিমিয়া বা তেজত চেনিৰ পৰিমাণ কমিলে মূৰঘূৰণি হয়৷ বিশেষকৈ মধুমেহ ৰোগত ভোগাসকলে দৰব খোৱাৰ পিছত বা হনছুলিনৰ বেজী লোৱাৰ পিছত ভালদৰে খোৱা–বোৱা নকৰিলে বা দৰবৰ পৰিমাণ অধিক হলে মূৰ ঘূৰাব পাৰে৷ কিছুমান ক্ষেত্রত ব্যক্তিজন অজ্ঞান হৈ পৰিব পাৰে৷ তেজত চেনিৰ পৰিমাণ বািিলেও মূৰঘূৰণি  হব পাৰে৷
  • অধিক গৰমত বেছিকৈ ঘাম ওলালে বা অন্য কিছুমান কাৰণত যেনে– ডায়েৰিয়া হলে বা বেছিকৈ বমি কৰিলে শৰীৰত পানীৰ পৰিমাণ কমি যোৱাৰ ফলতো মূৰঘূৰণি হোৱা দেখা যায়৷ অত্যধিক ব্যায়াম বা শাৰীৰিক পৰিশ্রমৰ কৰিলেও মূৰ ঘূৰাব পাৰে৷ বেছি দূৰ ভ্রমণ কৰিলেও কিছুমান লোকৰ মূৰঘূৰণি হোৱা দেখা যায়৷
  • মানসিক উদ্বিগ্ণতাৰ বাবেও কেতিয়াবা মূৰঘূৰণি হব পাৰে৷
  • কার্বন–মনক্সাহড গেছৰ বিষক্রিয়া হলেও উশাহ–নিশাহত কষ্ট, মূৰৰ বিষ, বুকুৰ বিষ, বমি, ভ্রম, দুর্বলতা আদিৰ লগতে মূৰঘূৰণি হোৱা দেখা যায়৷
  • থাইৰয়ড হৰমনৰ ক্ষৰণ কমি গলে হাহপথাহৰয়ডজম আৰু থাহৰয়ড টস্কিচিটিৰ বাবে থাইৰয়ড হৰমনৰ পৰিমাণ বািি গলে হাহপাৰথাহৰয়ডজ এহ দুয়োটা অৱস্থাতে মূৰঘূৰণি হোৱা দেখা যায়৷

মূৰঘূৰণিৰ কাৰণ বহুত৷ আগতে উল্লেখ কৰি আহিছোঁ যে মূৰঘূৰণি এটা ৰোগ নহয়, বিভিন্ন ৰোগৰ লক্ষণহে৷ সেয়েহে মূৰঘূৰণি কিহৰ বাবে হৈ আছে সেহটো নির্ণয় কৰি সেহমতে হয়াৰ চিকিৎসা আৰম্ভ কৰা উচিত৷ মূৰঘূৰণি হলে কৰিবলগীয়া প্রাথমিক তথা সাধাৰণ উপায় কিছুমান আছে৷ সেহবোৰ হৈছে ঃ

  • সঘনাহ মূৰঘূৰণি হৈ থকা লোকসকলে শোৱাৰ পৰা লাহে লাহে উঠি বহিব লাগে আৰু তাৰ পিছত ঘূৰণি কমি যোৱাৰ পিছত লাহেকৈ থিয় হব লাগে৷ দৌৰা–দৌৰিকৈ উঠি আহিলে এনে লোকে শৰীৰৰ ভাৰসাম্য হেৰুৱাহ পৰি যাব পাৰে আৰু গুৰুতৰভাৱে আঘাত পাব পাৰে৷
  • মূৰটো ঘূৰোৱা যেন লাগিলে লগে লগে বহি দিব লাগে৷ ভার্টিগৰ কাৰণে মূৰঘূৰণি হলে কম পোহৰ পৰা কোঠাত চকু বন্ধ কৰি অলপ জিৰণি ললে মূৰঘূৰণি নাহকিয়া হয়৷
  • সঘনাই মূৰঘূৰণি হোৱা লোকসকলে গাডী–মটৰ, চাহকেল আৰু গধুৰ যন্ত্র আদি চলাব নালাগে ৷
  • কেফেইনযুক্ত পানীয় যেনে– চাহ–কফি, এনার্জী ড্রিংকছ আদি কমকৈ খাব লাগে৷ এলকহল আৰু ধঁপাতজাতীয় সামগ্রী খাব নালাগে৷ এহবোৰ সামগ্রীয়ে মূৰঘূৰণিৰ সমস্যাটো ববাব পাৰে৷
  • পানী আৰু পানীয় খাদ্য যথেষ্ট পৰিমাণে খাব লাগে৷ পুষ্টিকৰ আৰু সুষম আহাৰ গ্রহণ কৰিব লাগে৷ ভিটামিন–চি, ভিটামিন–হ আৰু ভিটামিন–ডি শৰীৰে যথেষ্ট পৰিমাণে পোৱা উচিত৷ তদুপৰি আদাৰ ৰস নিয়মিতভাৱে খালে মূৰঘূৰণিত সুফল পোৱা যায়৷ হয়াৰ উপৰি ভালদৰে টোপনি মৰাটো অতি প্রয়োজনীয়৷ এজন প্রাপ্তবয়স্ক্ লোকে দৈনিক ৭-৮ ঘণ্টা টোপনি মৰা উচিত৷ মানসিক চাপ আৰু উদ্বিগ্ণতাৰ পৰা নিজক মুক্ত কৰি ৰাখিব লাগে৷
  • যদি ঔষধৰ বাবে মূৰঘূৰণি হয়, ডাক্তৰৰ পৰামর্শ লৈ ঔষধৰ সেৱন বন্ধ কৰিব লাগে বা হয়াৰ পৰিমাণ কমাব লাগে৷
  • যদিহে গৰমত অধিক ঘাম ওলোৱা বাবে মূৰঘূৰণি হয় তেতিয়া অধিক পৰিমাণে পানী, ফলৰ ৰস আৰু খনিজ পদার্থযুক্ত পানীয় খাব লাগে৷
  • ভাৰসাম্য বৃদ্ধিৰ বাবে কৰা ব্যায়াম কৰিলে ভাৰসাম্য ৰক্ষা ক্ষমতা বৃদ্ধি হয়৷ কাণৰ স্নায়ুৰ বাবে হোৱা আৰু ভার্টিগৰ মূৰঘূৰণিৰ ক্ষেত্রত সুফল পোৱা যায়৷ শ্বাস–প্রশ্বাস সন্তুলিত কৰা ব্যায়াম কৰিলেও এহক্ষেত্রত সহায়ক হয়৷
  • চাহকথেৰাপী ঃ মানসিক উদ্বিগ্ণতাৰ বাবে হোৱা মূৰঘূৰণিৰ ক্ষেত্রত চাহকথেৰাপীয়ে যথেষ্ট সহায় কৰে৷ উদ্বিগ্ণতা কমি গলে মূৰঘূৰণি নাহকিয়া হয়৷

মুঠতে কবলৈ হলে মূৰঘূৰণিৰ চিকিৎসা কৰিবলৈ হলে হয়াৰ কাৰণটো চিনাক্ত কৰা অতি প্রয়োজনীয়৷ সেয়েহে হয়াক অৱহেলা নকৰি অতি সোনকালে ডাক্তৰৰ পৰামর্শ গ্রহণ কৰা উচিত৷

ফোনঃ ৮৬৩৮২-৭২৮৬৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.