নৱবর্ষৰ প্রথমখন অসমীয়া ছবি ‘একলব্য’ক আদৰিলে দর্শকে

দর্শনা বৰুৱা

চিনেমাখনৰ প্রথম অংশত দেখা যায় অভয় নামৰ কিছু ব্যতিক্রমী, মৰমলগা যুৱক এজন কাৰাগাৰৰ আলহী হয় ৷ অভয়ে তাতেই লগ পাই আন এগৰাকী অপৰাধীক ৷ অপৰাধী হলেও কাৰাগাৰৰ সকলোৱে সন্মান–সমীহ কৰি চলা ব্যক্তিগৰাকীৰ সহায়ত শাস্তিৰ ম্যাদ কমাই মুকলি আকাশৰ তললৈ ওলাই আহে অভয় ৷ অভয়ক সকলোৱেই জানে ধর্ষণকাৰী বুলি ৷ কালৰ কুটিল গতি আৰু ভাগ্যৰ বিড়ম্বনাত সৰল–সহজ অভয়ৰ জীৱনৰ সকলো সলনি হয় ৷ কিন্তু অভয় সঁচাকৈয়ে ধর্ষণকাৰী হয়নে সমাজে অভয়ক সহজভাৱে জীয়াই থাকিবলৈ দিলেনে সৰুতেই মাকক হেৰুৱাইছিল অভয়ে ৷ মাকৰ মৃত্যুৰ পিছত তাক ডাঙৰ–দীঘল কৰা জন্মদাতা পিতৃয়েও অভয়ৰ কথা শুনিলেনে নিজতকৈও ভালপোৱা শৈশৱৰে প্রেমিকাই অভয়ক কি ব্যৱহাৰ কৰিলে বাৰু তেজৰ সম্পর্ক নোহোৱাকৈও আপোন হৈ পৰা কাৰাগাৰত লগ পোৱা ককায়েকজনে অভয়ক কি দিলে বাৰু হঠাতে বন্ধু হৈ পৰা ব্যাসে কিদৰে অভয়ক প্রতিপদতে সহায় কৰিছে, বিপৰীতে শৈশৱৰ বন্ধুৰ হাততে প্রতাৰিত হৈছে অভয় ৷ পিতাকে তুলি লোৱা তথা বনকৰা মানুহগৰাকীৰ পুতেকে কিদৰে কৌশলেৰে কাঢ়ি লৈছিল অভয়ৰ সকলো প্রাপ্য অধিকাৰ, মৰম–ভালপোৱা সংবেদনশীল, নম্র নায়ক অভয়ে নিজে কোনো দোষ নকৰাকৈয়ে ইমান বছৰে শাস্তি ভোগাৰ বাবে দায়ী কোন সকলো কথাৰ চিনেমেটিক উত্তৰ আছে একলব্য চিনেমাখনত ৷

আমাৰ সমাজ ব্যৱস্থাৰ লগতে অভিভাৱক–শিক্ষকৰ পক্ষপাতিত্বৰ বাবেও কেতিয়াবা অভয়ৰ দৰে নির্দোষী যুৱকৰ সোণালী সময় ৰংবিহীন হৈ পৰে ৷ যথা সময়ত সকলোৱেই সকলোৰে কথা শুনিলে–বুজিলে সমস্যাবোৰৰ সমাধান ওলাব পাৰে ৷ কিন্তু কেতিয়াবা যে নিজক সত্য–শুদ্ধ বুলি পতিয়ন নিয়াব পৰাকৈ সুযোগ নাহে ৷ তেতিয়া কি কৰা যায় ৷ একলব্যত ব্যাসৰ চৰিত্রটোৰ অন্তর্ভুক্তি অতিশয় প্রয়োজনীয় ৷ এনে বন্ধুৱে কাৰোবাৰ জীৱন থানথিত লগাই দিব পাৰে ৷ অভিনেতা হিমাংশু গগৈয়ে অতি সুন্দৰ অভিনয় কৰিছে ৷ জ্যেষ্ঠ অভিনেতা চিন্ময় কটকীয়ে ৰূপায়ণ কৰা চৰিত্রটোৱেও বহু কথাই কৈ যায় ৷ অপৰাধীৰো মানৱীয়তা যে থাকিব পাৰে আমি বহু সময়ত পাহৰি যাওঁ ৷ অন্যায়ৰ বলি হোৱা নায়কে খং, ক্ষোভ– হতাশাত কান্দে, চিঞৰে ৷ নিজৰ নির্দোষিতা প্রমাণ কৰাৰ বাবে একো উপায় নাপাই অস্থিৰ হোৱা নায়কক পৰিচালকে এক সাধাৰণ সত্তাৰ ৰূপতেই উপস্থাপন কৰিছে ৷ অতি নাটকীয়তা ছবিখনত একেবাৰেই নাই ৷ নায়কে নায়িকাৰ লগত অধিকাৰ সাব্যস্ত কৰি প্রেমক কলুষিত কৰা নাই ৷ সকলো অপমান সহিছে ৷ তথাপি মাথোঁ চেষ্টা কৰিছে প্রেয়সীক বিশ্বাস দিয়াবলৈ ৷ একলব্যৰ নায়ক চিনেমাৰ তথাকথিত নায়কৰ দৰে নহয় ৷ তেওঁ এজন সাধাৰণ যুৱক ৷ কাৰাগাৰৰ ভিতৰত দিন কটোৱা তথা আনৰ দৃষ্টিত ৰেপিষ্ট অভয়ৰ ফ্লেছবেকৰে কাহিনীটো পৰিচালকে টুকুৰা টুকুৰ দৃশ্যৰে আগবঢ়াই নিছে ৷ চিনেমাখনৰ আৰম্ভণিৰ পৰা শেষলৈকে ছাছপেন্স নভঙাৰ বাবে ছবিখন দর্শকৰ বাবে যথেষ্ট উপভোগ্য হৈ উঠিছে ৷ চিনেমাখনৰ শেষৰ ফালে লোৱা শ্বটকেইটিয়েও দর্শকৰ মন ভৰাই তুলিবলৈ পূৰামাত্রাই সফল ৷ বলিষ্ঠ পুৰুষ এজনৰ দীঘল ছাঁটোৱে দর্শকক কৈ যায় বহু কথা ৷

চিনেমাখনৰ সংলাপো ধুনীয়া ৷

ৰামায়ণৰ একলব্যৰ কথা শুনিছ আঙুলি কাটি গুৰুক দিছিল ৷ তহ চাগে দেউতাৰে খুজিলে গলাটোও কাটি দিবি চিনেমাখনত ব্যাস নামৰ চৰিত্রটোৰ মুখত দিয়া সংলাপ এয়া ৷ পিতৃৰ পৰম বাধ্য অভয়ৰ প্রতি এয়া  আছিল বন্ধু ব্যাসৰ এক প্রশ্ন ৷

একলব্য ৰামায়ণৰ নহয় অ মহাভাৰতৰ ৷

নায়ক অভয়ৰ বিনম্র উত্তৰ ৷

দর্শকে নজনাকৈয়ে এই সংলাপত মুখৰে হাঁহি এটি বাগৰি যোৱাটো স্বাভাৱিক ৷

কোনেও অভয়ক বুজিবলৈ চেষ্টা নকৰাৰ সময়ত ব্যাসৰ দৰে বন্ধুৰ সান্নিধ্যত জীপাল হয় অভয়ৰ জীৱন ৷ ব্যাস অনাথ ৷ পৰিস্থিতিৰ দাস এটা চৰিত্র ৷ কিন্তু ব্যাসৰ মনত থকা সাহস আৰু সত্য অন্বেষণৰ তাড়নাৰ বাবেহ অভয়ৰ নির্দোষিতা প্রমাণ হয় ৷

সমস্যাটো কত জাননে কোনেও কাৰো কথা নুশুনে ৷ অকল নিজৰটোহে গাই থাকে ৷

এই সংলাপতে আচলতে প্রকাশ পাইছে বহু কথা ৷ আত্মকেন্দ্রিক জীৱনৰ অন্তঃসাৰশূন্যতাৰ বহিঃপ্রকাশ এয়া ৷

কালৰ কুটিল গতিত তেজৰ বা বুকুৰ আপোনজনেও আমাক গঁতিয়াই দিব পাৰে দূৰলৈ ৷ বাহ্যিক দৃষ্টিত যি সত্য শুদ্ধ সেয়া প্রকৃততে সত্য নহবও যে পাৰে ৷ মুখাৰ আঁৰৰ মুখ চিনা সহজ নহয় ৷ বন্ধুৰ ৰূপত থকা শত্রুৰ পৰাই যে ভয়ংকৰ বিপদ আহে ৷

কিন্তু সত্য লুকাই নাথাকে ৷ দেৰিকৈ হলেও নায়ক অভয়ৰ নির্দোষিতা প্রমাণ হয় ৷

দেখি ভাল লাগে ব্যাসৰ বন্দুক লোৱা হাতখনেৰে গীটাৰত ঝংকাৰ তুলিবও জানে ৷ ধর্ষণৰ বলি হোৱা ধৃতিক আদৰি লোৱা ব্যাসৰ মহানুভৱতাই  ৰুচিৱান দর্শকক বহু আনন্দ দিয়ে ৷

হাস্যৰস–ৰোমাঞ্চ, ছাছপেন্স আদি সকলো থকাকৈ নির্মাণ কৰা চিনেমা এখনে যদি দর্শকৰ মনোৰঞ্জনৰ লগতে মনগহনত চিন্তাৰ বুৰবুৰণি তুলিবলৈ সক্ষম হয়, সেয়া জানো ভাল লগা কথা নহয়

শিশু শিল্পী আৰণ্যক গোস্বামী, তানিষ্ঠা শর্মা, জিহান জুবেৰ, মঞ্চ আৰু চিনেমা জগতৰ সু–ভিনেতা চিন্ময় কটকীৰ বলিষ্ঠ অভিনয়, প্রতিভাৱান অভিনেতা কমল লোচন, ৰূপচন্দা শর্মা, হিমাংশু গগৈ, অতনু মহন্ত, কৰীশ্মা পূজাৰী, মুকুট নাথ, অসীম কৃষ্ণ বৰুৱা, অৰুণ নাথ, নর্মদা দাস, অর্পণা দত্ত চৌধুৰী, মালা গোস্বামী, অমিতাভ ৰাজখোৱা, ৰূপম বৰুৱা, ডাঃ জয়ন্ত দাস, মিণ্টু বৰুৱা, আশিস শইকীয়া আদিৰ লগতে আন কেইবাজনো অভিনয় শিল্পীৰ অভিনয়সমৃদ্ধ ২ ঘণ্টা ১৭ মিনিটৰ চিনেমা একলব্য  চিত্রগৃহত মুক্তি লাভ কৰিলে  নৱবর্ষৰ ৭ জানুৱাৰীত ৷ নতুন বছৰৰ প্রথমখন শুভমুক্তি লাভ কৰা অসমীয়া চিনেমা ৷ পৰিচালক আলফ্রেডৰো প্রথমখন চিনেমাই মুক্তি লাভ কৰি দর্শকৰ প্রশংসা লাভ কৰিবলৈ সক্ষম হল ৷ চিনেমাখনে দর্শকক মনোৰঞ্জনৰ লগতে দিলে কেইবাটাও সামাজিক বার্তা ৷ বর্তমান এই লেখা প্রস্তুত কৰি থকাৰ সময়তো চিনেমাখন ছবিগৃহত  চলি আছে ৷ কেইবা সপ্তাহো ধৰি এইদৰে একলব্য চিনেমাইলত চলি থকাটো ভাল লগা কথাই ৷ এই সময়ত এয়া অসমীয়া চিনেমাৰ বাবে আশাৰ খবৰ ৷

ৰিভান প্রডাকচনৰ বেনাৰত মুক্তি পোৱা একলব্য ছবিগৃহত  উপভোগ কৰি আমাৰ যথেষ্ট ভাল লাগিল ৷ চিনেমাখনৰ প্রযোজনা ঋতিক শইকীয়া, পার্থপ্রতিম চৌধুৰী, চৈয়দ আজিজুল ইক আৰু অলকা শহকীয়াৰ ৷ সংলাপ লিখিছে ত্রৈলোক্য কাশ্যপ, আলফ্রেড আৰু প্রণৱ ভৰালীয়ে ৷ ৰূপসজ্জা বিশ্বজিৎ কলিতাৰ, এক্সনৰ কাম কৰিছে মন্টু দেউৰীয়ে, কৰিগ্রাফী শচীন বৰুৱাৰ  আৰু শব্দ–সংৰচনা দেৱজিৎ গায়নৰ ৷

অৰূপজ্যোতি বৰুৱাৰ সুৰ–সংগীতেৰে চিনেমাখনত সাধু এটি গীতটিত কণ্ঠ নিগৰাইছে জুবিন গার্গে ৷ গীতটিৰ কথা মৃণাল পি জ্যোতিৰ ৷ চিনেমাখনৰ বাবে ৰাহুল গৌতম শর্মায়ো লিখিছে বুমেৰাং জীৱন শীর্ষক গীতটি ৷ আনটি গীত আধৰুৱা মায়াকো শ্রোতাই আদৰিছে ৷ গীতকেইটি কণ্ঠদান কৰিছে দিপলীনা ডেকা, অৰূপজ্যোতি বৰুৱা, কেইচীয়ে ৷ চিনেমাখনৰ আৱহ সংগীতো উপভোগ্য হৈছে ৷

নায়কৰ চৰিত্রত কমল লোচনৰ অভিনয় অতি সুন্দৰ ৷ অভিনয়ৰ জগতত তেওঁৰ এক সুন্দৰ ভৱিষ্যৎ আছে ৷ ব্যাসৰ চৰিত্রত অভিনয় কৰা হিমাংশু গগৈৰ অভিনয় মন্ত্রমুগ্ধ হৈ চাহ ৰলোঁ ৷ তেওঁৰ অভিনয় দক্ষতা মানিবলগীয়া ৷ বাকী অভিনয় শিল্পীৰ অভিনয়ো সুন্দৰ আৰু স্বাভাৱিক ৷ বিশেষকৈ এগৰাকী কমাত থকা ৰোগীৰ চৰিত্রত কৰীশ্মা পূজাৰীয়ে চৰিত্রটো দক্ষতাৰে ফুটাই তুলিবলৈ সক্ষম হৈছে ৷

একলব্যৰ কাহিনী–চিত্রনাট্য প্রণৱ ভৰালী আৰু আলফ্রেডৰ, চিনেমেটগ্রাফী আশুতোষ কাশ্যপৰ, সংগীত অৰূপজ্যোতি বৰুৱাৰ, কৰিগ্রাফী কৰিছে শচীন বৰুৱাই ৷ ছবিখনৰ সাজসজ্জা প্রতিভাৱান ফেশ্বন আৰু কষ্টিউম ডিজাহনাৰ লক্ষ্মীছাঁয়া ডেকাৰ ৷ নায়িকা ৰূপচন্দাৰ সাজসজ্জাৰ কাম কৰিছে মণ্ঢি ধ্যানিয়ে ৷ দর্শকে ইতিমধ্যেই চিনেমাখনক আদৰি লৈছে ৷  একলব্য বর্তমান চিনেমাহলত সফলতাৰে চলি আছে যদিও চিনেমাখন চিত্রগৃহত উপভোগৰ বাবে নির্ধাৰণ কৰা সময়টো বহু চিনেমা প্রেমী ৰাইজৰ সুবিধাজনক হোৱা নাই বুলিও জানিব পৰা গৈছে ৷ কভিড প্রটকল মানি চলাৰ বাবেই হয়তো এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলিও ধাৰণা কৰা হৈছে ৷ চলচিচত্রখনে অসমীয়া ছবিজগতত এক নতুনত্ব অনাৰ লগতে অসমীয়া ছবি উদ্যোগলৈয়ে আনিছে আশাৰ বতৰা ৷ চিনেমাখনত অতিনাটকীয়তা নথকাৰ বাবে দর্শকে স্বাভাৱিক ৰূপতে কাহিনীটোৰ মাজলৈ সোমাই যাব পাৰে ৷ চৰিত্রৰ লগত খাপ খুৱাই ৰূপসজ্জা আৰু সাজসজ্জাত গুৰুত্ব দিয়াৰ বাবে ছবিখন উপভোগ কৰোঁতে বিৰক্তি অনুভৱ নহয় ৷ সংলাপ খুবেই সুন্দৰ ৷ চিনেমাখনত অযথা কোনো শ্বট নাই ৷ ছবিখনৰ কাহিনী–বিন্যাস ভাল লগা ৷ তথাপি প্রযোজক–পৰিচালকে বিশেষ দুটামান কথা আৰু প্রচাৰত  চকু দিলে  ভৱিষ্যতে আৰু বেছি সুন্দৰ চিনেমা দর্শকক উপহাৰ দিব বুলি আমি আশাবাদী ৷

ছবিখনৰ সম্পাদনা ধীৰাজ মজুমদাৰৰ ৷ এক্সন, কেমেৰাৰ কামো সুন্দৰ ৷ কোনোবা সময়ত সংলাপৰ দুটামান বিসংগতি, সময়সাপেক্ষ ৰূপসজ্জাৰ সামান্য খুঁতৰ বাহিৰে চিনেমাখনত বাকী অস্বাভাৱিকতা  চকুত নপৰিল ৷ অৱশ্যে কাহিনীৰ খাতিৰত কেইটিমান চৰিত্রৰ আৰু কিছু বিকাশ ঘটোৱাৰ থল আছিল ৷ পৰিচালকে কাহিনী–বিন্যাসৰ গতিময়তা প্রদানৰ বাবে আৰু দুটিমান দৃশ্য সংযোজন কৰিলেও চিনেমাখন বেছি উপভোগ্য হৈ উঠিলহেঁতেন ৷ কিন্তু স্বীকাৰ কৰিবই লাগিব যে বাহ্যিক আড়ম্বৰ নোহোৱাকৈয়ো, কোনো ষ্টাৰকাষ্ট নথকাকৈয়ো সুন্দৰ ড্রিটমেণ্ঢেৰে সকলোৰে বাবে উপভোগ্য চিনেমাখন নৱপ্রজন্মৰ লগতে অভিভাৱকেও চাহ ভাল পাব ৷ অৱশ্যে সৰহসংখ্যক ৰুচিৱান দর্শকৰ ওচৰ চাপিবলৈ চিনেমা একোখনৰ  সুপৰিকল্পিত প্রচাৰে চিনেমা এখন ৰাহজৰ মাজলৈ লৈ যাব পাৰে ৷

চিনেমা হল নথকা ঠাইৰ আগ্রহী দর্শকৰ বাবেও আধুনিক প্রযুক্তিৰ সহায়ত  চিনেমাখন উপভোগৰ ব্যৱস্থা কৰা হয় ৷ ছবিখন নতুন কভিড এছ অ পি ঘোষণা হোৱাৰ পিছত আৰু কিছুদিন ছবিগৃহত চলাটোও এক ভাল খবৰ ৷

ফোন:  ৭০৮৬৫-২১৩০৭

You might also like
Leave A Reply

Your email address will not be published.