ছায়েটিকাৰ সমস্যাত কেনেকৈ খোজ কাঢ়িব

প্রাঞ্জল প্রতিম বৰা

ভাৰতবর্ষৰ প্রায় ৬০ শতাংশ লোকেহ পিঠিৰ পৰা তলৰ অংশৰ বিষ অর্থাৎLow back pain সমস্যাত ভোগে ৷ Back painৰ সমস্যাত ভোগা লোকসকলৰ প্রায় ৫০ৰ পৰা ৮৪ শতাংশ লোকেহ গোটেহ জীৱনজুৰি পিঠিৰ বিষত ভুগিব লগা হয় ৷ পিঠি বা কঁকালৰ বিষ এটা বহল বিষয় ৷ বিভিন্ন ধৰণৰ কঁকালৰ বা কঁকালৰ পৰা তললৈ বিষৰ সমস্যাত ভোগা লোকসকলৰ ভিতৰত প্রায় ৫ৰ পৰা ১০ শতাংশ লোকে ভোগা এটা সমস্যা হল ছায়েটিকা (Sciatica) ব Sciatic nerve compression৷ বহুতৰে ক্ষেত্রত দেখা যায় যে নিজৰ জীৱন শৈলী উন্নত কৰিলেই কোনো চিকিৎসা নোহোৱাকৈয়ে এই অৱস্থাৰ নিজে নিজে উন্নতি হয় ৷ কিন্তু কিছুমান লোকৰ ক্ষেত্রত অতি ততালিকে চিকিৎসা নকৰিলে কেতিয়াবা সম্পূর্ণ নার্ভ নষ্ট হোৱাৰ সম্ভাৱনা থাকে ৷ তদুপৰি ছায়েটিকাৰ সমস্যা আন কোনো সমস্যাৰ লগত জড়িত আগজাননীও হব পাৰে ৷

ছায়েটিকা কি

ছায়েটিকাৰ সমস্যাত আপোনাৰ কঁকালৰ পৰা তললৈ, তপিনা অংশৰ ওপৰত বা তপিনাৰ পৰা তললৈ ভৰি অংশত বিষ অনুভৱ কৰিব পাৰে ৷ এনে বিষৰ সমস্যা আপোনাৰ লাহে লাহেও আৰম্ভ হব পাৰে বা কোনো আগজাননী নিদিয়াকৈ ঘপহ কৰিও আৰম্ভ হব পাৰে ৷ সাধাৰণতে আমাৰ কঁকালৰ তলফালে থকা ৰাজহাড় ক্রে L3, L4 আৰু S1ৰ পৰা ওলোৱা তিনিডাল নার্ভ বা স্নায়ু ক্রে L3 nerve, L4 nerve আৰু S1 nerve একলগ হৈ হাতৰ বুুা আঙুলিটোৰ সমান হয় আৰু এহ তিনিডাল নার্ভ লগ লাগি Sciatic ছায়েটিক নার্ভৰ সৃষ্টি হয় ৷ এই নার্ভডাল দুভাগ হৈ কঁকালৰ পিছফালৰ পৰা তপিনাৰ ওপৰেদি ভৰিৰ আঁঠুৰ পিছফালৰ অংশৰ ওচৰত শেষ হয় ৷ কিবা কাৰণে যদি এই ছায়েটিক নার্ভডাল কঁকালৰ পৰা ভৰিৰ তল অংশলৈ যাওঁতে কোনো ঠাহত চেপা খায় বা compress হয়, তেতিয়া কঁকালৰ পৰা তললৈ যিকোনো অংশত বিষ হব পাৰে, যাক কোৱা হয় ছায়েটিকাৰ সমস্যা ৷ সোঁফাে নাভ compress হলে সোঁফালে ভৰিলৈকে বিষ অনুভৱ কৰিব পাৰে আৰু বাঁওফালে হলে বাঁওফালৰ ভৰিলৈকে বিষ অনুভৱ কৰিব পাৰে ৷ কেতিয়াবা ছায়েটিক নার্ভডাল কঁকালৰ পিছফালেদি পাৰ হৈ যাওঁতে তপিনা অংশত থকা Pisiformis muscle টান হৈ থাকিলে তাত চেপা খায়ো বিষ হব পাৰে ৷

ছায়েটিকাৰ লক্ষণঃ

  • ¨ কঁকাল, কঁকালৰ তলৰ অংশ buttock অংশ আৰু কঁকালৰ পৰা ভৰিলৈ যিকোনো অংশত বিষ আৰু কঁকালৰ পৰা ভৰিলৈ যিকোনো অংশত অসুবিধা পাব পাৰে ৷
  •   ভৰি জঠৰ আৰু দুর্বল অনুভৱ কৰা ৷
  •  কেতিয়াবা বেজীৰে বিন্ধাৰ নিচিনা ভৰিত অনুভৱ হব পাৰে ৷
  •  কেতিয়াবা খোজ কা বা লৰচৰ বা movement কৰাতো অসুবিধা হব পাৰে ৷
  •   খোজ কাঢ়িলে বেছিকৈ বিষ অনুভৱ কৰা ৷
  •   সাধাৰণতে sciatica ৰ  সমস্যাত ভৰি অংশত বেছি বিষ অনুভৱ হয় ৷
  •  প্রস্রাৱ কৰাত অসুবিধাও অনুভৱ কৰিব পাৰে ৷
  •   বহুত সময় ধৰি বহি বা থিয় হৈ থাকিলে ভৰি আৰু পিঠিত অত্যধিক বিষ ৷
  •  কাহিলে বা হাচি মাৰিলে পিঠি কঁকালত ঠাহ মাৰি ধৰা ৷
  •  কোনো কোনো লোকে ভৰিত জলা–পোৰা কৰা বা হেঁচা মাৰি ধৰাৰ দৰে বিষ অনুভৱ কৰিব পাৰে ৷

ছায়েটিকাৰ বাবে Back pain হলে আমি খোজ কাঢ়িব পাৰোঁনে

Back pain ৰ মূলমন্ত্র হ হল পিঠি, ভৰি আৰু পেটৰ মাচ্লসমূহক শক্তিশালী কৰি ৰখা ৷ তদুপৰি আমি খোজ কাঢ়িলে শৰীৰত Endorphin  হৰমন বাঢ়ি যায়, যি হৰমনে শৰীৰৰ বিষ নিয়ন্ত্রণ কৰে ৷ গতিকে নিজকে inactive কৰি ৰাখিলে বা শুই, বহি বেছি সময় কটালে বিষৰ সমস্যা বাঢ়ি যাব ৷ সেইবাবে খোজ কাটো প্রয়োজনীয়, কিন্তু সাৱধান হব লাগিব, যাতে ৰাজহাড় বা spine ৰ ওপৰত খোজকােোঁতে জোৰ নপৰে ৷

শুদ্ধকৈ কিদৰে খোজ কাঢ়িবঃ

  •  প্রথম খোজকাঁঢ়োতে লাহে লাহে আৰম্ভ কৰিব ৷ Slow speed ত আৰু কম দূৰত্ব খোজ কাঢ়িব ৷
  •  মনত ৰাখিব লাগিব যে ভৰিৰ খোজবোৰ যাতে চুটি চুটিকৈ দিয়ে ৷ দীঘল খোজ দিলে Lumbar spine ত  আঘাত হোৱাৰ সম্ভাৱনা থাকে ৷
  • মনত ৰাখিব ভৰিৰ আঙুলিকেহটা যাতে প্রথমে মাটিত নপৰে ৷ প্রথম ভৰিৰ গৰুৱা আৰু মাজখিনি পৰিব, তাৰ পিছতহে আঙুলি পৰিব ৷ আঙুলিৰ ওপৰত একেবাৰে খোজ নিদিব ৷
  • খোজ কাঁঢ়োতে আপোনাৰ পিঠি আৰু বাহু চিধাকৈ খোজ কাঁঢ়িব লাগিব ৷
  •  খোজ কাৰ সময়ত সন্মুখলৈ চিধাকৈ এক নির্দিষ্ট দূৰত্বলৈ চাই খোজ কাঁঢ়িব ৷
  •  খোজ কাঁঢ়োতে পেটৰ muscle ৰ  ব্যৱহাৰ কৰিব আৰু পেটৰ muscle অলপ ভিতৰলৈ গাৰ ফালে টানি খোজ কাঁঢ়িবলৈ চেষ্টা কৰিব ৷
  • খোজকাৰ মাজত অলপ সময় ৰৈ দীঘলকৈ উশাহ টানি লব আৰু নিজৰ comfortable speed ত খোজ কাঁঢ়িব ৷
  •  সমতল ঠাইহে খোজ কাঁঢ়িবলৈ ব্যৱহাৰ কৰিব, খোজ কঁঢ়া ঠাই অলপো ওখোৰা–মোখোৰা হলে বিষৰ সমস্যা বাঢ়িব পাৰে ৷
  •  ভৰিত পিন্ধা জোতাযোৰ ১০০ শতাংশ ফিট হব লাগিব ৷
  •  কোনো বস্তু মাটিত পৰিলে, তুলিবলৈ হলে আগলৈ হাউলি নুতুলিব, আঁঠুৰ ওপৰত বহি লৈহে তুলিব ৷
  •  মাজত বহিব লগা হলে প্লাষ্টিকৰ বা কাঠৰ চকীত কুছন এটা লৈ তাত আউজিহে বহিব ৷
  • খোজ কাঢ়ি থকা অৱস্থাত বিষ অনুভৱ কৰিলে খোজ কা লগে লগে বন্ধ কৰাৰ প্রয়োজন ৷ কাৰণ খোজ কাঁঢ়োতে বিষ হোৱা মানে হয়তো আপোনাৰ ৰাজহাড়ৰ ওপৰত জোৰ পৰিছে নহলে আপুনি কোনো ভুল পজিচনত খোজ কাটো বুজায় ৷

ফোনঃ ৮৬৩৮৩-৮৮০৭৭

You might also like
Leave A Reply

Your email address will not be published.