গল্পঃ হেৰোৱা ডায়েৰীখন

হিমানী কলিতা

মায়ে কৈছিল চাকৰি সূত্রে কলিকতাত থকা ময়ূৰম হেনো জোৰণৰ আগদিনাহে ঘৰলৈ আহিব ৷

কিন্তু আবেলি ছাদৰ ওপৰলৈ কাপোৰ আনিবলৈ যাওঁতে দেখোন তাক হঠাৎ দেখিবলৈ পালোঁ ৷ অস্থিৰ খোজেৰে সিহঁতৰ প্রথম মহলাৰ আমাৰ ফালৰ বেলকনিটোত ইফালৰ পৰা সিফালে পায়চাৰী কৰি ফুৰিছে সি ৷ মই মাৰ মেলা শাৰীখনৰ আঁৰত লুকাই লুকাই তাক চাবলৈ ধৰিলোঁ ৷  সম্পূর্ণ দহ বছৰৰ মূৰত তাক দেখিলোঁ আজি ৷ তাহানিৰ ডাঢ়ি নোহোৱা ধুনীয়া মুখখনত এতিয়া এমুখ ডাঢ়ি ৷ চছ্মাযোৰ এতিয়াও এৰিব পৰা নাই সি ৷ আগতকৈ অলপ শকত হৈছে বাবে এতিয়া দেখিবলৈ আৰু ধুনীয়া দেখা হৈছে তাক ৷ তাৰ ফালে তেনেকৈ ৰ লাগি চাই থাকোঁতে কেতিয়ানো তাৰো দৃষ্টিত মই পৰি গলোঁ গমকে নাপালোঁ ৷ চকুৱে চকুৱে পৰাত কলপাত কঁপাদি বুকুখন কঁপি উঠিল মোৰ ৷

খৰধৰকৈ চপাব খোজা শাৰীখন পুনৰ বহলকৈ মেলি দি তাৰ আঁৰত সম্পূর্ণকৈ নিজকে লুকুৱাই পেলালোঁ ৷

ছাদৰ পৰা নামি আহিয়ে মাক কলোঁ  ময়ূৰমক দেখি অহাৰ কথাটো ৷

 ঃ বৰমাৰে দেখোন সি জোৰণৰ আগদিনাহে আহিব বুলি কৈছিল ৷ সন্ধিয়া এপাক গৈ আহিম ৰ সি আহিছে যদি ৷

সন্ধিয়াৰ চাহ কাপ খাই মায়ে ওলাই গল ময়ূৰমহঁতৰ ঘৰলৈ ৷ মোৰ আঢ়ৈ বছৰীয়া যঁজা লৰাছোৱালীহাল বিছনাখনত খেলাত ব্যস্ত ৷ মা অহালৈ বাট চাই মই লৰাছোৱালী দুটাৰ কাষতে শুই শুই মবাইল পিটিকি আছোঁ যদিও ময়ূৰমৰ মুখখনে মোৰ দুচকুৰ আগত অগাদেৱা কৰি থাকিল ৷

 ঃ ময়ূৰমে বিয়াখন ভাগি থৈ আহিল অ জুমণি 

বৰমাৰৰ কান্দি কান্দি অৱস্থা নোহোৱা হৈছে ৷ বৰদেউতাৰাৰো মুখৰ মাতবোল নোহোৱা হৈ পৰিছে ৷ ইমান বুজন লৰাটোৱে কিয় যে হঠাতে এনেকুৱা এটা সিদ্ধান্ত লৈ মাকদেউতাকহালক ইমান ডাঙৰ দুখ এটা দিলে তাকে ভাবি আচৰিত হৈছে অ ৷

ময়ূৰমহঁতৰ ঘৰলৈ খবৰ লবলৈ যোৱা মায়ে ঘূৰি আহি শুনোৱা খবৰটো শুনি মাৰ লগতে ময়ো সমানে আচৰিত হৈ পৰিছোঁ ৷ ছয় মাহ আগতে তাৰ সন্মতিতেহতো ঠিক হৈছিল বিয়াখন ৷ মায়ে কোৱা মতে ছোৱালীজনীয়ো উচ্চ শিক্ষিত ৷ দেখিবলৈও সাংঘাতিক ধুনীয়া বোলে ৷ তাতে ময়ূৰমৰ দেউতাকৰ পুৰণি বন্ধুৰ ছোৱালী ৷

বিয়াখনলৈ মাজত মাত্র এইকেইটা দিন থাকোঁতে সি কিয় এনে এটা সিদ্ধান্ত ললে বাৰু ।

মই কথাটো ভাবি ভাবিয়ে মালৈ চালোঁ ৷ মায়ে চকু দুটা মুদি ওপৰফালে মুখ কৰি ছোফাখনত বহি আছে ৷ দেখিলেই গম পায় মায়ে যে খুব গভীৰকৈ চিন্তা কৰি আছে ৷

এৰা বৰমা আৰু মা বৰ ভাল বান্ধৱী ৷ এজনীৰ কিবা এটা সমস্যা হলে আনজনীয়ো সমানে চিন্তিত হৈ পৰে ৷ এজনীৰ দুখত আনজনী সাহস হৈ থিয় দিয়ে ৷ সৰুৰ পৰাই দেখি আহিছোঁ দুয়োজনীৰে এই মিলাপ্রীতি ৷ এমাহ আগতে মোৰ লগত হোৱা দুর্ঘটনাটোত বৰমায়ে কম সাহস দিছেনে মা আৰু মোক ৷ বৰমাৰ সাহসতেহতো সাহসী হৈ মায়ে মোক সেইখন ঘৰৰ পৰা একেবাৰেই লৈ আহিল যঁজা সন্তানহালৰ লগত ৷

 ঃ তই পাৰিব লাগিব জুমণিৰ মাক ৷ আমি আছোঁ নহয় তোৰ লগত ৷ সন্তান দুটাৰে সহিতে তাইক একেবাৰে লৈ আহ সেই নৰকখনৰ পৰা ৷ চাওচোন কোনে কি কয় তোক ।

মা কৰবাত অকণমান দুর্বল হৈ পৰিছিল যদিও বৰমাৰ সাহস বাণীতেই সিদিনা মোৰ শাহুশহুৰৰ সকলো কেটেৰাজেঙেৰা মাত ওফৰাই মোক উলিয়াই আনিছিল সেইখন ঘৰৰ পৰা ৷

এমাহ আগতে এটা পথ দুর্ঘটনাত মোৰ স্বামীৰ মৃত্যু ঘটিছিল ৷ অত্যধিক মদ্যপান কৰি গাড়ী চলোৱাৰ ফলতেই তেওঁ জীৱন হেৰুৱাব লগা হৈছিল ৷

কিন্তু স্বামীৰ সেই মৃত্যুৰ বাবে মোৰ শহুৰৰ গোটেই ঘৰখনে মোকহে কুলক্ষণীয়া অসতী তিৰোতা আদি কত উপনাম দি যে অপমানিত কৰিলে ৷

আনকি মোৰ এই আঢ়ৈ বছৰীয়া যঁজা সন্তানহালকো বাপেকৰ জীৱনৰ কাল বুলি অভিহিত কৰিলে ৷

জোৱায়েকৰ মৃত্যুৰ খবৰ শুনিয়ে দৌৰি যোৱা মাকো কম অপমান কৰিছিলনে সেহখন ঘৰে স্বামীক হেৰুৱাই অকণমানি দুটাৰ লগত মোৰ কি অৱস্থা হৈছিল সিহঁতে সেহটো বুজিবৰ অলপো চেষ্টা নকৰি মোৰ ওপৰত খুব মানসিক অত্যাচাৰ চলাইছিল ৷ কেনেকৈ যে স্বামীৰ শ্রাদ্ধৰ দিনটোলৈ মই সেইখন ঘৰত আছিলোঁ সেয়া ভাবিলে আজিও বুকুখন কঁপি উঠে ৷

মৃত স্বামীৰ সকলো কর্ম হৈ যোৱাৰ পিছতেই মাৰ লগত গুচি আহিছিলোঁ চিৰদিনলৈ সেইখন ঘৰ এৰি থৈ ৷

ইয়ালৈ আহিবৰ দিন ধৰি মাৰ লগতে বৰমায়ো সমানে সাহস দিছে মোক ৷ সদায়ে এপাক আহি মোৰ লৰাছোৱালীহালৰ লগত খেলে, মই মন মাৰি থকা দেখিলে মোক ৰসাল কথা কৈ হঁহুৱাব খোজে ৷ নিজে কিবা এবিধ ভাল খোৱা বস্তু বনালে মোলৈ আৰু সন্তান দুটালৈ দৌৰাদৌৰিকৈ লৈ আনে ৷

সেই বৰমাজনী আজি দুখী৷ তাকো নিজ সন্তানৰ বাবে ৷ এই মুহূর্তত মোৰ এনে লাগিছে যে মই এতিয়াই গৈ বৰমাৰ চকুলো মচি দিম আৰু ময়ূৰমক ঠিকছে গালি দিম বৰমা আৰু বৰদেউতাক দুখ দিয়াৰ বাবে ৷

কিন্তু পাৰিম জানো মই তেনেকুৱা কৰিব মই দেখোন মোৰ বিয়াৰ কেইবাবছৰ আগতেই ময়ূৰমৰ লগত কথা পতা বন্ধ কৰি দিছিলোঁ ৷

মোৰ পাঁচ বছৰ বয়স থাকোঁতেই আমাৰ কাষৰ প্লটটোত ময়ূৰমহঁতৰ বিল্ডিংটো গঢ়ি উঠিছিল ৷ তেতিয়াই অহা সিহঁত আমাৰ কাষলৈ ৷ সিহঁত অহাৰ পিছতেই চুবুৰীয়া হিচাপে আমাৰ ঘৰখনৰ লগত খুব আন্তৰিকতা এটা গঢ়ি উঠিছিল আৰু পিছলৈ সেই সম্পর্ক একেবাৰে ঘৰুৱা হৈ পৰিছিল ৷

ময়ূৰম আৰু মই একেখন স্কুলতে পঢ়িছিলোঁ ৷ তাৰ লগত বন্ধুত্ব গঢ়িবলৈ মই যিমানে চেষ্টা কৰিছিলোঁ সিমানে সি মোক ছোৱালী বুলি অৱহেলা কৰি মোৰ পৰা আঁতৰত থাকিব খুজিছিল ৷

তদুপৰি পপাত মই তাৰ দৰে চোকা নোহোৱাৰ বাবে সি মোক বৰ বেয়া পাইছিল ৷

প্রতিবছৰে সি স্কুলত প্রথম হৈছিল আৰু মই কিবাকৈহে ইটো শ্রেণীৰ পৰা সিটো শ্রেণী উঠিছিলোঁ ৷ পপাত বেয়া বাবেই ঘৰত মাৰ গালি আৰু স্কুলত  ময়ূৰমৰ অৱহেলাই মোক বৰ কষ্ট দিছিল ৷ তথাপি তাক মই বৰ ভাল পাইছিলোঁ ৷ বাৰে বাৰে তাৰ কাষ চাপিবলৈ সুবিধা বিচাৰি থাকিছিলোঁ ৷

তাৰ মাজতে আকৌ অকালতে দেউতাক হেৰুৱাই মা আৰু মই একেবাৰে অকলশৰীয়া হৈ পৰিছিলোঁ ৷ সেইবাৰতেই মেট্ৰিক পৰীক্ষা আছিল সন্মুখত ৷ দেউতাক হেৰুওৱাৰ শোকত মই ভালদৰে পঢ়িবই নোৱাৰিলোঁ ৷ এনেই মতা বুদ্ধি তাতে আকৌ দেউতাক হেৰুওৱাৰ শোকত পঢ়িব নোৱাৰিলোঁ ৷

মেট্ৰিকত মই কোনোমতে চুঁচৰি চুঁচৰি পাছ কৰিছিলোঁ আৰু ময়ূৰমে  ডিষ্টিংচন লৈ পাছ কৰিছিল ৷

সেহদিনা তাক মই অভিনন্দন জনাবলৈ সিহঁতৰ ঘৰলৈ যাওঁতে কৈছিল

 ঃ তোৰ দৰে গাধ এজনীৰ অভিনন্দন মোক নালাগে ৷

মেট্ৰিকৰ ৰিজাল্টে তাক মোৰ কাষৰ পৰা যেন একেবাৰে আঁতৰাই লৈ গৈছিল ৷ সি মোৰ লগত একেবাৰে মাতবোল বন্ধ কৰি পেলাইছিল ৷ 

মই সিহঁতৰ ঘৰলৈ গলেই সি দুৱাৰ বন্ধ কৰি ৰুমত সোমাই থাকিছিল ৷

তাৰ সেই ব্যৱহাৰত অতিষ্ঠ হৈ এদিন বৰমাই কৈয়ে দিছিল তাক ।

 ঃ বৰ একেবাৰে জুমণিক সহ্য কৰিব নোৱাৰাটো তই এনেকৈ বেছি বেছি কৰি থাকিলে জুমণিকে চিৰজীৱনলৈ তোৰ ডিঙিত ওলমাই দিম বাপ্পেকে ৷ গম পাবি ৷

সেহদিনা মোৰ মনটো কেনেকুৱা যে এক ভাল লগা অনুভৱে মেৰিয়াই ধৰিছিল কাকো বুজাব পৰা নাছিলোঁ ৷ মই যদি সঁচাকৈ ময়ূৰমৰ কাষত চিৰজীৱন থাকিবলৈ পালোঁহেঁতেন

সিদিনা অনুভৱ কৰিছিলোঁ মই ময়ূৰমক কিমান বেছি ভাল পাওঁ ৷ সি মোক বেয়া পালেও যে মই কেৱল তাকেই ভাল পাওঁ ৷

ভালপোৱাবোৰ গোপনে বুকুত ৰাখিয়ে সময়বোৰ পাৰ কৰিছিলোঁ ৷  তাৰ দৰে খৰুচ এটাক ভাল পাওঁ বুলি কবওতো নোৱাৰোঁ ৷ গালি নহয় গালত চৰহে পৰিব ৷

 ঃ পঢ়িব নোৱাৰ ভাল পাব আহিছ ।

তেনেকৈয়ে কব সি মোক ৷ হায়াৰ ছেকেণ্ডাৰী পাছ কৰি সি যিদিনা অসমৰ বাহিৰলৈ পঢ়িবলৈ গৈছিল সিদিনা মই সাহস কৰি তাক উপযাচি মাতিছিলোঁ ৷ নিজ হাতেৰেই ৰুমাল এখন বনাইছিলোঁ ৷ তাত ৰঙা সূতাৰে গোলাপৰ কলি এটিৰ ফুল তুলি তাৰ নামটোও তুলিছিলোঁ ৷

 ঃ ভালকৈ থাকিবি ।

তাৰ বাহিৰে থোকাথুকি মাতটোৰে মোৰ এটা শব্দও ওলোৱা নাছিল ৷ ৰুমালখন নলব বুলি ভাবিছিলোঁ, কিন্তু সিদিনা সি ৰুমালখন হাত পাতি লৈছিল ৷

তাৰ চকুযোৰো সেমেকি আছিল সিদিনা ৷ হয়তো বৰমা বৰতাক এৰি দূৰৈত থাকিব লগা হোৱাৰ বেদনাতেই ৷

ময়ূৰমক ভালপোৱাৰ পিছৰে পৰাই মোৰ ডায়েৰী লিখা অভ্যাস এটা গঢ় লৈ উঠিছিল ৷

মেট্ৰিক পাছ কৰাৰ পিছতেই যেতিয়া ময়ূৰমৰ প্রতি থকা সৰুকালৰ ভালপোৱাবোৰৰ প্রেমলৈ ৰূপান্তৰ ঘটিছিল তেতিয়াৰ পৰাই লিখিছিলোঁ মনৰ সকলো অনুভৱ ডায়েৰীৰ পাতত ৷ 

কিন্তু ময়ূৰম অসমৰ বাহিৰলৈ পঢ়িব যোৱাৰ পিছতেই মোৰ সেই ডায়েৰীটোও হেৰাই গৈছিল কৰবাত ৷

ময়ূৰমৰ পঢ়াৰ বোজা ববাৰ বাবেই সি খুব কমকৈ ঘৰলৈ আহিছিল ৷ আহিলেও মহ তেনেকৈ তাৰ সন্মুখলৈ যোৱা নাছিলোঁ ৷ বিশেষকৈ সি ঘৰলৈ অহা শুনিলে মই সেইকেহদিন মই সিহঁতৰ ঘৰলৈ একেবাৰে নগৈছিলোঁ ৷ আচলতে ময়ূৰমৰ অৱহেলাই মোক বৰ কষ্ট দিছিল বাবেই তাৰ লগত মুখামুখি হব খোজা নাছিলোঁ ৷ মই বুজিছিলোঁ যে ময়ূৰমৰ প্রতি মোৰ এই ভালপোৱা সদায় একপক্ষীয় হৈয়ে থাকিব ৷

তাৰ ভালপোৱা পাবলৈ মই আকৌ এবাৰ জন্ম লৈ পঢ়াত তাতকৈ চোকা হলেহে যদি ।

কোনোমতে পাছকোর্চ লৈ বি এটো পাছ কৰাৰ পিছতেই মায়ে মোৰ বিয়াৰ মাথা মাৰিছিল ৷ বৰমাহঁতে মানা কৰিছিল মাক ৷

 ঃ ইমান কম বয়সতে কিয়নো বিয়া দিব লাগে তাইক ?

 ঃ পঢ়াশুনাত গাধা ছোৱালীজনীক ঘৰত ৰাখিনো কি কৰোঁ বাহদেউ এদিন নহয় এদিনতো উলিয়াই দিবই লাগিব ৷ ভাল লৰা এজন ওলাইছে ৷ ভাল চাকৰি কৰে ৷ গতিকে এই সুবিধাতেই।

খুম কম সময়তে বিয়াখন ঠিক হৈছিল মোৰ ৷ সেই সময়ত ময়ূৰমলৈ মোৰ খুব মনত পৰিছিল ৷ মায়ে নেদেখাকৈ বহুত কান্দিছিলোঁ তাক চিৰদিনলৈ হেৰুৱাই দিয়াৰ দুখ ত৷ বিয়াখনৰ সময়ত ময়ূৰমৰ পৰীক্ষা চলি থকাৰ বাবেই তাক জনোৱা হোৱা নাছিল মোৰ বিয়াৰ খবৰ ৷

মোৰ খুউব মন আছিল বিয়াৰ আগতেই এবাৰ মোক দেখিব নোৱাৰা লৰাটোক মোৰ মনৰ খবৰ জনাবলৈ ৷

কিন্তু সেয়া যে একেবাৰে অসম্ভৱ আছিল ৷

ময়ূৰমৰ অনুপস্থিতিতেই বিয়াখন হৈ গৈছিল মোৰ ৷

সেই তেতিয়াৰ পৰা আজি দহ বছৰে মই এবাৰো দেখা নাছিলোঁ তাক ৷

সংসাৰৰ জ্বালাই, সন্তানৰ মোহে ইমান বছৰে ময়ূৰমক পাহৰি থকাত বহুত সহায় কৰিছিল মোক ৷

কিন্তু মাৰ লগত ইয়ালৈ গুচি আহিয়ে তাৰ বিয়াৰ খবৰটো পাই আকৌ ময়ূৰমলৈ থকা সেই পুৰণি অনুভৱবোৰে আহি মেৰিয়াই ধৰিছে মোক ৷

তথাপি সুখী হৈছিলোঁ তাৰ সুখত ৷

কিন্তু আজি সি হব লগা বিয়াখন নিজ হাতে ভাঙি থৈ অহা কথাটোৱে মোক বৰ আচৰিত কৰি তুলিছে ৷

ময়ূৰমৰ কথাবোৰকেই চিন্তা কৰি থাকোঁতে হঠাৎ কলিংবেলটো বাজি উঠিল ৷

মায়ে উঠি গৈ দুৱাৰখন খুলি দিলে ৷

খোলা দুৱাৰেদি সোমাই অহা মানুহজনক দেখি মোৰ বুকুখন আকৌ এবাৰ ধপধপাই উঠিল ৷

ময়ূৰম

 ঃ ময়ূৰম তই

 ঃ অ খুৰীমা মই ৷

মায়ে তাক বহিবলৈ দি কি খুৱাব কি নুখুৱাব উথপথপ লগাই দিছে ৷

মই খেলি থকা সন্তানহালৰ কাষতে বহি তলমূৰকৈ মবাহলটো পিটিকি থকাৰ বাহিৰে অন্য ৰাস্তা নেদেখিলোঁ ৷ কাৰণ তাক মাতিবলৈ সাহস নাই আৰু তাৰ পৰা লুকুৱাবলৈও ঠাহ নাই তাত ৷

 ঃ বল ছাদলৈ যাওঁ ৷ তোৰ লগত কথা আছে অলপ ৷

হঠাৎ মোৰ একেবাৰে ওচৰতে তাৰ মাতটো শুনি কঁপি উঠিলোঁ মই ৷

মই একো বুজিব নোৱাৰাৰ দৰে ভেলেঙা ভেলেঙীকৈ তাৰ ফালে চাই ৰলোঁ ৷

 ঃ কি কৈছেছা বুজা নাই নেকি বল কথা আছে তোৰ লগত ৷

সি তেনেকৈ কৈয়ে মোলৈ বাট নোচোৱাকৈ বাহিৰলৈ ওলাই আহিল ৷ ময়ো ভয় ভয়কৈ বাহিৰলৈ আহি ছাদলৈ যোৱা ছিৰিটোত খোজ দিলোঁ ৷ 

 ঃ কি কি কি কথা আছে তোৰ মোৰ লগত

ভয়ে ভয়ে তাৰ পিছপিনে থিয় হৈ সুধিলোঁ ৷

সি মোৰ ফালে ঘূৰি মোলৈ একেথিৰে চাই ৰল ৷ মই যেন তাৰ চকুত আগতে কোনোদিনে নেদেখা কিবা এটা দেখা পালোঁ ৷ বেছিপৰ তাৰ চকুলৈ চাই থাকিব নোৱাৰি তলমূৰ কৰিলোঁ মই ৷

 ঃ বহু বছৰৰ পৰা তোৰ বস্তু এবিধ মোৰ লগত আছিল ৷ সেই বস্তুটো তোৰ পৰা মহ গোপনে নিছিলোঁ, কিন্তু তাৰ পিছত তোক ঘূৰাবলৈ তোক লগ পোৱাই নহল ৷ তাকে আজি ওভতাই দিবলৈ আহিছোঁ ৷

 ঃ  কি

সি পিছফালৰ পেণ্টৰ পকেটৰ পৰা সৰু ডায়েৰী এখন উলিয়াই আনি মোৰ চকুৰ সন্মুখত তুলি ধৰিলে ৷

 ঃ এইখন তোৰ নহয় জানো

আচৰিত হৈ চকু দুটা বহলকৈ মেলি ডায়েৰীখনলৈ চাই ৰলোঁ মই ৷ এইখন দেখোন মহ মেট্ৰিক পাছ কৰাৰ পিছতেই লিখিবলৈ লোৱা সেই সৰু ডায়েৰীখন, যত নীলা চিয়াঁহীৰে গোট গোট আখৰেৰে প্রকাশ হৈ আছে ময়ূৰমক প্রাণভৰি ভালপোৱা মোৰ সেই কুমলীয়া হূদয়খনৰ অকপট স্বীকাৰোক্তি ৷ তাৰ মানে ডায়েৰীখন ময়ূৰমেই

উফ্ তাৰ মানে ময়ূৰমে সেই তেতিয়াই মোৰ হূদয়ৰ সকলো কথাৰ উমান পাইছিল ৷   

 ঃ এএইখন

মোৰ কথাত জঁট লাগি ধৰিছিল ৷

 ঃ ঐ গাধ দুটা সন্তানৰ মাতৃ হৈয়ো গাধ যি গাধ হৈয়ে থাকিলি তই

 ঃ  তই তই

 ঃ তই তই কৰিব নালাগে এতিয়া ৷ মোক গম নিদিয়াকৈ আনৰ লগত বিয়া হৈ আজি দহ বছৰে নিজৰ লগতে মোকো বহুত কষ্টত ৰাখিলি তই ৷ 

বিছ দিন পিছত তোৰ আৰু মোৰ বিয়া ৷ তাৰ বাবে সাজু কৰ নিজকে ৷ আৰু ময়ো সাজু কৰোঁ গাধ এজনীৰ ভাল গিৰীয়েক হবলৈ আৰু দুটি অকণমানিৰ ভাল দেউতাক হবলৈ ৷

কথাখিনি কৈ অলপো নৰল সি ৷ গজং গজংকৈ খোজ দি তললৈ নামি গল ৷ আৰু মহ মাথোঁ নির্বাক হৈ ৰ লাগি চাই ৰলোঁ সি যোৱাৰ পিনে ৷

ফোনঃ  ৬০০১৭০৩৭৬৬

You might also like
Leave A Reply

Your email address will not be published.