সৌন্দর্য সাধনাত নেমু

গীতাশ্রী গগৈ হাতীবৰুৱা

অতীজৰে পৰা পুৰুষ–মহিলা বিশেষকৈ মহিলাসকলে সৌন্দর্য চর্চাত বিশেষ গুৰুত্ব প্রদান কৰি আহিছে ৷ অৱশ্যে বর্তমান কেৱল মহিলা বুলি কলে মিছা কোৱা হব ৷ কাৰণ এই সৌন্দর্যৰ ক্ষেত্রত যুৱক বা পুৰুষসকলো পিছপৰি থকা নাই ৷ বহুসংখ্যক মহিলাই পাকঘৰতে ব্যস্ত থাকে যদিও সৌন্দর্য চর্চাৰ ক্ষেত্রতো কিন্তু পিছপৰি নাথাকে ৷ আগতে মাক কৰা দেখোঁ নখকেইটা ইমান লেতেৰা হৈছে বুলি নেমু এটুকুৰা লৈ নখত ঘঁহে আৰু লগে লগে নখকেইটা দাগবিহীন আৰু চকচকীয়া হৈ পৰে ৷ প্রকৃততে পাকঘৰত দৈনন্দিন ব্যৱহূত  নেমুটেঙা যেনেকৈ কিছুমান বাচন–বর্তন চাফা কৰিবলৈ ব্যৱহাৰ কৰা হয়, ঠিক তেনেকৈ আমাৰ ছাল–চুলিৰ লগতে হাত–ভৰিৰ নখলৈকে সৌন্দর্য চর্চাতো বহু পৰিমাণে উপকাৰ সাধন কৰি আহিছে ৷ জানো আহক কেনেকৈ

বেচন এক চামুচ, এক চিকুট হালধি, কেহটোপালমান নেমুৰ ৰস, আধা চামুচ মৌ, অলিভ অহল ভালকৈ মিহলাহ মুখ আৰু ডিঙিত লগাই দহ মিনিটৰ পিছত ধুই পেলাওক ৷

দুহ চামুচ নাৰিকল তেল নাইবা আলমণ্ড অহল আৰু এক চামুচ নেমুৰস ভালকে মিহলাই চুলিৰ গুৰিত লগাই লাহে লাহে মালিচ কৰি আধা ঘণ্টাৰ পিছত চেম্পুৰে ধুই পেলাওক ৷ হয়ে আপোনাক উফিৰ পৰা দূৰত ৰাখিব ৷ এনেকৈ সপ্তাহত দুই বা তিনিবাৰ কৰিলে সুফল পাব ৷

দুই চামুচ এলভেৰা জেল আৰু এক চামুচ নেমুৰস লৈ চুলিত বিশ মিনিটৰ কাৰণে লগাওক আৰু পৰিষ্কাৰ পানীৰে ধুই পেলাওক ৷ সেইদিনাই চেম্পু ব্যৱহাৰ নকৰিলেও কোনো কথা নাই ৷

নেমু এটুকুৰা কাটি লৈ তাৰ লগত নিমখ নাইবা চেনি আৰু দুই টোপালমান অলিভ অহল মিহলাই হাতৰ তলুৱাৰ লগতে কিলাকুটিলৈকে লাহে লাহে পাঁচ–ছয় মিনিট মান ঘঁহক ৷ হয়ে স্কার্বৰ কাম কৰিব ৷

চেনি আৰু নিমখ সমপৰিমাণৰ লৈ তাৰ লগত অলপমান মৌ মিলাই ভৰিৰ গোৰোহা চাফা কৰিব ৷ এনেকৈ সপ্তাহত দুহ তিনি দিন কৰিলে হাতৰ খহটা ভাব আৰু ভৰিৰ ফটা ছালৰ পৰা হাত  সাৰিব ৷ হাত–ভৰি  নিমজ হব ৷

নেমুক নেচাৰেল ডিডৰেণ্ট হিচাপেও ব্যৱহাৰ কৰিব পাৰি৷ গা ধোৱাৰ সময়ত কাষলটিত নেমু ৰস সানি আঠ দহ মিনিটৰ পিছত ধুই পেলাব ৷ ইয়ে কাষলটি তলৰ দুর্গন্ধ দূৰ কৰিব ৷ যিসকলৰ ছালখন স্পর্শকাতৰ, তেওঁলোকে নেমুৰসৰ লগত সমপৰিমাণৰ পানী মিহলাই ব্যৱহাৰ কৰিব ৷ গা ধোৱা পানীখিনিত নেমুৰস মিহলাহ ললে দিনটোলৈ ফ্রেচ লাগি থাকিব ৷

নেমুৰস মুখত লগাওক আৰু দহ মিনিটৰ পিছত পৰিষ্কাৰ পানীৰে ধুই পেলাওক ৷ মুখত নেমু ৰস লগাই থকাৰ সময়ত ৰদত নোলাব ৷

নেমুৰস তিনি চাৰি টোপাল, আধা চামুচ পিচি লোৱা চেনিৰ গুড়ি , আধা চামুচ মৌ, মৌৰ সলনি গ্লিচাৰিনো দিব পাৰে ভালকৈ মিহলাই মুখত লগাই লাহে লাহে ঘঁহক আৰু পৰিষ্কাৰ পানীৰে ধুই পেলাওক ৷ ইয়ে স্কার্বৰ কাম কৰিব ৷

এক চামুচ এলভেৰা জেল, আধা চামুচ নেমুৰস আৰু দুই তিনি টোপাল নাৰিকল তেল মিহলাই মুখ আৰু ডিঙিত লগাই দহ মিনিট সময় মালিচ কৰি পৰিষ্কাৰ পানীৰে ধুই পেলাওক ৷

মহিলা নাইবা পুৰুষ সকলোৰে এটা গুৰুত্বপূর্ণ সমস্যা হৈছে উফি ৷ মূৰত উফি হলে অলপ সময় উলিয়াই যত্ন ললেই অতি কম দিনৰ ভিতৰতে এই সমস্যা দূৰ হয় ৷ এটা নেমুৰ ৰস উলিয়াই তাৰ লগত পানী আৰু নাৰিকল তেল মিহলাই লব ৷ এটুকুৰা কপাহত লগাই চুলিৰ গুৰিত লগাই দহ বা পোন্ধৰ মিনিটৰ কাৰণে ৰাখিব দিব ৷ তাৰ পিছত চেম্পুৰে ধুই পেলাব ৷  যদি উফি বহুত বেছি আছে, তেন্তে সপ্তাহত দুই বা তিনি দিন লগাব আৰু যদি উফি কম আছে তেন্তে সপ্তাহত এদিনকৈ লগালেই হব ৷ উফি একেবাৰে নোহোৱা হলে মাহৰ মূৰত লগাব ৷

এনেকৈ নেমু লগোৱাৰ উপৰি নেমু নিয়মিত খোৱা কৰক৷ হয়ে আপোনাৰ ছাল, চুলিৰ সৌন্দর্য অটুট ৰখাৰ উপৰি অত্যধিক মেদৰ পৰা বচাই ৰখাত সহায় কৰিব ৷

এটা কথা লক্ষ্য ৰাখিব যিসকল লোকৰ ছালত নেমুৰস লগালে অসুবিধা হয় তেওঁলোকে পানী মিহলাই ব্যৱহাৰ কৰিব আৰু যদি পানী মিহলোৱাৰ পিছতো লগালে অসুবিধাত পৰে, তেন্তে নেমু লগোৱাৰ পৰা আঁতৰত থাকিব

You might also like

Comments are closed, but trackbacks and pingbacks are open.