অসমৰ পর্যটন উদ্যোগত বৌদ্ধ পৰিমণ্ডলৰ সম্ভাৱনা

বুলন কুমাৰ শইকীয়া

পর্যটন উদ্যোগটোৰ সম্পর্কে যিসকল পৰিচিত তেওঁলোকে International Buddhist Circuit অর্থাৎ বৌদ্ধধর্মৰ প্রসাৰতা থকা আন্তঃৰাষ্ট্রীয় পৰিমণ্ডলটোৰ বিষয়ে নিশ্চয় জানে ৷ বিশ্বৰ কেইবাখনো দেশত বৌদ্ধ ধর্মাৱলম্বী লোকৰ বসবাস, তেওঁলোকৰ ঐতিহ্য–পৰম্পৰা, ধর্মৰ প্রতি অবিচলিত নিষ্ঠা, শিপাসন্ধানী প্রৱণতাৰ বাবে পাৰস্পৰিক ভ্রমণৰ লগতে আদান–প্রদানৰ যি বৃত্ত গঢ় লৈ উঠিছে, সেহ বৃত্ত বা পৰিমণ্ডলটোকেহ সাধাৰণভাৱে আমি International Buddhist Circuit বুলি কব পাৰোঁ ৷ দক্ষিণ–পূব এছিয়াৰ কেইবাখনো ৰাষ্ট্রত বৌদ্ধধর্মৰ প্রসাৰতা থকাৰ হেতু আৰু এই ৰাষ্ট্রসমূহ বৌদ্ধ ধর্মৰ অনুৰাগী টাই–মংগোলীয় লোকৰ বসবাসভূমি হোৱাৰ বাবে উল্লেখ কৰা পৰিমণ্ডলটোৰ পর্যটনৰ দিশত যথেষ্ট গুৰুত্ব আছে ৷ বৌদ্ধধর্মীয় পৰম্পৰাই ভাৰতবর্ষতো দৃতৰ ৰূপ লোৱাৰ হেতু আৰু বুদ্ধদেৱৰ জন্মৰ পৰা মৃত্যুলৈকে সকলোখিনি ভাৰতীয় উপ–মহাদেশত সংঘটিত হোৱাৰ ফলস্বৰূপে আন্তঃৰাষ্ট্রীয় এহ বৌদ্ধ পৰিমণ্ডলৰ বাবে ভাৰত এৰাব নোৱৰা অংগ ৷ আনহাতে, পর্যটনৰ দিশেৰে বৌদ্ধ পৰিমণ্ডল যোৱা এক–ডেৰ দশকৰ ভিতৰত চর্চিত হৈ পৰাৰ লগে লগে ইতিমধ্যে ভাৰততো ৰাজ্যভিত্তিক সক্রিয়তাৰ বাবে উত্তৰ প্রদেশ, বিহাৰ, ছিকিম আদিতো গঢ় লৈ উঠিছে স্বীকৃত এনে পর্যটনকেন্দ্রিক বৃত্তৰ ৷ আমাৰ অসমৰ চুবুৰীয়া অৰুণাচলতো আঞ্চলিক পর্যায়ত পৰিচিতি লাভ কৰিছে বুদ্ধিষ্ট চার্কিটৰ ধাৰণাই ৷ কেৱল পৰিচিতি লাভ কৰাই নহয়, বমডিলা, টাৱাং, ডিৰাঙৰ পৰা আদি কৰি নামচাহ, চৌখাম, মানমাও, মানলং, নাংলাহ আদি তুলনামূলকভাৱে অপৰিচিত ঠাহতো কেৱল বুদ্ধিষ্ট চার্কিটৰ জনপ্রিয়তাৰ বাবে দেশ–বিদেশৰ পর্যটকে ভিৰ কৰা আৰম্ভ কৰিছে ৷ এনে সম্ভাৱনাকে আগত থৈ, অসমেও বৌদ্ধ পৰিমণ্ডলৰ বিশেষ অংশ হিচাপে পর্যটনৰ মানচিত্রত আত্মপ্রকাশ কৰাৰ সময় হতিমধ্যে উপস্থিত হৈছে ৷ চৰকাৰী ব্যৱস্থাটোৱে স্বচ্ছভাৱে যদি আন্তৰিকতা দেখুৱায়, তেন্তে ডাঠি কব পাৰি যে দেশী–বিদেশী পর্যটকৰ বাবে আমি বৰ বেছি দিন অপেক্ষা কৰিব নালাগেই ৷ মাত্র তিনিটা মাহৰ যুদ্ধকালীন প্রস্তুতিৰ মাজেৰেই আমি  ৰাজ্যৰ বুদ্ধিষ্ট চার্কিটখনত পর্যটক আদৰিবলৈ সক্ষম হম ৷ যি সময়ত ৰাজ্যখনৰ পর্যটন কেৱল কাজিৰঙাৰ নামত মধ্য অসমত স্থৱিৰ হৈ পৰিছে, সেহ সময়ত পৰিৱেশ, নৃগোষ্ঠীয় আৰু সাংসৃক্তিক বৈভৱেৰে পর্যটনৰ নতুন দুৱাৰ এখনো খোলাৰ সম্ভাৱনা কঢ়িয়াই আনিছে ৰাজ্যৰ বুদ্ধিষ্ট চার্কিটখনৰ পৰিকল্পিত উপস্থাপনে ৷ চৰকাৰে এহক্ষেত্রত সদিচ্ছা দেখুৱালে নিশ্চিতভাৱেই ৰাজ্যৰ পর্যটন মানচিত্রখন কেৱল মধ্য অসমৰ কাজিঙাত আবদ্ধ হৈ নাথাকে, বৰঞ্চ উজনি অসম পর্যন্ত আগবাঢ়ি আহিব ৷ আনহাতে কাজিৰঙাত ঋতুকালীন পর্যটনহে সম্ভৱ, কিন্তু প্রস্তাৱিত বুদ্ধিষ্ট চার্কিটখন জনপ্রিয় কৰি তুলিব পাৰিলে বছৰৰ প্রতিটো মাহতে এই অঞ্চলটোত দেশী–বিদেশী পর্যটকৰ আগমন ঘটিব ৷ কেৱল মার্কেটিঙৰ ব্যৱস্থাখিনি বিভাগীয়ভাৱে সম্পন্ন কৰি স্থানীয়ভাৱে আগ্রহী, শৃংখলিত আৰু সৎ উপার্জনৰ প্রতি আন্তৰিকতা থকা নিবনুৱা যুৱক–যুৱতীসকলক্ আধাৰ কৰিয়েই চৰকাৰে এইক্ষেত্রত সুদূৰপ্রসাৰী ভূমিকা গ্রহণ কৰিব পাৰে ৷

অসমত বৌদ্ধ পৰিমণ্ডলটোৰ অৱস্থিতিৰ বিষয়ে আমি সম্যক আলোচনা আগবঢ়াব খুজিছোঁ ৷ অৱশ্যেই চৰকাৰে কৰণীয়খিনি নকৰিলে সংশ্লিষ্ট এলেকাৰ ঠাইভেদে স্থানীয় সচেতন মহলেও এহক্ষেত্রত নিজাববীয়াকৈ সীমাবদ্ধতা অনুসৰিয়েই ব্যৱস্থা গ্রহণ কৰিব লাগিব ৷ কাৰণ বৌদ্ধ পৰিমণ্ডলৰ পর্যটন বিকাশৰ সৈতে দুটা কথা জড়িত হৈ আছে ৷ পোনপটীয়া কথাটো হল ৰাজহৰ আমদানি, যিয়ে প্রত্যক্ষভাৱে স্থানীয় অর্থনীতিৰ ক্ষেত্রত সহায় কৰিব ৷ দ্বিতীয়টো কথা হল অঞ্চল বিশেষৰ সাংসৃক্তিক পৰম্পৰা, নৃগোষ্ঠীয় হতিহাস, পৰিৱেশৰ সংৰক্ষণৰ বাবেও ইয়াৰ জৰিয়তে কাম কৰাৰ অফুৰন্ত সুযোগ ৷ অসমৰ বৌদ্ধ পৰিমণ্ডলৰ পর্যটন ক্ষেত্রখনত সম্ভাৱনাৰ দিশেৰে আন কেতবোৰ কথাও জড়িত হৈ আছে ৷ যিহেতু এহ পৰিমণ্ডলটো ৰাজ্যখনৰ উজনিৰ যোৰহাট, শিৱসাগৰৰ পৰা ডিব্রুগড় আৰু তিনিচুকীয়া জিলালৈকে ব্যাপ্ত, সেয়েহে বুদ্ধিষ্ট চার্কিট পৰিভ্রমণৰ সমান্তৰালভাৱে আগ্রহীসকলৰ বাবে টী ট্যুৰিজিম আৰু অসমৰ শতবর্ষ গৰকা খাৰুৱা তেলৰ উদ্যোগটোকো সাঙুৰি লব পৰা যায় ৷ আনহাতে, টাই–আহোমসকলৰ ঐতিহ্যমণ্ডিত শিৱসাগৰেও এই ভ্রমণ মানচিত্রত যথাযথভাৱেই স্থান পাব ৷ সর্বোপৰি ডিব্রুগড় জিলাৰ জয়পুৰ আৰু তিনিচুকীয়াৰ ডিব্রু–ছৈখোৱা জৈৱ–বৈচিত্র্যৰে চহকী দুই অঞ্চলো একেলগে যাত্রাকালত পর্যটকে উপভোগ কৰিব পাৰিব ৷ আনহাতে, প্রথাগত ট্যুৰিজ পেকেজত সাধাৰণতে তিনিটা বা চাৰিটা দিনৰ কথা থাকে ৷ কিন্তু ইতিহাস নৃগোষ্ঠীয়, সাংসৃক্তিক পৰম্পৰা, পর্যটনৰ সমল হিচাপে চিৰসেউজ বনাঞ্চল, চাহ বাগিচাৰ লগতে তৈল উদ্যোগৰ অংশগ্রহণে আমাৰ প্রস্তাৱিত বৌদ্ধ পৰিমণ্ডল পর্যটন ক্ষেত্রৰ সময়সীমা প্রথাগত তিনিটা বা চাৰিটা দিনৰ সময়সীমাও অতিক্রম কৰি যাব ৷ ইয়াৰ অর্থহ হৈছে এহ অঞ্চলত পর্যটক অধিক সময় বিচৰণ কৰিব আৰু তাৰ বিনিময় ৰাজহো সংগ্রহ হব প্রচুৰ ৷ পৰিমণ্ডলটোৰ অন্তর্গত আমি কোনকেইখন ঠাহক প্রণালীবদ্ধভাৱে অগ্রাধিকাৰ দিব লাগিব তাৰ এটা সম্যক আভাস দাঙি ধৰিব বিচাৰিছোঁ ৷ অৱশ্যেই আমাৰ পৰিকল্পনাত বিদেশী পর্যটকৰ সুবিধাৰ বাবে যাতায়াত ব্যৱস্থাৰ কথাখিনি মনত ৰাখি এহ ভ্রমণ মানচিত্র সাজু কৰা হৈছে৷ বিজ্ঞসকলৰ অংশগ্রহণে হয়াক পূর্ণৰূপ দিব বুলি আশা কৰিছোঁ ৷

পোনতে ডিব্রুগড় মোহনবাৰী বিমানবন্দৰৰ পৰা পর্যটকসকলক গাড়ীৰে প্রায় এঘণ্টাৰ পথ যাত্রা কৰোৱাই নাহৰকটীয়াৰ ঐতিহাসিক নামফাকে বৌদ্ধ বিহাৰলৈ লৈ আনিব পৰা যাব ৷ পর্যটকসকলৰ বাবে এহ নামফাকেই বেছকেম্প স্বৰূপ হব ৷ উল্লেখ্য যে ব্রহ্মদেশৰ হুকং উপত্যকাৰ পৰা  প্রব্রজন কৰা টাই জনগোষ্ঠীৰ অন্যতম ফাকেয়াল লোকসকলৰ অসমত থকা আটাহতকৈ বৃহৎ গাঁও নামফাকেত ৰাজ্যখনৰ ভিতৰতে আটাহতকৈ ডাঙৰ বৌদ্ধ বিহাৰটোও অৱস্থিত আছে ৷ বুঢ়ীদিহিঙৰ পাৰত থকা এহ গাঁওখনৰ বিশেষত্ব হল গাঁওখনত পৰম্পৰা আৰু ৰীতি–নীতিৰ এতিয়াও হীন–ডেঢ়ি হোৱা নাই, যাৰ বাবে নৃগোষ্ঠীয় গৱেষক–পর্যটকৰ বাবে ইতিমধ্যে নামফাকে হটস্পটত পৰিণত হৈছে ৷ কার্যতঃ ডিব্রুগড় জিলালৈ আগমন ঘটা বিদেশী পর্যটকৰ সৰহসংখ্যকৰে লক্ষ্য নামফাকে ৷ নামফাকেত বিদেশী পর্যটক থকাৰ সু–ব্যৱস্থা কৰিবলৈ চৰকাৰীভাৱে পদক্ষেপ গ্রহণ কৰিলে হয়তো যথেষ্ট সময়ৰ প্রয়োজন হব ৷ সেয়েহে বিকল্প হিচাপে আমি পাব্লিক প্রাইভেটৰ আর্হি এটাও গ্রহণ কৰিব পাৰোঁ ৷ পর্যটক থকা–মেলাৰ বাবে নামফাকেত প্রণালীবদ্ধভাৱে হোম ষ্টেৰ ব্যৱস্থা চৰকাৰী আৰু বিত্তীয় প্রতিষ্ঠানৰ সহযোগিতাত কৰি তোলা উচিত ৷ আনহাতে, Typical থকা–মেলাত অভ্যস্ত পর্যটকৰ বাবে নাহৰকটীয়াৰ আশে–পাশে থকা চাহ বাগিচাৰ সুসজ্জিত বাংলোবোৰো ব্যৱহাৰ কৰিব পৰা যায় ৷ এইক্ষেত্রত এবিটাৰ দৰে অনুষ্ঠানৰো হতিবাচক ভূমিকা থকাৰ দৰকাৰ ৷ নামফাকেত দুপৰীয়াৰ ভাগত উপস্থিত হোৱা পর্যটকক আহাৰ বিৰতিৰ জিৰণিৰ পিছত সন্ধিয়ালৈ টাই–ফাকেয়াল সাংসৃক্তিক পৰম্পৰাৰ লগতে স্থানীয় নৃগোষ্ঠীয় ঐতিহ্যৰ এক অডি–ভিজুৱেল অথৱা জীৱন্ত অনুষ্ঠানো প্রদর্শন কৰাৰ সুযোগ আছে ৷ ইয়াৰ পূর্বে বৌদ্ধ বিহাৰত আগ্রহীসকলে মেডিটেচনো সম্পন্ন কৰি লব পাৰিব ৷ এইখিনিতে আমি পর্যটকৰ এটা শ্রেণী বিভাজনো কৰি লব লাগিব৷ যিসকল পর্যটক কেৱল বুদ্ধিষ্ট চার্কিট পৰিভ্রমণৰ বাবে আহিছে তেওঁলোকৰ এটা শ্রেণী আৰু যিসকলে কম্বাহনড্ পেকেজৰ অধীনত আহিছে অর্থাৎ বৌদ্ধ পৰিমণ্ডলৰ লগতে জৈৱ–বৈচিত্র্য, টী–ট্যুৰিজিম আদিও প্রদর্শন কৰিব সেইসকলৰ এটা শ্রেণী ৷ প্রথম শ্রেণীটোক স্বাভাৱিকতে আমি পৰৱর্তী দিনা নামফাকেৰ পৰা মার্ঘেৰিটাৰ মৌলাঙত থকা বৌদ্ধ বিহাৰ প্রদর্শনৰ ব্যৱস্থা কৰাটোৱেই যুগুত হব ৷ তিনিচুকীয়া জিলাত অৱস্থিত এহ বৌদ্ধ বিহাৰৰ পৰাই অসমত তথা উত্তৰ–পূবত বৌদ্ধ ধর্ম প্রসাৰৰ বীজ ৰোপণ হৈছিল ৷ মৌলাং ভ্রমণ কেহবাটাও কাৰণত স্মৃতিমুখৰ হৈ পৰিব পাৰে ৷ মৌলাঙৰ আশে–পাশে কেহবাখনো গাঁৱত বৌদ্ধ বিহাৰ অৱস্থিত ৷ সর্বোপৰি মার্ঘেৰিটাতে আছে দ্বিতীয় মহাযুদ্ধৰ পৰিত্যক্ত এয়াৰ বেছৰ লগতে কয়লা উদ্যোগৰো অৱস্থান ৷ একেদৰে অঞ্চলটোত হতিমধ্যে গা কৰি উঠা জৈৱিক চাহৰ উদ্যোগো বহুতৰ বাবে আকর্ষণৰ কাৰণ হব পাৰে ৷ উল্লেখ্য যে নাহৰকটীয়াৰ পৰা মার্ঘেৰিটাৰ পথ অতিক্রম কৰিবলৈকো এঘণ্টামান সময়ৰহে প্রয়োজন হয় ৷ পর্যটকৰ ইচ্ছা বিশেষে মৌলাং যাত্রা এদিন বা দুদিনত সামৰণি পৰিব ৷ যদিহে পর্যটকে দুটা দিন নির্ধাৰণ কৰে, তেন্তে মার্ঘেৰিটাত অৱস্থিত আটাইবোৰ বৌদ্ধ বিহাৰ আৰু বৌদ্ধ ধর্মাৱলম্বী গাঁৱৰ লগতে চুবুৰীয়া অৰুণাচলত অৱস্থিত বৌদ্ধ বিহাৰসমূহলৈও লৈ যাব পৰা যায় ৷ এইসকলৰ প্রস্থান ঘটিব পাৰে মার্ঘেৰিটা–ডিগবৈ–তিন্ পথেৰে পুনৰ মোহনবাৰী বিমানবন্দৰলৈ অথবা যিসকলে নামফাকেৰ বেছকেম্পলৈ উভতি আহিব খোজে সেইসকলৰ বাবে পৰৱর্তী ভ্রমণসূচী হব চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত অৱস্থিত বৌদ্ধধর্মীয় ক্ষেত্রলৈ ৷ চৰাইদেউ জিলাৰ ৰহণশ্যাম গাঁৱৰ পৰা যোৰহাট জিলাৰ তিতাবৰপর্যন্ত অঞ্চলবিশেষে বৌদ্ধধর্মী লোকে অতীজৰে পৰা বসবাস কৰি আহিছে ৷ তিতাবৰৰ বালিজান শ্যাম গাঁও, বেতবাৰী আৰু ন–শ্যাম গাঁৱত অৱস্থিত বৌদ্ধ বিহাৰকেইটাই হতিমধ্যে প্রতিষ্ঠাৰ ভালেমান বর্ষ অতিক্রম কৰিছে ৷ ম্যানমাৰ, থাইলেণ্ড, কম্বোডিয়া, লাওচ, ভিয়েটনামৰ পর্যটকে হতিমধ্যেই ভূমিকা মৰা বালিজান বৌদ্ধ বিহাৰত ব্রহ্মৰ সেনাধিনায়ক মিংগিমাহা বন্দুলাহ প্রদান কৰা শতাধিক বর্ষৰ পুৰণি পেগোডাও বিৰাজমান ৷ নাহৰকটীয়াত টাই–ফাকেয়ালসকল থকাৰ বিপৰীতে মার্ঘেৰিটা চিংফৌসকলৰ বসতিপ্রধান আৰু চৰাইদেউ, শিৱসাগৰ, যোৰহাটৰ বৌদ্ধধর্মীয় স্থানসমূহত তাই খাময়াং লোকসকলৰ বসবাস ৷ জনগোষ্ঠীকেইটাৰ সাংসৃক্তিক পৰম্পৰা আৰু সুকীয়া ভাষা ঐতিহ্যও পর্যটকৰ আকর্ষণৰ বাবে কেন্দ্রবিন্দু হব পাৰে ৷ গুৰুত্বপূর্ণ কথা এয়াই যে কেৱল বৌদ্ধধর্মীয় বিহাৰ প্রদর্শন কৰাটোৱেই অসমৰ বুদ্ধিষ্ট চার্কিটখনৰ আহিলা হব নোৱাৰে ৷  ইয়াৰ বহুমুখী সুচলতা হৈছে প্রকৃততে ঠাহবিশেষে জনগোষ্ঠীসমূহৰ বৰণীয়া কৃষ্টি–সংসৃক্তি, সাজ–পোছাকৰ পৰা খাদ্যাভ্যাসলৈকে পৰম্পৰাগত জীৱন প্রণালীহে ৷ আনহাতে, উজনি অসমত ব্যাপ্ত থেৰবাদী বৌদ্ধধর্মীয় এইসকল নগণ্যসংখ্যক লোকে বিশ্বায়নৰ পটভূমিতো কেনেদৰে নিজৰ ঐতিহ্য ৰক্ষণাবেক্ষণ কৰি আহিছে, সেয়া স্বাভাৱিকতে বিশ্বস্তৰীয় অধ্যয়নৰ বিষয় হব পাৰে ৷ মেডিটেচন, পৰম্পৰাগত চিকিৎসা, সৰল অথচ বিপুলায়তন খাদ্যাভ্যাসৰ আনুষ্ঠানিকভাৱে চর্চা হোৱা বাদেই জনচক্ষুৰ মাজলৈ এতিয়াও সামগ্রিকভাৱে ওলাই অহা নাই ৷ এইক্ষেত্রত নামফাকে বৌদ্ধ বিহাৰত থকা লিক–খাম আৰু বালিজান বৌদ্ধ বিহাৰত থকা কন্নাৱাৰা নামৰ সোণেৰে নির্মিত কিতাপ দুখনলৈ আঙুলিয়াই দিয়াব পাৰোঁ ৷ চৰকাৰে যদিহে অসমৰ বুদ্ধিষ্ট চার্কিটক পর্যটন মানচিত্র অংশ হিচাপে গ্রহণ কৰিব খোজে, তেতিয়া সুবিধা এয়াই হব যে আমি পূর্বতে কোৱাৰ ধৰণে অসমৰ পর্যটন কেৱল মধ্য অসমভিত্তিক বা কাজিৰঙাকেন্দ্রিক হৈ নাথাকে ৷ ইয়াৰ বিপৰীতে উজনিলৈ পর্যটন উদ্যোগৰ প্রসাৰ ঘটিব ৷ আমি বুদ্ধিষ্ট চার্কিটত আগ্রহী পর্যটকক আতিথ্য প্রদানেৰে উজনিৰ যোৰহাটত বৌদ্ধ পৰিমণ্ডল যাত্রাৰ সামৰণিত পর্যটকক কাজিৰঙা দর্শনৰ উদ্দেশ্য লৈ যোৱাৰো স্থল আছে ৷ অৱশ্যে হাজোৰ হয়গ্রীৱ মন্দিৰ প্রদর্শনেৰে অসম ভূমিত যে বৌদ্ধ ধর্মৰ বিকাশৰ হতিহাস অতি প্রাচীন তাক পর্যটকৰ ওচৰত প্রতীয়মান কৰাৰো সুযোগ লব লাগিব ৷ এই পর্যটন মানচিত্রৰ আন এটা সুবিধা হৈছে যে কেৱল ধর্মীয় পৰম্পৰাৰ বাবে বৌদ্ধধর্মীয় লোকৰ বসতিপূর্ণ গাঁওসমূহত প্রতিটো মাহতে এটা নহয় এটা উৎসৱ বা পয়ৰ আয়োজন হৈ থাকেই ৷ এনে বর্ণিল উৎসৱসমূহৰ এখন তালিকা আগতীয়াকৈ সাজু কৰিও আমি বছৰৰ প্রতিটো মাহতে পর্যটকক আমন্ত্রণ জনোৱাৰ পূর্ণমাত্রা সম্ভাৱনা আছে৷

অসম বৌদ্ধ পৰিমণ্ডল পর্যটনে কেনেকৈ থলুৱাৰ প্রতি সম্ভাৱনা কঢ়িয়াই আনিব এইক্ষেত্রত আমি প্রথমতেই উল্লেখ কৰিছিলোঁ যে পর্যটনৰ এই ধাৰণাটো অসমত সকলো পক্ষৰ সহযোগিতা পালে থিতাতে আৰম্ভ কৰি দিব পাৰি আৰু হয়াৰ ফলত ৰাজ্যখনলৈ যিকোনো এটা মাহৰ পৰাই পর্যটক আহিব পৰা প্রক্রিয়া এটা আৰম্ভ হব ৷ আচলতে এনে কথা নহয় যে বৌদ্ধ ধর্মীয় বা টাই মংগোলীয়সকলৰ ঐতিহ্য–শিপাৰ সন্ধানত অসমলৈ ইয়াৰ আগতে পর্যটক অহা নাই বা কেৱল বুদ্ধিষ্ট চার্কিটৰ কথা কলেহে পর্যটকৰ অস্বাভাৱিক সোঁত বব ৷ মূল কথাটো হৈছে অসমত পর্যটন উদ্যোগ গঢ়ি তোলাৰ ক্ষেত্রত সংশ্লিষ্ট পক্ষৰ যেনে বাণিজ্যিক আচৰণ লাগে সেয়া প্রণালীবদ্ধভাৱে উপস্থাপন নোহোৱাতহে ৷ অস্বস্তিকৰ প্রসংগটো হৈছে  ৰাজ্যখনৰ পর্যটন উদ্যোগ চৰকাৰৰ বদান্যতাত এতিয়াও ওপৰগধুৰ হৈ আছে, যাৰ বাবে অসমত পর্যটন মানে একাংশ চৰকাৰী বিষয়া আৰু তথাকথিত ড্রেভেল এজেঞ্চীসমূহৰ মাজৰ কমিছনৰ কথাহে ৷

প্রকৃতার্থত এতিয়া হৈছে কি আজি যদি ভাৰতত থকা থাইলেণ্ডৰ কনছুলেটে দেশখনৰ পর্যটকক নামফাকেলৈ পঠিয়াবলৈ যো–জা কৰে, তেন্তে চৰকাৰী তৰফৰ হোৱা যোগাযোগৰ ভিত্তিত কোনো স্বার্থান্বেষী বিষয়াই পোনপটীয়াকৈ গুৱাহাটী বা ডিব্রুগড়ৰ নির্দিষ্ট ড্রেভেল এজেঞ্চীৰ সৈতে যোগাযোগ কৰি দিয়ে ৷ সেহ অনুসৰি গুৱাহাটী বা ডিব্রুগড়ৰ ড্রেভেল এজেঞ্চীটোৱে স্থানীয় সাংসৃক্তিক নৃগোষ্ঠীয় সমলৰ কোনো অনুসন্ধান নকৰাকৈ পর্যটকক কেৱল নামফাকেয়াল দেখুৱাবলৈহে লৈ আহে৷ ইয়াত নামফাকেয়ালক কেৱল উদাহৰণ হিচাপেহে লোৱা হৈছে, আচলতে ৰাজ্যখনৰ প্রতিটো পর্যটন কেন্দ্রতে চৰকাৰী বিষয়া আৰু ড্রেভেল এজেঞ্চীৰ এনে হাতোৰা বিয়পি আছে ৷ আমি বিচাৰোঁ এনে প্রৱণতাৰ শীঘ্রেই অন্ত পৰিব লাগে ৷ যাৰ পৰিণতিত বিমানবন্দৰৰ পৰা পর্যটকক নির্দিষ্ট স্থানলৈ কঢ়িয়াই অনাৰ পৰা বিভিন্ন স্থান প্রদর্শনত সংগী হোৱালৈকে, খাদ্যৰ যোগান ধৰালৈকে মধ্যভোগী বাহিনীটোৰ দপ্দপনি অন্ত পৰিব ৷ নিজৰ অঞ্চল বিশেষৰ ঐতিহ্যময় স্থান পৰম্পৰা সংৰক্ষণত আগ্রহী কোনোবা থলুৱা লোকে এনেদৰে আত্মসংস্থাপনৰ বাট উলিয়াই আৰু চৰকাৰেও স্বচ্ছভাৱে যদি এনে ব্যৱস্থা এটা প্রৱর্তন কৰে, তেন্তে স্বাভাৱিকতেই অসমৰ প্রস্তাৱিত বুদ্ধিষ্ট চার্কিটখনৰ উপস্থাপনে থলুৱা অর্থনীতিত বিকাশৰ সহায় যোগাব ৷ এইক্ষেত্রত ৰাজ্য চৰকাৰে দূৰ দৃষ্টি আগত থৈ ঐতিহাসিক ধোদৰ আলিৰ সমীপত বিশেষকৈ ডিব্রুগড় আৰু চৰাইদেউ জিলাৰ সংযোগস্থলী আৰু এতিয়ালৈকে উন্নয়নৰ মুখ দেখাৰ পৰা  বঞ্চিত বৰহাট অঞ্চলত এখন ৱাটাৰ পার্ক স্থাপনৰো দিহা পৰিব পাৰে ৷ সেয়া হলে নাহৰকটীয়া, নামৰূপ, বৰহাট হৈ সাপেখাতী বা যোৰহাটৰ বৌদ্ধধর্মীয় স্থানলৈ যোৱা পর্যটকৰ জিৰণিৰ স্থল হোৱাৰ লগতে স্থানীয় পর্যটকৰ বাবেও বিনোদনৰ কেন্দ্র হব পাৰে ৷ আনহাতে, নামফাকেৰ বেছকেম্পৰ পৰা মার্ঘেৰিটালৈ এতিয়া যিটো পথেৰে অহা–যোৱা কৰিব পাৰি নাহৰকটীয়া–ভাদৈ–ডি সেহটোৰ সলনি চৰকাৰে চমু অথচ আন্তঃৰাজ্যিক এটা পথো নির্বাচন কৰি তাৰ বিকাশৰ বাবে আঁচনি লোৱা উচিত ৷ সেই পথটো হৈছে নাহৰকটীয়া–জয়পুৰ্ বিধবস্ত পথটো ৷ যদি সেয়া হৈ উঠে তেন্তে পর্যটকক একেলগে শেহতীয়াকৈ ঘোষিত দিহিং পাটকাই ৰাষ্ট্রীয় উদ্যানৰ চিৰসেউজ অংশ জয়পুৰ বর্ষাৰণ্যৰ উপৰি চুবুৰীয়া অৰুণাচলৰ নক্টেসকলৰ জীৱন প্রণালী আৰু কৃষ্টি–সংসৃক্তি উপভোগৰো সুযোগ দিব পৰা যায় ৷ এইবিলাকৰ উপৰি আছে নাহৰকটীয়াৰ ঐতিহাসিক বাৰেঘৰ সত্র, মেৰবিল ইক ট্যুৰিজিম প্রকল্পৰ সার্বজনীন আবেদনক প্রক্ষেপ কৰাৰ সুযোগ ৷ মুঠৰ ওপৰত জনসাধাৰণৰ সচেতনতা আৰু নিজাববীয়া উদ্যোগ, চৰকাৰ, পর্যটন আৰু সংস্থাপনৰ ক্ষেত্রখনত কাম কৰা বেচৰকাৰী সংস্থা, উত্তৰ–পূব মন্ত্রালয়ৰ লগতে নেড্ফিৰ দৰে বিত্তীয় প্রতিষ্ঠানৰ সহযোগিতা সহজ হৈ পৰিলে বৌদ্ধ পৰিমণ্ডলৰ নামত অসমৰ পর্যটন ক্ষেত্রত হোৰাহোৰে ঘটিব ৷ প্রয়োজন কেৱল সকলো পক্ষৰ সদিচ্ছাৰ ৷

ফোন: ৮৮৭৬৩-৪১৪৫৪

You might also like
Leave A Reply

Your email address will not be published.