আইনাত মনৰ কথা

অসমীয়া থালিৰ সোৱাদ অনুষ্কাৰ

অভিনেত্রী অনুষ্কা শর্মাই শেহতীয়াকৈ স্বাস্থ্যকৰ আৰু সুস্বাদু অসমীয়া আহাৰ গ্রহণ কৰাৰ এখন ফটো শ্বেয়াৰ কৰিছে তেওঁৰ ইনষ্টাগ্রামত ৷ অনুষ্কাই ভাতৰ সৈতে মানধনিয়া দিয়া দাহল, কাচকল পিটিকা, ভাতকেৰেলাৰ এখন শুকান ভাজি আৰু বীটৰ চালাডৰ সোৱাদ লয় ৷ মুম্বাইত প্রতিষ্ঠিত গিতিকাছ পাকঘৰ নামৰ ক্লাউড কিটচেনৰ পৰা অসমীয়া খাদ্য অর্ডাৰ কৰিছিল অনুষ্কাই ৷ আৰু এই খাদ্যৰ সোৱাদ লৈয়ে অসমীয়া থালিৰ প্রশংসাত পঞ্চমুখ হৈ পৰিল জনপ্রিয় অভিনেত্রী অনুষ্কা শর্মা ৷

 

সংগীত পৰিচালক হিচাপে বলীউডত নীলোৎপল বৰাৰ এণ্ড্রি

পঞ্চায়ত নামৰ ৱেব ছিৰিজৰ অভিনেতা জিতেন্দ্র কুমাৰৰ আগন্তুক ছবি জাদুগৰ ১৫ জুলাইত নেটফ্লিক্সত মুক্তি পাব ৷ এই ছবিখনত প্রথমবাৰলৈ সংগীত পৰিচালক হিচাপে কাম কৰিছে অসম সন্তান নীলোৎপল বৰাই ৷ ছচিয়েল মিডিয়াত ছবিখনৰ টিজাৰটো শ্বেয়াৰ কৰি আৱেগিক হৈ এই কথা প্রকাশ কৰিছে কণ্ঠশিল্পী তথা সংগীত পৰিচালক বৰাই ৷

 

বলীউডত নগা মডেল এনড্রিয়া

বলীউডত উজলিছে অনেকৰ মুখ্য চৰিত্রত অভিনয় কৰা উত্তৰ–পূবৰ এনড্রিয়া কেভিচ্ছুছা ৷ বলীউডত শেহতীয়াকৈ অভিষেক ঘটোৱা এনড্রিয়া এগৰাকী নগা মডেল ৷ আয়ুষ্মান খুৰানাৰ সৈতে অনেক ছবিখনত অভিনয় কৰি মডেলগৰাকীয়ে লাভ কৰিছে বিপুল জনপ্রিয়তা ৷

 

ৱেব ছিৰিজত জুহি চাওলা

জুহি চাওলাক অতি সোনকালেই দেখা যাব ফাৰহান আখতাৰৰ ৱেব ছিৰিজ ফ্রাইডে নাইট প্লেনত ৷ অভিনেত্রীগৰাকীয়ে এহ তথ্য নিজৰ টুহটাৰ একাউণ্ঢত শ্বেয়াৰ কৰিছে ৷ উল্লেখ্য যে ফ্রাইডে নাইট প্লেন ৱেব ছিৰিজ এক্সেল এণ্টাৰটেইনমেণ্টৰ বেনাৰত নির্মাণ কৰা হৈছে ৷

 

কণ্ঠশিল্পী কে কেৰ মৃত্যু

 

কলকাতাত সংগীতানুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়তে আকস্মিকভাৱে অসুস্থ হৈ শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পী কে কেই ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৩ বছৰ ৷ কে কে হিচাপে জনপ্রিয় গায়কগৰাকীৰ প্রকৃত নাম হৈছে কৃষ কুমাৰ কুন্নাথ ৷ ১৯৬৮ চনৰ ২৩ আগষ্টত কে কেই দিল্লীত জন্মগ্রহণ কৰিছিল ৷ হিন্দীৰ উপৰি বিশিষ্ট কণ্ঠশিল্পীগৰাকীয়ে তামিল, তেলুগু, কানাডা, মালয়ালম, বাঙালী, অসমীয়া আৰু গুজৰাটী ভাষাতো গীত পৰিৱেশন কৰিছিল ৷ উল্লেখ্য যে আন বিভিন্ন ভাষাৰ লগতে কেইবাটাও অসমীয়া গীত পৰিৱেশন কৰিছিল কে কেই ৷ তেওঁৰ অন্যতম অসমীয়া জনপ্রিয় গীত হৈছে মন এলবামৰ কাজল তুমি ৷

You might also like
Leave A Reply

Your email address will not be published.