চীনৰ শিক্ষা প্রতিষ্ঠানত এভুমুকি

ডঃ হৰি শংকৰ কাকতী

মহাবিদ্যালয়ত শিক্ষকতা কৰি থকা সময়ত চাকৰিৰ পদোন্নতিৰ বাবে আৱশ্যক হোৱা পৰিশীলন পাঠ্যক্রম (Refresher Course) আদিত অংশগ্রহণ কৰিবলৈ তথা গুৱাহাটী বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা সময়ত গৱেষণাপত্র পাঠ কৰিবলৈ আৰু কেইবাবছৰ ধৰিAssociation of Chemistry Teachersৰ কার্যকৰী সমিতিৰ উত্তৰপূর্বাঞ্চলৰ সদস্য হৈ থাকোঁতে, সমিতিৰ বছৰেকীয়া অধিৱেশনসমূহত অংশগ্রহণ কৰিবলৈ ভাৰতবর্ষৰ বিভিন্ন ঠাহত অৱস্থিত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত পদার্পণ কৰাৰ সুযোগ পাইছিলোঁ ৷ কিন্তু বিদেশৰ বিশ্ববিদ্যালয়লৈ যোৱা বা তালৈ গৈ তাৰ পৰিৱেশ তথা বিভিন্ন শৈক্ষিক দিশ পর্যালোচনা কৰাৰ সুযোগ পোৱা নাছিলোঁ ৷ কিন্তু ২০১৭ চনৰ এপ্রিল মাহত অসমৰ পৰা চীনলৈ যোৱা ৩২জনীয়া দলটোত অন্তর্ভুক্ত হৈ ৭ দিনীয়া শৈক্ষিক ভ্রমণটোত চীনৰ দুখন বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষা প্রতিষ্ঠানত ভুমুকি মৰাৰ সুযোগকণ পাইছিলোঁ ৷ সাধাৰণতে দলগত ভ্রমণবোৰত অকল বিশেষ বিশেষ ঠাইসমূহ ভ্রমণসূচীত অন্তর্ভুক্ত কৰা হয়, কোনো শিক্ষা প্রতিষ্ঠান অন্তর্ভুক্ত নহয় ৷ কিন্তু আমাৰ দলটোৰ ভ্রমণসূচী আছিল ব্যতিক্রম ৷ কুনমিং আৰু বেইজিং মহানগৰীৰ বিখ্যাত ঠাইসমূহৰ  লগতে দুখন বিখ্যাত বিশ্ববিদ্যালয় আৰু এখন শৈক্ষিক তথা গৱেষণা প্রতিষ্ঠানো অন্তর্ভুক্ত কৰা হৈছিল ৷ আমাৰ দলটোৰ সদস্যসকলৰ সৰহসংখ্যকেই আছিল মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ত কর্মৰত তথা অৱসৰপ্রাপ্ত অধ্যাপকধ্যাপিকা, ছাত্রছাত্রী তথা বিভিন্ন শিক্ষানুষ্ঠানৰ সৈতে জড়িত ব্যক্তি ৷ ভ্রমণ কালত আমাৰ বাবে নির্দিষ্ট কৰা বিশ্ববিদ্যালয় দুখনৰ অধ্যাপকধ্যাপিকা, ছাত্রছাত্রী আৰু গৱেষণা প্রতিষ্ঠানটোৰ মুৰববী তথা গৱেষকসকলৰ সৈতে হোৱা অন্তৰংগ আলাপআলোচনা আৰু সৌহার্দ্যপূর্ণ ভাৱ বিনিময় তথা গৱেষণা কার্যৰ থূলমূল আভাস আমাৰ বাবে আছিল এক বিৰল অভিজ্ঞতা ৷

সেহ উদ্দেশ্যে আমি গোটেই দলটো কলকাতাৰ নেতাজী সুভাষ চন্দ্র বোস্ আন্তর্জাতিক বিমানবন্দৰৰ পৰা ১২ এপ্রিলৰ মাজনিশা ৰ্ব এপ্রিল ১২.৩৫ বজাত চাহনা হষ্টার্ন এয়াৰলাহনছৰ MU 556 নং বিমানযোগে আঢ়ৈ ঘণ্টা যাত্রাৰ অন্তত যেতিয়া কুনমিঙৰ Wujiaba International Airport ত উপস্থিত হওঁ, তেতিয়া তাৰ স্থানীয় সময়মতে পুৱা ৫.১০ বাজিছে৷ চীনৰ সময় ভাৰতৰ স্থানীয় সময় মানতকৈ আঢ়ৈ ঘণ্টা আগবঢ়া৷ সেহদিনা কুনমিঙৰ বতৰ বেছ ফৰকাল আছিল৷ বিদেশৰ বিমানবন্দৰত প্রথম পদার্পণ মোৰ বাবে আছিল এটি অবিস্মৰণীয় দিন৷ বিমানবন্দৰৰ পৰা আমাক তাৰ স্থানীয় গাহড্ মিচ্ লিজাই আমাক সকলোকে সম্ভাষণ জনাই এখন বৃহৎ আকাৰৰ বাছেৰে সকলোকে হোটেললৈ লৈ গল৷ কুনমিঙত থাকিবলগীয়া দিনকেইটা আমাৰ বাবে নির্দিষ্ট কৰি থোৱা হোটেলখন আছিল ইউনান মিঞ্জু বিশ্ববিদ্যালয়ৰ নিজা হোটেল ৷ ৩ তাৰকাযুক্ত হোটেলখন কেইবা মহলীয়া৷ হোটেলখনত প্রৱেশ কৰিয়েই আমি সকলোৱে বিশ্ববিদ্যালয় এখনৰ এনেকুৱা এখন উন্নতমানৰ নিজা হোটেল থাকিব পাৰে বুলি কল্পনাই কৰা নাছিলোঁ৷ আমাৰ দেশৰ বিশ্ববিদ্যালয়সমূহ অৱশ্যে উন্নতমানৰ অতিথিশালা আছে যদিও নিজা হোটেল থকাৰ তথ্য পোৱা নাযায়৷ যি নহওক আমাৰ বাবে নির্দিষ্ট কৰি থোৱা দুজনীয়া কোঠাত প্রৱেশ কৰি গাপা ধুই পুৱাৰ আহাৰ গ্রহণ কৰিবলৈ তলৰ মহলাত থকা ডাইনিং হললৈ আহিলোঁ ৷

বেছ আহলবহল ডাইনিং হলটো আটকধুনীয়া৷ তাত সজাই থোৱা বিভিন্ন থলুৱা আৰু বিদেশী খাদ্য সম্ভাৰৰ পয়োভৰ দেখি সঁচাকৈ আচৰিত হলোঁ৷ পুৱাৰ আহাৰত ইমান খাদ্য সামগ্রী আমি আগতে কেতিয়াও কতো দেখা পোৱা নাছিলোঁ ৷ অৱশ্যে এইটো আছিল মোৰ প্রথম বিদেশ ভ্রমণ ৷ গতিকে অনুমান কৰিছিলোঁ হয়তো বিদেশৰ নাইবা আমাৰ দেশৰো তাৰকাযুক্ত হোটেলবোৰত এনেকুৱা খাদ্য সম্ভাৰ থাকেই ৷ খাদ্যসমূহৰ সন্মুখত এইবোৰৰ নাম চাইনীজ ভাষাত লিখা আছিল বাবে আমি বুজি পোৱা নাছিলোঁ ৷ সুধিবলৈও অসুবিধা ৷ ৱেটাৰবিলাকেও হংৰাজী ভাষা বুজি নাপায়৷ ৰন্ধা খাদ্যৰ উপৰি কেইবাবিধো চালাড্, সিজোৱা পাচলি, কাটি থোৱা ফলমূল যেনেআনাৰস, আপেল, তৰমুজ, নাচপতি লগতে বিভিন্ন ফলৰ ৰস, চাহ, কফী, গাখীৰ আদি আছে ৷ বস্তুবোৰ খাবলৈ বাঁহৰ প্রায় ১০ হঞ্চি মান দীঘল এযোৰ দীঘল শলা দিয়ে, যাক কোৱা হয় চপষ্টিক (Chopstick) ৷ চীন, জাপান, কোৰিয়া, ভিয়েটনাম আদি দেশৰ মানুহে এহ শলা দুডালেৰে চেপা মাৰি ধৰি বস্তুবোৰ খায় ৷ আমিও চেষ্টা কৰি চালোঁ ৷ পিছে চেপা মাৰি ধৰি মুখলৈ নিয়াৰ আগতেই বস্তুটো টুপুচকৈ সৰি পৰে ৷ আমাৰ সকলোৰে একেই অৱস্থা ৷ দৃশ্যটোত সকলোৱে বৰ ৰস পালোঁ ৷ অৱশ্যে আমাক দিয়া কাটা চামুচেৰে আমি খাব লগা হৈছিল ৷ যি নহঁওক ৰাতিপুৱা খাবা ৰজাৰ দৰে বুলি প্রচলিত আপ্ত বাক্যশাৰী মনত পেলাই চিনাকি বস্তুৰ লগতে আন দুই এটা বস্তুও উদৰ পূৰাই খালোঁ ৷ খোৱা শেষ কৰি হোটেলৰ কোঠাত কিছু সময় জিৰণি লোৱাৰ পিছতেই আমাক সকলোকে লৈ যোৱা হল হোটেলৰ নাতিদূৰৈত থকা ইউনান্ মিঞ্জু বিশ্ববিদ্যালয়লৈ (YMU)

ইউনান্ প্রদেশৰ ভিতৰত কুনমিং এখন অত্যাধুনিক মহানগৰী৷ সুন্দৰ চাফচিকুণ পৰিৱেশ, আহলবহল ৰাস্তাঘাট, সুউচ্চ অট্টালিকাৰে ভৰপূৰ কুনমিঙক ইয়াৰ মৃদু বতৰৰ বাবে বসন্ত নগৰী বুলিও জনা যায় ৷ ইউনান্ প্রদেশৰ শিক্ষাৰ প্রাণকেন্দ্র এই কুনমিঙত থকা বিশ্ববিদ্যালয়সমূহ দেশবিদেশৰ লাখ লাখ ছাত্রছাত্রীয়ে অধ্যয়ন কৰিবলৈ আহে ৷ ইয়াতেই অৱস্থিত ইউনান্ মিঞ্জু বিশ্ববিদ্যালয় ৷ ২০২১২২ বর্ষত বিশ্ব ৰেংকিঙত ইয়াৰ স্থান আছিল ২০১৮তম ৷ বিশ্ববিদ্যালয়খন প্রায় ১১৩ হেক্টৰ আৰু ৬৫০০০০ বর্গমিঃ এলেকাজুৰি বিস্তৃত হৈ আছে ৷ ইমান ডাঙৰ, চাৰিওফালৰ চাফচিকুণ পৰিৱেশ আৰু ফলফুলেৰে জাতিষ্কাৰ বিশ্ববিদ্যালয়খনৰ চৌহদত প্রৱেশ কৰিয়েই আমাৰ সকলোৰে মনপ্রাণ এক বিৰল প্রশান্তিত ভৰি গল ৷

ইউনান্ মিঞ্জু বিশ্ববিদ্যালয় সকলো চীনা জনগোষ্ঠীৰ বাবে উচ্চ শিক্ষাৰ এক বিস্তৃত প্রতিষ্ঠান৷ চীনা ভাষাত মিঞ্জু(Minzu) মানে জনগোষ্ঠীয় গোট ৷ চীনত চৰকাৰীভাৱে স্বীকৃত ৫৬টা জনগোষ্ঠীয় গোট আছে ৷ ইয়াৰ ভিতৰত হান্(Han) জনগোষ্ঠীটোৱেই সর্বাধিক ৯২ শতাংশ৷ বাকী ৫৫টাহ সংখ্যালঘু ৷ এই বিশ্ববিদ্যালয়খন শিক্ষা মন্ত্রালয়, ৰাজ্যিক জনগোষ্ঠীয় পৰিক্রমা আয়োগ আৰু ইউনান্ প্রদেশৰ জনসাধাৰণৰ সহঃ প্রচেষ্টাত গঢ়ি উঠা এখন প্রাদেশিক মুখ্য বিশ্ববিদ্যালয় ৷ ১৯৫১ চনৰ ১ আগষ্টত কুনমিঙত প্রতিষ্ঠা কৰা এই বিশ্ববিদ্যালয়খনৰ পূর্বৰ নাম আছিল ইউনান্ ইনষ্টিটিউট ফৰ্ নেচনেলিটিজ্ ৷ পিছত ২০০৩ চনৰ ১ আগষ্টত নাম সলনি কৰি ইউনান্ মিঞ্জু বিশ্ববিদ্যালয় বা চমুকৈ YMU ৰখা হয় ৷  আৰম্ভণিতে বিশ্ববিদ্যালয়খনে চৰকাৰী নেতাসকলক নির্দেশ দিছিল যাতে তেওঁলোকে ইউনান্ প্রদেশৰ সংখ্যালঘু জনগোষ্ঠীয় গোটৰ লোকসকলে তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিবলৈ সমর্থ হয় ৷ পৰৱর্তী সময়ত সংখ্যালঘু জনগোষ্ঠীয় গোটৰ লোকসকলৰ অর্থনৈতিক তথা সাংসৃক্তিক অধিকাৰ নিষ্চিত কৰিবলৈ বিশেষ কার্যসূচী অন্তর্ভুক্ত কৰিছিল ৷

এইখিনিতে উল্লেখযোগ্য যে ২০২০ চনৰ সমীক্ষাত প্রকাশ কৰা এটি তথ্য মতে চীনত ৰাজহুৱা মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ সংখ্যা আছিল ২৭৩৮খন৷ হয়াৰে ১২৭০খন বিশ্ববিদ্যালয় আৰু ১৪৬৮খন উচ্চতৰ বৃত্তিমূলক মহাবিদ্যালয় ৷ অৱশ্যে এই সংখ্যা ২০২২ চনলৈ নিষ্চয় বৃদ্ধি পাইছে ৷ যোৱা দশকবোৰত মুঠ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে চীনত ৷ ৰাষ্ট্রীয় উচ্চ শিক্ষা ব্যৱস্থাৰ অধিক বিকাশ আৰু আধুনিকীকৰণৰ পৰিকল্পনা অনুসৰি চীন চৰকাৰৰ শেহতীয়া নীতিগত প্রৱণতাৰ ফলস্বৰূপে ২০১৫ চনতেই চৰকাৰে আগভাগ লোৱা আন এটি পদক্ষেপ হৈছে দ্বৈত প্রথম শ্রেণীৰ বিশ্ববিদ্যালয় ৷ যাৰ ফলস্বৰূপে ২০৫০ চনলৈ অধিক বিশ্বমানৰ বিশ্ববিদ্যালয় সৃষ্টিৰ লক্ষ্য স্থিৰ কৰি লৈছে চীন চৰকাৰে ৷ ইতিমধ্যে ২০২২ চনৰ ফেব্রুৱাৰী মাহলৈকে ১৪৭খন এই শ্রেণীৰ বিশ্ববিদ্যালয়ে স্বীকৃতি লাভ কৰিছে ৷ অৱশ্যে YMU খন এতিয়ালৈকে দ্বৈত প্রথম শ্রেণীৰ বিশ্ববিদ্যালয়ত অন্তর্ভুক্ত হব পৰা নাই ৷

YMU ত ১৭খন বিদ্যালয়, যত স্নাতক, স্নাতকোত্তৰ আৰু পি এইচ্ ডিৰ বিভিন্ন পাঠ্যক্রম অন্তর্ভুক্ত কৰা হৈছে ৷  লগতে ৩খন সন্মানীয় আৰু স্বকীয় গৱেষণা প্রতিষ্ঠান আছে ৷ গৱেষণা বিভাগত তিনিটা মুখ্য শাখা অন্তর্ভুক্ত কৰা হৈছে সংখ্যালঘু জনগোষ্ঠীসমূহৰ ভাষা আৰু সাহিত্য, জনগোষ্ঠীয় প্রাচীন সাহিত্য অধ্যয়ন আৰু ৰাষ্ট্রীয় অর্থনীতি৷ প্রতিষ্ঠা হোৱাৰ দিনৰে পৰা বিদেশৰ ৮০খনতকৈও অধিক দেশৰ পৰা ২০০০০তকৈও অধিক দর্শনার্থীৰ ইয়ালৈ আগমন ঘটিছে, যাৰ ভিতৰত বহুতো প্রখ্যাত ৰাজনীতিবিদ, বিদ্বান লোক আদি ৷ ইয়াৰ উপৰি বছৰি বিদেশৰ পৰা ইয়ালৈ অধ্যয়ন, গৱেষণা বা বিদ্যায়তনিক সম্পর্কীয় বিভিন্ন দিশৰ আদানপ্রদান কৰিবলৈ অসংখ্য শিক্ষার্থী আহে ৷ বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটো জনগোষ্ঠীয় অধ্যয়নৰ একাধিক প্রাচীন গ্রন্থ আৰু আলোচনীৰ এক বিৰল সংগ্রহেৰে পৰিপূর্ণ ৷ বর্তমানলৈকে এই বিশ্ববিদ্যালয়খনত ২৭০০০০ তকৈও অধিক পূর্ণকালীন ছাত্রছাত্রীয়ে বিভিন্ন বিষয়ত অধ্যয়ন কৰি আছে ৷ ইয়াৰে ৬০ শতাংশৰো অধিক ছাত্রছাত্রী সংখ্যালঘু জনগোষ্ঠীয় গোটৰ ৷ শিক্ষকৰ সংখ্যা ১৪০০ৰো অধিক ৷ হয়াৰে অধ্যাপকৰ সংখ্যা ২০০ আৰু সহযোগী অধ্যাপকৰ সংখ্যা ৩০০ৰো অধিক ৷

বিশ্ববিদ্যালয়ত সোমোৱাৰ পিছতেই পূর্বনির্ধাৰিত কার্যসূচী অনুসৰি তাত থকা International School ৰ সহকাৰী অধ্যাপক এগৰাকীয়ে আমাক আদৰণি জনালে, আমাৰ ফালৰ পৰাও তেওঁক এখন ফুলাম গামোচাৰে আদৰণি জনোৱা হল ৷ আদৰণী পর্ব শেষ হোৱাৰ পিছত চিনাকি পর্ব আৰম্ভ হল ৷ আমি সকলোৱে এজন এজনকৈ আমাৰ পৰিচয় দাঙি ধৰিলোঁ ৷ হয়াৰ পিছত তেওঁ আমাৰ সৈতে আলোচনাত বহিল ৷ আলোচনাৰ বিষয়বস্তু আছিল বিশ্ববিদ্যালয়ৰ বিভিন্ন পাঠ্যক্রমৰ ভিতৰত স্নাতক, স্নাতকোত্তৰ আৰু পি এইচ্ ডিৰ স্তৰত নামভর্তিৰ চর্ত আৰু বৃত্তিৰ সুবিধাসমূহ ৷ ইংৰাজী ভাষাত দিয়া প্রায় আধা ঘণ্টাজোৰা ভাষণত সকলো দিশ সামৰি লাগতিয়াল তথ্যসমূহ সুন্দৰকৈ উপস্থাপন কৰিলে ৷ আমাক প্রত্যেককে দিয়া বিশ্ববিদ্যালয়ৰ এখন পুস্তিকাত এই সকলো তথ্য থূলমূলকৈ দিয়া আছিল ৷ ভাষণৰ অন্তত আমাৰ ফালৰ পৰাও দুই এজনে বিভিন্ন প্রশ্ণ উত্থাপন কৰিলে ৷ সকলো প্রশ্নৰে উত্তৰ তথা সমিধান তেওঁ সুন্দৰভাৱে দি গল ৷

সৌহার্দ্যপূর্ণ আলোচনাৰ অন্তত আমাক এইবাৰ লৈ যোৱা হল বিশ্ববিদ্যালয় চৌহদত অৱস্থিত জনগোষ্ঠীয় সাংসৃক্তিক সংগ্রহালয় (Museum of Ethnic Culture) লৈ ৷ ১৯৫১ চনত প্রতিষ্ঠা কৰা এই সংগ্রহালয়টোৰ মুঠ মাটিকালি ৪৮০০ বর্গমিঃ আৰু প্রদর্শনী ক্ষেত্রখনৰ কালি ১৮০০ বর্গমিঃ ৷  চীনৰ ৫৬টা জনগোষ্ঠীৰ তেওঁলোকৰ জনগোষ্ঠীয় সাংসৃক্তিক স্মৃতিচিহ্ণসমূহৰ সংৰক্ষণ প্রদর্শনৰ বাবে নির্মাণ কৰা এটি আপুৰুগীয়া নৃতাত্ত্বিক সংগ্রহালয় ৷ সংৰক্ষিত হোৱা সামগ্রীৰ ভিতৰত আছে ১৪ প্রকাৰৰ উৎপাদন সঁজুলি, নথিপত্র আৰু বাদ্যযন্ত্রসহ ৮০০০তকৈও অধিক সাংসৃক্তিক স্মৃতিচিহ্ণ ৷ এইবোৰৰ ভিতৰত বহুসংখ্যক পোছাক আৰু প্রাচীন অলংকাৰৰ উৎকৃষ্ট প্রদর্শনী, যত চীনা জনগোষ্ঠীসমূহৰ সূতা কটা, ৰং কৰা আৰু টেনিং(Tanning) কৰা পদ্ধতিসমূহ আৰু এমব্রইডাৰীৰ উৎকৃষ্ট কাৰু শিল্প আদিৰ ছবি প্রদর্শিত হৈ আছে৷ পোছাকপৰিচ্ছদবোৰ আনকি অলংকাৰবোৰো আমাৰ উত্তৰপূর্বাঞ্চলৰ জনগোষ্ঠীয় পোছাক আৰু অলংকাৰৰ সৈতে সাদৃশ্য দেখা যায় ৷ বিভিন্ন ধৰণৰ তাঁতশাল আদি ধুনীয়াকৈ সজাই থোৱা দেখিলোঁ ৷ ইয়াৰ উপৰি প্রাগঐতিহাসিক যুগৰ মৃৎশিল্পৰ জাৰ্ (Jar), হান্ ৰাজবংশৰ ব্রঞ্জৰ ঢোল আৰু বুদ্ধৰ মূর্তি, পূর্বপুৰুষৰ ছবি, থাংকা ৰঙীন চিত্র (Thagka painting), ডংবা শাস্ত্র (Dongba Scripture) দক্ষিণ চীনৰ নাক্সি লোকসকলৰ পুৰোহিতসকলে ব্যৱহাৰ কৰা বিশেষ ধৰণৰ লিপি, মিং (Ming) আৰু কিং(Qing) ৰাজবংশৰ পাত্র আৰু পাত শাস্ত্র(Pattra -leaf scripture)ৰ দৰে উচ্চমানৰ ঐতিহাসিক আৰু শিল্পী সুলভ মূল্যবোধৰ সংগ্রহেৰে ভৰপূৰ৷ গোটেই মিউজিয়ামটো চাবলৈ যথেষ্ট সময়ৰ প্রয়োজন ৷ আমাৰ সময় সীমিত বাবে কিছু সময় তাত কটাই বাহিৰৰ ৰেস্তোৰাঁত দুপৰীয়াৰ আহাৰ খাই হোটেললৈ উভতি আহি কিছু সময় জিৰণি ললোঁ ৷

আবেলি আমাৰ কার্যসূচী আছিল বিশ্ববিদ্যালয়ত থকা হিন্দী বিভাগত ৷ তাত ভাৰতীয় অধ্যাপক এজনক লগ পালোঁ ৷ তেওঁৰ ঘৰ আমাৰ দেশৰে বিহাৰত ৷ চীনৰ ছোৱালী বিয়া কৰাই তাৰেই বাসিন্দা হৈছে ৷  ছাত্রছাত্রীৰ সৈতে তেওঁ আমাক আদৰণি জনালে ৷ ২০২৫জনীয়া ছাত্রছাত্রীৰ দল এটাই ভাৰতীয় সাজপোছাক পিন্ধি বৰ সুন্দৰকৈ হিন্দী চিনেমাৰ চিৰপৰিচিত গীত এটি পৰিৱেশন কৰিলে ৷ লগতে গানটোৰ লগত খাপ খুৱাই নৃত্য এটিও প্রদর্শন কৰিলে৷ Background ত আছিল ভাৰতীয় জাতীয়তাবোধৰ বিভিন্ন ছবি ৷ গান তথা নৃত্যটোৱে আমাৰ সকলোৰে মন মুহি নিলে ৷ সুন্দৰকৈ তেওঁলোকে ভাষাটো আয়ত্ত কৰাৰ বাবে আমি অধ্যাপকজনক নশলাগি নোৱাৰিলোঁ ৷ তাৰ পিছতেই আমাৰ সৈতে এক সৌহার্দ্যপূর্ণ আলোচনাত মিলিত হল অধ্যাপক তথা ছাত্রছাত্রীসকল ৷ অধ্যাপকজনেYMUত হিন্দী ভাষা শিকোৱাৰ উপৰি ইয়াৰ প্রচাৰ আৰু প্রসাৰৰ বাবে অনেক কার্যসূচীও হাতত লোৱা বুলি আমাক জনালে৷ ছাত্রছাত্রীসকলৰ লগতো আমি হিন্দী ভাষাৰ জৰিয়তে ভাৱৰ আদানপ্রদান কৰিলোঁ ৷ আমাৰ সকলোৰে তেওঁলোকৰ মাজত কটোৱা সময়খিনি সদায় চিৰস্মৰণীয় হৈ ৰব ৷

কিছু সময় তাত কটোৱাৰ পিছত আমাক লৈ যোৱা হল বিশ্ববিদ্যালয়ৰ ভিতৰত থকা শ্রেণীকোঠা এটিলৈ ৷ উদ্দেশ্য আছিল আমাক চীন ভাষাটোৰ কিছু সাধাৰণ জ্ঞান দিয়াৰ৷ তাত কম বয়সীয়া মৰম লগা ছোৱালী এজনীয়ে আমাক চীনা ভাষাৰ বর্ণসমূহ আৰু দৈনন্দিন জীৱনত ব্যৱহূত কিছুমান লাগতিয়াল কথোপকথনৰ বিষয়ে থূলমূল আভাস এটি দিছিল ৷ পিছে ইমান কম সময়ত সকলো আয়ত্ত কৰাটো সম্ভৱ নহয় ৷ যি কি নহওক, বিশ্ববিদ্যালয়ৰ চিহ্ণসম্বলিত দুখনমান Writing paper হাতত লৈ একান্ত বাধ্য ছাত্রছাত্রীৰ দৰে শুনি আৰু লিখি আছিলোঁ ৷ চীনা ভাষাৰ বর্ণবোৰ বৰ দেখনিয়াৰ৷ ছবিসদৃশ গঠন কিছুমানেৰে চীনা ভাষাটো লিখা হয় ৷ এইবোৰক ইংৰাজীত চৰিত্র(Character) বোলে ৷ চীনা ভাষাত ২১টা ব্যঞ্জন বর্ণ (Consonants) আৰু ১৬টা মুখ্য স্বৰবর্ণ(Vowels) আছে ৷ যিহেতু চীনা ভাষাটো পাঁচটা  সুৰ থকা এটি সুৰীয়া ভাষা, ইয়াৰে চাৰিটা মৌলিক সুৰযুক্ত আৰু এটি নিৰপেক্ষ সুৰহীন সুৰ থকা, গতিকে বেলেগ বেলেগ সুৰত উচ্চাৰণ কৰা প্রতিটো চৰিত্রই এক পৃথক অর্থ প্রকাশ কৰে ৷ তেওঁলোকৰ উচ্চাৰণ মতে কিছু শব্দ আৰু চুটি বাক্য ইংৰাজীতে লিখি ললোঁ ৷ যেনে

চীনা ইংৰাজী অসমীয়া

xie-xie-ni- Thanks ধন্যবাদ

ni-hao- Hello হেল্ল

ni-hao-ma- How are you তুমি কেনে আছা

wo-hen-hao- I am fine মই ভালে আছো      

bu-keqi- You are welcome       আদৰিলোঁ তোমাক  

zao-shang-hao- Good morning সুপ্রভাত

wan-an-      Good night শুভৰাত্রী

dui-bu-qi-    Sorry দুখিত

wo-ji-ao- My name is…..   মোৰ নাম হল

সংখ্যাঃ

yi–,er–,san–,si–,wu–,liu–,qi–, ba–jiu–,shi–১০ ,wu–shi–৫০,yi-bai–১০০ ইত্যাদি ৷

ইয়াৰ উপৰি অন্য কিছুমান শব্দ আৰু বাক্য আমাক শিকাইছিল যদিও ইয়াত সকলোখিনি উল্লেখ কৰা নহল ৷

চীনৰ শতকৰা ৯৯ ভাগ ব্যক্তিয়েই ইংৰাজী ভাষা নাজানে ৷  গতিকে চীন দেশ ভ্রমণৰ আগে আগে দৈনন্দিন জীৱনত ব্যৱহৃত হোৱা দুই এটি শব্দ বা বাক্য আয়ত্ত কৰি লব পাৰিলে ভাল ৷ অৱশ্যে শেহতীয়াভাৱে চীন দেশৰ নতুন প্রজন্মৰ যুৱকযুৱতীয়ে ইংৰাজী ভাষা শিকাৰ প্রতি যথেষ্ট আগ্রহ কৰা পৰিলক্ষিত হৈছে ৷ যদিও আমাৰ লগত ইংৰাজী জনা গাইড্জন অনবৰতে আছিলেহ, তথাপি নিজাকৈ কোনোবা এখন দোকান বা বজাৰলৈ গৈ কিবা এটা বস্তু কিনিবলৈ বা খাবলৈ গৈ কিছুমান অসুবিধাত পৰিছিলোঁ ৷ যি কি নহওক ক্লাছটো শেষ হোৱাৰ পিছত আমি চীনা ভাষাতেই ছোৱালীজনীক ধন্যবাদ জনাই ওলাই আহিলোঁ ৷

এইবাৰ আমাক লৈ যোৱা হল চৌহদতে থকা এখন সৰু ইনডৰ ষ্টেডিয়ামলৈ ৷  উদ্দেশ্য আছিল তেওঁলোকৰ জনপ্রিয় সমৰকলা (Martial Arts) ৰ এটা ভাগ টাইচি (Tai- chi)ৰ  কিছু কলা আমাক দেখুওৱা ৷ টাইচি, যাক কেতিয়াবা শ্বেডো বক্সিং বুলিও কোৱা হয় হল আত্ম প্রতিৰক্ষা, স্বাস্থ্য সম্পর্কীয় লাভালাভ আৰু ধ্যানৰ বাবে প্রচলিত এক আভ্যন্তৰীণ সমৰকলা ৷ পৰম্পৰাগত আৰু আধুনিক দুয়োধৰণৰ শৈলী অন্তর্ভুক্ত এহ টাইচি বিশ্বজুৰি প্রচলিত হৈ আছে, ইয়াৰ অনুশীলনকাৰীও বহুত ৷ কিছুমান সমৰকলাৰ বাবে শিক্ষার্থীসকলে অনুশীলনৰ সময়ত ইউনিফর্ম পিন্ধিব লাগে ৷ সাধাৰণতে টাইচিয়ে ইউনিফর্ম নির্দিষ্ট নকৰে, যদিও প্রশিক্ষকসকলে প্রায়ে  আৰামদায়ক কাপোৰ আৰু চেপেটা গোৰোহা থকা জোতা পিন্ধাৰ পোষকতা কৰে ৷ তাত উপস্থিত থকা লৰাছোৱালী দুজনমানে আমাক টাইচিৰ বিভিন্ন কৌশলবোৰ দেখুৱালে৷ সঁচাকৈয়ে তেওঁলোকৰ কৌশলসমূহ অপূর্ব ৷ দেখি আটায়ে মুগ্ধ নহৈ নোৱাৰিলোঁ৷ চীনৰ লগতে আমাৰ দেশতো প্রচলিত কুংফু (Kung-Fu) আৰু টাইচি দুয়োটাই চীনা সমৰকলা, পার্থক্য মাথোন তেওঁলোকৰ কৌশল ৷ কুংফু হৈছে বাহ্যিক সমৰ কলা, যত হয়াৰ অনুশীলনে এজন ব্যক্তিৰ শক্তি আৰু গতিৰ ওপৰত গুৰুত্ব দিয়ে, আনহাতে টাইচি এক আভ্যন্তৰীণ সমৰ কলা, যাৰ ব্যায়ামে এজন ব্যক্তিৰ ভাৰসাম্য, স্থিৰতা আৰু সংবেদনশীলতাৰ ওপৰত অধিক গুৰুত্ব দিয়ে ৷ ছাত্রছাত্রীসকলে আমাক শিকাবলৈ আমন্ত্রণো জনালে ৷ কেহজনমানে অৱশ্যে অংশগ্রহণো কৰিলে ৷ অনুষ্ঠানটো শেষ হোৱাৰ পিছত আমাৰ কেইজনমানে বিহুগীত লগাই বিহুও নাচিলে, যিহেতু সেই সময়ত আমাৰ অসমত আছিল ৰঙালী বিহুৰ পৰিৱেশ ৷ এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হল যেতিয়া আমাৰ লগতে সিহঁতৰ কেইজনমানেও বিহু নাচিবলৈ চেষ্টা কৰিলে ৷ হাঁহিধেমালিৰ মাজেৰে সময়খিনিও পাৰ হল ৷ আটাইকে ধন্যবাদ জনাই তেওঁলোকৰ মাজৰ পৰা বিদায় ললোঁ ৷ ছাত্রছাত্রীসকলে আমাৰ প্রতি দেখুওৱা আদৰ সম্ভাষণ আমাৰ বাবে এক বুজাব নোৱাৰা স্মৃতি হৈ ৰব ৷ দিনটো যথেষ্ট ব্যস্ত থকাৰ কাৰণে অত্যন্ত ভাগৰুৱা অনুভৱ কৰিলোঁ ৷ ৰাতিৰ আহাৰ বাহিৰৰ ৰেস্তোৰাঁ এখনত খাই হোটেললৈ উভতি আহি নিদ্রা দেৱীৰ শীতল কোলাত ঢলি পৰিলোঁ ৷  

পিছদিনা পুৱা হোটেলত আহাৰ গ্রহণ কৰি আমাৰ প্রথম গন্তব্যস্থলী ডউনান ফুলৰ বজাৰলৈ গলোঁ৷ তাত দুঘণ্টা মান কটোৱাৰ পিছত আমাৰ পিছৰ গন্তব্যস্থলী আছিল প্রায় ৩৪ কিঃমিঃ দূৰত থকা কুনমিং উদ্ভিদ বিজ্ঞান প্রতিষ্ঠান Kunming Institute of Botany) ৷ ১৯৩৮ চনত প্রতিষ্ঠা হোৱা এই প্রতিষ্ঠানখন উদ্ভিদ বিজ্ঞানৰ এক উচ্চ মানৰ গৱেষণা প্রতিষ্ঠান ৷ আমি উপস্থিত হোৱাৰ লগে লগে হয়াৰ উপসঞ্চালক Prof. Yang Yonping–এ আমাৰ সকলোকে উষ্ম আদৰণি জনালে ৷ ইয়াৰ পিছতেই Director of Center for Mountain Eco System Studies (CMES)ৰ সঞ্চালক Prof. Xu Jianchu-এ আদৰণী ভাষণ  আগবঢ়ালে ৷ তেওঁলোকৰ লগত আমি সকলোৱে এক সৌহার্দ্যপূর্ণ আলোচনাৰ বাবে মিলিত হলোঁ ৷ আলোচনাৰ বিষয়বস্তু আছিল প্রতিষ্ঠানখনৰ গৱেষণা বিভাগসমূহে কেনেদৰে কাম কৰে, তেওঁলোকৰ কিছুমান গৱেষণা প্রকল্প, গৱেষণা কার্য অনুসৰণ কৰা পদ্ধতি আৰু আন প্রতিষ্ঠানৰ সৈতে সহযোগিতা তথা যৌথ গৱেষণাৰ সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰা ৷ আলোচনাৰ মাজতে আমাক তেওঁলোকৰ উদ্যানত উৎপন্ন হোৱা বিভিন্ন ফলমূল আৰু বিসুক্টসহ চীনা চাহেৰে আপ্যায়িত কৰিলে ৷

প্রতিষ্ঠানটোৰ আন এটি উল্লেখযোগ্য দিশ হল হ চীনৰ অন্যতম প্রধান সংৰক্ষিত উদ্ভিদবোৰৰ নমুনা সংৰক্ষণ কৰা সংগ্রহালয় যাক হার্বেৰিয়াম বুলিও কোৱা হয়, যত অসংখ্য উদ্ভিদৰ নমুনা সংগ্রহ কৰা আছে ৷ লগতে ভেঁকুৰ, লাহকেন (Lichens) আৰু মছ( Mosses)ৰ অনেক প্রজাতিৰ নমুনা সংগ্রহ কৰা দেখিলোঁ ৷ বিজ্ঞানৰ ছাত্র হিচাপে ইয়াৰে কিছুমান চিনাকি আছিল যদিও প্রায়সংখ্যকেই অচিনাকি ৷ এই সংগ্রহবোৰৰ বেছিভাগেই দান কৰিছিল চীনৰ এজন প্রখ্যাত ভেঁকুৰ জাতীয় উদ্ভিদৰ গৱেষক মুজাঙ(Mu Zang)–এ ৷ প্রতিষ্ঠানটোৰ ভিতৰতে থকা ঔষধজাতীয় সামগ্রীৰ মুখ্যতঃ পৰম্পৰাগত চীনা ঔষধ ইউনান বায়াও গ্রুপ(Yunan Baiyao Group) নামৰ এটি কোম্পানী দর্শনৰ বাবেও আমাক লৈ যোৱা হল ৷  খুচুৰা আৰু পাইকাৰী ঔষধি সামগ্রীৰ বিক্রেতা এই কোম্পানীত থকা বিভিন্ন পৰম্পৰাগত চীনা ঔষধবোৰৰ বিভিন্ন ৰোগত প্রয়োগ, লগতে প্রসাধন সামগ্রীসমূহৰ ব্যৱহাৰ সম্পর্কে পুংখানুপুংখভাৱে আমাক বুজাই দিলে তাৰেই কর্মচাৰী এজনে ৷ আমাৰ মাজৰ পৰা দুই এজনে কিছু সামগ্রী ক্রয়ো কৰিলে ৷

মিটিং শেষ হোৱাৰ পিছত তেওঁলোকে আমাক প্রতিষ্ঠানটোত চলি থকা বিভিন্ন গৱেষণাৰ ওপৰত কেইবাখনো চুটি চুটি তথ্যচিত্র দেখুৱালে৷ তাৰ ভিতৰত Mountain Bio-diversity, Mining Industry and Bio-diversity, Mushroom Culture       ইত্যাদি ৷ তাত বিভিন্ন ধৰণৰ কাঠফুলা(Mushroom) দেখি তবধ মানিলোঁ ৷ সৰু সৰু শাকৰ আকৃতিৰ পৰা ডাঙৰ একোপাহ ফুলৰ আকাৰৰ বিভিন্ন কাঠফুলাৰ সমাহাৰ ৷ চীনৰ জনসাধাৰণৰ কাঠফুলা বৰ প্রিয় খাদ্য ৷

প্রতিষ্ঠানটোৰ নিজাকৈ দুখন বৃহৎ উদ্যান আছে ৷ ইয়াৰে এখন কুনমিং  উদ্ভিদ উদ্যান, কেমেলিয়া ফুলেৰে ভৰা ৷ ৪৪ হেক্টৰ মাটিকালিৰ এই উদ্যানখনত প্রায় ৭৮টা প্রজাতিৰ কেমেলিয়া আছে ৷ এইবোৰ চীনা নৱবর্ষৰ সময়ত সম্পূর্ণকৈ ফুলে৷ সেই সময়ত ইয়াৰ সৌন্দর্য চালে চকুৰোৱা হয়৷ ই এবিধ চিৰসেউজীয়া জোপোহা সৰু সৰু গছ৷ ফুলবোৰ সাধাৰণতে ডাঙৰ, ১ৰ পৰা ১২ চেঃমিঃ ব্যাসৰ ৷ ফুলবোৰৰ ৰং বগা, গুলপীয়া ৰঙৰ পৰা ৰঙালৈ বিভিন্ন ৰঙত দেখিবলৈ পোৱা যায় ৷ সোণালী ৰঙৰ কেমেলিয়া সংগ্রহ এই উদ্যানখনৰ এটি গুৰুত্বপূর্ণ বৈশিষ্ট্য ৷  উদ্যানখনত প্রায় ৬০০০ হাজাৰ প্রজাতিৰ উদ্ভিদ সংগ্রহ কৰা আছে ৷ ঘূৰিপকি ফুৰোঁতে এবিধ হালধীয়া ৰঙৰ বাঁহজাতীয় উদ্ভিদ প্রথমবাৰৰ বাবে দেখিবলৈ পালোঁ, যাৰ আকাৰ আমাৰ ইয়াত পোৱা বিজুলী বাঁহৰ দৰে ৷ অৱশ্যে ২০১৯ চনৰ ডিচেম্বৰ মাহত মহাৰাষ্ট্রৰ অমৰাৱতীত থকা বাঁহ উদ্যান এখন চাবলৈ যাওঁতে তাতে বিভিন্ন প্রজাতিৰ বাঁহগছৰ লগতে হালধীয়া প্রজাতিৰ এবিধ বাঁহগছ দেখিবলৈ পাইছিলোঁ ৷ কিছু সময় সেইখনতে অলপ ফুৰিলোঁ যদিও হাতত কম সময় থকা বাবে আনখনলৈ যোৱা সম্ভৱ নহল ৷ গোটেই প্রতিষ্ঠানটো পর্যবেক্ষণ কৰাৰ পিছত সন্ধিয়া হোৱাৰ লগে লগে হোটেললৈ ৰাওনা হলোঁ ৷

আমি পৰিদর্শন কৰা আনখন শিক্ষা প্রতিষ্ঠান আছিল বেইজিং মহানগৰীৰ ৰেনমিন(Renmin) বিশ্ববিদ্যালয় ৷ সেই উদ্দেশ্যে ১৫ এপ্রিলৰ আবেলি কুনমিং বিমানবন্দৰৰ পৰা প্রায় চাৰে তিনি ঘণ্টা যাত্রাৰ অন্তত সন্ধিয়া ৭.২৫ বজাত বেইজিঙত উপস্থিত হলো৷ বেইজিঙত আমাৰ স্থানীয় গাইড্ হাঁহিমুখীয়া Mr. Peter–এ বিমানবন্দৰত আমাক সকলোকে আদৰণি জনাই হোটেল Long Ding Huaলৈ লৈ গল ৷ হোটেললৈ যোৱাৰ পথত ভাৰতীয় ৰেস্তোৰাঁ এখনত ৰাতিৰ আহাৰ খাই ললোঁ ৷ হোটেলখন আছিল ২৩ মহলীয়া ৷

বেইজিঙত থকাৰ দ্বিতীয় দিনা অর্থাৎ ১৭ এপ্রিলৰ পুৱা হোটেলত ব্রেকফাষ্ট খাই আমি আটায়ে বাছেৰে প্রথমে বিশ্ববিদ্যালয়লৈ ৰাওনা হলোঁ ৷  ৰেনমিন বিশ্ববিদ্যালয়খন বেইজিঙৰ হাইডিয়ান(Hydian) জিলাত অৱস্থিত এখন ৰাষ্ট্রীয় গৱেষণা বিশ্ববিদ্যালয় ৷ ই এখন দ্বৈত প্রথম শ্রেণীৰ বিশ্ববিদ্যালয় ৷  ইয়াক চীনৰ ইতিহাস, সাহিত্য, শিল্পকলা, সংগীত, দর্শন আৰু সমাজ বিজ্ঞান বিষয়ৰ পাঠ্যক্রমৰ বাবে আটাইতকৈ সন্মানীয় বিশ্ববিদ্যালয় হিচাপে গণ্য কৰা হয় ৷ চীনৰ শিক্ষা মন্ত্রালয়ৰ শেহতীয়া মূল্যায়ন অনুসৰি এই বিশ্ববিদ্যালয়খন ৯টা শাখাৰ বাবে সকলো চীনা বিশ্ববিদ্যালয়ৰ ভিতৰত এক নম্বৰ স্থান লাভ কৰিছে ৷ ২০২১ চনত হোৱা বিশ্ববিদ্যালয়ৰ বিশ্ব ৰেংকিঙত ৰেনমিন বিশ্ববিদ্যালয়ে দর্শন শাস্ত্রত শীর্ষ ৪০, সমাজ বিজ্ঞানৰ বাবে শীর্ষ ৮০ আৰু আইনী অধ্যয়নৰ বাবে শীর্ষ ৫১সংখ্যক স্থানৰ ভিতৰত আছে ৷

বর্তমান ৰেনমিন্ বিশ্ববিদ্যালয়ত ২৩খন বিদ্যালয়, ১৩টা গৱেষণা প্রতিষ্ঠান, স্নাতক ডিগ্রীৰ বাবে ৬০টা, স্নাতকোত্তৰ ডিগ্রীৰ বাবে ১৪০টা আৰু ডক্টৰেট ডিগ্রীৰ বাবে ৯২ টা বিশেষ বিষয়ৰ পাঠ্যক্রমৰ ব্যৱস্থা আছে ৷ বিশ্ববিদ্যালয়খনৰ পুথিভঁৰালটোৰ মুঠ এলেকা ২৬০০০ বর্গমিঃ ৷ ইয়াত ১৫ টি পঢ়া কোঠা আৰু এটা ২০০০ তকৈও অধিক আসনযুক্ত প্রেক্ষাগৃহ আছে ৷ পুথিভঁৰালটোত প্রায় ২.৫ নিযুত বিভিন্ন বিষয়ৰ কিতাপ, আলোচনী থকাটোৱে ইয়াত থকা সংগ্রহৰ বিশালতাৰ উমান পোৱা যায় ৷ চীনৰ শিক্ষা মন্ত্রালয়ৰ দ্বাৰা কলা, সাহিত্যৰ তথ্য কেন্দ্র হিচাপে স্বীকৃত এই পুথিভঁৰালটো ৷ এহ বিশ্ববিদ্যালয়খনে ৩২খন দেশ আৰু অঞ্চলৰ ১২৫খন বিশ্ববিদ্যালয় আৰু গৱেষণা প্রতিষ্ঠানৰ সৈতে ইয়াৰ যোগাযোগ আৰু সহযোগিতামূলক সম্পর্ক বজাহ ৰাখিছে ৷ ইতিমধ্যে বহুতো বিশ্ববিখ্যাত পণ্ডিতে আনকি নবেল বঁটা বিজয়ীয়েও বিভিন্ন সময়ত ইয়ালৈ আহি বক্তৃতা প্রদান কৰিছে আৰু বিশেষ আলোচনাচক্রত অংশগ্রহণ কৰিছে ৷

গোটেই চৌহদটো ঘূৰিপকি চাবলৈ যথেষ্ট সময়ৰ প্রয়োজন ৷ গতিকে আমাক কিছুমান গুৰুত্বপূর্ণ স্থান দেখুৱাবলৈ লৈ গল ৷ সেইবোৰ স্থানলৈ যাওঁতে আমাৰ লগত দুজন অধ্যাপকধ্যাপিকাও গৈছিল ৷ তেওঁলোকে আমাক বিশ্ববিদ্যালয়খনৰ গুৰুত্বপূর্ণ স্থানসমূহৰ বিষয়েও চমুকৈ আভাস এটি দিছিল ৷ পুথিভঁৰালৰ লগতে আন্তঃৰাষ্ট্রীয় ছাত্রছাত্রীসকলৰ সকলো সাসুবিধা থকা কেইবামহলীয়া হোষ্টেল এটি দেখুৱালে ৷ চৌহদতে থকা সংগ্রহালয়, খেলাধূলাৰ সুবিধাবোৰ দেখি আচৰিতেই হৈছিলোঁ ৷ আমাৰ ইয়াত টেবল্ টেনিছ্ সাধাৰণতে কোঠাৰ ভিতৰতহে খেলে ৷  তাত কিন্তু  কোঠাৰ ভিতৰত থকাৰ উপৰি ডাঙৰ নেটেৰে আৱৰা বাহিৰৰ খোলা ঠাহতো খেলি থকা দেখিলোঁ ৷ তাৰ বাহিৰেও বিভিন্ন খেলবোৰ যেনেবাস্কেট বল, ভলীবল আদি বিভিন্ন কর্টত অনুশীলন কৰি থকা দেখিলোঁ ৷ বিশ্ববিদ্যালয়খনত সেই সময়লৈ ২খন ডাঙৰ ষ্টেডিয়াম, এটা উন্নতমানৰ সাঁতোৰ প্রশিক্ষণ পুখুৰী, এখন উন্নতমানৰ গ্রাউণ্ড ড্রেক ফিল্ড,  ১০টা বাস্কেট বল কর্ট, ৪টা ভলীবল কর্ট, ৫খন বিভিন্ন আকাৰৰ ফুটবল ফিল্ড আৰু কিছুমান উন্নতমানৰ ব্যায়াম ক্ষেত্র আছে ৷ বাহিৰৰ ক্রীড়াক্ষেত্রসমূহ কৃত্রিম ঘাঁহনিৰে পৰিপূর্ণ ৷ ইয়াৰ কিছুমান ষ্টেডিয়াম আন্তর্জাতিক মানৰ, যত ২০০৮ চনত চীনত হোৱা অলিম্পিক আৰু ৰাষ্ট্রীয় ফুটবল দলৰ প্রশিক্ষণ স্থান হিচাপে বাছনি কৰা হৈছিল ৷ এইবোৰ দেখি শুনি যদিও সকলো দেখাৰ সৌভাগ্য হোৱা নাছিল আমাৰ এনেকুৱা ভাৱ হৈছিল যে চীনাসকলে অলিম্পিক খেলৰ বাবে কিমান সুপৰিকল্পিতভাৱে আগবাঢ়ে ৷ গতিকে তেওঁলোক অলিম্পিক মেডেলৰ তালিকাৰ শীর্ষত নাথাকি কোন থাকিব আমাৰ দেশৰ শিক্ষানুষ্ঠানসমূহত থকা খেলাধূলাৰ আন্তঃগাঁথনিসমূহ দুই এখনৰ বাহিৰে আনবোৰ বৰ সন্তোষজনক নহয় যেন লাগে ৷ চৰকাৰেও এইবোৰ বিষয়ত বেছি গুৰুত্ব দিয়া পৰিলক্ষিত নহয় ৷

চৌহদৰ ভিতৰত থকা উল্লেখযোগ্য ঠাইসমূহ চোৱাৰ পিছত আমি আটায়ে বিদায় লবলৈ ওলালোঁ ৷ আহিবৰ সময়ত অধ্যাপকধ্যাপিকা দুগৰাকীক আমাৰ ফালৰ পৰা ফুলাম গামোচা আৰু নতুন দিল্লীৰ ICAC (আমাৰ ভ্রমণৰ আয়োজকৰ তৰফৰ পৰা একোটাকৈ উপহাৰ প্রদান কৰা হয় ৷

বিদেশৰ এই শীর্ষস্থানীয় শিক্ষা প্রতিষ্ঠানকেইখনৰ ভ্রমণে আমাক বহুতো নজনা কথাৰ জনাৰ লগতে বহুতো নেদেখা বস্তু দেখাৰ সুযোগকণ দিছিল ৷ এই ভ্রমণে আমাক সহায় কৰা বিভিন্ন দিশসমূহ হল 

১. শিক্ষার্থীৰ বিনিময় কার্যসূচীত যোগদানৰ বিষয়ে অৱগত হোৱা ৷

২. শিক্ষকৰ বিনিময় কার্যসূচী ৰখাৰ বাবে অৱগত হোৱা ৷

৩. প্রতিষ্ঠানবোৰৰ সৈতে গৱেষণাৰ সংযোগ উন্নত কৰা ৷

৪. বুজাবুজি চুক্তিৰ (MoU) জৰিয়তে একেলগে কাম কৰা ৷

৫. সাংসৃক্তিক কার্যসূচী বিনিময় উন্নত কৰা ৷

৬. আন্তর্জাতিক বুজাবুজি আদি  উন্নত  কৰা৷ ইত্যাদি

ফোনঃ  ৯৪৩৫১৪১৭২১

You might also like
Leave A Reply

Your email address will not be published.