মিম্ছ – আধুনিক যুগৰ এক চিনাকি নাম

অনুপমা ডেকা

সামাজিক মাধ্যমত প্রতিদিনে দেখিবলৈ পোৱা যায় নানা ধৰণৰ মিম্ছ ৷ ডিজিটেল যুগৰ একাংশ লোকক উপার্জনৰ বাট মুকলি কৰি দিছে একো একোখন মিম্ছৰ পেজে ৷ যুগৰ পৰিৱর্তনৰ লগে লগে মানুহৰ ৰুচিবোধৰো পৰিৱর্তন হৈছে ৷ অতীজতে পাৰচৰাই, পৰৱর্তী সময়ত ডাকোৱালে দূৰ–দূৰণিৰ মানুহৰ খা–খবৰ বিলাহ ফুৰিছিল ৷ টেলিফোনৰ আৱিষ্কাৰৰ পিছত মানুহৰ জীৱনলৈ বিশেষ পৰিৱর্তন আহিবলৈ ধৰিলে ৷ নিজৰ আপোনজনৰ খবৰ যেতিয়াই মন যায় তেতিয়াই লব পৰা সুবিধা হল ৷ সেইদৰে নামী–দামী স্মার্টফোনে বজাৰ দখল কৰাৰ পিছত সমগ্র বিশ্বখনে এতিয়া মানুহৰ হাতৰ মুঠিলৈ আহিবলৈ ধৰিলে ৷ মানুহৰ জীৱনশৈলীৰো বাৰুকৈয়ে পৰিৱর্তন হবলৈ ধৰিলে ৷ আধুনিক যুগৰ অধিকাংশ লোক সামাজিক মাধ্যমৰ সৈতে প্রায় ২৪ ঘণ্টাই সক্রিয় হৈ থাকে ৷ কেৱল সক্রিয় হৈ থকাই নহয় নানা প্রতিক্রিয়া সামাজিক মাধ্যমৰ যোগেদি প্রকাশ কৰি যায় ৷ সাম্প্রতিক সময়ত পুৱাৰে পৰা নিশা পর্যন্ত সামাজিক মাধ্যমত নানা মিম্ছ দেখিবলৈ পোৱা যায় ৷ যেন আধুনিক যুগৰ এক চিনাকি নাম হৈ পৰিছে মিম্ছ ৷ সামাজিক মাধ্যমৰ জৰিয়তে মিম্ছে এক সুকীয়া পৰিচিতি লাভ কৰিবলৈ সক্ষম হৈছে ৷ সেয়েহে সামাজিক মাধ্যমত প্রতিদিনে দেখিবলৈ পোৱা যায় নানা ধৰণৰ মিম্ছ ৷ আমি যদি মিম্ছৰ উদাহৰণ কি বুলি প্রশ্ন কৰোঁ অথবা  ইয়াৰ আঁৰত কোনো বার্তা বা অর্থ থাকে বুলি ভাবো তেন্তে যিকোনো বস্তুৱেই মিম্ হব পাৰে ৷ এটা মিম্ত ভিডি, ছবি, টেক্সট, জিআহএফ, অন্যান্য মাধ্যমৰ লগতে অন্তর্ভুক্ত হব পাৰে৷ আপুনি এখন জনপ্রিয় ছবি বা ব্যক্তি ব্যৱহাৰ কৰিব পাৰে, আপুনি যিকোনো এৰাব নোৱাৰা বস্তু ব্যৱহাৰ কৰি মিম্ বনাব পাৰে ৷ যেতিয়ালৈকে সৃষ্টিৰ আঁৰৰ আৱেগ আৰু অর্থ চিনাক্ত আৰু চিনাক্তকৰণযোগ্য, তেতিয়ালৈকে আপুনি এটা মিম্ বনাইছে ৷

মিম্ৰ মূল চাবিকাঠী হল হয়াৰ প্রতিলিপি কৰিব পৰা ক্ষমতা ৷ উদাহৰণস্বৰূপে মেকুৰী এটা মিম্ত চিঞৰি থকা এগৰাকী মহিলাগৰাকীক লওক ৷ আৰম্ভণিতে দুয়োখন ছবিৰ মাজত কোনো সম্পর্ক নাছিল যদিও হহঁতে একেলগে মিলি এটা মিম্ গঠন কৰে, যত ৰিয়েল হাউছৱাইভছ অৱ বেভাৰলী হিলছৰ প্রাক্তন তাৰকা টেইলৰ আর্মষ্ট্রঙে শাক–পাচলিৰ প্লেটৰ সন্মুখত বহি থকা বগা মেকুৰী এটাক চিঞৰি থকা দেখা যায় ৷ আর্মষ্ট্রঙৰ মুখৰ ভাবটোৱে খং আৰু হতাশাক বুজায়, আনহাতে মেকুৰীটোক সমানেই আমনি আৰু উৎসাহী যেন লাগে ৷ এই আৱেগবোৰে ছবিখনৰ মেমেটিক প্রকৃতিক পৰিচালিত কৰে ৷ মানুহে যিকোনো বক্তব্য, বাক্যাংশ বা কথা মিম্ত সোমাব পাৰে যেতিয়ালৈকে ই প্রদর্শিত আৱেগৰ সৈতে পুনৰ জড়িত হৈ থাকে, ফলত ই জনগাঁথনিৰ সৈতে অনুৰণিত হয় ৷

মিম্ সম্পর্কে হংগ্রাম ৱাটার্ছে কয় যে যিগৰাকী মহিলাই বিচলিত হৈছে আৰু মেকুৰীটোৱে তেওঁৰ ফালে অভিযোগমূলকভাৱে চাই আছে যিটো আন জীৱ–জন্তুৰ সৈতে পুনৰ সৃষ্টি কৰিব পাৰি ৷ ইয়াক মানুহৰ সৈতে পুনৰ সৃষ্টি কৰিব পাৰি ৷ আপুনি ৰাণ্ঢ কৰিব পাৰে ৷  আপুনি তাত অতি এৰাব নোৱাৰা কথাবোৰ ৰাখিব পাৰে ৷ কিন্তু সেই পার্শ্বক্রিয়া আৱেগৰ নিজেই মেমেটিক যন্ত্র হৈ পৰিছে ৷ যিকোনো বস্তুৱেই মিম্ হিচাপে কাম কৰিব পাৰে, ইয়াৰ বাবে প্রয়োজন মাথোঁ এটা ৰিলেটেবিলিটি আৰু ৰিভেম্পিঙৰ ক্ষমতা ৷ সাম্প্রতিক সময়ত ধন উপার্জনৰ মাধ্যম হৈ পৰিছে একো একোখন মিম্ছৰ পেজ ৷ বিশেষকৈ হাঁহিৰ খোৰাক যোগোৱা একো একোটা মিমে মানুহক অধিক আকর্ষিত কৰে ৷ এনেধৰণৰ মিমে অধিক লাইক পোৱাৰ লগতে অধিক শ্বেয়াৰ হয় ৷ লগতে সর্বাধিক ভিউজ লাভ কৰে ৷  বিশেষকৈ কমেডী মিম্ছৰ ভিডিৰ প্রতি সামাজিক মাধ্যমত সক্রিয় হৈ থকা লোকসকল অধিক আকর্ষিত হয় ৷ তাতেই মিম্ছ বনোৱাসকলৰ সৃষ্টিশীলতাই সফলতা লাভ কৰে ৷ মিম্ছৰ যিদৰে ইতিবাচক দিশ আছে সেইদৰে নেতিবাচক দিশো নথকা নহয় ৷ দেশৰ শাসনকর্তাসকলৰ পৰা আৰম্ভ কৰি নামী–দামী তাৰকাসকল, আনকি সর্বসাধাৰণ লোকসকলক লৈও মিম্ছ বনোৱা হয় ৷ প্রতিদিনে কাৰোবাক লৈ মিম্ছ বনোৱা কার্য অব্যাহত থাকে৷ কেতিয়াবা কাৰোৱাৰ জীৱনত মিম্ছে বিৰূপ প্রতিক্রিয়াৰো সৃষ্টি কৰে৷ নানা ঠাট্টা–মস্ক্ৰাৰে কাৰোবাক লৈ মিম্ছ বনোৱাও এতিয়া প্রতিদিনৰ ঘটনাত পৰিণত হৈছে ৷ যাৰ ফলত যাক লৈ মিম্ছ বনোৱা হয় তেওঁ কেতিয়াবা মানসিক চাপত ভুগিবলৈ আৰম্ভ কৰে ৷ আজিকালি সামাজিক মাধ্যম ইমানেই সক্রিয় যে কেতিয়াবা কাৰোবাৰ মুখ পিছলি ওলোৱা একোটা কথাই মিম্ছ হৈ পৰে ৷ কিছুমান মিম্ছে আনৰ ক্ষতি কৰে ৷ কেতিয়াবা সামাজিক মাধ্যমত অপদস্থ হৈ হতাশাত ভোগে ভুক্তভোগীয়ে ৷ কিন্তু ডিজিটেল যুগত মিম্ছৰ পেজেও যে কাৰোবাৰ বাবে সংস্থাপনৰ বাট মুকলি কৰি দিছে সেয়া এক ইতিবাচক দিশ ৷ তথাপি কাৰো অপকাৰ নকৰাকৈ মিম্ছ বনালে সকলোৱে উপকৃত হব ৷

ফোন ঃ ৯৯৫৪১-৯০৫৮০

You might also like

Comments are closed, but trackbacks and pingbacks are open.