অতি প্রক্রিয়াজাত খাদ্য (Ultra-Processed Food)

37

ননী মোহন

অতি প্রক্রিয়াজাত খাদ্য নাইবা আল্ট্রা প্রছেছড খাদ্য (ইউ.পি.এফ) হৈছে সেইবোৰ পেকেটযুক্ত খাদ্য যিবোৰ খাদ্যৰ অতি নিম্নস্তৰত প্ৰয়োজনীয় পুষ্টি থাকে। এইবোৰ খাদ্যত কৃত্রিম ৰং, সোৱাদ আৰু প্ৰিজাৰভেটিভসহ ভিন্ন ধৰণৰ উপাদান মিহলাই খোৱাৰ যোগ্য বনোৱা হয়। এই পদ্ধতিত মূল খাদ্যৰ সতেজতা বা পুষ্টিমান কেনেদৰে ৰক্ষা নহয়। এইবোৰ খাদ্য তৈয়াৰ কৰোঁতে অতিমাত্রা চেনি, নিমখ আৰু অস্বাস্থ্যকৰ চৰ্বি ব্যৱহাৰ কৰা হয়।

ইউ.পি.এফ বা অতি প্রক্রিয়াজাত খাদ্যবোৰ গৰম বা ঠাণ্ডা পেকেজ কৰা স্নেকছ, পূৰ্বে পেকেজ কৰা ভোজন, মিঠাই আৰু জলপান ইত্যাদি। অতি প্রক্রিয়াজাত কৰা খাদ্যসমূহ প্ৰায়ে যোগ কৰা তেল, চর্বি, শৰ্কৰা, প্রটিন পদার্থ বা এনজাইম, সোৱাদ বৃদ্ধি কৰা পদাৰ্থ আৰু সংৰক্ষণকাৰী পদার্থ লগতে যথেষ্ট পৰিমাণৰ নিমখ আৰু চেনি থাকে। এই খাদ্যবোৰ অতি সোৱাদযুক্ত কৰি তৈয়াৰ কৰা হয় আৰু যাতে সকলোৱে খোৱাৰ গ্রহণযোগ্য হয়। অতি প্রক্রিয়াজাত খাদ্য প্ৰায়েই সেৱন কৰিলে দেহৰ ওজন বৃদ্ধি হয় আৰু দেহত অন্যান্য সমস্যা হোৱাও দেখা যায়। এইবোৰ খাদ্য সাধাৰণতে প্রছেছড কাৰ্বহাইড্ৰেটৰ দ্বাৰা গঠিত৷ যিবোৰ অতি সোনকালে সৰল চেনিলৈ ভাঙি যায় । আৰু যিটো প্ৰায় মিঠাই খোৱাৰ সমতুল্য হয়। এই চেনিৰ বোজাৰ ফলত দেহত ইনছুলিনৰ স্পাইক হয়, যিয়ে মগজুৰ কোষৰ কাৰ্যকলাপ সলনি কৰিব পাৰে। ইউ.পি.এফ খাদ্যত অতি মাত্রা নিমখ, চেনি থাকে আৰু প্ৰয়োজনীয় পুষ্টিকৰ উপাদান, আঁহ কম থাকে। এনেবোৰ খাদ্য নিয়মীয়া সেৱনৰ ফলত মেদবহুলতা, হৃদৰোগ, ষ্ট্রোক, ডায়েবেটিছৰ দৰে অসংক্ৰামক ৰোগৰ সম্ভাৱনা বেছি। এনেবোৰ খাদ্যত মিহলি কৰা কৃত্ৰিম ৰং, সোৱাদ, সংৰক্ষককাৰী আদিবোৰৰ কাৰণে স্বাস্থ্য জনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

সমগ্র দেশতে ইউ.পি.এফ খাদ্যৰ বিক্ৰী দ্রুতগতিত বৃদ্ধি পাইছে। ইউ.পি.এফ খাদ্যৰ চাহিদা সমগ্র গ্রাম্য অঞ্চল, চহৰীয়া অঞ্চল আৰু সমগ্র আর্থসামাজিক গোটসমূহত জনপ্রিয়তাৰ কথা অধ্যয়নসমূহত উল্লেখ কৰা হৈছে। ২০১৯ চনৰ ইউৰো মিনিটৰ ইণ্টাৰনেচনেল তথ্য অনুসৰি ২০১২ চনৰ পৰা ২০১৮ চনৰ ভিতৰত ভাৰতত প্রছেছড খাদ্যৰ বিক্ৰী প্ৰায় দুগুণ বৃদ্ধি পাইছে।

বিশ্ব স্বাস্থ্য সংস্থা ভাৰতৰ এক প্ৰতিবেদনত দেখা গৈছে যে সমগ্ৰ দেশতে ২০১১ চনৰ পৰা ২০২১ চনলৈকে ইউ.পি.এফ.ৰ খুচুৰা বিক্ৰী ১৩ শতাংশ চক্রীয় বার্ষিক বৃদ্ধিৰ হাৰত বৃদ্ধি পাইছে। ২০২১ চনত মিঠা বিস্কুটে ৪৩ শতাংশ অধিক অংশীদাৰিত্ব লাভ কৰিছিল।

ইউ.পি.এফ.যুক্ত খাদ্য সঘনাই শিশুৱে সেৱন কৰিলে হজম শক্তি কমি যোৱা, তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি হোৱা, শিশুৰ মেদবহুলতা হোৱা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হোৱা দেখা যায়।

ইউ.পি.এফ খাদ্যত অতিমাত্ৰাত ব্যৱহাৰ কৰা কৃত্ৰিম ৰং, প্রিজাৰভেটিভ আৰু বহুদিনলৈকে ভাল হৈ থাকিবলৈ যিবোৰ উপাদান ব্যৱহাৰ কৰা হয়, সেইবোৰ শৰীৰক ক্ষতি কৰাৰ সম্ভাৱনা প্ৰায়ে থাকে। অতিমাত্রা ইউ.পি.এফ.যুক্ত খাদ্যই আন্ত্রিক মাইক্ৰ’বায়’টাত বিৰূপ প্ৰভাৱ পেলোৱা দেখা গৈছে। শেহতীয়াকৈ এক অধ্যয়নত প্ৰকাশ কৰে যে ইউপিএফ অধিক সেৱনে হৃদযন্ত্ৰৰ বিপাকীয় স্বাস্থ্যৰ ওপৰত দীৰ্ঘম্যাদী প্ৰভাৱ পেলায়। এইটো নিশ্চিত যে ইউপিএফ খাদ্য সঘনাই খালে মুক্ত চেনি, মুঠ কার্বহাইড্রেট আৰু সংপৃক্ত চৰ্বিৰ লগতে দৈনিক ছড়িয়ামৰ যোগান বৃদ্ধি পায়। যাৰ ফলত খাদ্য সম্পৰ্কীয় কেইবাটাও ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। তদুপৰি এইটোও উল্লেখ কৰা উচিত যে অতি প্রক্রিয়াকৃত খাদ্যৰ গঠন, খাদ্যত থকা প্ৰটিনৰ পৰিমাণ, আঁহ আৰু পটাছিয়ামৰ পৰিমাণৰ মাজত এক উল্লেখযোগ্য বিপৰীত ৰৈখিক সম্পৰ্ক পোৱা গৈছিল।

ইউপিএফ নাইবা অতি প্রক্রিয়াজাত খাদ্যৰ জনপ্রিয়তা নিম্ন আর্থসামাজিক গোটসমূহৰ মাজতো বাঢ়িছে। ২০১৬ চনৰ জাৰ্নেল অৱ নিউট্ৰিচন এডুকেচন এণ্ড বিহেবিয়াৰৰ গৱেষণাৰ মতে সস্তীয়া পেকেটত ভৰোৱা খাদ্য আৰু উচ্চ মাত্ৰাৰ চৰ্বি আৰু সংপৃক্ত চৰ্বি থকা ৰাজপথৰ খাদ্য বিক্ৰী কৰা বিক্ৰেতাসকলে চহৰৰ বস্তি আৰু গাঁওসমূহক লক্ষ্য কৰি লয় ।

অতি প্রক্রিয়াজাত খাদ্যত ব্যৱহাৰ কৰা কেমিকেল আৰু প্ৰিজাৰভেটিভ লিভাৰ, কিডনী ক্ষতিগ্ৰস্ত কৰাৰ সম্ভাৱনা বেছি।

এনেবোৰ খাদ্যত আঁহযুক্ত উপাদানৰ অভাৱত হজম নোহোৱা সমস্যাৰ লগতে শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বাঢ়ি যায়।

অতি প্রক্রিয়াজাত খাদ্য সহজে কম সময়ত খাব পাৰি কাৰণে ইয়াৰ জনপ্ৰিয়তা বেছি। ইয়াৰ উপৰি ইউপিএফ খাদ্যৰ বিজ্ঞাপনেও মানুহক খাবলৈ আকৰ্ষণ কৰে। অতি প্রক্রিয়াজাত খাদ্যৰ উদাহৰণসমূহ হৈছে— বিস্কুট, আলুৰ চিপছ, কুৰকুৰে, পাপৰ, শীতল পানীয়, মেগী, পেকেট ভৰোৱা বিৰিয়ানী, পেকেট থকা পালেং শাক, পনীৰ, চিকেন নাগেট, স্মাইলী, টিনত থকা পাচলি, টিনত থকা পনীৰ, মাছ, কেক, বাৰ্গাৰ, পেকেট জুছ, চিপছ, আইচক্ৰীম, জাংকফুড ইত্যাদি।

ইউপিএফ খাদ্যৰ বিষয়ে এক যুটীয়া গৱেষণা ৰিপ’ৰ্টৰ (John Hopkines Bloomburg School of Public Health, The University of Sydney and Sarbere University) তথ্য দি উল্লেখ কৰিছে যে ইউপিএফ খাদ্যৰ সেৱনে ৩২টা ৰোগ চিনাক্ত কৰা হৈছে। হার্ট, লিভাৰ, কোলন, পাকস্থলী, শৰীৰৰ গুৰুত্বপূৰ্ণ অংগৰ বেমাৰ হোৱা দেখা যায়।

অতিমাত্ৰাৰ অতি প্রক্রিয়াজাত খাদ্য সেৱন কৰিলে মানসিক হতাশা আৰু উদ্বেগৰ অধিক আশংকা জড়িত হৈ থাকে ।

অতি প্রক্রিয়াজাত খাদ্য যিমান পাৰে কমকৈ সেৱন কৰাটো স্বাস্থ্যৰ কাৰণে উপকাৰী । ইউপিএফৰ ঠাইত ন্যূনতম প্রক্রিয়াকৃত খাদ্য যেনে- ফলমূল, শাক-পাচলি, মাহজাতীয় শস্য, গোটা শস্য আৰু সতেজ মাংস ব্যৱহাৰ কৰাটো উচিত।

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.