দৈনিক ৰাশিফল ২৮ ফেব্ৰুৱাৰী ২০২৬

50

১৫ ফাগুন, শনিবাৰ , ইং ২৮ ফেব্ৰুৱাৰী ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শাৰীৰিক কষ্ট পাৱলগীয়া হ’ব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য সৰু সুৰা সমস্যাৰ আৰু বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত উৎসৱ পাৰ্বন বা সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, কৰ্মত আত্মীয় পৰিয়ালৰ পৰা সহায় সহযোগিতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য স্বাস্থ্যৰ হানি হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব পাৰে, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সন্মান লাভ হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত যিসকল সমাজ কৰ্মী আছে তেওঁলোকৰ ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে আজি আপোনাৰ মনত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, খেলুৱৈ সকলৰ সুনাম বাঢ়িব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব, কৰ্মত উন্নতি সাধন হব, লগতে আজি আপুনি ভাল বন্ধুৰ সান্নিধ্য লাভ হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, ছাত্ৰ ছাত্ৰী সকলৰ শুভ বুলি কব পাৰি, লগতে আজি আপোনাৰ ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ধন- সম্পত্তি সঞ্চয় বাঢ়িব, যদিও আজি আপুনি সন্মান হানি হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব লগতে আজি আপুনি সজাগ নহ’লে পিতৃ মাতৃৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত কৰ্মত সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে লগতে আজি আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, কৰ্মত উন্নতি সাধন হব, লগতে আজি আপোনাৰ প্ৰেম আৰু ব্যৱসায়িক দিশত শুভ হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত ঘৰুৱা কৰ্মত শুভ বুলি কব পাৰি যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ নহ’লে মনত সামান্য ভয় আৰু উদ্বেগৰ ভাৱৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, প্ৰেমত আনন্দ বাঢ়িব, লগতে আজি আপুনি কৰ্মত আৰু ব্যৱসায়িক দিশত সফলতা লাভ হোৱাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.