পল্লৱী গোস্বামী
জুতি জীৱনৰ শিতানত আজি অতি সহজে ঘৰতে বনাব পৰা দুটা হেল্ডি মিঠা ৰেচিপি আপোনালোকলৈ আগবঢ়ালোঁ। অতি কম খৰচতে খুব সুন্দৰকৈ বনাব পাৰিব। সৰু ল’ৰা-ছোৱালীবিলাকেও এনেদৰে ধুনীয়াকৈ সজাই দিলে বহুত ভাল পায়।
১/ মিল্কমেইড, গৰু গাখীৰ আৰু কেঁচা হালধিৰে চাগুদানাৰ ক্ষীৰ পায়স
কি কি লাগিবঃ
- ডাঙৰ চাণ্ড দানা ৪ চামুচ
- গৰু গাখীৰ আধা লিটাৰ
- মিল্কমেইড আধা টেমা
- চেনি ২ চামুচ
- কেঁচা হালধি এটুকুৰা
- ক’লা খিচমিচ কেইটামান
- কাজুবাদাম কেইটামান
- পেষ্টা কেইটামান
- ইলাচি ৪টা (খুন্দি লোৱা)
- ঘি এচামুচ
তৈয়াৰ কৰা প্ৰণালীঃ প্রথমতে চাগুখিনি ধুই আধা ঘণ্টা মান তিয়াই টুকি থ’ব। কেঁচা হালধি টুকুৰা চোঁচ পেলাই সৰুকৈ কাটি একাপ গাখীৰত সিজাই ল’ব । অলপ ঠাণ্ডা হোৱাত মিক্সিত পেষ্ট বনাই ল’ব। এখন পেনত আধা চামুচ ঘি দি কাজু খিচমিচখিনি ভাজি থ’ব। এতিয়া গৰু গাখীৰখিনি বহাই উতলিবলৈ দি টুকি থোৱা চাগুদানাখিনি দি গেছ চিমত ৰাখি ভালদৰে লৰাই থাকিব। প্রায় ১০ মিনিট মান পিছত চাগুদানা অলপ সিজি উঠাত চেনি ২ চামুচ দি আকৌ লৰাই থাকিব। কিছু সময়ৰ পিছত গাখীৰৰ লগত পেষ্ট কৰা হালধিখিনি চেকনিৰে চেকি তাতে দিব। মিল্কমেইড আধা টেমাও তাতে দিব। খুন্দি লোৱা ইলাচিখিনি লগতে দুটা মান কাজু, পেষ্টা মিহিকৈ কাটি দিব। গোটেইখিনি ভালদৰে লৰাই এচামুচ ঘি দি নমাই থ’ব। সুন্দৰকৈ হৈ গ’ল সোৱাদভৰা, স্বাস্থ্যসন্মত গাখীৰ, কেঁচা হালধি আৰু মিল্কমেইডেৰে তৈয়াৰী চাগুদানাৰ ক্ষীৰ বা পায়স। কিছু সময় পিছত ঠাণ্ডা হোৱাত আইনাৰ বাটিত আৰু মাটিৰ কাপত সজাই ওপৰত ভাজি থোৱা ক’লা খিচমিচ, কাজু আৰু পেষ্টাৰে পৰিবেশন কৰিব।
২/ কেৰামেল কাষ্টার্ড পুডিং
কি কি লাগিবঃ
- কণী ৫টা
- মিল্কমেইড আধা টিন
- চেনি ২ চামুচ কোমেল কৰিবৰ বাবে
- গৰু গাখীৰ ২ কাপ
- কাষ্টার্ড পাউডাৰ ৪ চামুচ
- কনফ্ল’ৰ ২ চামুচ
- ভেলিনা এচেণ্ট এচামুচ
তৈয়াৰ কৰা প্ৰণালীঃ কণীকেইটা ভাঙি ১০ মিনিটমান ব্লেণ্ডাৰেৰে ব্লেণ্ড কৰি ল’ব। গৰু গাখীৰখিনি ভালদৰে গৰম কৰি ল’ব। গাখীৰখিনি ঠাণ্ডা হোৱাত কণীখিনিৰ লগত মিহলাই ব্লেণ্ড কৰি লৈ তাতে মিল্কমেইড আধা টিন কাষ্টার্ড পাউডাৰ ৪ চামুচ আৰু কৰ্নফ্ল’ৰ ২ চামুচ মিহলাই আকৌ গোটেইখিনি একেলগে ব্লেণ্ড কৰি ল’ব। শেষত ভেলিনা এচামুচ মিহলাই দিব । এতিয়া এখন পেন ল’ফ্লেমত ৰাখি এক চামুচ চেনি কেৰামেল কৰি ল’ব। এটা গোল বাউলত কেৰামেল কৰি লোৱা চেনিখিনি ঢালি বহলাই ল’ব। ব্লেণ্ড কৰি লোৱা মিশ্রণখিনি তাতে লাহেকৈ ঢালি লৈ বাউলৰ ওপৰখন ফইল পেপাৰেৰে বন্ধ কৰি ল’ব। এতিয়া এখন ফ্লেট পেনত আধা মগ পানী দি গেছ ল’ফ্লেমত ৰাখি বাউলটো বহাই আধা ঘণ্টা ষ্টিম কৰি লব। অলপ ঠাণ্ডা হোৱাত এঘণ্টামান ফ্ৰীজত থৈ দিব। পিছত ফ্ৰীজৰ পৰা উলিয়াই এখন থালত ওলোটাই দি ওপৰত চেৰী আৰু পদিনা পাতেৰে সজাই পৰিৱেশন কৰিব।
Comments are closed, but trackbacks and pingbacks are open.