গৰ্ভাৱস্থাত যাত্ৰা কৰিব পাৰিব নে নোৱাৰে?

9

আপুনি গৰ্ভৱতী আৰু যাত্ৰা কৰিব বিচাৰিছে নেকি? আজিকালি গৰ্ভধাৰণৰ পিছত যাত্ৰা কৰিব লগা হোৱাটো অতি সাধাৰণ আৰু কোনো কোনো ক্ষেত্ৰত দৰকাৰী হৈ পৰে। গতিকে প্ৰফেছনেল আৰু ব্যক্তিগত কাৰণত যাত্ৰা এই সময়ত আৱশ্যক হৈ পৰে। গতিকে ই এটা অতি সঘনে সোধা প্রশ্ন যে মেম মই এতিয়া ভ্ৰমণ কৰিব পাৰিম নে? গৰ্ভধাৰণ এটা অসুখ বা বেমাৰ নহয়। স্বাভাৱিক গৰ্ভৱস্থা এটা, স্বয়ংসম্পূর্ণ, প্রাকৃতিক অৱস্থা, যি এগৰাকী নাৰীৰ বাবে অতি সুখকৰ আৰু আনন্দদায়ক হ’ব পাৰে। গতিকে প্রথমেই জানো আহক কি কি পৰিস্থিতিত ভ্ৰমণ এৰাই চলিব লাগিব—

  • যদি আগতে গর্ভপাত হৈছে।
  • যদি আগৰ গৰ্ভাৱস্থাৰ সময়ত প্ৰিটাৰম লেবাৰ অৰ্থাৎ সময়ৰ আগত হোৱা প্ৰসৱ হৈছিল।
  • যদি এই গৰ্ভাৱস্থাৰ সময়ত ৰক্তক্ষৰণ হৈছিল।
  • প্লেচেণ্টা বা ফুল যদি তলত আছে, যাক আমি Placenta Praevia বুলি কওঁ।
  • যদি এই গৰ্ভাৱস্থাত যোনীদ্বাৰেদি পনীয়া পদাৰ্থ নিৰ্গত হৈছে।
  • যদি যমজ কেঁচুৱা বা উচ্চ ৰক্তচাপ আছে।
  • যদি মাতৃগৰাকীৰ উচ্চ ৰক্তচাপ বা প্ৰিএক্লম্পচিয়া হৈছে।
  • যদি মহিলাগৰাকীৰ আগৰ পৰা হৃদযন্ত্ৰৰ লগত জড়িত অসুখ আছে।
  • যদি মাতৃগৰাকীৰ DVT (Deep vein thrombosis) আছে।

এতিয়া, জানো আহক গৰ্ভৱস্থাৰ কোনটো সময় ভ্ৰমণৰ বাবে সঠিক সময় ? গৰ্ভাৱস্থাৰ সময়খিনিক তিনিভাগত ভাগ কৰা হৈছে; প্ৰথম, দ্বিতীয় আৰু তৃতীয় তিনি মাহ।

প্রথম তিনি মাহ অর্থাৎ প্রথম ১৩ সপ্তাহত গৰ্ভস্থ সন্তানৰ গঠন হয় আৰু এই সময়খিনিত মাতৃগৰাকীৰ বমি ভাব অহা বা আন সমস্যা থাকিব পাৰে। দ্বিতীয় তিনি মাহৰ সময়খিনিক ভ্ৰমণৰ বাবে যোগ্য বুলি বিবেচনা কৰা হয়, এই সময়খিনিক আমি ১৪ৰ পৰা ২৮ সপ্তাহ বুলি ক’ব পাৰো ৷

এতিয়া ভ্ৰমণৰ মাধ্যম, অর্থাৎ এৰোপ্লেন, চাৰিচকীয়া গাড়ী আৰু ৰে’লগাড়ীৰ লগতে আৰু জাহাজ বা সাগৰ যাত্ৰাৰ বিষয়ে চমুকৈ জানো আহক ৷

এৰোপ্লেন যাত্ৰা

এৰোপ্লেন সোনকালে বহুদূৰ অতিক্ৰম কৰিবলৈ উৎকৃষ্ট মাধ্যম। ইয়াৰ বাবে জানিব লগা কথাটো হ’ল প্ৰত্যেক এয়াৰলাইনছৰ নিজস্ব ট্রেভেল পলিচী থাকে আৰু বেছিভাগ এয়াৰলাইনছৰে নিয়ম থাকে যে ৩৬ সপ্তাহৰ পিছত ঘৰুৱা ভ্ৰমণ কৰিব নিদিয়ে। আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ কৰিবৰ বাবে, এই নিয়ম ২৮ৰ পৰা ৩৫ সপ্তাহ হ’ব পাৰে। আপুনি আপোনাৰ ডাক্তৰৰ পৰা ফিটনেচ্ চাৰ্টিফিকেট্‌ ল’বলৈ নাপাহৰিব। কাৰণ ইয়াৰ অবিহনে আপোনাক যাত্ৰা কৰিব নিদিব।

আন কিছুমান জানিব লগা দৰকাৰী কথা হ’ল—

♦ এৰোপ্লেনেৰে যাত্ৰা কৰিলে, অধিক উচ্চতাত আপোনাৰ গৰ্ভস্থ সন্তানৰ একো ক্ষতি নহয় ৷

♦ নিজকে হাইড্ৰেট কৰি ৰাখিব, পানী ভালদৰে খাব।

♦ কার্বনেটেড্ ড্রিংচে এৰাই চলিব। লগতে যি খাদ্যই আপোনাৰ এচিডিটি কৰে বা গেছ কৰে, তাক যাত্ৰাৰ আগতে নল’ব। কাৰণ অধিক উচ্চতাত গেছৰ সম্প্ৰসাৰণ হয় আৰু আপোনাক কষ্ট দিব পাৰে। তদুপৰি গৰ্ভাৱস্থাত আপোনাৰ খাদ্যনলীৰ স্বাভাৱিক গতি ধীৰ হয়। গতিকে
সোনকালে হজম হোৱা খাদ্য খোৱা দৰকাৰ ।

♦ ছীট বেল্ট বান্ধি থ’ব।

♦ বিমান যাত্ৰাৰ কাৰণে Aisle seat লওক, যাতে আপুনি বাথৰুম যাবলৈ সুবিধা হয়। সম্ভৱ হ’লে বিমানৰ সন্মুখৰ ফালে ছীট ল’লে ভাল, যাতে ভালদৰে ভৰি মেলি বহিব পাৰে।

♦ দীঘলীয়া যাত্ৰাত DVT হোৱাৰ ৰিস্ক বাঢ়ি যায় ৷ তেনেস্থলত ভৰিৰ ব্যায়াম আৰু প্লেনৰ ভিতৰত পাৰিলে (দীর্ঘ দূৰত্বৰ যাত্ৰাত) খোজ কঢ়াটো বাঞ্ছনীয় । কমপ্ৰেচন্ ষ্টকিঙে এই সময়ত ভাল কাম কৰে। ইয়াৰ বাবে আপোনাৰ ডাক্তৰৰ পৰা পৰমৰ্শ ল’ব লাগিব ।

♦ ঢিলা আৰামদায়ক পোছাক পিন্ধিব।

 এতিয়া আহোঁ গাড়ীৰে ভ্ৰমণ কৰা 

আপুনি যদি ভাল গাড়ী চলায়, তেন্তে চুটি দূৰত্বৰ ড্ৰাইভিং কৰিব পাৰে। কিছুমান কথা গৰ্ভৱতী মহিলাই জনাটো জৰুৰী যেনে—

♦ গাড়ীৰ ডেছব’ৰ্ড বা হুইলৰ পৰা যাতে আপোনাৰ পেটৰ দূৰত্ব ঠিক থাকে, অর্থাৎ কিবা কাৰণত যদি দুৰ্ঘটনা হয়, আপুনি যাতে স্ফীট পেটত খুন্দা নাখায়। ইয়াকো লক্ষ্য কৰিব যাতে আপুনি ভৰিৰে ফুট পেডেল ভালদৰে ঢুকি পায় ।

♦ ছীট বেল্ট ভালদৰে লগাওক। তলৰ ষ্টেপটো বেবী বাম্পৰ তলত দিয়ক । তাৰ ওপৰেদি নহয় ৷ ড্রাইভ নকৰিলেও ছীট বেল্ট লগাওক।

♦ গাড়ীত যাতে এয়াৰ বেগ থাকে ।

♦ ড্রাইভিং যাতে ৪ ঘণ্টাৰ বেছি নকৰে।  দীঘলীয়া যাত্ৰা হ’লে ৰখি ৰখি যাব।

♦ পানী খাওক আৰু নিজকে ডিহাইড্ৰেচনৰ পৰা বচাওক । নিয়মিত ভোজন কৰক।

♦ দীঘলীয়া যাত্ৰা হ’লে মাজে মাজে গাড়ীৰ পৰা নামি খোজ কাঢ়ক আৰু আপুনি ড্রাইভিং নকৰিলে, সৰু-সুৰা ভৰিৰ ব্যায়াম কৰি থাকিব পাৰে। Compression Stocking ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াৰ দ্বাৰা DVT-ৰ পৰা বাচিব পাৰিব ।

♦ নিজৰ দৰকাৰী ঔষধ লগত নিব নাপাহৰিব। যিকোনো যাত্ৰাত সদায় এজন নিৰ্ভৰযোগ্য সংগী ৰাখিব, যাতে দৰকাৰত আপোনাৰ কামত আহে।

ৰে’ল যাত্ৰা

ৰে’ল যাত্ৰা সদায় সকলোতকৈ নিৰাপদ ভবা হয়। কাৰণ ৰে’লযাত্ৰাই প্ৰিটৰেম লেবাৰ আৰু গৰ্ভপাতৰ ৰিস্ক বা সংশয় নবঢ়ায়। তথাপি পূৰ্বতে উল্লেখ কৰা উপদেশসমূহ মানিব লাগে। ৰে’লযাত্ৰাত কিছুমান সুবিধা আছে, যেনে— আপুনি ভৰি মেলি বহিব পাৰে, শুব পাৰে। কিন্তু ভৰিৰ ব্যায়াম আৰু খোজকঢ়াটো কৰি থাকিব ।

ওপৰত উল্লেখ কৰি অহা DVT মানে কি ? DVT বা Deep vein thrombosisত সিৰাত তেজ গোট মাৰে বা উৎপন্ন হয়। এই ক্লট তেজৰ লগত গৈ যদি হাঁওফাঁও বা মগজু পর্যন্ত পাব পাৰে আৰু গম্ভীৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে। যদিও ই প্ৰায়ে হোৱা অসুখ নহয়; তথাপি এই বিষয়ে জ্ঞান থকাটো দৰকাৰ । গড় হিচাপত DVT-ৰ হাৰ প্ৰতি ১০০০ গৰ্ভাৱস্থাত ১গৰাকী নাৰীৰ হ’ব পাৰে৷ ইয়াৰ কাৰণবোৰ হ’ল— ওজন বেছি হোৱা, ফেমিলী হিষ্ট্ৰী থাকিলে, যদি মহিলাগৰাকী সক্রিয় নহয়। প্ৰসৱৰ পিছত বা তেওঁ যদি কিবা কাৰণত দীঘলীয়াকে বিছনাত থাকিব লগা হৈছে। গৰ্ভধাৰণ আৰু কিছুমান হৰমন ঔষধে ইয়াক বৃদ্ধি কৰে।

সাগৰ বা জাহাজ যাত্ৰা

জাহাজ যাত্ৰা গৰ্ভাৱস্থাত নিৰাপদ বুলিয়ে ভবা হয়, যদি আপোনাৰ ছি-চিকনেচ্ বা মচন চিকনেচ্ নাই। কিন্তু দীঘলীয়া দূৰত্বৰ যাত্ৰা কৰিলে বা জাহাজতে চিকিৎসাৰ সুবিধা কিমান আছে জনাটো দৰকাৰ। ক্রুজ আদিত যাব হ’লে; গৰ্ভাৱস্থাৰ শেষৰ ফালে নিৰাপত্তাজনিত কাৰণত ক্রুজ কপেনিৰ ফালৰ পৰা অস্বীকাৰ কৰিব পাৰে, বিশেষকৈ ৩২ সপ্তাহৰ পিছত ।

কি কি কাৰণত আপুনি আপোনাৰ যাত্ৰা বাতিল কৰিব লাগিব পাৰে

  • যদি প্ৰসৱ বেদনা আৰম্ভ হয় ৷
  • যদি ৰক্তস্ৰাৱ হৈছে বা যোনীয়েদি পনীয়া পদাৰ্থ বাহিৰ হৈছে।
  • গৰ্ভৱতী মহিলাগৰাকীৰ হাইপ্ৰেছাৰ হৈছে বা Preeclampsia হৈছে।
  • খুব মূৰৰ বিষ আৰু লগতে দৃষ্টিশক্তি ব্যাধিত হৈছে।
  • আন হঠাতে হোৱা অসুখ, যাৰ বাবে তেওঁৰ তৎক্ষণাৎ চিকিৎসাৰ প্ৰয়োজন হয়।
  • ফিট্ হোৱা হ’লে।

শেষত মটৰচাইকেল বা বাইক (দুচকীয়া বাহন) ৰ বিষয়ে উল্লেখ নকৰিলে আলোচনা আধৰুৱা হ’ব। যদিও দুচকীয়া বাহনত দীৰ্ঘ দূৰত্বৰ যাত্রা নহয় তথাপি চুটি যাত্রাও কৰা উচিত নহয় ৷ কাৰণ যেতিয়া গৰ্ভাৱস্থা আগবাঢ়ে আৰু পেটটো ডাঙৰ হয়, Centre of gravity সলনি হয় । সেইবাবে সন্তুলন অসুবিধা হয়। গতিকে দুচকীয়া বাহনত অহা-যোৱা কৰাটো বিপজ্জনক হ’ব পাৰে বিশেষকৈ গৰ্ভাৱস্থাৰ পিছৰ ফালে ৷

আশাকৰো উপৰিউক্ত কথাখিনিয়ে, যিসকল গৰ্ভৱতী মহিলাই নিজৰ দৰকাৰী কামত দীৰ্ঘ দূৰত্বৰ যাত্ৰাত পৰিকল্পনা কৰিছে । তেওঁলোকক উপকৃত কৰিব ৷

ডাঃ মমতা শর্মা
স্ত্ৰী আৰু প্ৰসূতিৰোগ বিশেষজ্ঞ
অ’মেনচ্ হেলথ্ কেয়াৰ
ফোনঃ ৯৮৬৪০-১০১৬০

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.