সুন্দৰ গোৰোহাৰ টিপ্‌ছ

25

বাসৱী কাশ্যপ

শীতকালত গোৰোহা ফটা সাধাৰণ কথা। কিন্তু ইয়াৰ আঁৰত কাৰণ থাকিব পাৰে। কেতিয়াবা ভিটামিন বা পুষ্টিকৰ উপাদানৰ অভাৱৰ ফলত গোৰোহা ফাটিব পাৰে। ঠাণ্ডা আৰু শুকান বতাহে ছালৰ পৰা আৰ্দ্ৰতা টানি লয়, ফলত গোৰোহা শুকান হৈ ফাটিবলৈ আৰম্ভ কৰে।

শীতকালত ভৰিৰ যত্ন লোৱাটো অতি জৰুৰী, কাৰণ ঠাণ্ডা আৰু শুকান বতৰত ভৰিৰ ছাল শুকাই ফাটি যোৱাৰ সমস্যা বাঢ়ি যায়। এই সমস্যাৰ পৰা হাত সাৰিবলৈ কিছুমান সহজ ঘৰুৱা উপায় আৰু টিপছ মানি চলিলে ভৰি নৰম আৰু সুস্থ হৈ থাকিব। তলত কেইটামান প্রধান টিপছ দিয়া হ’ল—

দৈনিক যত্নৰ নিয়মঃ

ভৰি ধোৱা আৰু মইশ্বৰাইজ কৰা ঃ প্রতিদিনে গৰম পানীৰে ভৰি ধোওক (অত্যধিক গৰম নহয়)। ধোৱাৰ পাছত ভালদৰে মচি শুকুৱাই লওক, বিশেষকৈ আঙুলিৰ মাজত । তাৰ পাছত নাৰিকল তেল, অলিভ অইল, ভেছলিন বা গ্লিচাৰ্নিযুক্ত ক্ৰীম লগাওক। ৰাতি শোৱাৰ আগতে এই কাম কৰিলে ভাল ফল পোৱা যায় ৷

ঘৰুৱা প্ৰতিকাৰঃ

আধা বাল্টি কুহুমীয়া গৰম পানীত নেমুৰ ৰস বা নিমখ মিহলাই ১০-১৫ মিনিট ভৰি ডুবাই ৰাখক ৷ তাৰ পাছত পিউমিচ ষ্টোন বা নৰম ব্ৰাছেৰে মৰা ছাল ঘঁহি উলিয়াওক। শেষত মইশ্বৰাইজাৰ লগাওক। সপ্তাহত ২-৩বাৰ কৰিব পাৰে ।

নাৰিকল তেল আৰু নেমুৰ ৰস মিহলাই ভৰিত লগাওক। কিছু সময় ৰখাৰ পাছত ধুই পেলাওক। এইটো নিয়মীয়াকৈ কৰিলে ফটা গোৰোহা সোনকালে ভাল হয়।

গ্লিচাৰিন আৰু গোলাপ জল : গ্লিচাৰিন, নাৰিকল তেল আৰু গোলাপ জল মিহলাই পেষ্ট বনাই ৰাতি ভৰিত লগাই মোজা পিন্ধি শুই থাকক । এই মিশ্রণে ছালক গভীৰভাৱে পুষ্টি যোগায়।

চেনি, নিমখ আৰু মৌ মিহলাই স্ক্র্যাব কৰক।

আজিকালি ডেড ছেল ৰিমোভাৰ কিনিবলৈ পোৱা যায়। তেনেকুৱাই এডাল আনি ঘৰতে ফটা গোৰোহাৰ মৃত কোষ আঁতৰাই সুন্দৰ
কৰিব পাৰে।

ভেছলিন, নাৰিকল তেল, অলিভ অইল, শিয়া বাটাৰ বা ইউৰিয়া/লেকটিক এচিডযুক্ত ক্রীম ব্যৱহাৰ কৰক। এইবোৰে গভীৰভাৱে পুষ্টি যোগায় আৰু ফটা গোৰোহাৰ বাবে উত্তম।

গোৰোহা আৰু আঙুলিৰ মাজত বিশেষকৈ মালিচ কৰি লগাওক, যাতে ভালদৰে সোমায় ।

আজিকালি মইশ্বৰাইজিং শ্বীট কিনিবলৈ পোৱা যায় সেয়া আনি ভৰিত লগাব পাৰে। ছালখন সতেজ হৈ থাকে।

ভৰিৰ নখ চুটিকৈ ৰাখিব যিহেতু এইকেইটা দিনত জোতা মোজা পিন্ধে যায়, গতিকে নখ দীঘলকৈ ৰাখিলে আঙুলি কষ্ট পায়

এমুঠি নিমপাত গুড়ি কৰি এক চামুচ ভাল হালধি গুড়ি মিহলাই অলপ গোলাপ জল দি ১০-১৫ মিনিট পেক বনাই সপ্তাহত তিনি দিন সানক

পকা অমিতাৰ লগত নেমুৰ ৰস মিহলাই গোৰোহাত লগাই ১৫-২০ মিনিট থ’ব।

এটা ভাল ব্ৰেণ্ডৰ ফুট ক্রীম লগাব ।

মইশ্বৰাইজাৰ লগোৱাৰ পাছত সূতাৰ মোজা পিন্ধি ৰাতি শুলে আর্দ্রতা লক হৈ থাকে আৰু সোনকালে ফল পোৱা যায়।

এনেদৰে অলপ যতন ল’লেই আপুনি সুন্দৰ ভৰিৰ গৰাকী হৈ পৰিব

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.