৬ ফাগুন, বৃহস্পতিবাৰ , ইং ১৯ ফেব্ৰুৱাৰী ২০২৬
১.মেষ ৰাশি(অ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন বন্ধুৰ সান্নিধ্য লাভ কৰিব, পুৰণি সমস্যাৰ সমাধান হ’ব, লগতে আজি আপুনি ব্যৱসায়িক ভাৱে লাভাৱান্বিত হোৱাৰ যোগ দেখা যায়।
২.বৃষ ৰাশি(উ,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব লগতে আজি সমাজ কৰ্মী সকলৰ ৰাজহুৱা কৰ্মত ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩.মিথুন ৰাশি(ক,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হব, কৰ্মৰ সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ প্ৰেম আৰু ব্যৱসায়িক দিশত শুভ হোৱাৰ যোগ দেখা যায়।
৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভাল খৱৰ লাভ কৰিব, যদিও আজি আপুনি দুৰ্ঘটনাৰ সন্মুখীন হ’ব পৰা যিকোনো কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত পেটৰ ৰোগ হ’ব পাৰে, জেষ্ঠ্য ব্যক্তিৰ পৰা মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে যদিও আজি ছাত্ৰ ছাত্ৰী সকলৰ বিদ্যা আহৰণত সফলতা লাভ হোৱাৰ যোগ দেখা যায়।
৬.কন্যা ৰাশি(প,ঠ): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, আপোনাৰ দ্বাৰা আত্মীয় পৰিয়ালৰ মনত সুখ শান্তি বাঢ়িব, যদিও আজি আপোনাৰ মনত কষ্ট পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰাটো ভাল হ’ব।
৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, কৰ্মত সফলতা লাভ কৰিব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব যদিও আজি আপুনি সজাগ নহ’লে পিতৃ মাতৃৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ধন- সম্পত্তি বাঢ়িব, মনৰ আশা পূৰণ হ’ব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সফলতা লাভ হোৱাৰ যোগ দেখা যায়।
৯.ধনু ৰাশি(ধ,ভ): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, লগতে আজি আপোনাৰ কৰ্মত কৃতকাৰ্যতা লাভ হোৱাৰ যোগ দেখা যায়।
১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ৰোগ আৰোগ্য হ’ব, স্বাস্থ্যৰ উন্নতি হ’ব, আয় উপাৰ্জন বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য অৱাৱত ধন সম্পত্তি ক্ষতিগ্ৰস্ত হ’ব পাৰে।
১১.কুম্ভ ৰাশি(গ,শ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২.মীন ৰাশি(দ,চ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হ’ব, কৰ্মত যশস্যা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
Comments are closed, but trackbacks and pingbacks are open.