ডাঃ নিতুল বৈশ্য
আধুনিক জীৱনশৈলী আৰু পৰিৱৰ্তিত খাদ্যাভ্যাসৰ বাবে আজিকালি বহু লোকেই পাইলছৰ সমস্যাত ভোগা দেখা যায়। ফাষ্ট ফুড, জাংক ফুড, অত্যধিক ময়দাৰে বনোৱা খাদ্য, সংশোধিত খাদ্য, আমিষ আহাৰ, মদ্যপান, অত্যধিক পৰিমাণে তেল মছলা বা চর্বিযুক্ত খাদ্য খোৱা, আঁহজাতীয় খাদ্য কম খোৱা, শাৰীৰিক পৰিশ্ৰম কমি যোৱাৰ বাবে বহু লোকেই আজি পাইলছ বা অৰ্শ ৰোগী। বহু দিন ধৰি হৈ থকা কৌষ্ঠকাঠিন্যৰ বাবে মলবাহী নলী (anal canal) আৰু মলদ্বাৰত (anus) অত্যধিক চাপ পৰি অঞ্চলৰ সিৰাসমূহ ফুলি (swollen veins) উঠে। কেতিয়াবা এই ফুলি উঠা সিৰাসমূহ ফাটি তেজ ওলায় আৰু কিছুমান গুহ্যদ্বাৰৰ বাহিৰ ওলাই যায়।
দীৰ্ঘদিন ধৰি হোৱা কৌষ্ঠকাঠিন্য, ডায়েৰীয়া বা ক্রনিক ডিচেন্ট্ , শৌচ কৰোঁতে বেছি বল প্রয়োগ কৰিব লগা হোৱা বা দীঘলীয়া সময় শৌচাগাৰত কটাবলগীয়া হোৱা, মেদবহুলতা, মলাশয়ৰ অন্য জটিল ৰোগ ইত্যাদি প্রধান। বংশগত কাৰণত বা গৰ্ভাৱস্থাতো এই ৰোগ হ’ব পাৰে ।
লক্ষণ
ৰোগীৰ গুহ্যদ্বাৰত মাংসপিণ্ডৰ দৰে অংশ ওলাই যাব পাৰে আৰু বিষ অনুভৱ হ’ব পাৰে। জ্বলা পোৰা ভাব বা কেতিয়াবা খজুৱাব পাৰে। পায়খানা খোলোচা নহয় আৰু কৌষ্ঠকাঠিন্য হয়। পায়খানা কৰোঁতে বিষ অনুভৱ হয়। কেতিয়াবা কিছুমান ৰোগীৰ শৌচৰ লগত তেজো যায়, ৰোগীয়ে গেছ বা এচিডিটিত ভোগে।
সাৱধানতা আৰু পথ্য অপথ্য
♦প্ৰচুৰ পৰিমাণে পানী খাওক । ৰাতিপুৱা খালী পেটত কুহুমীয়া পানী খোৱা অভ্যাস কৰিলে সুফল পোৱা যায়।
♦ বল প্রয়োগ কৰি পায়খানা নকৰিব বা বহুত সময় টয়লেটত বহাৰ অভ্যাস ত্যাগ কৰক। পায়খানাৰ বেগ আহিলে ৰখাই নথ’ব। এনে কৰিলে মল বা পায়খানাত থকা অৱশিষ্ট পানী শোষণ হৈ কৌষ্ঠকাঠিন্যৰ সমস্যা জটিল হৈ পৰে ।
♦ এখন ৰুটিন অনুসৰি সঠিক সময়ত খাদ্য গ্ৰহণ কৰক। চৰ্বিযুক্ত খাদ্য যেনে- বাটাৰ, চীজ, অত্যধিক তেল, মচলা দিয়া খাদ্য, ব্ৰইলাৰ মাংস কমাই খাওক। চর্বিযুক্ত আহাৰে কৌষ্ঠকাঠিন্যতাৰ সৃষ্টি কৰে।
♦ আঁহ (fiber) জাতীয় শাক-পাচলি, ফলমূল আদি খাওক। কমলা, মৌচুমী টেঙা, কল, পকা অমিতা আদি উপকাৰী। পালেং, ব্রকলি, ভেণ্ডি, বিট আদি উপকাৰী।
♦ অটছ, বার্লি, বিন, লেচেৰাজাতীয় পাচলি, সেউজীয়া মটৰ আদিয়ে পেট পৰিষ্কাৰ কৰে।
♦ কেঁচা অমিতাৰ আঞ্জা নিয়মীয়াকৈ খাওক। পকা অমিতাও খুব উপকাৰী।
♦ মেথিশাক, ৰবাব টেঙা, নাচপতি আদি খাওক ।
♦ নিয়মীয়াকৈ গাজি মগু আৰু ফলৰ চালাড খাওক। এইদৰে খালে কৌষ্ঠকাঠিন্য দূৰ হয় ।
♦ ৰাতিৰ আহাৰ চৰ্বিযুক্ত হব নালাগে । ৰাতি গুৰুপাকী আহাৰ বৰ্জন আৰু লঘুপাকী আহাৰ গ্ৰহণ কৰক ।
♦ ৰাত্ৰি জাগৰণ অৰ্থাৎ ৰাতি টোপনি খটি নকৰিব। ই পাচনক্রিয়াত বিৰূপ প্ৰভাৱ পেলায় ।
♦ ময়দাৰ পৰা তৈয়াৰী খাদ্য, ফাষ্ট ফুড, চর্বিযুক্ত মাংস, সংশোধিত খাদ্য ( proceesed food), চাহ, কফি আদি যিমান পাৰে কমাই খাওক ।
♦ এই ৰোগত আলমণ্ড, ওখোৱা চাউলৰ ভাত উপকাৰী ।
♦ অৰ্শ ৰোগীয়ে নিয়মিত শাৰীৰিক পৰিশ্ৰম কৰা উচিত।
♦ মাজে সময়ে কলপচলা, চেংমৰা, মাটিকাদুৰি খাওক। ই কৌষ্ঠকাঠিন্য দূৰ কৰে।
♦ আমলখি, শিলিখা, ত্রিফলা, ইসবগ’ল (Isabgol), এৰাগুটিৰ তেল বা কেষ্টৰ অইল আদি উপকাৰী ঔষধি।
♦ ছালকুঁৱৰী বা এল’ভেৰাৰ ৰস সেৱনো উপকাৰী।
অপথ্য
- কাঁচকল আৰু ভেদাইলতা কমাই খাব। অন্যথা কৌষ্ঠকাঠিন্য সমস্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে।
- কচু, হাঁহৰ মাংস, কণী, ৰঙালাও, আদা, জালুক আদি কমাই খাওক ।
- আমিষ আহাৰ আৰু মদ্যপান সীমিত কৰক।
ফোনঃ ৭৮৯৬২-৪৬০০১
Comments are closed, but trackbacks and pingbacks are open.