নিগেটিভ চিন্তাৰ সমস্যা

49

প্ৰাঞ্জল প্ৰতীম বৰা

নিগেটিভ চিন্তা বা ঋণাত্মক চিন্তা আমি ক’ব নোৱাৰাকৈয়ে আমাৰ মনলৈ আহে। কিছুমান নিগেটিভ্ চিন্তা বা ঋণাত্মক চিন্তাই আমাক বহুত দিশত আগবাঢ়ি যোৱাত বাধা দিয়ে, যেনে— ‘মই ক’ত পাৰিম’,‘মোৰ দ্বাৰা ক’ত হ’ব’, ‘এতিয়া আৰু ক’ত হব’ ইত্যাদি। কিছুমান মানুহৰতো মনটো এনেদৰে নিগেটিভ চিন্তাৰে ভৰি পৰে যে তেওঁ অনবৰতে এটা সংশয়ত ভোগে যেন কিবা এটা অঘটন ঘটিব পাৰে যিকোনো সময়ত তেওঁৰ লগত ৷ অনবৰতে নিগেটিভ চিন্তা লৈ থকা মানুহ এজনক আমি সহজেই উপদেশ দিওঁ— ‘নিগেটিভ্ চিন্তা মনলৈ নানিবা” বা “যি টি নিগেটিভ চিন্তা কৰি নাথাকিবাচোন।’ কিন্তু কোনো মানুহে জানো জানি-শুনি ঋণাত্মক চিন্তাবোৰ মনলৈ আনে? নকৰো বুলিয়েই জানো কিছুমান চিন্তা নকৰাকৈ থাকিব পাৰি? মনলৈ আহিয়ে যায় চিন্তাবোৰ। কিন্তু কিয় আহে মনলৈ নিগেটিভ চিন্তা । মূল কাৰণটো জানিলেই সমস্যা সমাধান হয় ৷

আপোনাৰ মনলৈ নিগেটিভ চিন্তা বা ঋণাত্মক চিন্তা অহাৰ মুখ্য কাৰণটো কি জানেনে? কাৰণটো হ’ল “Breaking of confidence”, অর্থাৎ কোনোবা ক্ষেত্ৰত আপুনি হয়তো আপোনাৰ আত্মবিশ্বাস হেৰুৱাইছে। যেনে—

  • আপুনি হয়তো আপোনাৰ স্বাস্থ্যৰ প্ৰতি বৰ সচেতন কিন্তু কোনোবাই এনে কথা ক’লে যে আপোনাৰ স্বাস্থ্যৰ প্ৰতি থকা আত্মবিশ্বাস ভাঙি গ’ল। নাইবা আপুনি কিবা কৰাৰ বা কিবা পৰীক্ষা দিয়াৰ বা কিহবাত নতুনকৈ এডমিছন লোৱা আদিৰ ইচ্ছা ৰাখিছে, কিন্তু বাঢ়ি অহা বয়সৰ কথা চিন্তা কৰি আপোনাৰ কনফিডেন্স হেৰাই গৈছে যে এতিয়া আৰু ক’ত হ’ব।
  • কেতিয়াবা আকৌ জীৱনত হৈ যোৱা ডাঙৰ ঘটনা বা পৰিয়ালত কাৰোবাৰ হোৱা ডাঙৰ বেমাৰ, দুৰ্ঘটনা আদিয়েও আমাৰ মন ঋণাত্মক কৰি তোলে৷

এনেধৰণৰ নিগেটিভ চিন্তাৰে যেতিয়া আমাৰ মনটো ভৰি পৰে, তেতিয়া আচলতে আমাৰ মগজুৰ নিউৰনবোৰত এক নিগেটিভ পেটাৰ্নৰ সৃষ্টি হয় আৰু আমি যিয়ে কৰো সকলো ঋণাত্মক দেখা পাওঁ। গতিকে ধনাত্মক চিন্তা আনিবলৈ আমি মগজুৰ পেটাৰ্ন সলনি কৰিব লাগিব। তাৰ বাবে কি কৰিব? তাৰ বাবে দুটা কাম কৰক—

(১) প্রথমেই মনত ৰাখিব, যেতিয়াৰ পৰাই আপোনাৰ মনলৈ নিগেটিভ চিন্তাবোৰ আহিবলৈ লৈছে, আপুনি আগলৈ কৰা বহুত কামেই এতিয়া কৰিবলৈ বাদ দিছে, যেনে— আগতে আপুনি কিতাপ পঢ়িছিল বা কবিতা লিখিছিল বা গান গাইছিল… আদি। কিন্তু এতিয়া প্রায় বাদ পৰি আহিছে।

আগতে সুবিধা পালেই অকলে ফুৰিব ওলাই গৈছিল, কিন্তু এতিয়া মন নাযায়। নিজৰ কামবোৰো যেন কৰিব লাগে বাবেহে কৰে। আগতে নিজৰ বাবে ষ্টাইল কৰিছিল, কিন্তু এতিয়া মন নাযায়। এনেধৰণৰ যিবোৰ কাম আপুনি কৰা বাদ দিছে, সেইবোৰ পুনৰ আৰম্ভ কৰক। বিশ্বাস কৰক আপোনাৰ মগজুৰ নিউৰনৰ পেটাৰ্ন সলনি হ’ব আৰু নিগেটিভ চিন্তাবোৰ নাইকিয়া হ’ব।

(২) নিজৰ শৰীৰৰ প্ৰতি যত্ন লওক আৰু নিজকে সজাবলৈ চেষ্টা কৰক । তেতিয়া আপোনাৰ মগজুৱে জানিব পাৰে যে আপুনি নিজৰ যত্ন লৈছে। লগে লগে হেপী হৰমন নিঃসৰণ হ’ব।

ফোন : ৮৬৩৮৩-৮৮০৭৭

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.