শিখামণি দত্ত
ঘৰখনত বৰ্তমান আলোচনাৰ মূল বিষয়বস্তু হ’ল- চছমা। চছমা সম্পর্কে সবতকৈ বেছি তথ্য যোগান ধৰিছে ঘৰখনৰ তিনিজনীয়া পৰিয়ালটোৰ চৈধ্য বছৰীয়া সদস্য জিকুৱে। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে চছমা সম্পর্কে কত যে কথা! চছমা এযোৰ লোৱাৰ আগত ইমান আলোচনা হয়নে! অনুৰাধাই নাজানে। সেয়েহে তাই অলপ আচৰিত হোৱাৰ লগতে অলপ বিৰক্তও হয়। তাইৰ কথা হ’ল ডাক্তৰে দিয়া প্ৰেছক্রিপচনখন দেখুৱাই কোনোবা এখন চছমা দোকানৰ পৰা চছমা এযোৰ ল’লেই হ’ল! পিছে তাই ভবা মতে আজিকালি জানো কথাবোৰ হয় ? নহয়।
অনুৰাধাহঁতৰ তিনিজনীয়া পৰিয়ালটোৰ তাইৰ স্বামীৰ চকুত কাহানিবাই চছমা লাগিল। অনুৰাধাই প্রকৃতিৰ নিয়ম মানি চল্লিশত সোমাওঁতেই চছমা ল’ব লগা হ’ল। বাকী চৈধ্য বছৰীয়া জিকুৰ চকুত ম’বাইল, টিভিৰ প্ৰভাৱ-‘আজিকালি’ৰ প্রভাৱ। ‘মাইনাচ ফাইভ’ পাৱাৰৰ চছমা দৰকাৰ হ’ল তাৰ। এতিয়া সময় হ’ল পছন্দৰ চছমা দুযোৰ লোৱাৰ। এযোৰ অনুৰাধাৰ এযোৰ জিকুৰ। সুবিধা হ’লে অনুৰাধাৰ স্বামী নিলাভেও নিজৰ চছমাৰ পুৰণা ফ্ৰেমটো সলাই পাৰিলে নতুন ডিজাইনৰ ফ্ৰেম এটা ল’ব। একেটা ফ্রেমেৰে আমনিও লাগে নহয়!
‘পাপা, মই কিন্তু মোৰ চছমাযোৰ! টাইটান নাইবা লেন্সকাৰ্টতহে ল’ম। তাত যেনেকুৱা বিচৰা তেনেকুৱা ফ্ৰেম বা মেটেল পোৱা যায়… মা, মোক কেনেকুৱা ফ্ৰেমেৰে ভাল লাগিব বাৰু… এভিয়েট… ৰেক্টেংগল নে অভাৰছাইজড… কাৰ্বন ফাইবাৰৰ হ’লে ভাল জানা পাপা… লাইটৱেইট কিন্তু ষ্ট্ৰং…ট্ৰাঞ্চপাৰেণ্ট ফ্ৰেইমৰ এতিয়া ট্ৰেণ্ড চলিছে তোমালোকে জানানে… চাছটেইনবল আৰু ইক’ফ্ৰেণ্ডলি…’ উস্! অনুৰাধাই শুনি শুনি আমনি পাই চিঞৰি উঠে… —চছমা এযোৰ ল’ব লাগে চকুৰ অসুবিধা দূৰ হ’ব লাগে… তাত আকৌ ইমান ডিজাইনৰ কথা আহে ক’ৰ পৰা…!’ —তুমি নুবুজা।’ জিকুৰ সহজ উত্তৰ। সি নিজৰ লগতে মাককো বুজাই দিছে যে মাকে ওচৰ দৃষ্টিৰ বাবে বাইফ’কেলতকৈ যেন প্ৰগ্ৰেচিভ চছমাহে লয়। কাৰণ বাইফ’কেলত চছমাৰ তলত ওভেল শ্বেইপৰ পাৱাৰতো থাকে কাৰণে বয়সস্থ যেন দেখি। সেয়া তাৰ ধাৰণা। চৰ্চা চলিছে কেৱল ধৰণ আৰু পছন্দ। দামৰ কথা কোনেও উলিওৱা নাই ।
অনুৰাধা পিছে এই চছমাৰ ফ্ৰেইমৰ কথা- বতৰাত নাই। তাইক বস্তুবোৰ প্ৰয়োজন পূৰাবলৈহে লাগে। প্রয়োজনতো যেতিয়া পূৰণ হয়, ষ্টাইল, ফেশ্বন আদি বিচাৰ্যৰ বিষয় হৈ নাথাকে তাইৰ বাবে। কাৰণ প্ৰয়োজনৰ ঊর্ধ্বত যোৱা প্ৰতিটো বস্তুৰ লগত তাইৰ জীৱনৰ এনেকুৱা একোটা স্মৃতি জড়িত হৈ থাকে যে, তেনে বস্তুৱে তাইক অতিৰিক্ত আনন্দ দিব নোৱাৰে। প্ৰয়োজন যেতিয়া বিলাস হয়, তেতিয়া তাইৰ বিষাদ আহে। স্মৃতিবোৰ সাঙুৰি ৰখাটো আকৌ তাইৰ চৰিত্ৰৰ এটা অংশ। হয় নে কি এয়া দুখ বিলাস! নাৰীৰ স্বভাৱজাত নমনীয়তা! সেয়া তাই নাজানে বা জানিবলৈ ইচ্ছাও নকৰে। চছমাৰ ফ্ৰেমৰ কথা যিমানে আলোচনা চলিছে, সিমানে তাইক এখন ছবিয়ে নাযাওঁ বুলিলেও টানি-আঁজুৰি লৈ গৈছে দুটা দশকৰ আগলৈ৷
গাঁৱলীয়া আলিবাটটোৰে দুখন গাঁও পাৰ হৈ টিউচন কৰিবলৈ যোৱা সময়ৰ কথা। তেতিয়া অনুৰাধা কলেজৰ ছাত্ৰী। উপজিপুৱাতে যেতিয়া তাই গাঁৱৰ মাজৰ ৰাস্তাৰে চাইকেল চলাই চলাই টিউচনলৈ যায়, তেতিয়া ৰাস্তাৰ দুয়োকাষৰ পথাৰবোৰ হালোৱা পথৰুৱাৰে ভৰি থাকে। ক্ৰমে পথাৰবোৰ সেউজীয়া দলিচা এখনলৈ ৰূপান্তৰ হয় আৰু সেই সমগ্র দৃশ্য চাই চাই আপোনপাহৰা হৈ তাই অহা-যোৱা কৰে। এই অহা-যোৱাৰ বাটত এডোখৰ নিৰ্দিষ্ট ঠাইত প্ৰায়ে সকৰুণ দৃষ্টিৰে ইফালে-সিফালে চাই ৰৈ থকা এগৰাকী আইতাৰ লগত অনুৰাধাৰ মুখামুখি হয়। সেইখিনিতে থকা বাঁহ-খেৰ আদিৰ তেনেই সাধাৰণ ঘৰকেইটাৰে এটা আইতাৰ বুলি তাই অনুমান কৰে। হয়তো পৰিয়ালত খেতি খোলা কৰি খোৱা আৰু দুজনমান সদস্য আছে।
অনুৰাধাই আইতাগৰাকীলৈ আঁতৰৰ পৰা চাই চাই আহি থাকি চাইকেল চলাই পাৰ হৈ গুচি যায়। আইতাগৰাকীয়েও কোনোবা অহা যেন দেখি হয়তো চিনাকি বুলি ভাবি চাই থাকোঁতেই আগন্তুক পাৰ হৈ গুচি যায়। অনুৰাধাই আইতাক তীক্ষ্ণ দৃষ্টিৰে পৰ্যবেক্ষণ কৰাৰ মূল কাৰণটো আছিল আইতাৰ চছমাযোৰ । অতি বেছি পাৱাৰৰ এযোৰ চছমা। চছমাৰ গ্লাছ দুখনৰ ওপৰেদি যেন চকু দুটা ওলাইহে পৰিব! ফ্ৰেমটো বৰ বেছি মোটা আৰু ক’লা। গ্লাছ আৰু ফ্ৰেমৰ সংযোগস্থলত বগা ঊল নে গুলি সূতা কিবাৰে মেৰিয়াই মেৰিয়াই বান্ধি থোৱা থাকে। তথাপিও চছমাযোৰ হ’বপাই ঢিলা। মাজে মাজে আইতাই চছমাযোৰ দুইহাতে ধৰি আলফুলকৈ নাকৰ পৰা ওপৰলৈ অকমান উঠাই দিয়ে। কাৰোবাক কিবা ক’লে এহাতে তেওঁ চছমাযোৰ কাণৰ ফালে ধৰি লয়। কথাৰ কম্পনত হয়তো চছমাযোৰ খহি পৰিব খোজে! দেখাত আইতাৰ বেলেগ অসুখ নাই যেন লাগে। হয়তো চকুৰ দৃষ্টিশক্তি কম বাবে আইতা তেনেই সেমেকি থাকে। দৃষ্টিশক্তি কমটোতকৈও অন্য এটা কথাই আইতাক অনবৰত শংকিত আৰু দুৰ্বল কৰি ৰাখে বুলি তাই অনুমান কৰিব পাৰে যে আইতাৰ চছমাযোৰ, সেই চছমাযোৰৰ অৱশিষ্টই হয়তো তেওঁৰ পৃথিৱীৰ শেষ পোহৰকণ দেখাৰ শেষ সম্বল, যিযোৰ চছমাৰ গ্লাছ দুখন ধৰি ৰাখিব পৰাকৈ এটা উপযুক্ত ফ্রেম নাই। অলপ খৰধৰ কৰিলে সেইযোৰো যদি কেনেবাকৈ পৰি নোহোৱা হৈ যায়!
নতুন ফ্রেম এটা আনি আইতাৰ চছমাযোৰত লগাই দি আইতাৰ প্ৰতিক্ৰিয়াটো চাবলৈ অনুৰাধাৰ বৰ মন যায়। নতুন চছমা এযোৰ পিন্ধি খৰখোজেৰে হাঁহিমুখেৰে তামোল এখন চোবাই চোবাই গৈ থকা আইতাজনীক তাই মনৰ চকুৰে চায়। তাই আনকি ভাবে যে সিহঁতৰ ঘৰৰ বাহিৰত টিন, লোহা, প্লাষ্টিকৰ যিমানবোৰ লাংখা- লিংখি বস্তু পৰি থাকে, সেয়া বেচিব পাৰিলেও আনকি এটা কম দামী ফ্ৰেম পোৱা যায়। কিন্তু অহেতুক কঠোৰ তাইৰ মাক-দেউতাকক তাই সেই কথা কৈ বাটৰ কচু গাত ঘঁহি ল’ব নোৱাৰে। সেই সময়ত অৱশ্যে সাহসৰো আছিল তেনেই অভাৱ। দুঃখবোধেহে কুটি কুটি খাইছিল তাইৰ থুনুকা হৃদয়খন।
আইতাক সেই চছমাযোৰেৰে তেনেকৈ কিছুদিন দেখাৰ পিছত এদিন অনুৰাধাৰ চোকা দৃষ্টিত চছমাযোৰৰ আৰু কিছু পৰিৱৰ্তন ধৰা পৰিল । চছমাযোৰৰ ফ্ৰেমডালৰ এটা ফালে প্লাষ্টিকৰ ঠাইত যেন কাঠৰ মাৰিৰ দৰে কিবা এডাল লাগি আছে! অনুৰাধাৰ চাইকেলখন আইতাৰ ওচৰত ধীৰ হৈ গ’ল। তাইৰ দৃষ্টি চছমাৰ ফ্ৰেমত। হয় হয় এডাল কাঠৰ ডাঠ চেপেটা মাৰি চছমাযোৰৰ এটা ফালে বৰ কৌশলগতভাৱে লগোৱা হৈছে, যিডাল মাৰি এডাল ৰছীৰে মূৰৰ পিছফালেৰে আনি সোঁফালৰ প্লাষ্টিকৰ মাৰিডালৰ লগত সংযুক্ত কৰা হৈছে। সোঁফালৰ গ্লাছখনত মিহিকৈ আঁচ আঁচ পৰিছে। পৰিছিল চাগে। অনুৰাধাৰ বুকুখন বিষাই উঠিল।
টিউচন শেষ হোৱালৈ আইতাক আৰু ৰাস্তাত দেখা পোৱা নগ’ল। শেষৰ দিনা অনুৰাধাই মনটোক মনাব নোৱাৰি সেই ঠাইৰ মানুহ এজনক চাইকেল ৰখাই আইতাৰ খবৰ সুধি গম পালে যে আইতা ঘৰৰ ভিতৰতে পৰি কঁকালত দুখ পালে আৰু চকুৰেও নেদেখা হোৱাৰ বাবে বাহিৰলৈ নোলোৱা হ’ল। অনুৰাধাৰ বুজিবলৈ বাকী নাথাকিল যে আইতাজনীয়ে আচলতে নতুনকৈ নেদেখা হোৱা নাই। আইতাৰ শৰীৰটোতকৈও বিধ্বস্ত আইতাৰ চছমাযোৰৰ শেষ ৰক্ষা নহ’ল।
সেই আইতাৰ চছমাযোৰৰ ফ্ৰেমটোৱে এইকেইদিন অনুৰাধাক সপোনে দিঠকে খেদি ফুৰিছে। যিমানে ঘৰত বাপেক-পুতেকৰ মাজত চছমাৰ ফ্ৰেম, গ্লাছৰ প্ৰকাৰ, ডিজাইন, ফেশ্বন আদিৰ কথা আলোচনা হৈছে, সিমানে আইতাৰ বান্ধি থোৱা চছমাযোৰ খহি খহি পৰিছে আইতাৰ চকুৰ পৰা আৰু অনুৰাধাৰ চকুযোৰ পানীৰে উপচি পৰিছে…
অৱশেষত চছমাৰ দোকানলৈ সিহঁত তিনিও যোৱাৰ দিন পৰিল। জিকুৰ উৎসাহৰ অন্ত নাই। চকুৰ দৃষ্টিশক্তি কমি যোৱা কথাটো বিচাৰ-বিশ্লেষণলৈ সি অনাই নাই। তাৰ লক্ষ্য গ্লাছৰ আকাৰ, আকৃতি আৰু ফ্ৰেমৰ ৰং, মেটেল আদি। লেন্সকাৰ্টৰ সলনি গণেশগুৰিৰ পুৰণি চছমাৰ দোকান এখন ঠিক কৰাৰ কাৰণেহে জিকুৰ মনটো বেয়া।
অনেক তর্ক-বিতর্ক, আলাপ-আলোচনাৰ অন্তত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ল- জিকুৰ বাবে পলিকার্বনেটৰ ৰঙা ৰঙৰ ফ্ৰেমৰ এযোৰ চছমা । তাৰ মতে পলিকার্বনেটৰ ফ্রেম স্কুলত খেলা-ধূলা কৰা সময়তো ভাল। দাম-নগদ বাৰ হাজাৰ টকা । এতিয়া অনুৰাধাৰ পাল। তাই ক’লে- ‘প্ৰগেচিভ দাম বেছি। বাইফ’কেলেই হ’ব। চলি যোৱা ফ্রেম এটা দিয়ক… পঢ়া-শুনা কৰিবলৈহে লাগে… কেৱল ঢিলা নহ’লেই হ’ল…’
কথাষাৰ কৈ অনুৰাধাই চছমা দোকানৰ সন্মুখত থকা বিজ্ঞাপনৰ হৰ্ডিংখনলৈ এনেই এবাৰ চাই পঠিয়ালে। হেল’জেনৰ পোহৰত চক্কাই থকা বিজ্ঞাপনৰ আলিয়া ভাটৰ ঠাই ল’লেহি আইতাৰ মুখখনে। নতুন চছমা এযোৰ পাই যেন আইতাই আলিয়া ভাটৰ দৰে হাঁহিলে! অনুৰাধাৰ দুচকুৰ পৰা অজানিতে দুটোপাল চকুলো খহি পৰিল- ঠিক আইতাৰ চছমাযোৰৰ দৰে।
ফোন : ৯৮৬৪০-১২২২৫
Comments are closed, but trackbacks and pingbacks are open.