ৰেচিপিঃ বেচন লাড্ডু আৰু বাটাৰ হাৰ্ট কুকিজ

36

কৰবী গগৈ শৰ্মা

চাহকাপৰ সৈতে এখন মচমচীয়া বিস্কুট বা এটা সুস্বাদু মিঠাই নহ’লে আড্ডাৰ মুহূর্তবোৰে যেন সম্পূৰ্ণতা লাভ নকৰে। সেয়েহে আজি ঘৰতে সহজে তৈয়াৰ কৰিব পৰা কিছুমান ৰুচিসম্মত আৰু মুখৰুচক ৰেচিপিৰ প্ৰস্তুত প্ৰণালী আগবঢ়োৱা হৈছে আইনাৰ জুতি জীৱনৰ শিতানত

১/বেচন লাড্ডু


কি কি লাগিব ?
বেচন একাপ
চেনি ১/২ কাপ
ঘি ১/৪ কাপ
ইলাচী গুড়ি ১/২ চামুচ
পিস্তা ১০টা

তৈয়াৰ কৰা প্ৰণালীঃ কেৰাহীত ঘি দি তাত বেচনখিনি দিব আৰু কম জুইত ভাজি থাকিব। ৰঙচুৱা আৰু ফুৰফুৰীয়া ধুনীয়া গোন্ধ এটা ওলোৱালৈকে ভাজি থাকিব। এতিয়া গেছৰ পৰা নমাই ঠাণ্ডা হ’ব দিব। চেনিখিনি মিক্সিত গুড়ি কৰি ল’ব। বেচন ঠাণ্ডা হোৱাৰ পিছত চেনিখিনি ঢালি দিব লগতে ঘি ঢালি ভালদৰে সানি লাড্ডু তৈয়াৰ কৰিব। সুন্দৰকৈ সজাই পৰিৱেশন কৰিব ।

২/বাটাৰ হাৰ্ট কুকিজ


কি কি লাগিব ?
এক কাপ বাটাৰ
১/৪ কাপ পিচা চেনি
১/২ কাপ ময়দা
ভেনিলা ১/২ চামুচ

তৈয়াৰ কৰা প্ৰণালীঃ বাটাৰ আৰু চেনিখিনি হেণ্ড ব্লেণ্ডাৰে ভালদৰে মিক্স কৰি ল’ব। ময়দাখিনি অলপ অলপকৈ আটা সনাৰ দৰে ভালদৰে মঠিব। ভেনিলা এচেন্স দিব। তাৰ পিছত এখন বাটাৰ পেপাৰেৰে মেৰিয়াই এঘণ্টামান ফ্ৰীজত থ’ব। ফ্ৰীজৰ পৰা উলিয়াই ভালদৰে ৱেপ কৰি বেলিব আৰু ডাঙৰ হাৰ্ট চেপৰ কাটাৰেৰে কাটিব । এতিয়া এটা সৰু হাৰ্ট চেপৰ কাটাৰে পুনৰ কাটিব । এতিয়া এটা ডাঙৰ হাৰ্টৰ ওপৰত এটা সৰু হার্ট লগাই মাজৰ খালী অংশত ষ্ট্ৰবেৰী কম্পট দিব। এখন বেকিং ট্ৰেত বাটাৰ গ্ৰীজ কৰি এটা এটাকৈ শাৰীত থ’ব। তাৰ পিছত আগতে গৰম কৰি থোৱা অভেনত বেক কৰিব। ১২, ১৩ মিনিটৰ পিছত অভেনৰ পৰা উলিয়াই ঠাণ্ডা হ’ব দিব। এতিয়া ওপৰত ৰয়েল আইচিং দি যিকোনো ডিজাইন বনাই দিব।

 

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.