দৈনিক ৰাশিফল ৩ এপ্ৰিল ২০২৬

31

১৯ চ’ত, শুক্ৰবাৰ, ইং ৩ এপ্ৰিল ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হব, যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ নহ’লে আনে কিন্তু আপোনাক সমালোচনা কৰিব পাৰে।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভাল খৱৰ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য জটিলতা আহিব পাৰে লগতে আজি আপোনাৰ সৰু সৰু কথাতে মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, সংগীত শিল্পী সকলৰ সুনাম বাঢ়িব, লগতে আজি আপোনাৰ ঘৰুৱা কৰ্মত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত সৰু সুৰা কথাতে মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে, মনত ভয় ভাৱ বাঢ়িব পাৰে লগতে আজি আপোনাৰ শত্ৰু বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত বাধাৰ সৃষ্টি হ’ব , দেহ মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে যদিও আজি উকীল সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, ভাল কৰ্ম লাভ কৰিব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, লগতে আজি আপুনি প্ৰতিভা বিকাশৰ সুযোগ সুবিধা লাভ হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য বাধাৰ আহিব যদিও আজি আপোনাৰ কৰ্মৰ মাজেৰে আদৰ্শবাদী মনোভাৱ প্ৰকাশ পাৱ, লগতে আজি আপোনাৰ দ্বাৰা ভাতৃ ভগ্নীৰ কৰ্মত উন্নতি সাধন হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হব, প্ৰেমত শুভ বুলি কব পাৰি, লগতে আজি আপোনাৰ হাতলৈ ধন সম্পত্তি অহাৰ যোগ দেখা যায়।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, প্ৰকৃতিৰ প্ৰতি মৰম চেনেহ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য বাধাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত যিসকল শিক্ষক আছে তেওঁলোকৰ সুনাম বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বাঢ়িব পাৰে, লগতে আজি আপোনাৰ সৰু সুৰা কথাতে মনত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত পুৰনি সমস্যাৰ সমাধান হ’ব, কৰ্মৰ প্ৰতি আগ্ৰহী হ’ব, লগতে আজি আপোনাৰ ব্যৱসায়ত সফলতা লাভ হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন কৰ্ম কৌশল আয়ত্ব কৰিবলৈ সক্ষম হব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত মনটো সামান্য অস্থিৰ হ’ব পাৰে, লগতে আজি আপোনাৰ সৰু সুৰা কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.