গল্পঃ সেউজ বন্ধু

35

তৰালি ঘৰফলীয়া

মানুহটো তেনেই বনৰীয়া। ঘৰত যদি এবেলা থাকে, হাবিতে তিনিবেলা কটায়। আচলতে, হাবি বুলি ক’লে ভুলেই হ’ব। সেইখন তেওঁ নিজ হাতে গঢ়া অটব্য অৰণ্য। উশাহটোও চাগে’ ঘৰতকৈ তাতহে বেছি ভালকৈ পায় তেওঁ। কেৱল তেৱেঁই কিয়, তাত থকা চৰাইবোৰেও চাগে’ তেওঁক নেদেখিলে থাকিবকে নোৱাৰে। সিহঁতৰ কিচিৰ-মিচিৰ শব্দতে পুৱাৰ ঘুমটি ভাগে শ্যামল বৰুৱাৰ ৷ তাৰ পাছততো আৰু ৰৈ থকাৰ কথাই নাহে। চকু মেলিয়েই প্রথম গোহালিতহে পদার্পণ কৰেগৈ। গৰু-গাইকেইটা মেলি আজৰি হৈ গা-পা ধুৱে। কেতিয়াবা চাহ একাপ খায়, কেতিয়াবা জীয়েক দূবৰিয়ে তেওঁৰ চাংঘৰটোলৈকে চাহ-জলপান লৈ যায় ।

তেওঁ তাতে কাঠী-কামী এসোপা লৈ বহে। দুই-এখন কিতাপো থাকে লগত ৷ অৱশ্যে, দুপৰীয়া ভাতকেইটা ঘৰতে খায়হি। অৱশ্যে, ঘৰ বা হাবি বুলিবলৈ নায়েই। হাবিয়ে-ঘৰে লাগিয়েই আছে। মাত্ৰ ঘৰখন থকাৰ ফালটো যেনিবা কিছু মুকলি৷

শ্যামল বৰুৱাৰ সংসাৰখন তিনিজনীয়া। পত্নী বাসৱী আৰু জীয়েক দূবৰি। বাসৱীৰতো কেতিয়াবা সন্দেহেই হয়, এইজন সঁচাই তেওঁৰ গিৰিহঁত নে? নে গছ-বনবোৰেই তেওঁৰ সংসাৰ। গছ-লতিকাও মানুহৰ ইমান আপোন হ’ব পাৰে নে? গছৰ লগতো মানুহে ইমান কথা পাতিব পাৰে নে ? পাৰে বুলি তেওঁক নেদেখিলে কাৰোবাৰ বিশ্বাস হ’ব বুলি বাসৱীৰ মনে নকয় । গছবোৰতো বিভিন্ন চৰাইৰ সংসাৰ। কাউৰী, বগলীৰ পৰা আদি কৰি শগুণলৈকে। সিহঁতো বৰুৱাৰ আপোন৷ কোনটো বাহত কেইটা পোৱালি আছে, মাকহঁতেই চাগে’ নাজানে। পিছে, সিহঁতৰ হিচাপ কিন্তু শ্যামল বৰুৱাৰ নখদর্পণত ।

ঠাইখিনি পূৰ্বতে বালিৰে ভৰপূৰ হৈ আছিল। মূল ঘৰখনৰ পৰা বেলেগ হৈ আহি এই আওহতীয়া ঠাইখনত ঘৰ এখন বান্ধিবলৈ আৰম্ভ কৰিছিল বৰুৱাই। বাসৱী তেতিয়া ন-কইনা । গাঁওখনৰ একেবাৰে মূৰত প্রায় জনশূন্য ঠাইখিনি বাসৱীৰ কিন্তু একেবাৰে পছন্দ হোৱা নাছিল । ঘৰৰ ওচৰতে ইমানখিনি মাটি থাকোঁতে এই এৰাপৰলীয়া ঠাইখনত কিয় ঘৰ বান্ধিব লাগে একো বুজা নাছিল তাই। ঘৰৰ মাক-দেউতাক, ককায়েকহঁতেও কৈছিল ঘাই ঘৰৰ ওচৰতে ঘৰ এখন সাজিবলৈ। তাত বাৰু কিবাকিবি গছ ৰোৱাৰ কথা ভাবিছ, ভাব। তাতে থাকিবলৈ কিয় যাব লাগে’ তেওঁ নুশুনিলে। কাৰো উপদেশ, পৰামৰ্শই টলাব নোৱাৰিলে তেওঁক। অৱশ্যে, নিৰিবিলি পৰিৱেশ বাসৱীৰো প্ৰিয় আছিল। তথাপি, তেনে এখন ঠাইত ঘৰ পাতি থকাৰ কথাটোহে মানি ল’ব পৰা নাছিল। ন-দৰা শ্যামল বৰুৱাই বুজাইছিল—

‘এতিয়াহে তুমি তালৈ যাবলৈ বেয়া পাইছা। এদিন চাবা, আমাৰ হেঁপাহৰ অৰণ্যখন চাবলৈ মানুহ যাব তালৈ । মই যি সপোন দেখিছোঁ, সেই সপোনৰ অংশীদাৰ হ’বলৈ পোৱাটোও ডাঙৰ কথা। তুমি মাত্ৰ ব’লা মোৰ লগত। কাম মই অকলে কৰিম। তুমি চাবা। চায়েই থাকিবা ।

সেই তেতিয়াৰ পৰা আজি বিশ বছৰে চায়েই আছে বাসৱীয়ে। মানুহটো নিজ কক্ষপথৰ পৰা তিলমানো বিচলিত হোৱা নাই। প্ৰথম ঘৰ লওঁতে গছৰ পুলিবোৰ ৰুইছিলহে মাত্ৰ। দুহাতমান বাঢ়িছিল। বাসৱীয়েও সহযোগ কৰিছিল। দিনৰ দিনটো মানুহটো নতুনকৈ পতা সেই বাৰীখনতে থাকিছিল। ঘৰৰ পৰা পানী কঢ়িয়াই কঢ়িয়াই পুলিবোৰত পানী দিছিল, সাৰ-জাবৰবোৰ চপাই কোঁচাই দিছিল। তেওঁৰ হাতৰ পৰশতে লহপহকৈ বাঢ়িছিল সিহঁত। আৰু এদিন ছাঁ দিব পৰাকৈ ডাঙৰ হৈ উঠিছিল।

এদিন দূবৰি আহিল তেওঁলোকৰ সংসাৰলৈ। তায়ো যেন দেউতাকৰ ফুটতে উঠিল। চৰাই-চিৰিকটিবোৰৰ লগত কথা পাতি পাতিয়েই ডাঙৰ হ’ল তাই। বাসৱীৰ মনত আছে, জলপানৰ বাটিটো লৈ চাংঘৰলৈ গ’লেহে তাই গিলে। নিজে এচামুচ খালে চৰাইকেইটাকো এচামুচ দিব লাগে। এই কামটোত আটাইতকৈ আমোদ পাইছিল শ্যামল বৰুৱাই। মাক-জীয়েকক চাংঘৰলৈ অহা দেখিলেই চৰাইবোৰক বিভিন্ন নাম ধৰি মাতে তেওঁ । সিহঁতো উৰি আহে জাক পাতি। দুই এটাতো তেওঁৰ হাততে বহেহি। দুয়ো লাগি – ভাগি দূবৰিক জলপানকেইটা খোৱায়। সেইখিনি সময়ত চৰাইৰ সংসাৰখনতে মিলি পৰে তিনিও ।

কি কি যে গছ আছে শ্যামল বৰুৱাই পতা অৰণ্যখনত। নাহৰ, চেগুন, শাল, গমাৰি, আম, কঁঠাল, আদিকে ধৰি বহুত গছ। কি গেছ নাই, সেয়াহে যেন ভাবিবলগীয়া। ফল-মূলৰ গছবোৰ তেওঁ আছুতীয়াকৈ ৰুইছিল। সেইখিনি ঘৰৰ প্ৰায় গাতে লাগি থকাৰ দৰেই। সেই অংশৰ লগত চৰাইবোৰৰ মিতিৰালি অলপ বেছি। অনবৰতে সিহঁতৰ মাততে মুখৰ হৈ থাকে ঠাইখিনি। গধূলিলৈহে নিজম পৰে। বাসৱীয়ে কেতিয়াবা কয়, পৰা হ’লে চাগে’ সিহঁত বাহলৈকে নগ’লহেঁতেন। কথাটো হয়ো অৱশ্যে।

শ্যামল বৰুৱাই অৰণ্যখনৰ নাম এটা দিয়াৰ কথা ভাবি আছে। কাষৰীয়া মানুহবোৰ প্ৰায়ে আহে আজিকালি তালৈ। দূৰণিবটীয়া দুই এজনো ওলাইহি কেতিয়াবা। তেওঁ তাতে বহুতো গছৰ পুলি ৰাখিছে। একপ্ৰকাৰে ক’বলৈ গ’লে ‘নাৰ্ছাৰী’য়েই। মাত্ৰ কোনোবাই পুলি নিলে বিনিময়ত তেওঁ একো নলয়। কিন্তু কৈ পঠিয়ায়—

‘পুলিটোৰ উশাহকণ জীয়াই ৰাখিলেই হ’ল। যাতে সি ঠাল-ঠেঙুলি মেলিব পাৰে। মোৰ ওচৰৰ পৰা যোৱাৰ পিছত যদি তাৰ উশাহ হেৰায়, তেতিয়া কিন্তু মোৰ খুব দুখ লাগিব। গতিকে সিমানখিনি প্রতিপাল তাক কৰিলেই হ’ল।’

প্ৰতিশ্ৰুতি সকলোৱে দিয়ে। ৰাখে নে নাৰাখে বৰুৱাই নাজানে । তথাপি তেওঁ পালন কৰে নিজ দায়িত্ব। আশা কৰে পৃথিৱীখন কেৱল সেউজীয়াই হৈ থাককচোন। তেওঁ আজিকালি আৰু এটা কাম কৰিবলৈ লৈছে। স্থানীয় উদীয়মান কিছু আগ্ৰহী ল’ৰা-ছোৱালীৰ সহায়ত এটা সংগঠন আৰম্ভ কৰিছে। প্ৰকৃতি ৰক্ষা তথা সুৰক্ষাৰ সংগঠন। সিহঁতক তেওঁ গছপুলি ৰুবলৈ শিকাইছে, প্রতিপাল কৰিবলৈ শিকাইছে। আটাইতকৈ ডাঙৰ কথা জীৱনকালত এদিনো এটা পুলি নুৰুলেও নাই, তথাপি কিন্তু এজোপাও গছ নাকাটিবলৈ শিকাইছে। ল’ৰা-ছোৱালীবোৰৰ উৎসাহ তেওঁ দেখিছে, উদ্যমো দেখিছে। সিহঁতে বৰ ভাল কাম কৰিছে। য’তে-ত’তে ৰুইছে গছৰ পুলি । আচলতে সিহঁতে গছ ভাল পাবলৈ শিকিছে। গছ ৰুবলৈ যে একো উপলক্ষ নালাগে, কেৱল মন থাকিলেই হ’ল, বুজিছে সেয়াও। তাতে শ্যামল বৰুৱাৰ পৰম সন্তুষ্টি। সপোনবোৰ সাকাৰ হৈছে লাহে লাহে । তেওঁ সংগঠনটোৰ নাম ৰাখিছে- ‘প্রকৃতি মিত্র’। অৰণ্যখনৰ নামটোও তাৰ লগতে মিলাই ‘সেউজ কানন’ কৰিছে। ইতিমধ্যে তেওঁলোকৰ ঘৰলৈ সোমোৱা ৰাস্তাটোৰ সন্মুখত নামফলক এখন লগাইছেই। ল’ৰা-ছোৱালীবোৰো সঁচাই যেন মিত্ৰ হৈ পৰিছে প্ৰকৃতিৰ, লগতে ‘সেউজ কানন’ৰো ।

‘প্রকৃতি মিত্ৰ’ই কেৱল গছপুলিয়ে নুৰুৱে। আতৰ্জনক সহায় কৰাৰো দীক্ষা দিয়া হৈছে তেওঁলোকক। বিভিন্ন বিপদত বিভিন্ন লোকক তেওঁলোকে ভোকৰ ভাতমুঠি যোগান ধৰি আহিছে। অন্যান্য যাৱতীয় বস্তুও যোগান ধৰিছে। সকলোৰে মনত কেৱল সেৱাৰ মনোভাৱ। যেন ‘কর্মই উপাসনা, হাঁহিয়েই জীৱন’। ‘প্রকৃতি মিত্ৰ’ই এই সেৱাৰ বিনিময়ত একো নাপায়। নিজৰ সামৰ্থ্য অনুসৰি দিয়েহে মাত্র। যেন আতৰ্জনৰ মুখত হাঁহি বিৰিঙিলেই তেওঁলোকৰ কষ্ট সার্থক হ’ব, প্রকৃতিয়ে মুক্ত উশাহ ল’ব পাৰিলেই তেওঁলোকৰ সপোনে পূর্ণতা পাব।

শ্যামল বৰুৱাই এটা বাট কাটিছে ভৱিষ্যতলৈ। কথাষাৰ কেউফালে বিয়পিল। তেওঁৰ সপোনেও পোখা মেলিবলৈ ধৰিলে দোপতদোপে। বালিময় ঠাইখনত মূৰৰ ঘাম মাটিত পেলাই কৰা শ্ৰমে পূর্ণতা পোৱাৰ পাছত আৰুনো কি লাগে সুখী হৈ থাকিবলৈ? তেওঁৰ মনত পৰে বালি আঁতৰাই মাটি মোকলাবলৈ যে কিমান কষ্ট হৈছিল এসময়ত। অ’ত-ত’ত গজি থকা পুলিবোৰক ঘৰ একোটা দিবলৈও যে কত কষ্ট হৈছিল। নিয়াৰিকৈ তেওঁ মাটি চহাইছিল, গাঁত খান্দিছিল, কোনটো গছৰ পুলি কোনখিনিত ৰুলে ভাল হ’ব পৰিকল্পনা কৰিছিল। তাৰ পিছতো শেষ হোৱা নাছিল প্ৰত্যাহ্বান। কোনোটো পুলি কেতিয়াবা মৰিছিল, তেওঁৰো এছোৱা মৰি যোৱা যেন লাগিছিল। অৱশেষত, মাটিখিনি অৰণ্যৰ উপযোগী হৈ উঠিছিলগৈ। তেৱোঁ কথা পাতিবলৈ আৰম্ভ কৰিছিল প্ৰতিজোপা গছৰ লগত। যেন সকলো তেওঁৰ মানসপুত্রহে। আজিকালিতো বতাহ বলিলেও তেওঁ কৈ দিয়ে বাসৱীক- ‘চোৱা চোৱা ইহঁতে মোৰ লগত মনৰ কথা পাতিছে।’ বাসৱীয়ে বুজে। মানুহজনৰ মনটো খুউব ভালকৈ বুজে। অৰণ্যখনেই যে তেওঁৰ সপোন সেয়া নতুনকৈ বুজাই কোৱাৰ আৰু প্ৰয়োজন নহয়।

শ্যামল বৰুৱাই আজিকালি কিছুমান গছত বাঁহ আৰু কাঠেৰে বাহ সাজি দিছে। আচলতে বাহ বুলি ক’লে ভুলেই হ’ব। ঘৰহে সেইবোৰ। তাত হেনো চৰাইৰ পৰিয়াল থাকিব। বাসৱীয়ে প্রথমে কৈছিল- ‘ক’তনো বাহৰ চৰাই সজাত বন্দী হ’বলৈ আহিব? গছবোৰ আছেই দেখোন বাহ সাজি ল’বলৈ। কি যে চিন্তা কিছুমান কৰে নহয় আপুনি ?’ চিন্তা তেওঁ ঠিকেই কৰিছিল। চৰাইবোৰকো তেওঁ চিনি পায় নহয়। সিহঁতেও বাহ বাদ দি ‘ঘৰতহে সোমাই থাকিবলৈ ল’লে। অৱশ্যে, সেয়া জিৰণি ঘৰহে বাৰু। তথাপি…।

অৰণ্যখনত কেইটামান শগুণৰ পৰিয়াল আছে। সিহঁত আক’ বৰুৱাৰ বাবে সকলোতকৈ বিশেষ। আজিকালি প্ৰায় নোহোৱা হ’বলৈ ধৰা এই চৰাইবিধে যে জীৱন যাপন কৰিবলৈ তেওঁৰ অৰণ্যখন বাছি লৈছে, সেয়াওতো বিশেষেই। সেয়ে সিহঁতলৈ বৰুৱাৰ মৰমবোৰো বিশেষ। সিহঁতৰ বাবে সাজি দিয়া ঘৰবোৰো কিছু বিশেষ, ব্যতিক্রম। এইবোৰতে শ্যামল বৰুৱাৰ পৰম সন্তুষ্টি। এইবোৰেই তেওঁৰ জীয়াই থকাৰ সমল।

‘প্রকৃতি মিত্র’ই শ্যামল বৰুৱাক এক ন-পচিয়েৰে পৰিচিত কৰি তুলিছে ক্ৰমান্বয়ে । সকলোৱে গম পাইছে বৰুৱা এজন ব্যতিক্রমী মানুহ। এই ব্যতিক্রমী পদক্ষেপৰ বাবেই তেওঁৰ হাতত দুদিন আগতে আহি পৰিছে এক বিশেষ খবৰ। যি খবৰ তেওঁৰ বাবে সপোনৰো অগোচৰ আছিল। খবৰটো পোৱাৰ পিছত তেওঁ কিছুপৰ থৰ লাগিছিল। তাৰ পিছত চিঞৰি চিঞৰি মাতিছিল। বাসৱী আৰু দুবৰিক । দৌৰি আহিছিল দুয়োজনী। বৰুৱাই তেওঁৰ হাতত থকা লেফাফাটো দূবৰিৰ ফালে আগবঢ়াই দি কৈছিল— “ভিতৰত কি লিখা আছে পঢ় ৷ মাৰকো পঢ়ি শুনা।’ পঢ়িছিল দুবৰিয়ে আৰু জোৰকৈ সাবটি ধৰিছিল দেউতাকক । বাসৱীয়ে চকুলো মোহাৰিছিল। লেফাফাৰ ভিতৰত থকা পত্ৰখনত লিখা আছিল- ‘প্রকৃতি সুৰক্ষাৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি থকা শ্যামল বৰুৱাক ভাৰত চৰকাৰে ‘সেউজ বন্ধু উপাধিৰে বিভূষিত কৰিছে।’ বঁটা গ্ৰহণ কৰিবৰ বাবে তেওঁক দিল্লীলৈ আমন্ত্ৰণ জনোৱা হৈছে। যি বঁটা স্বয়ং ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব। ইয়াতকৈ সুখৰ খবৰ আৰু কি লাগিছে শ্যামল বৰুৱাক ? কষ্টৰ স্বীকৃতিতকৈ ডাঙৰ উপহাৰ জানো কিবা আছে? তেওঁ সুখী হয়। বৰ সুখী। আৰু চকুৰ আগত জিলিকি উঠে এখন সুগভীৰ অৰণ্যৰ লগতে এখন সেউজ পৃথিৱী। য’ত প্ৰতিটো জীৱই শান্তিৰে উশাহ সলাব পাৰে, মনত কোনো মলিনতা নথকাকৈ ।

ফোনঃ ৯৮৬৪৯-৫৩৫৯১

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.