তৃষ্ণা নিবাৰণ নে ৰোগৰ আমন্ত্রণ? বাছি লওক সঠিক পথ

7

সময়ৰ সোঁতত ভাহি যোৱা আধুনিক জীৱনৰ তীব্ৰ চাপৰ মাজত মানুহে সন্ধান কৰে সতেজতাৰ, আনন্দৰ আৰু ক্ষণিক বিশ্রামৰ। এই সন্ধানৰ পতত কোমল পানীয় যেন এক মিঠা মৰীচিকা, যাৰ আকৰ্ষণ অপাৰ, কিন্তু যাৰ অন্তৰালত লুকাই থাকে অদৃশ্য বিপদৰ ছাঁ। কোমল আৰু শীতল । এই দুটা শব্দৰ গুণ বোধহয় পৃথিৱীবাসীৰ বাবে আটাইতকৈ প্রিয়, কিন্তু এই কোমলতা আৰু শীতলতাৰ প্রলেপেৰে ৰঙীন বটলত আৱদ্ধ এই পানীয়ই যেন নিজৰেই এক যাদুময় জগত সজাই তোলে। তাৰ মাজতে কঢ়িয়াই আনে সংগোপনে তিল তিল মৃত্যুৰ বিভীষিকা। চেনিৰ মিঠা স্পৰ্শ, বুদবুদীয়া গেছৰ খেল আৰু কৃত্ৰিম সোৱাদৰ মোহে মানুহৰ মন মুহূৰ্ততে মোহিত কৰি তোলে। কিন্তু এই মিঠা মোহৰ আঁৰত লুকাই থাকে এক নিঃশব্দ বিষ, যি ধীৰে ধীৰে দেহ-মনৰ ওপৰত নিজৰ আধিপত্য বিস্তাৰ কৰে । সহজ-সৰল মানুহৰ ধাৰণাই নহয় যে এই কোমল-শীতলে কেতিয়াবা আমাক বিশ্বাসঘাটকতা কৰিব আমাৰ আৱেগ-অনুভূতিক।

পানীয় (Beverage) এই শব্দটোৰ মূল উৎসটো হৈছে লেটিন ভাষাৰ ‘Bever’ শব্দটো। ইয়াৰ অৰ্থ হৈছে কামৰ পৰা জিৰণি লোৱা ৷ মানুহে পৃথিৱী পৃষ্ঠত প্ৰথম খোজ আৰম্ভ কৰাৰে পৰাই পানীয়ৰ ব্যৱহাৰ কৰি আহিছে। প্ৰাচীন ভাৰতীয় আৰু পৃথিৱীৰ অন্যান্য সভ্য তাত বিভিন্ন পানীয় ব্যৱহাৰৰ বাবে বহুতো উল্লেখ পোৱা যায়। প্রায়সমূহতে ফলৰ পৰা আৰু জামুৰ পৰা তৈয়াৰ কৰা পানীয়সমূহৰ বিষয়ে উল্লেখ কৰা হৈছে। এই ফলৰ ৰসসমূহক দুই ধৰণে ব্যৱহাৰ কৰা বুলি উল্লেখ কৰা হৈছিল। এবিধ তৰল আৰু আনবিধ হৈছে ডাঠ পানীয় ৷

এইটো এক সত্য যে পৃথিৱীত খোৱা প্ৰথম পানীয়তো হৈছিল পানী। এইটো কেৱল মুক্তভাৱে বৈ থকা পানী নহয়, বৰঞ্চ পানী সংৰক্ষণ কৰি ব্যৱহাৰ কৰা হৈছিল।

পানীৰ পিছতে অন্যতম উল্লেখনীয় পানীয় হিচাপে ভাৰতীয় সংস্কৃতিত স্থান লৈছিল গাখীৰে। প্ৰাচীন ভাৰতীয় মহাভাৰতত শ্ৰীকৃষ্ণৰ নন্দ গোৱালৰ ঘৰত জন্মৰ পৰা ডাঙৰ হোৱালৈকে সময়ছোৱাত কৃষ্ণই গাখীৰ (মাখন) খোৱাৰ কথা বৰ্ণনা কৰা হৈছে। আয়ুৰ্বেদতো গাখীৰৰ ব্যৱহাৰ সম্পৰ্কে উল্লেখ কৰা হৈছে। অন্যহাতে আমাৰ প্রাচীন শাস্ত্ৰসমূহত দেৱতাসকলে অমৃত আৰু সোমৰস পান কৰাৰ উল্লেখ পোৱা যায়। এই সোমৰসে মন আৰু শৰীৰৰ সতেজতা আনি দিয়ে বুলি প্ৰবাদ আছিল।

মোগল যুগৰ সময়ছোৱাত মিঠা আৰু ফলৰ চিৰাপযুক্ত সোৱাদ পানীয়ৰ প্ৰচলন হৈছিল। প্ৰথম অৱস্থাত তাত মিঠাৰ বাবে ব্যৱহাৰ কৰা হৈছিল মৌ। এইসমূহ গোলাপ, কেশৰ, চন্দন, জবাফুল, খুচ আদিৰে সুগন্ধিত কৰি সোৱাদযুক্ত কৰা হৈছিল আৰু এই মোগল যুগৰে ভাৰতবৰ্ষত চৰবতৰ প্ৰচলন হৈছিল। পৰৱৰ্তী সময়ত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালৰ পৰাই ভাৰতবৰ্ষত বায়ুমণ্ডলীয় পানীয়ৰ প্ৰৱৰ্তন হৈছিল। ১৮২৫ চনৰ আশে-পাশে ব্ৰিটিছ চিকিৎসকসকলে মেলেৰিয়া ৰোগৰ চিকিৎসাৰ বাবে কার্বনেটেড পানীত চেনিৰ সৈতে কুইনাইন মিহলাই মদ্যপান কৰিবলৈ সৈন্যসকলক দিছিল। এয়াই আছিল ভাৰতীয় টনিক্ পানীয়ৰ আৰম্ভণি।

এই পানীয়ৰ জনপ্রিয়তা দেখি ১৮৩৭ চনত মুম্বাইৰ এজন কেমিষ্ট হেনৰি ৰাজৰচে বায়ুমণ্ডলীয় ১৮৫৬ চনত পানীয়ৰ এটা প্ৰতিষ্ঠান সৰ্বসাধাৰণ জনতাৰ বাবে আৰম্ভ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ছোৱাত মুম্বাইত পল্লনজীৰ ৰাস্পব্ৰেৰী চ’ডা আৰম্ভ হয়। ১৮৮৯ চনত দিনশ্বাজী পাণ্ডোলৰ ডুক আদি কিছুমান আইকনিক ব্ৰেণ্ডৰ কাম আৰম্ভ হয়। ঠিক সেই সময়তে পুনেৰ আদেশ্বিৰ এণ্ড চলে কাম আৰম্ভ কৰে। উত্তৰ ভাৰততো ক্ৰমাৎ এনেধৰণৰ পানীয়ৰ জনপ্ৰিয় হ’বলৈ ধৰে। আটাইতকৈ জনপ্ৰিয় আছিল ‘বাণ্টা চ’ডা’ বা চ’ডাৰ বটলতো যিটোৰ ষ্টপ হিচাপে মাৰ্বল আছিল। জনা যায় যে দিল্লীৰ চান্দনী চ’কত এতিয়াও ইয়াক দেখা যায়। এই মাৰ্বলৰ চ’ডা বটল আমাৰ শৈশৱৰ নষ্টালজিয়া ।

এটি কোমল শীতল পানীয়ৰ পৃথিৱীজুৰি ইতিহাস ভিন্‌ ভিন্। কিন্তু এই কোমল পানীয়ৰ আৱিষ্কাৰ কেতিয়া আৰু ক’ত হৈছিল ? আমেৰিকা যুক্তৰাষ্ট্ৰত ১৮৩০ চনত কোমল পানীয়ৰ উদ্যোগ প্রতিষ্ঠা হৈছিল বুলি জনা যায়। হয়তো সেই কোমল পানীয়ে আৰু আজিৰ কোমল পানীয়ৰ মাজত এক বিৰাট পার্থক্য। প্রায় ২০০০ বছৰ আগতে ঔষধৰ পিতৃ ‘হিপক্ৰেটছ’ৰ সন্দেহ হৈছিল . ‘মিনাৰেল পানী’ আমাৰ বাবে এটা ভাল বস্তু। পৃথিৱীৰ বুকুৰ পৰা বুদ বুদ কৰি ওলাই অহা মিনাৰেল পানী খালে কি হ’ব পাৰে, সেই সম্পৰ্কে ধাৰণা কৰিব পৰা নাছিল। গ্রীক আৰু ৰোমানসকলে এই পানী গা-ধুবৰ বাবে ব্যৱহাৰ কৰিছিল । ইয়াৰ হাজাৰ বছৰৰ পিছতহে এই – মিনাৰেল পানী এক সুন্দৰ আৰামদায়ক খোৱা পানী সম্পৰ্কে মানৱ সভ্যতাই জানিব পাৰিছে। প্ৰথম অৱস্থাত মানুহে এই পানীৰ ব্যৱহাৰ কৰি অজীৰ্ণ আৰু আথ্ৰাইটিছ ৰোগৰ উপশম হয় বুলি ধাৰণা কৰিছিল। লগে লগে বিজ্ঞানীসকলৰ অনুসন্ধিৎসু অধ্যয়নে জানিব পাৰিলে বুদ বুদ কৰি পৃথিৱীৰ বুকুৰ পৰা ওলাই মিনাৰেল পানীত থকা গেছবিধ কার্বন-ডাই-অক্সাইড। লগে লগে আৱিষ্কাৰ কৰিলে বিজ্ঞানাগাৰত তেনে এবিধ পানী প্ৰস্তুত কৰা পদ্ধতি পানীত কার্বন-ডাই অক্সাইড সংযোগ পদ্ধতিয়ে কোমল পানীয়ৰ ঔদ্যোগিক জগতত আনি দিলে এক নৱৰূপ। ক্রমে ক্রমে এই কোমল পানীয়ত আহি পৰিল বিভিন্ন ধৰণৰ স্বাদৰ সংযোজন। প্ৰথম অৱস্থাত নেমু, ষ্ট্ৰবেৰী, আদা ইত্যাদিৰ স্বাদ ব্যৱহাৰ কৰি এই কোমল পানীয়সমূহ প্ৰস্তুত কৰা হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত মেচিনসহ লৈ কোমল পানীয়সমূহ স্থানে স্থানে মেচিনত প্ৰস্তুত কৰি বিক্ৰী কৰিছিল। সমস্যা আছিল বটলত লৈ যোৱাৰ, কাৰণ কোমল পানীয়ত ব্যৱহাৰ কৰা গেছ ওলাই গৈছিল উপযুক্ত সাঁফৰৰ অভাৱত । কোলাৰ আৰম্ভণি ১৮৮৬ চনৰ পৰা হয়। কোলা অৰ্থাৎ চ’ডাযুক্ত কোমল পানীয়। কোকাকোলা আৱিষ্কাৰ কৰিছিল জন পেম্বাটনে। যাক অন্য কোম্পানীসমূহে ক্ষীপ্ৰতাৰে অনুকৰণ কৰিছিল।

প্রায় ১৫০০ বিধমান সাঁফৰৰ পৰীক্ষা- নিৰীক্ষাৰ পিছত ১৮৯২ চনত বৰ্তমানৰ ‘ক্রাউন কৰ্ক’ সাঁফৰৰ আৱিষ্কাৰৰ লগে লগে ‘কোমল পানীয়’ৰ উদ্যোগলৈ এক নতুন গতি আহি পৰিল । মানুহে বটলত কোমল পানীয় লৈ গৈ ঘৰত স্বাদ ল’ব পৰা হ’ল । গ্লাছৰ বটলৰ পৰা কোমল পানীয় প্লাষ্টিক বটললৈ আহে ১৯৭০ চনত । ইয়াৰ মাজত কোমল পানীয়ৰ বহু ইতিহাস।

আজি আমাৰ সমাজ এক স্বাস্থ্য সচেতন সমাজ। ক্রমাৎ কোমল পানীয়ই আমাৰ স্বাস্থ্যত কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে এই সম্পৰ্কত বিভিন্ন ধৰণৰ আলোচনা, পৰীক্ষা-নিৰীক্ষা হ’ব ধৰিছে। প্ৰচণ্ড শীতৰ দিনতো আজি আমাৰ এচামে শীতল ৰূমৰ ভিতৰত বহি কোমল পানীয়ৰ জুতি লয়। ই এক ধুন (Fashion)ত পৰিণত হৈছে। এই কোমল পানীয়সমূহে আমাৰ স্বাস্থ্যৰ কোনোধৰণৰ উৎকৰ্ষ সাধন কৰিব নোৱাৰে, কিন্তু ইয়াৰ পৰিৱৰ্তে আমাৰ শৰীৰত বিষাক্তকৰণ দ্ৰব্যৰহে যোগান ধৰে।

প্রকৃততে এই কোমল পানীয়সমূহত থাকে কি? আমাৰ শৰীৰৰ বাবে ইয়াৰ প্ৰয়োজন আছেনে? এই সম্পৰ্কে বিচাৰ কৰি চালে আমি পাম, কোমল পানীয়সমূহত থকা মূল উপাদানসমূহ হৈছে কার্বন-ডাই-অক্সাইড, চেনি, পানী, এচিড, ফলৰ ৰস, ৰং আৰু সুগন্ধিকৰণ দ্রব্য। হয়তো এই গোটেইকেইটা বস্তু একেলগে কোনো এটা শীতল পানীয়ত আমি বিচাৰি নাপাবও পাৰোঁ।

প্ৰকৃততে সকলোধৰণৰ কোমল পানীয়ই অম্লজাতীয়। বিশেষভাৱে ক’লা জাতীয় (চ’ডাযুক্ত) যিসমূহ কোমল পানীয় আছে। সমীক্ষাত প্ৰকাশ পাইছে যে আমি খোৱা প্ৰতিগ্লাছ ক’লা জাতীয় কোমল পানীয়ত থকা অম্লখিনি মানৱ শৰীৰত প্রশমিত কৰিবৰ বাবে প্ৰায় ৩২ গ্লাছ ক্ষাৰকীয় পানীৰ প্ৰয়োজন হয়। চিকিৎসা বিশেষজ্ঞসকলে মতে আমাৰ প্ৰতিটো বেমাৰেই অম্ল ভাল পায়। অৱশ্যে অন্য এক চিকিৎসা সম্পৰ্কীয় সমীক্ষাৰ পৰা জনা গৈছে যে শৰীৰৰ কোষসমূহত যদি অলপ নিয়মিত Ph (অকণমান ক্ষাৰৰ্কীয়) চলি থাকে তেন্তে আমাৰ শৰীৰত কেঞ্চাৰ ৰোগ গঢ় লৈ উঠিব নোৱাৰে। কেঞ্চাৰ এটা গছ পুলিৰ দৰে আৰু বিশেষজ্ঞসকলৰ মতে অধিক অম্লজান থকা পৰিৱেশত থাকিব নোৱাৰে। ক’লা জাতীয় যিসমূহ পানীয় আছে সেইসমূহে আমাৰ শৰীৰত অক্সিজেনৰ পৰিমাণ কমাই দিয়ে। বিভিন্ন সমীক্ষাত প্ৰকাশ পাইছে যে ইও এটা কেঞ্চাৰৰ অন্যতম কাৰণ। গড় হিচাপে আমেৰিকানসকলে বছৰত প্ৰায় ২৫০ লিটাৰ আৰু ভাৰতীয়সকলে বছৰত প্ৰায় ৪০ লিটাৰ কোমল পানীয় গ্ৰহণ কৰে। আমাৰ জীৱনৰ প্ৰতি অধিক দায়িত্ব আমি নিজেই ল’ব লাগিব ।

যদিওবা কোমল পানীয়ত আমাৰ শৰীৰৰ বাবে প্রয়োজনীয় যথেষ্ট ‘কেলৰি’ আছে, কিন্তু পৌষ্টিক গুণ একেবাৰেই নাই। ইয়াত প্ৰায় এশ শতাংশই পানী আৰু ডায়েট ক’লা থাকে। এই কোমল পানীয়ত থকা চেনীৰ পৰাই এই কেলৰিখিনি পোৱা যায়। এই মিঠা আৰু ঠাণ্ডা কোমল পানীয়সমূহেই আমাৰ সঘনাই হোৱা পানীলগা জ্বৰ আৰু ৰোগ সঞ্চাৰণৰ কাৰক ৷ এটা কোমল পানীয়ত প্রায় ১২ চাহ চামুচ চেনি থাকে আৰু এইখিনি চেনিয়ে আমাৰ শৰীৰৰ প্ৰতিৰোধকাৰী বগা ৰক্তকণিকাৰ প্ৰতিৰোধ ক্ষমতা ৫ ঘণ্টালৈকে প্রায় ৬০ শতাংশ কমাই ৰাখিব পাৰাৰ বাবে সক্ষম বুলি জনা গৈছে। বিশেষজ্ঞসকলৰ মতে কোমল পানীয় আৰু কঠিন সুৰাৰ মাজত বিশেষ পাৰ্থক্য পোৱা নাযায় । বহু ক্ষেত্ৰত পোৱা যায় যে যিসমূহ সৰু ল’ৰা- ছোৱালীয়ে অধিকভাৱে কোমল পানীয় গ্ৰহণ কৰে তেওঁলোকৰ লিভাৰ চিৰ’চিছ হ’ব পাৰে, যিটো সৰ্বসাধাৰণতে অধিক মদ্যপায়ীসকলৰ ক্ষেত্ৰত বিশেষভাৱে দেখা যায়। এইক্ষেত্ৰত জনা উচিত যে লিভাৰ চিৰ’চিছ মানৱ শৰীৰৰ এক জটিল ৰোগ যাৰ চিকিৎসা সহজসাধ্য নহয় ।

বহুতো কোলা বা পিপাৰজাতীয় কোমল পানীয় আছে, য’ত কেফাইন তাৰ অন্যতম এটি উপাদান। অন্যহাতে আজিকালি কফিও বহুতো কোমল পানীয়ৰ উপাদান হিচাপে ব্যৱহাৰ কৰা হয়। কেফাইন এনে এটি উপাদান, যিয়ে মুখ্য স্নায়ুতন্ত্ৰক উত্তেজিত কৰি তুলিব পাৰে। ইয়াৰ পৰা টোপনী নহা অসুখ, স্নায়ৱিক দুৰ্বলতা, অলপতে বিৰক্তি লগা, উৎকণ্ঠাত ভোগা আৰু বুকুৰ ধপনিৰ অসুখ কৰিব পাৰে। এই কেফাইনৰ পৰা মানুহৰ হ’ব পৰা সুদূৰপ্ৰসাৰী ক্রিয়া সম্পৰ্কে বিভিন্ন মহলত পৰীক্ষা-নিৰীক্ষা অব্যাহত আছে। অন্যহাতে গৰ্ভৱতী মাতৃৰ কেফাইন সেৱনে তেওঁৰ আগন্তুকজনৰ জন্মৰ ক্ষেত্ৰত বিশেষ ধৰণৰ প্ৰভাৱ পেলাব পাৰে।

ক’লাজাতীয় কোমল পানীয় কোমেল নামৰ ৰং ব্যৱহাৰ কৰা হয়। বিশেষজ্ঞসকলৰ মতামত অনুসৰি এই কোমেল ৰঙে মানুহৰ
কেঞ্চাৰ আৰু বংশগত গুণৰ প্ৰভাৱ পেলাব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। কিছুমান কোমল পানীয়ত থাকে ফচফৰিক এচিদ আৰু কাৰ্বন-ডাই- অক্সাইড। ইয়াৰ পৰা আমাৰ শৰীৰত অন্তদহন হয় । এই ফচফৰিক এচিডে মানৱ শৰীৰৰ ফচফ্ৰাচ আৰু কেলছিয়ামৰ অনুপাতৰ প্ৰভাৱ পেলায় আৰু শৰীৰৰ হাড়ৰ পৰা কেলছিয়াম প্রশমিত কৰে। যাৰ ফলত আমাৰ হাড় দুর্বল তথা হাড়ৰ অসুখ পৰ্যন্ত হ’ব পাৰে। অন্যহাতে আমাৰ পেটত থকা হাইড্ৰ’ক্লৰিক এচিডৰ স’তে ফচফৰাচে ক্ৰিয়া কৰি ইয়াক অকামিলা কৰি তুলিব পাৰে, ফলত আমাৰ অজীর্ণ, পেটফুলা আৰু পেটত বায়ুৰ সৃষ্টি কৰিব পাৰে। আমাৰ শৰীৰে খাদ্য দহনৰ পিছত যি কাৰ্বন-ডাই-অক্সাইড শৰীৰৰ পৰা এক স্বাভাৱিক প্ৰক্ৰিয়াৰে বাহিৰ কৰি পঠাই সেই কার্বন-ডাই-অক্সাইডকে আমি কোমল পানীয়ৰ জৰিয়তে আমাৰ শৰীৰত অনিমন্ত্ৰিত অতিথি হিচাপে স্থান দিওঁ।

ঠাণ্ডা পানীয়সমূহে আমাৰ এণ্টাচিডসমূহ লগত বিৰূপ ক্ৰিয়া কৰিব পাৰে, যাৰ ফলশ্ৰুতিত কোষ্ঠ-কাঠিন্য, কেলছিয়াম কম হোৱা, উচ্চ ৰক্তচাপ, বমি, মূৰ কামোৰণি আৰু কিডনী ইত্যাদি ৰোগ হ’ব পাৰে ৷ আনহাতে কোমল পানীয়সমূহে পেনিচিলিন আৰু এম্পিচিলিনৰ বেক্টেৰিয়া প্ৰতিৰোধকাৰী ক্ষমতা কমাই দিব পাৰে ।

কোমল পানীয়ৰ গড় ph ৰ মাত্ৰা ৩.৪। অর্থাৎ ই যথেষ্ট আম্লিক। এই আম্লিকতাই আমাৰ শৰীৰৰ হাড় আৰু দাঁতৰ কেলছিয়াম প্রশমিত কৰিবৰ বাবে যথেষ্ট। আমাৰ শৰীৰৰ হাড়ৰ গঠন প্রক্রিয়া ৩০ বছৰমান বয়স ৰ পৰা কমি যায় আৰু ইয়াৰ পিছৰ পৰা ক্ৰমে ক্ষয় কৰা প্ৰক্ৰিয়া আৰম্ভ হয়। এই কেলছিয়ামৰ ক্ষয় প্ৰক্ৰিয়াই আমাৰ ধমনি, সিৰ, শৰীৰৰ চিটু আৰু বিভিন্ন অস্ত্ৰত জমা হৈ আমাৰ কিডনিত প্ৰভাৱ পেলায় আৰু কিডনী পাথৰ হোৱা ৰোগ হ’ব পাৰে।

ভিটামিন আৰু মৌলিক উপাদান আমাৰ কোমল পানীয়সমূহত একো নাই। ইয়াত মাথোঁ থাকে চেনি, সংৰক্ষণক, ৰং আৰু আম্লিকতা। আমাৰ বিশেষ লক্ষ্য কৰিবলগীয়া কথা হৈছে, আমাৰ শৰীৰৰ বাবে প্রয়োজনীয় উত্তাপ ৩৭° চেণ্টিগ্রেড, কিন্তু ঠাণ্ডা পানীয়সমূহৰ তাপমাত্রা ৩৭° চেণ্টিগ্রেডতকৈ বহুত তলত। বহুক্ষেত্ৰত ই প্রায় ০° চেণ্টিগ্রেড পর্যন্ত হয়। ফলত আমাৰ শৰীৰ পাচন ক্ৰিয়াৰ ওপৰত প্ৰভাৱ পৰে। ইয়াৰ ফলত আমাৰ শৰীৰ এনজাইমসমূহৰ ক্ৰিয়া কমি যায় আৰু ফলশ্ৰুতিত আমাৰ শৰীৰৰ খাদ্য দহন প্ৰক্ৰিয়াত ব্যাঘাত জন্মি বিভিন্ন ধৰণৰ অসুখ হ’ব
পাৰে।

বৰ্তমান সময়ত বজাৰত কৃত্ৰিমভাৱে প্ৰস্তুত কৰা মিঠা সামগ্ৰী, কোমল পানীয়ত সংযোজিত কৰা দেখা যায়। এইসমূহৰ ভিতৰত এছপাটাম, যাক আমি ছুগাৰ ফ্ৰী বুলি জানো আৰু আনটো চেকাৰিন, যিটো চেনিতকৈ শতগুণে মিঠা। এই দুয়োবিধ সামগ্ৰীয়ে আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। চুগাৰ-ফ্ৰীৰ অত্যধিক পৰা মাইগ্ৰেইন, স্মৃতিশক্তি হ্রাস, আৱেগিক বিকাৰ, দৃষ্টিশক্তি ম্লান, উশাহ-নিশাহত কষ্ট পোৱা ইত্যাদি ৰোগৰ কাৰক হ’ব পাৰে ।

এই কোমল শীতল পানীয়সমূহতকৈ প্রাকৃতিকভাৱে উৎপাদিত সতেজ ফল-মূলৰ ৰসসমূহ আৰু ইয়াৰ পৰা প্ৰস্তুত কৰা পানীয়সমূহেই মানৱ স্বাস্থ্যৰ বাবে অতি উপযোগী। কৃত্ৰিমভাৱে প্রস্তুত কৰা এই পানীয়সমূহৰ ব্যৱহাৰ আমাৰ দৈনন্দিন জীৱনত স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সীমিত ব্যৱহাৰে সুস্থ জীৱন-যাপনৰ অমূল্য বৰদান হ’ব।

সমীৰণ বৰুৱা
অৱসৰপ্ৰাপ্ত অভিহিত বিষয়া,
খাদ্য সুৰক্ষা বিভাগ

You might also like

Comments are closed, but trackbacks and pingbacks are open.