দৈনিক ৰাশিফল ৪ ফেব্ৰুৱাৰী ২০২৬

24

শ্ৰীশ্ৰীসূৰ্যায় পৰমব্ৰহ্মণে নম:

২১ মাঘ, বুধবাৰ , ইং ৪ ফেব্ৰুৱাৰী ২০২৬
সূৰ্যোদয় ঘ: ৬/১০/৪৭
সূৰ্যাস্ত ঘ: ৫/৩/৩১
ৰাশি: সিংহ ৰাশি। শে:ৰা:ঘ:- ৬/৯/১৪ যোৱাত কন্যা ৰাশি।
তিথি: কৃষ্ণা তৃতীয়া  তিথি। ৰা:ঘ:- ১/৪৭/৩ যোৱাত শুক্লা চতুৰ্থী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ: পূৰ্ব্ব ফাল্গুনী , ৰা:ঘ:- ২/৩/২৫ লৈ ।
শুভ সংখ্যা: ৭/৫
শুভ ৰং: বগা / সেউজীয়া  ।
আদ্যঋতু: কান্তা  যোগ ।
মৰণৰ দোষ: নাই  ৰা:ঘ:- ২/৩/২৫ দ্বিপদ।
যাত্ৰা: অগ্নি কোনত নাই । ৰা:ঘ: ১/৪৭/৩  যোৱাত নৈঋত কোনত নাই।
যোগিনী: অগ্নি কোনত  । ৰা:ঘ: ১/৪৭/৩  যোৱাত নৈঋত কোনত।
ভক্ষ্যাভক্ষ্য: পটল খোৱা নিষেধ। ৰা:ঘ: ১/৪৭/৩ যোৱাত মূলা খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ বুলি কব পাৰি, প্ৰেমত আনন্দ বাঢ়িব, বিবাহিত ব্যক্তি সকলে সন্তানৰ পৰা আনন্দ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে ঘৰুৱা কৰ্মত কৰ্মত সামান্য অশান্তিৰ সৃষ্টি  হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সুখ শান্তি বাঢ়িব, কৰ্মত আত্মীয় পৰিয়ালৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনৰ আশা ভংগ হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৩. মিথুন ৰাশি (ক,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত উৎসৱ পাৰ্বনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, কৰ্মত যশস্যা বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে মানসিক ক্লেষ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি (ড,হ): কৰ্কট ৰাশিৰ  জাতক-জাতিকা সকলৰ   আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, কৰ্মত সামান্য পৰিবৰ্তন আহিব পাৰে যদিও আজি আপুনি ভ্ৰমণত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ  আজিৰ দিনটোত লগ বন্ধুৰ আগমন হ’ব, কৰ্মত সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, কৰ্মত সুনাম অৰ্জন কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ  আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, খেলুৱৈ সকলৰ সুনাম বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত নতুন নতুন দ্বায়িত্ব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত উকীল সকলৰ সুনাম বাঢ়িব, আনন্দ মনে দিনটো পাৰ হব, যদিও আজি আপুনি সজাগ নহ’লে প্ৰেমত আৰু মৰমৰ ক্ষেত্ৰত সামান্য সংঘাত সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত আত্মীয় পৰিয়ালৰ আগমন হ’ব, ধন- সম্পত্তি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য শৰীৰত ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): মকৰ ৰাশি  জাতক-জাতিকা সকলৰ আজিৰ  দিনটোত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য আঘাত পাৱলগীয়া হ’ব পাৰে , লগতে আজি আপুনি সজাগ নহ’লে সামান্য মিছা অপৱাদ পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি (গ,শ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, গৃহ শুভ কৰ্ম হ’ব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি ( দ,চ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বাঢ়িব , লগতে আজি আপোনাৰ মনত সামান্য খংঙ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.