ড॰ হৰিশংকৰ কাকতী
অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক
দক্ষিণ কামৰূপ মহাবিদ্যালয়, মিৰ্জা
২০ মে’ ২০২৪, পুৱাৰ ভাগত ৰোমৰ বিখ্যাত কল’ছিয়াম দৰ্শন কৰাৰ পিছত আমাৰ পৰৱৰ্তী গন্তব্য স্থান আছিল কল’ছিয়ামৰ ঠিক পশ্চিমে অৱস্থিত ৰোমান ফ’ৰামলৈ৷ ট্ৰেভেল এজেন্সীৰ পৰা আমাৰ সকলোৰে বাবে টিকট কটা হৈছিল তাত প্ৰৱেশৰ বাবে৷ গেটটোৰে প্ৰৱেশ কৰাৰ সময়ত প্ৰৱেশ পত্ৰৰ লগতে পৰিচয়-পত্ৰ দেখুওৱাটো বাধ্যতামূলক৷ পৰিচয়-পত্ৰৰ নামত পাছপ’ৰ্টখন হ’লেই হয়৷ আমাৰ দলৰ কেইজনমানে পাছপ’ৰ্ট লগত নিনিয়াৰ বাবে আধাৰ কাৰ্ড দেখুৱাই প্ৰৱেশ কৰিব পাৰিছিলোঁ৷ তালৈ যোৱাৰ আগতে আমাক পাছপ’ৰ্ট নিব লাগিব বুলি কোৱা হোৱা নাছিল বাবে মই হোটেলৰ কোঠাতেই পাছপ’ৰ্টখন এৰি গৈছিলোঁ৷ কাৰণ বিদেশত পাছপ’ৰ্টখন লৈ ফুৰোৱাতকৈ হোটেলত থৈ যোৱাই নিৰাপদ৷ কিবা কাৰণত সেইখন হেৰুৱাব লাগিলে কিমান যে নগুৰ-নাগতি হব সেয়া বৰ্ণনাতীত৷
এই ৰোমান ফ’ৰামেই হ’ল (যাক ‘ফ’ৰাম ৰ’মানাম’ বুলিও কোৱা হয়) প্ৰাচীন ৰোম চহৰ৷ অতীততে ই এটা আয়তাকাৰ প্লাজা আছিল আৰু বৰ্তমান ইয়াৰ চাৰিওফালে গুৰুত্বপূৰ্ণ প্ৰাচীন চৰকাৰী ভৱনৰ ধ্বংসাৱশেষবোৰ দেখা যায়৷ ই প্ৰাচীন ৰোমানসকলৰ জীৱনৰ হৃদয় হিচাপে কাম কৰিছিল য’ত তেওঁলোকৰ ৰাজনৈতিক, ধৰ্মীয় আৰু সামাজিক সভা অনুষ্ঠিত কৰা স্থান লগতে অপৰাধমূলক বিচাৰ, নিৰ্বাচন আদি অনুষ্ঠিত হৈছিল৷
লাহে লাহে আমি প্ৰৱেশদ্বাৰেৰে ফ’ৰামৰ ভিতৰ ফাললৈ আগবাঢ়িলোঁ৷ সিদিনা ৰোমত ৰ’দৰ প্ৰখৰতা বেছি আছিল৷ কেপিটলাইন আৰু পেলেটিন পাহাৰৰ মাজৰ উপত্যকাত অৱস্থিত এই ফ’ৰামক খ্ৰীষ্টপূৰ্ব ৭ম শতিকাত নিৰ্মাণ কৰা হৈছিল৷ জলাশয়যুক্ত কবৰ স্থানৰ পৰা ৰোমান জীৱনৰ কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছিল ফ’ৰাম হিচাপে৷ গাইডে কোৱামতে এই ফ’ৰামত শনি, ভেষ্টা, কেষ্টৰ আৰু পলাক্সকে আদি কৰি অসংখ্য মন্দিৰ আছিল৷ আন উল্লেখযোগ্য গঠনসমূহৰ ভিতৰত আছিল ৰষ্টা (বক্তাৰ মঞ্চ), কুৰিয়া (চিনেটৰ ঘৰ) আৰু বিভিন্ন বেচিলিকা (এক প্ৰকাৰৰ গিৰ্জা)৷ ৰোমান সাম্ৰাজ্য পতনৰ পিছত ফ’ৰামৰ অৱস্থা বেয়া হৈ পৰে৷ শেষত ইয়াক চৰণীয়া পথাৰ হিচাপে ব্যৱহাৰ কৰা হয়৷ ১৮ আৰু ১৯ শতিকাত পদ্ধতিগত খনন আৰম্ভ হোৱাত বৰ্তমানৰ ধ্বংসাৱশেষবোৰ উন্মোচিত হয়৷
ৰোমান ফ’ৰামৰ বাহিৰেও ৰোমত চিজাৰ ফ’ৰাম, অগষ্ট ফ’ৰাম, ট্ৰাজান ফ’ৰাম, নাৰ্ভা ফ’ৰামকে আদি কৰি অনেক ফ’ৰাম আছে৷ বছৰৰ পিছত বছৰজুৰি এই প্ৰাচীন ফ’ৰামবোৰৰ সংৰক্ষণ আৰু সংবৰ্ধন হৈয়েই আছে৷ অতীত কালত এই ফ’ৰামবোৰৰ ভিতৰত কেনেকৈ যুদ্ধবন্দীসকলক ৰাখিছিল, একেবাৰে পংগুসকলক কেনেকৈ গভীৰ নাদত মাৰি পেলাইছিল, সেই বিষয়ে দুঃখজনক কাহিনীবোৰ আমাক গাইডে বুজাই দিছিল৷ বিশাল ৰোমান ফ’ৰামৰ ধ্বংসস্তূপৰ মাজে মাজে কিছুদূৰ গৈ সেইবোৰ চাই এইবাৰ আমি প্ৰৱেশ কৰিলোঁ ৰোমান ফ’ৰামৰ চৌহদতে অৱস্থিত সংগ্ৰহালয়টোত৷
ৰোমান ফ’ৰামৰ নতুন সংগ্ৰহালয়টো চাণ্টা মাৰিয়া নোভাৰ ক্লষ্টাৰৰ তলৰ মহলাত অৱস্থিত৷ বিংশ শতিকাৰ আৰম্ভণিতে পুৰাতত্ত্ববিদ আৰু স্থপতিবিদ জিয়াকামো ব’নিয়ে খনন কৰা ৰোমান ফ’ৰামৰ মূল্যৱান সামগ্ৰীসমূহ এই সংগ্ৰহালয়ৰ প্ৰদৰ্শনীত একত্ৰিত কৰি ৰখা হৈছে৷ ১৯০৮ চনত জিয়াকামো ব’নিয়ে খনন কৰা ৰোমান ফ’ৰামৰ ১৪৯২ চনৰ পৰা ১৫০৩ চনৰ ভিতৰত ষষ্ঠ আলেজেণ্ডাৰৰ নিৰ্দেশত নিৰ্মাণ কৰা কনভেণ্ট অব্ চাণ্টা ফ্ৰেন্সেস্কা ৰোমানা চৌহদত ফ’ৰামৰ প্ৰথমটো এণ্টি-কুৱেৰিয়াম স্থাপন কৰে৷ যাৰ উদ্দেশ্য আছিল ৰোমান ফ’ৰামৰ অঞ্চলত সেই বছৰবোৰত কৰা খননৰ সংগ্ৰহবোৰ জনসাধাৰণৰ মাজত উপস্থাপন কৰা৷
প্ৰথমে নটা প্ৰদৰ্শনী কক্ষৰে গঠিত এণ্টি-কুৱেৰিয়ামটো গৱেষণা আৰু অধ্যয়নৰ সাংস্কৃতিক কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ কথা আছিল৷ মূল
বৈশিষ্ট্য আছিল কোঠাবোৰত প্ৰদৰ্শিত প্ৰত্নতাত্ত্বিক সামগ্ৰীসমূহৰ উপস্থাপন৷ সময়ৰ লগে লগে ডাণ্টে ভাগ্লিয়েৰী, আলফনছ’ বাটক্সলি আদিৰ খনন আৰু গৱেষণাৰ সময়ত উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ প্ৰদৰ্শনৰ লগত জড়িত এণ্টি-কুৱেৰিয়াম সংগ্ৰহালয়টো সম্প্ৰসাৰণ কৰা হয়৷ সংগ্ৰহালয়টোৰ এটি অংশত ১৯৮০ চনৰ পৰা ১৯৯০ চনৰ ভিতৰত ৰোমৰ প্ৰত্নতাত্ত্বিক অধীক্ষকে খনন কৰা কেপিটলাই ক্লিভাছৰ তথাকথিত ভ’টিম ডিপজিটৰ গুৰুত্বপূৰ্ণ খনন সংগ্ৰহসমূহো আছে৷ সংগ্ৰহালয়টোৰ গোটেইবোৰ কোঠা ঘূৰিপকি ম’বাইলৰ কেমেৰাত কিছু ফটো আবদ্ধ কৰি আমি তাৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ৷ ৰোমৰ এই ফ’ৰামবোৰ তন্নতন্নকৈ চাবলৈ বহুত সময়ৰ প্ৰয়োজন৷ আমাৰ ভ্ৰমণসূচী ইতিমধ্যে স্থিৰ কৰা আছিল বাবে গাইডে বান্ধি দিয়া সময় মতেই তাৰ পৰা গুচি আহিব লগা হ’ল৷
বাহিৰলৈ ওলাই অহাৰ পিছত গাইডে আমাক আটাইকে বাছখনৰ ওচৰলৈ লৈ গ’ল৷ আমাৰ পিছৰ গন্তব্যস্থলী আছিল নাতিদূৰৈত থকা ভেটিকান চহৰ৷ এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে আমাৰ ভ্ৰমণৰ বাবে ঠিক কৰা বাছখন মাৰ্চিডিজ কোম্পানীৰ, বেছ আৰামদায়ক, পৰিষ্কাৰ-পৰিচ্ছন্ন৷ চকাকেইটাও আনকি অকণমানো ধূলি, বোকাৰ দাগ নলগাকৈ পৰিষ্কাৰ- যেন এইমাত্ৰ চকাৰ দোকানৰ পৰা কিনি আনি লগাইছেহে৷ অৱশ্যে ৰাস্তা-ঘাটবোৰ ইমান পৰিষ্কাৰ-পৰিচ্ছন্ন যে চকাত ধূলি-বালি বা বোকাৰ দাগ লগাটো সপোনৰো অগোচৰ৷ আমাৰ ইয়াৰ নিচিনা বাছবোৰৰ কোনো পৰিচালক বা হেণ্ডিমেন আদি নাথাকে৷ চালকেই লাগেজ ভৰোৱাৰ পৰা আৰম্ভ কৰি সকলো কৰে৷ বাতানুকূল বাছখনৰ ভিতৰত মাইক্ৰ’ফোন আৰু ছাউণ্ড বক্সৰ ব্যৱস্থা আছে, যাৰ সহায়ত গাইডে কথাবোৰ সকলোৱে শুনাকৈ কৈ দিব পাৰে৷ বাছখনত উঠি কিছুদূৰ যোৱাৰ পিছতেই ভেটিকান চহৰত উপস্থিত হ’লোঁ৷
ভেটিকান- ইতিহাসে স্মৰণ কৰিব নোৱাৰা হেজাৰ বছৰৰ প্ৰাচীন ঐতিহ্যৰে পৰিপূৰ্ণ পৃথিৱীৰ ক্ষুদ্ৰতম স্বাধীন দেশ৷ ৰোম মহানগৰৰ এটি সৰু অংশ হৈয়ো এখন দেশ৷ আমাৰ বাছখন কিছুদূৰতেই ৰৈ গ’ল৷ গাইডে আমাক ভেটিকানৰ সীমাৰ ওচৰলৈ অহা বুলি কৈ তাৰ পৰা আমাৰ বাছখন আৰু আগুৱাই সোমাই যাব নোৱাৰে বুলি ক’লে৷ আমি আটায়ে খোজ কাঢ়ি আহি আহি ভেটিকানৰ এখন খোলা আহল-বহল পথাৰসদৃশ পকা চোতালত প্ৰৱেশ কৰিলোঁ৷ তাত থকা এখন বেৰিকেডেৰে ৰোম আৰু ভেটিকান চহৰক পৃথক কৰা হৈছিল৷ টাইবাৰ নদীৰ পাৰত গঢ় লৈ উঠা ভেটিকান হ’ল ৰোমান কেথ’লিক গিৰ্জাৰ মুখ্য কাৰ্যালয়ৰ পৱিত্ৰভূমি৷ ছেইণ্ট পিটাৰ্চ বেচিলিকাৰ সন্মুখত বিৰাট জনসমুদ্ৰ৷ বাহিৰত দেখিলোঁ পোপে ভাষণ দিয়া ঠাই টুকুৰা৷ এই ঠাইখিনিত পোপৰ ভাষণ শুনিবলৈ ৫০ হাজাৰৰ পৰা এক লাখ মানুহ সমৱেত হয়৷
এইখিনিতে বেচিলিকা আৰু গিৰ্জাৰ মাজত থকা পাৰ্থক্য জানো আহক৷ গিৰ্জা হৈছে যিকোনো খ্ৰীষ্টান উপাসনা স্থানৰ বহল শব্দ, আনহাতে বেচিলিকা হৈছে ঐতিহাসিক, আধ্যাত্মিক বা স্থাপত্যৰ তাৎপৰ্য থকা গিৰ্জাক পোপে দিয়া নাম৷ গতিকে সকলো বেচিলিকা একপ্ৰকাৰৰ গিৰ্জা, কিন্তু সকলো গিৰ্জা বেচিলিকা নহয়৷ ভেটিকান চহৰত ছেইণ্ট পিটাৰ্ছ বেচিলিকাৰ উপৰি আন ছটা গিৰ্জা আছে৷
ভেটিকানৰ বৰ্ত্তমানৰ জনসংখ্যা প্ৰায় ৯০০জন৷ ইয়াৰ মাটিকালি ০.৪৯ বৰ্গকিঃমিঃ (০.১৯ বৰ্গমাইল)৷ এই ক্ষুদ্ৰ দেশখনৰ নিজা ডাক টিকট, সেনা বাহিনী আৰু জাতীয় পতাকা আছে৷ আনকি নিজৰ কূটনৈতিক আৰু বৈদেশিক বিভাগো আছে৷ আৰু আছে নিজস্ব অনাতাঁৰ কেন্দ্ৰ, চিকিৎসালয়, নিজস্ব প্ৰচাৰ মাধ্যম, নিজস্ব ৰে’লৱে লাইন আৰু ৰে’লৱে ষ্টেচন৷ ৰে’লৱে লাইনটোৰ দৈৰ্ঘ্য মাত্ৰ ৩০০ মিটা, ষ্টেচনটো পৃথিৱীৰ আটাইতকৈ কম দৈৰ্ঘ্যৰ ৰে’লৱে ষ্টেচন৷ ৰে’লৱে ষ্টেচনটো ৰোমৰ অন্য ষ্টেচনৰ লগত সংযোগ হৈ থাকে৷ ষ্টেচনটো মূলতঃ সামগ্ৰী পৰিবহণৰ বাবে ব্যৱহাৰ কৰা হয় যদিও নিয়মীয়া যাত্ৰীবাহী ৰে’লসমূহ এই লাইনত চলি নাথাকে৷ ভেটিকান চহৰত কোনো কৰ নাই আৰু বস্তুবোৰ শুল্কমুক্ত৷ অলপ দূৰত দেখিলোঁ এপষ্টেলিক পেলেচ, যিটো হ’ল কেথেলিক গিৰ্জাৰ মুৰব্বী পোপৰ আনুষ্ঠানিক বাসগৃহ৷ ইয়াক পোপৰ প্ৰাসাদ বা ভেটিকান প্ৰাসাদ বুলিও জনা যায়৷ আমি যোৱাৰ সময়ত ভেটিকানৰ পোপ আছিল পোপ ফ্ৰান্সিছ৷ ২০২৫ চনৰ ২১ এপ্ৰিলত তেখেতৰ ৮৮ বছৰ বয়সত মৃত্যু হয়৷ বতৰ্মানৰ পোপ চতুৰ্দশ লিঅ’ যাক ২০২৫ চনৰ ৮ মে’ত পোপৰ সন্মিলনৰ দ্বিতীয় দিনা নিৰ্বাচিত কৰা হৈছিল৷
ভেটিকান সৃষ্টি সম্বন্ধে চমুকৈ ক’বলৈ ওলাইছোঁ৷ সেয়াও এক ইতিহাস৷ মনলৈ আহিল ৰোমান ৰাষ্ট্ৰৰ শাসক আৰু কেথ’লিক ধৰ্মৰ অধিপতি পোপৰ মাজত সংঘাতৰ ইতিহাসলৈ৷ যেতিয়া এসময়ত সমগ্ৰ ইউৰোপত ধৰ্মৰ বা পোপৰ একছত্ৰী প্ৰতাপ চলিছিল, তেতিয়া অকল ইটালীৰে নহয়, সমগ্ৰ ইউৰোপৰ বিভিন্ন ৰাষ্ট্ৰৰ শাসক সকলো আছিল সেই পোপৰ অধীনত৷ লাহে লাহে ধৰ্মৰ বান্ধ ঢিলা হৈ অহাত পোপৰ একছত্ৰী আধিপত্য হেৰুৱাব লগা হ’ল৷ একমাত্ৰ অকল ধৰ্মৰ অধিপতি হিচাপে থাকিবলগীয়া হোৱাত তেওঁ অসন্তুষ্টি প্ৰকাশ কৰি এখন স্বাধীন ৰাষ্ট্ৰৰ পোষকতা কৰিলে, য’ত অকল তেওঁৰহে শাসন চলিব, অন্য দেশ আনকি ইটালী বা ৰোমৰ শাসকৰ প্ৰভুত্ব নচলে৷ এই উপলক্ষে ১৯২৯ চনৰ ১১ ফেব্ৰুৱাৰীত ইটালী আৰু Holy See (কেথ’লিক গিৰ্জাৰ শাসকীয় সংস্থা) ৰ মাজত লেটাৰান চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে ভেটিকান চহৰ গঠন কৰা হয়৷ ৰোমৰ ৰাজনৈতিক নেতা বে’নিটো মুছেলিনোৰ মধ্যস্থতাত হোৱা এই দ্বিপাক্ষিক চুক্তি অনুসৰি ভেটিকান চহৰক স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল৷ ফলত শাষক আৰু পোপৰ মাজত দীঘলীয়া সংঘাতৰ অৱসান ঘটে৷ পোপৰ ৰাষ্ট্ৰসমূহৰ ক্ষতিৰ বাবে Holy See-এ আৰ্থিক ক্ষতি পূৰণ লাভ কৰে৷ ভেটিকানৰ নামটো ৰখা হয় ইয়াৰ দাঁতিৰ পাহাৰ ভেটিকানৰ নাম অনুসৰি৷ অৱশ্যে এই বিষয়ে অন্যান্য মতবাদো আছে৷
পুৰণি ভেটিকানৰ দ্ৰুত পৰিৱৰ্তন ঘটে ১৫০৩ চনৰ পৰা, যেতিয়া ২য় জুলিয়াছে পোপৰ দায়িত্বভাৰ গঠন কৰে৷ ৰোমৰ বিখ্যাত শিল্পী মাইকেল এঞ্জেলৰ তত্ত্বাৱধানত ১৫০৮ চনৰ পৰা চিষ্টিন-চেপেলৰ (এটি গিৰ্জা) চিলিঙৰ কাম আৰম্ভ হয়৷ ভেটিকানৰ মূল গিৰ্জা হ’ল ছেইণ্ট পিটাৰ্ছ বেচিলিকা৷ এইটো পৃথিৱীৰ ভিতৰতে বৃহত্তম গিৰ্জা৷ পোপৰ দ্বাৰা নিৰ্বাচিত বিষয়াবৰ্গইহে তেওঁৰ প্ৰতিনিধি হিচাপে শাসন চলায়৷ স্বাধীন ৰাষ্ট্ৰ যদিও বহিঃআক্ৰমণৰ পৰা ভেটিকান ৰক্ষাৰ ভাৰ ইটালী চৰকাৰৰ ওপৰত৷ ভেটিকানৰ গ্ৰন্থাগাৰ পৃথিৱীৰ অন্যতম বৃহৎ গ্ৰন্থাগাৰ৷ ইয়াৰ প্ৰাচীন পাণ্ডুলিপি সংগ্ৰহালয়টো পৃথিৱীৰ ভিতৰত বৃহত্তম পাণ্ডুলিপি সংগ্ৰহালয়৷ ছেইণ্ট পিটাৰ্ছৰ চোতালত থকা গেলাৰীত মুঠ ৮৮টা- অম্ভ আৰু ২৮৪টা কলাম আছে৷ ১৯৮১ চনৰ ১৩ মে’ তাৰিখে সৰ্বসাধাৰণৰ বাবে দৰ্শন দিয়াৰ অৰ্থে পোপ জন পল দ্বিতীয়ই ছেইণ্ট পিটাৰ্ছ স্কোৱেৰত প্ৰৱেশ কৰাৰ সময়ত এজন অচিনাকি লোকে গুলী চলোৱাৰ ফলত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যদিও জীৱনটো কোনো মতে ৰক্ষা পৰে৷
ইতিমধ্যে সন্মুখৰ চোতালত হাজাৰ হাজাৰ পৰ্যটকে গিৰ্জা আৰু ভেটিকান মিউজিয়াম চোৱাৰ বাবে শাৰী পাতিছিল৷ কিন্তু আমাৰেই দুৰ্ভাগ্য যে সময়ৰ অভাৱত সেইবোৰৰ ভিতৰলৈ গৈ ওচৰৰ পৰা চোৱাৰ সৌভাগ্য নহ’ল৷ বিশেষকৈ গিৰ্জাৰ ভিতৰত থকা শিল্প, স্থাপত্য আৰু ভাস্কৰ্যৰ অপূৰ্ব নিদৰ্শন, যিবোৰ খ্ৰীষ্টাব্দ চতুৰ্থ শতিকাৰ পৰা অষ্টাদশ শতিকাৰ ভিতৰত সমগ্ৰ ইউৰোপৰ বিখ্যাত শিল্পীসকলৰ দ্বাৰা সৃষ্টি কৰা হৈছিল৷ পোপ দ্বিতীয় জুলিয়াছৰ অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰৰ ফলত ভেটিকান মিউজিয়াম গঠন হৈছিল৷ ইয়াৰ ভিতৰত থকা সকলো চিত্ৰ-ভাস্কৰ্যবোৰ বিখ্যাত শিল্পীসকলৰ অপূৰ্ব সৃষ্টি৷ এইবোৰক মানৱতাৰ প্ৰতীক হিচাপে মিউজিয়ামত সংৰক্ষিত কৰি ৰখা হৈছে৷ ভৱিষ্যতে কেতিয়াবা আহিলে গিৰ্জা আৰু মিউজিয়াম আদি চাম বুলি মনতে সংকল্প লৈ সান্ত্বনা লভিলোঁ৷ কিছু আঁতৰত দেখিলোঁ বেচিলিকাৰ সন্মুখত স্তম্ভৰ দৰে ওখ এটি দীঘল খুঁটা৷ খ্ৰীষ্টমাছৰ সময়ত এই স্তম্ভৰ ওচৰৰ পৰাই প্ৰাৰ্থনাত যোগ দিবলৈ অহা কেথ’লিকসকলৰ সন্মুখত বিশ্ববাসীলৈ শুভেচ্ছাবাণী দিয়ে৷ দলৰ আটায়ে হেঁপাহ পলুৱাই মন দাপোণত আৰু নিজৰ ম’বাইলত ভেটিকানৰ স্মৃতি সাঁচি ৰাখিলোঁ৷ সম্পূৰ্ণভাৱে ভেটিকান চহৰ আৰু তাৰ প্ৰতিটো বস্তু পুংখানুপুংখভাৱে চাবলৈ কেইবাদিনো সময়ৰ আৱশ্যক হ’ব৷
ভেটিকান নগৰীৰ ভিতৰত মূৰ্তিৰ আকৃতিৰ পানীৰ টেপ এটি দেখিলোঁ৷ ইতিমধ্যে প্ৰখৰ ৰ’দত ঘূৰি ঘূৰি আমাৰ পিয়াহ লাগিছিল৷ লগত নিয়া পানীও শেষ হৈ গৈছিল৷ পানী কিনিবলৈ যাওঁ বুলি ওলাই সেই পানীৰ টেপটোৰ পৰা সংগ্ৰহ কৰি থকা পৰ্যটক এজনক সোধাত তেওঁ তাৰ পানী খোৱাৰ উপযুক্ত বুলি ক’লে৷ পিছত গম পালোঁ ভেটিকানৰ ছেইণ্ট পিটাৰ্ছ চ’কত ৫০০ বছৰীয়া মাৰ্বলৰ দুটা মাষ্টাৰপিছকে ধৰি প্ৰায় ১০০টা মান সজ্জাগত পানীৰ ফোঁৱাৰা আৰু টেপ আছে৷ প্ৰতিবছৰে কৰ্তৃপক্ষই প্ৰায় ২ লাখ ৪০ হাজাৰবাৰ এই পানী পৰীক্ষা কৰি ভেটিকান নগৰীৰ পানীৰ গুণাগুণ সম্পূৰ্ণ সুৰক্ষিত হোৱাটো নিশ্চিত কৰে৷ ইটালীৰ ৰাজহুৱা স্থানৰ টেপৰ পানী খোৱাটো নিৰাপদ বুলি গণ্য কৰা হয়৷ ৰোমৰ বিভিন্ন ঠাইত দেখিছিলো পুৰণা শৈলীৰ পানীৰ ফোঁৱাৰা আৰু টেপ বিন্দু বিন্দুকৈ বিস্তৃত হৈ আছে, য’ত সকলো পৰ্যটকে বিনাদ্বিধাই খাবলৈ নিশ্চিন্ত মনে পানীৰ বটল ভৰাই ল’ব পাৰে৷
১৯৮৪ চনত ভেটিকান চহৰ খনক ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হয়৷ এইখনেই একমাত্ৰ দেশ যাৰ সমগ্ৰ ভূখণ্ডক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে নিৰ্ধাৰণ কৰা হৈছে৷ চহৰখনক ইয়াৰ উল্লেখযোগ্য সংস্কৃতিক আৰু আধ্যাত্মিক গুৰুত্বৰ বাবে স্বীকৃতি দিয়া হৈছে৷
লাহে লাহে আমি ভেটিকান চহৰৰ পৰা ওলাই আমাৰ টুৰ অপাৰেটৰ সঞ্জয়ৰ সৈতে ৰোম নগৰীৰ বিখ্যাত ৰে’ল ষ্টেচন ৰোমা টাৰ্মিনিলৈ ৰাওনা হ’লোঁ৷ ই ৰোমৰ মাজমজিয়াত অৱস্থিত, ৰোমৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় ডাই ক্লেটিয়ানৰ বাথছৰ ওচৰত৷ ৰোমৰ স্থানীয় পৰিবহণ আৰু ইটালীৰ বাকী অংশৰ সৈতে ৰে’ল সংযোগৰ মূল পৰিবহণ কেন্দ্ৰ হৈছে ৰোমা টাৰ্মিনি৷ ইয়াৰ উপৰি ৰোমৰ দুয়োটা বিমানবন্দৰলৈ ইয়াৰ পৰা ৰে’ল আৰু বাছৰ সুব্যৱস্থা আছে৷ ৰে’ল ষ্টেচনটোৰ ওপৰত আছে এখন বৃহৎ মল, য’ত ৰেষ্টুৰেণ্টকে ধৰি বিভিন্ন সামগ্ৰীৰ দোকান পোহাৰো আছে৷
ইতিমধ্যে আমি ষ্টেচনটোৰ ওচৰতে থকা হোটেল এখনত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি ভেটিকানৰ পৰা অহা বাছখনত ৰোম নগৰীৰ বিভিন্ন ঠাইৰ মাজেৰে পৰিভ্ৰমণ কৰি সন্ধিয়া হোটেললৈ উভতি আহোঁ৷
ফোনঃ ৮৬৩৮৩-৬৫১২১
Comments are closed, but trackbacks and pingbacks are open.