ড° নিৰ্মলা দেৱী
সাহিত্যিক, লেখক বন্ধু, অৰ্ণৱ শইকীয়াই এদিন থাইলেণ্ডৰ বেং ককস্থিত সুৱৰ্ণভূমি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ভিতৰৰ বিশাল সমুদ্র মন্থনৰ শিল্পকৰ্মৰ ছবি এখন পঠিয়াই সুধিছে, ‘বেংকক এয়াৰপ’ৰ্ট হেনো?’
হয়। নিশ্চয়কৈ থাইলেণ্ডৰ এই মূল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ভিতৰত সজাই থোৱা আছে এনে বহু চকুজুৰোৱা, ঐতিহাসিক, সুন্দৰ শিল্পকর্ম। তদুপৰি, মহাকাব্য ৰামায়ণৰো কেইবাজনো অসুৰ (দৈত্য)ৰ ভাস্কৰ্যয়ো সুৱৰ্ণভূমি বিমানবন্দৰক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। ইয়াৰে অধিকাংশ ভাস্কর্য থাইলেণ্ডৰ ঐতিহাসিক গ্রেণ্ডপেলেচৰ চৌহদত অৱস্থিত পৱিত্ৰ ইমাল্ডে বুদ্ধ (Emerald Buddha) মন্দিৰৰ চতুৰ্দিশে থকা ১২টা দৈত্যৰ আর্হিত নির্মিত। থাইসকলৰ মাজত বিশ্বাস আছে যে এইসকল চৰিত্ৰই ইমাল্ডে বুদ্ধক সুৰক্ষা দিছিল আৰু এতিয়াও পৃথিৱীৰ মানুহক সুৰক্ষা প্ৰদান কৰি আহিছে।
অৱশ্যে, এই সমগ্র বিষয়বোৰ কেতিয়াবা থাই সহকর্মী তথা বন্ধুবৰ্গৰ সৈতে আলচ কৰোঁতে এই অনুভৱো নোহোৱা নহয় যে নতুন থাই প্ৰজন্মৰ অধিকাংশৰেই এইসমূহত বৰ বেছি আগ্রহ বা বিশ্বাস নাই । সি যি কি নহওক, সুৱৰ্ণভূমি বিমানবন্দৰৰ ভাস্কৰ্যসমূহে আমাক দেশখনৰ জনগণৰ বিশ্বাস, প্ৰমূল্যবোধ আৰু সৌন্দর্যপ্রিয়তাৰ কথা সোঁৱৰাই দিয়ে। কেৱল বিমানবন্দৰেই নহয়, দেশখনৰ বিভিন্ন অঞ্চলৰ ভিন্ ভিন্ মঠ-মন্দিৰ, প্ৰতিষ্ঠান, শ্বপিং কমপ্লেক্স আদিতো অলপ মন কৰিলেই বিশাল আকৃতিৰ দৈত্যৰ দৰে ভাস্কৰ্য দেখা পোৱা যায়— দুয়োখন হাতেৰে এক মজবুত লাঠিত ধৰি থিয় দি থকা এক যক্ষৰ মূৰ্তি । সঁচাই, প্ৰথম দৰ্শনত যক্ষৰ দৰেই সাইলাখ, কিন্তু ভালদৰে থাই বন্ধুসকলৰ সৈতে ভাব বিনিময় কৰি গম পালোঁ যে এই ভাস্কর্য মূৰ্তিৰ নাম— থাঅ’ ৱেছুৱান (Thao Wessuwan), থাইসকলৰ সুখ, সমৃদ্ধি আৰু বিশেষকৈ সুৰক্ষাৰ প্ৰতীক থাঅ’ ৱেছুৱান।
আমাৰ সহকৰ্মী বন্ধুসকলৰ মাজত থাই লোকৰ উপৰি ইণ্ডোনেছিয়া, কম্বোডিয়া, ম্যানমাৰ, মালয়েছিয়া আদি দেশৰ শিক্ষাসদী আৰু গৱেষক আছে। তেওঁলোকৰ সৈতে হোৱা কথা-বাৰ্তাই আমাৰ দেশৰ মহাকাব্য ৰামায়ণৰ বিষয়ে মোক পুনৰবাৰ নতুনকৈ চিন্তা কৰিবলৈ-ভাবিবলৈ শিকালে আৰু সমল যোগালে। দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ মাজত মহাকাব্য ৰামায়ণে যেন এক ঐক্য আৰু সম্প্ৰীতিৰ পদপথহে নিৰ্মাণ কৰিছে।
বিদেশৰ মাটিত নিজৰ দেশৰ সৃষ্টি আৰু গৌৰৱৰ গাথা আলোচনা কৰিবলৈ কাৰনো ভাল নালাগে! প্রিয় পাঠক, থাইলেণ্ডৰ লগতে দক্ষিণ-পূব এছিয়াৰ বিভিন্ন দেশত ৰামায়ণৰ শিল্পকৰ্মৰ অংকনবোৰ দেখি প্ৰথমবাৰৰ বাবে মোৰ হৃদয় যেনেদৰে উথলি উঠিছিল, আপোনাসৱৰো হৃদয়ত তেনে এক অনুভৱে চুই যাব বুলি আশা কৰিয়েই বন্ধুবৰ্গৰ সৈতে মোৰ আলোচনাৰ সাৰমৰ্ম উল্লেখ কৰিলোঁ—
থাইলেণ্ডৰ ৰাষ্ট্ৰীয় মহাকাব্যৰ নাম ৰামাকিয়ান (Ramakien)। দেশৰ প্ৰাথমিক বিদ্যালয়সমূহত ৰামাকিয়ানৰ বিশেষ অংশৰ শিক্ষাদান কৰা হয় ৷ কোৱা হয় যে তেৰ শতিকাৰ আদিভাগৰ পৰাই থাইলেণ্ডত ৰামায়ণে প্ৰৱেশ কৰিছিল। অৱশ্যে, সেই সমূহৰ অৱস্থিতিৰ কোনো ঐতিহাসিক প্রমাণ বৰ্তমান পাবলৈ নাই । ১৭৬৮ চনত হোৱা অয়ুথ্যায়া যুদ্ধত প্ৰায় সকলো ঐতিহাসিক শিল্প-কর্ম আৰু বিশাল সৃষ্টিভাণ্ডাৰ ধ্বংসপ্রাপ্ত হৈ যায়। থাইসকলে ৰজাক ভগৱান ৰামৰ এক ৰূপ হিচাপে গণ্য কৰি আহিছে আৰু সেইবাবেই ৰজাসকলৰ নাম ৰামা- ১, ৰামা- ২, ৰামা-৩, ৰামা- ৪ ইত্যাদি। সেই সময়ৰ থাইলেণ্ডৰ ৰাজধানীৰ নাম অয়ুথ্যায়া ৰখাৰ কাৰণসমূহৰ এটা হ’ল— ৰজা ৰামৰ জন্মভূমি অযোধ্যা হিচাপে ৰাজধানীখনৰ পৰিচয় গঢ়ি লোৱা । সংস্কৃত ভাষাৰ শব্দৰ উচ্চাৰণ আৰু থাইসকলৰ স্থানীয় স্বকীয় উচ্চাৰণ সংলগ্ন হৈ এইদৰেই এক মিশ্রিত শব্দৰ আৰম্ভণি হয় ৷
ৰজা ৰামা-১ (Rama 1 )ৰ সংস্কৃত ভাষা- সাহিত্যৰ প্ৰতি অনুৰাগ আছিল প্ৰচুৰ । সমসাময়িক থাইলেণ্ডত প্ৰচলিত ৰামাকিয়ানৰ কাহিনীভাগৰ লেখন আৰু সম্পাদনা এইজনা ৰজাৰ নিজৰ হাতৰ কৰ্ম। থাই সাহিত্যত ৰজা ৰামা- ১ ৰ সৃষ্টি ৰামাকিয়ানক এক কালজয়ী কৃতিৰূপে মহত্ত্ব দিয়া হয় ।
সমসাময়িক থাইলেণ্ডৰ ঠায়ে ঠায়ে উৎসৱ বা অনুষ্ঠানত নাং-য়াই (Nang Yai) নামৰ এক বিশেষ পুতলা নাচ ছায়া-প্রচ্ছায়াৰ ৰূপত প্ৰদৰ্শন কৰা দেখা যায়। এই নাচসমূহত মূল চৰিত্ৰ আৰু কাহিনী ৰামাকিয়ানৰ। থাই নাট্যশিল্পৰ জগতখনত প্রসিদ্ধ আন এক নাম হ’ল ‘খন’ (Khon)। মৃদু আৱহ সংগীত আৰু কবিতাৰ সমন্বয়ত কৰিঅ’গ্ৰাফ কৰা বৰ্তমানৰ খ’ন এক উচ্চ পৰ্যায়ৰ স্বকীয় নাট্য শিল্প, য’ত চৰিত্ৰসমূহে মুখা পিন্ধি ভাও দিয়ে। খ’ন নাট্যশিল্পৰো মূল কাহিনীভাগ ৰামাকিয়ানৰেই। এই চহকী শিল্প-সংস্কৃতিৰ ধাৰা গৌৰৱোজ্জ্বল অয়ুথ্যায়া কাল (১৩৫০-১৭৬৭)ৰ অৱদান ।
থাই ভাষা, সাহিত্য আৰু সংস্কৃতি অধ্যয়নৰ এক অংশৰূপে বিভাগৰ কেইবাগৰাকীও বিষয়া, ইংৰাজী আৰু থাই সাহিত্য বিভাগৰ অধ্যাপক আদি কৰি আমি প্রায় সাতাইশগৰাকীকৈ বিভিন্ন দেশৰ লোকেৰে গঠিত গোট এটা অয়ুথ্যায়াৰ দিনজোৰা ভ্ৰমণলৈ গৈছিলোঁ। ৰামায়ণৰ কাহিনী,
সংস্কৃত ভাষাৰ শব্দৰ পয়োভৰ, বুদ্ধৰ আগমন আৰু ভাৰতবৰ্ষৰ সৈতে যেন স্থানীয় কলা সাহিত্য- সংস্কৃতি-ধর্ম সকলো মিশ্ৰিত হৈ বৰ্তমানৰ এক স্বকীয় ৰূপত সগর্বে থিয় হোৱা অথ্যায়া চহৰত আমি কেইবাজনো যেন ভাবুক হৈ পৰিছিলোঁ! মাজতে ইণ্ডোনেছিয়ান বন্ধু ৰিকজাল্ আকবৰে ওচৰলৈ আহি ক’লে, ‘ভাবিছেনো কি ? মোৰ এনে ভাব হৈছে ময়ো যেন একে কথাই ভাবি আছোঁ। জানেনে আপুনি— আমাৰ দেশ ইণ্ডোনেছিয়াতো কেতবোৰ ঠাইত ঠিক এনেধৰণৰেই বুদ্ধ আৰু ৰামৰ মূৰ্ত্তি দেখিব। জানেই চাগৈ আপুনি— ইণ্ডোনেছিয়া পৃথিৱীৰ সৰ্বোচ্চসংখ্যক ইছলাম ধৰ্মাৱলম্বী মানুহে বসবাস কৰা দেশ। তাৰ পাছতো, ইণ্ডোনেছিয়াত ৰামায়ণ আৰু মহাভাৰতৰ জনপ্রিয়তা প্ৰচুৰ ।’
শ্বেলী! আমাৰ গৱেষণাগাৰৰ কনিষ্ঠতম গৱেষিকা। ইণ্ডোনেছিয়াৰ বিষয়ে কথা-বার্তা শুনি যোগ দিলে, ‘জানেনে বা, মই শ্ৰীকৃষ্ণই বাটাৰ খোৱা, ৰাৱণ-ৰামৰ যুদ্ধ, ছোটা ভীম আৰু কুছ কুছ হোতা হাই… চাই চাই ডাঙৰ-দীঘল হোৱা।’ এইবাৰ মোৰ আচৰিত হোৱাৰ পাল। বোলোঁ, কুছ কুছ হোতা হাই ক’ত চাইছিলানো? তেওঁ উৎসাহিত হৈ ক’লে, “ঘৰৰে সৰু টিভিটোতে চাইছিলোঁ। মই বহুবাৰ চাইছোঁ চিনেমাখন আৰু ইয়াত অভিনেত্ৰীগৰাকীয়ে গোৱা ‘ৰঘুপতি ৰাঘৱ ৰাজা ৰাম…’ গায়ো দিব পাৰোঁ…’ বুলি ধুনটোকে অকণমান গুগুণাই দিলে। দেশৰ প্ৰতি গৌৰৱবোধত মনটো ভৰি আহিল। লগতে আনৰ দেশৰ বিষয়ে যেন ক’ৰবাত নিজৰ সীমিত জ্ঞানৰ উমান লাভ কৰিলোঁ ।
২৫-২৬ মে’, ২০২৩ তাৰিখত চুলালংকর্ণ বিশ্ববিদ্যালয়ৰ আমাৰ বিভাগৰ পি.পি.চি. এণ্ড পেট্র’মেট চিম্প’ছিয়াম আছিল। দেশ-বিদেশৰ বহু অধ্যাপক-বিজ্ঞানী-গৱেষকে অংশগ্রহণ কৰা আন্তঃৰাষ্ট্ৰীয় চিম্প’ছিয়ামখনত আমাৰ বিভাগৰ দীৰ্ঘদিনীয়া সহযোগী (collaborator) ইণ্ডোনেছিয়াৰ য়োগ্যাকাটা বিশ্ববিদ্যালয়ৰ ঔদ্যোগিক প্রযুক্তি বিভাগৰ জ্যেষ্ঠ অধ্যাপক আৰু ভাইচ ডীন ড° আফি হিদায়ত আহিছিল। এই সুযোগতে তেওঁৰ লগত কিছু কথাৰ আদান-প্রদান কৰিলোঁ। ধেমালি কৰি ভালপোৱা প্ৰ’ফেছৰ- হিদায়তে কৌতুক কৰি মোক ক’লে, ‘বোলোঁ তোমাৰ নামটো কেনেবাকৈ পাহৰিলে— ‘চাহৰ দেশৰ গৱেষিকা’ বুলিলে বেয়া নোপোৱাতো?’ তেখেতৰ সৈতে অহা ছাত্ৰ-ছাত্ৰী অবাক হৈ ৰয়- ‘ছাৰে ইমানবোৰ কথা কেনেকৈনো জানে? আমি দেখোন ঠাইখনৰ নামেই শুনা নাই।’ তেওঁ উত্তৰ দিলে, ‘এতিয়াতো শুনিলা, বুজিলা, দেখিলা— মনত ৰাখিলেই হ’ল।’ ধেমালিৰ মাজতেই তেখেতৰ সৈতে অহা তেখেতৰ তত্ত্বাৱধানত গৱেষণা কৰি থকা ছাত্ৰ-ছাত্ৰীৰ লগতো বহু কথাৰ আলোচনা হ’ল। পুনৰায় মোৰ মন্ত্ৰমুগ্ধ হোৱাৰ সময়। বৰ্তমানৰ ‘জোগ্জা’ (Jogja) বা জোগজাকার্টা বা যোগ্যাকাটা ইণ্ডোনেছিয়া দেশৰ এক বিশেষ অংশ য’ত সম্প্ৰতিও ৰাজতন্ত্ৰৰ শাসন ব্যৱস্থা অব্যাহত আছে। য়োগ্যাকাটা চহৰখন জাভাদ্বীপৰ দক্ষিণ-মধ্যৰ এক অংশ। ধ্ৰুপদী সূক্ষ্ম কলা (জাভানিজ), সাহিত্য-সংস্কৃতিৰ চহকী চহৰ য়োগ্যাকাটা কবিতা, সংগীত, নাট্যশিল্প আৰু বিশেষকৈ ৱায়াং পুতলা নাচ (Wayang Puppetry) ৰ বাবে বিখ্যাত ।
ৱায়াং বা ৱাজাং পুতলা নাচ সাধাৰণতে পৰম্পৰাগতভাৱে মধ্যাত্ৰিৰপৰা পুৱতি নিশালৈ পৰিৱেশন কৰা হয়। চৰিত্ৰ আৰু কাহিনীভাগত সন্নিৱিষ্ট হৈ থাকে মূলতঃ ৰামায়ণ আৰু মহাভাৰতৰ কাহিনীৰ খণ্ড । লগতে সংযোগ কৰা হয় কেতিয়াবা স্থানীয় কোনো কিংবদন্তি। ছাঁ- প্রচ্ছায়াৰে পৰিৱেশন কৰা এই পুতলা নাট্যশিল্প জাভা দ্বীপৰ লগতে বালি প্রভিঞ্চতো জনপ্রিয়। ইণ্ডোনেছিয়াৰ এই বিশেষ পুতলা নাট্যকলাক ইউনেস্ক’ই মানৱ ইতিহাসৰ এক ঐতিহ্যপূৰ্ণ মৌখিক দলিল হিচাপে (Masterpiece of the Oral and Intangible Heritage of Humanity) ঘোষণা কৰিছে। কোৱা হয় যে যোগ্যাকাটা নামটোও ‘অয়োধ্যা’ নামৰেই এক লিপ্যন্তৰ।
ভাৰতবৰ্ষ আৰু থাইলেণ্ডৰো চুবুৰীয়া দেশ ম্যানমাৰ। ‘ম্যানমাৰৰ ম’, আমাৰ বিভাগৰে ডক্টৰেল গৱেষক ৷ ভাৰত তেওঁৰ প্রিয় দেশ আৰু মণিপুৰৰ বিষয়ে আলোচনা তেওঁৰ আগ্ৰহৰ বিষয় । ইয়াত এক জাতক কাহিনীৰূপে ৰামায়ণৰ কাহিনী প্রচলিত য’ত ৰামচন্দ্ৰক ‘য়ামা’ আৰু সীতাক “থিদা’ বুলি কোৱা হয়। অন্যান্য চৰিত্ৰবোৰৰ নাম প্ৰায় একেই, উচ্চাৰণ সামান্য ভিন্ন। যেনে পৰশুৰামক প্ৰচুয়াম, ৰাৱণক য়াবন ইত্যাদি। ৰামায়ণ মহাকাব্যৰ এই বার্মিজ সংস্কৰণবিধৰ নাট্যৰূপ হৈছে— Yama Zatdaw বা য়ামায়ণ। ম্যানমাৰত ৰামচন্দ্ৰ আৰু হনুমানৰ প্ৰস্তৰ মূৰ্তি আদিৰে পৰাই থকা বুলি জনা যায়। অৱশ্যে, বৰ্তমানৰ ম্যানমাৰত প্ৰচলিত ৰামায়ণৰ কাহিনী থাইলেণ্ডৰ থেৰবাদ বুদ্ধিজিমৰ দ্বাৰা প্রবলভাৱে প্ৰভাৱান্বিত। ইয়াৰ উপৰি মালয় আৰু জাভানিজ সংস্কৰণৰো কিছু প্ৰভাৱ আছে বুলি গৱেষকসকলে কয়।
কম্বোডিয়াত ৰামায়ণ মহাকাব্যক ৰীমকে বা ৰামাকীৰ্তি (Raemker বা Ramakerti) নামেৰে জনা যায় আৰু ৰাষ্ট্ৰীয় মহাকাব্যৰ মৰ্যাদা প্রদান কৰা হয়। কাহিনীভাগ অৱশ্যে মূল ৰামায়ণতকৈ সামান্য পৃথক। ৰীমকেৰ নামটোৰ অৰ্থ ‘ৰামৰ মহিমা’। কম্বোডিয়াৰ বহু প্রাচীন শিলালিপিৰপৰা আৰম্ভ কৰি সমসাময়িক চিত্রকলা, ভাস্কর্য, নাটক, সাহিত্য সকলোতে ৰীমকেৰ উল্লেখ আৰু প্ৰভাৱ বিস্তৃত। ৰামক ‘প্ৰিহ ৰিম’আৰু সীতাক ‘নিং সিদা’ আৰু লক্ষ্মণক ‘প্ৰিহলিক’ বুলি কোৱা হয়।
মালয়েছিয়াত বৰ্তমান প্রায় ১৮ লাখ তামিলভাষী লোকে বাস কৰে। দেশখনৰ জনসাধাৰণৰ ই প্ৰায় ৬.৭ শতাংশ। অতীজৰে পৰাই দেশখনৰ ব্যৱসায়-বাণিজ্যত তামিল উদ্যোগী ব্যৱসায়ীসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সম্ভৱতঃ তামিল জনগণৰ জৰিয়তেই ৰামায়ণ মালয়েছিয়াৰ ভূখণ্ডলৈ বিস্তৃত হৈছিল বুলি ভবাৰ থল আছে । আৰু বহু ঠাইত এই বিষয়ে উল্লেখো পোৱা যায়। মহাকাব্য ৰামায়ণ মালয় সাহিত্যত ‘হিকায়ত’ অর্থাৎ ‘গল্পকাহিনী’ হিচাপে জনপ্ৰিয় ৷ কোৱা হয় ‘হিকায়ত ছেৰী ৰীমা কাহিনীভাগ মূল ৰামায়ণতকৈ কিছু পৃথক।
ফিলিপিনছৰ লানাডীৰ মাৰনাও জনসাধাৰণৰ মহাকাব্য Darangen ক ইউনেস্ক ই ‘Intangible cultural heritage of humanity’ ৰূপে ২০০৫ চনত ঘোষণা কৰিছে। ই এই দেশৰ দীৰ্ঘতম্ কাব্যও। ‘Darangen মহাকাব্য’, ‘মাহাৰডিয়া ৰাৱানা’ আৰু ‘চিংকিল’ নৃত্যত ৰামায়ণৰেই গাথা অন্তৰ্ভুক্ত। মাৰনাউ মহাকাব্য ‘মাহাৰডিয়া ৰাৱানা’ক মাহাদ্য লাৱানা বা মহাৰাজা ৰাভানা আদি নামেৰেও উচ্চাৰণ কৰা হয় ৷ স্থানীয় সভ্যতা, সংস্কৃতি আৰু স্বকীয়তাৰে উদ্ভাসিত এই মহাকাব্যৰ বহু ঠাইতেই ৰামায়ণৰ মূল কাহিনীভাগৰপৰা ফালৰি কাটি অহা দেখা যায়, য’ত স্বকীয়তা অধিক প্রকট আৰু প্রস্ফুটিত।
Comments are closed, but trackbacks and pingbacks are open.