বিপ্লৱ ওজা
তেজপুৰ বিশ্ববিদ্যালয়
‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছত ২০২৫ৰ ছেপ্টেম্বৰ মাহত প্রকাশিত এক প্রতিবেদন অনুসৰি, বিশ্বজুৰি প্ৰতি ১০০টা মৃত্যুৰ ভিতৰত এটা মৃত্যুৰ কাৰণ হয়- আত্মহনন বা আত্মহত্যা। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি ২০২১ চনত প্ৰায় ৭,২৭,০০০ মানুহে আত্মহত্যাৰ পৰা জীৱন হেৰুৱাইছে আৰু প্ৰতি ২০জন লোকে কৰা আত্মহত্যাৰ প্ৰচেষ্টাৰ ভিতৰত এজনে মৃত্যুক সাবটি লৈছে। আজিও এক বিলিয়নৰো অধিক মানুহে মানসিক স্বাস্থ্য সমস্যাৰ সৈতে জীৱন কটাই আছে।
ডিপ্ৰেছিভ ৰোগ (যাক ডিপ্ৰেছন বুলিও কোৱা হয়) হৈছে এক সাধাৰণ মানসিক ৰোগ। এই ৰোগত দীঘলীয়া সময়ৰ বাবে মনৰ অৱনতি বা আনন্দ-কার্যকলাপত ৰুচি নোহোৱাৰ অৱস্থা সৃষ্টি হয়। সাধাৰণতে ডিপ্ৰেছন মনোভাব পৰিৱৰ্তন কিম্বা দৈনন্দিন জীৱনৰ অনুভূতিৰ পৰা সম্পূৰ্ণ পৃথক। ই জীৱনৰ সকলো দিশত প্ৰভাৱ পেলাব পাৰে, যেনে- পৰিয়াল, বন্ধু আৰু সমাজৰ সৈতে সম্পৰ্ক। ই বিদ্যালয় আৰু কৰ্মক্ষেত্ৰত সমস্যা সৃষ্টি কৰিব পাৰে অথবা সমস্যাৰ বাবে এক কাৰণ হ’ব পাৰে ।
গৱেষণা অনুসৰি ডিপ্ৰেছন যিকোনো মানুহৰ সৈতে ঘটিব পাৰে। যিসকল লোক যথেষ্ট নির্যাতন, গভীৰ ক্ষতি বা অন্য চাপযুক্ত ঘটনাৰ সন্মুখীন হৈছে তেওঁলোকৰ ডিপ্ৰেছনৰ সম্ভাৱনা বেছিকৈ থাকে। বিশ্বৰ প্ৰায় ৩৩২ মিলিয়ন মানুহৰ ডিপ্ৰেছন আছে। পুৰুষৰ তুলনাত মহিলাৰ ডিপ্ৰেছন হোৱাৰ সম্ভাৱনা প্ৰায় ১.৫ গুণ বেছি। বিশ্বব্যাপী ১০%ৰো অধিক গৰ্ভৱতী মহিলা আৰু সদ্যজন্ম দিয়া মহিলাই ডিপ্ৰেছন অনুভৱ কৰে।
ডিপ্ৰেছিভ পৰ্যায়ৰ সময়ত এজন ব্যক্তিয়ে বিষণ্ণ মনোভাব অনুভৱ কৰে (দুখী, বৈৰাগী বা শূন্য অনুভূতি)। তেওঁলোকৰ সক্ৰিয়তা, ৰুচি আৰু আনন্দ হেৰাই যোৱাৰ অনুভূতি আৰম্ভ হয়। ডিপ্ৰেছিভ পর্যায় নিয়মীয়া মনোভাব পৰিৱৰ্তনতকৈ অলপ ভিন্ন। এই অৱস্থা দিনটোৰ বেছিভাগ সময়, প্রায় প্রতিদিন বা অন্ততঃ দুসপ্তাহলৈকে থাকিব পাৰে। ইয়াৰ অন্যান্য লক্ষণসমূহ হ’ল—
- দুর্বল একাগ্রতা
- অত্যধিক অপৰাধবোধ বা নিম্ন আত্ম-মূল্যবোধৰ অনুভূতি
- ভৱিষ্যতৰ বিষয়ে নিৰাশা
- মৃত্যু বা আত্মহত্যাৰ বিষয়ে চিন্তা
- টোপনি ব্যাহত হোৱা
- ভোক বা ওজনৰ পৰিৱৰ্তন
- অতি ভাগৰুৱা বা শক্তিহীন অনুভৱ কৰা ইত্যাদি।
এই বিষণ্ণতাৰ পৰ্যায়ক লক্ষণ আৰু তীব্ৰতাৰ ওপৰত ভিত্তি কৰি তথা ব্যক্তিৰ কাৰ্যক্ষমতাৰ প্ৰভাৱৰ ওপৰত নিৰ্ভৰ কৰি সৰল, মধ্যম বা তীব্ৰ হিচাপে বৰ্গীকৰণ কৰিব পাৰি। ডিপ্ৰেছিভ ৰোগৰ বিভিন্ন পর্যায় আছে, সেইসমূহ হৈছে—
- একক পৰ্যায়ৰ ডিপ্ৰেছিভ ৰোগ অৰ্থাৎ ব্যক্তিৰ প্ৰথম আৰু একমাত্ৰ পৰ্যায়
- পুনৰাবৃত্ত ডিপ্ৰেছিভ ৰোগ অৰ্থাৎ ব্যক্তিৰ কমেও দুটা ডিপ্ৰেছিভ ৰোগৰ পৰ্যায়ৰ ইতিহাস
- উভয়মুখী ডিপ্ৰেছিভ ৰোগ অৰ্থাৎ ডিপ্ৰেছিভ ৰোগৰ লক্ষণৰ সৈতে পৰিৱৰ্তিত লক্ষণৰ অন্তৰ্ভুক্তি যেনে- অকস্মাৎ আনন্দ বা ক্রোধ, কার্য বা শক্তি বৃদ্ধি, বেছি কথা কোৱা, অত্যধিক চিন্তা-ভাবনা, অহস্মমতা বৃদ্ধি, টোপনি হ্রাস, মনোযোগ নলগা আৰু আকস্মিক বেপৰোৱা আচৰণ ইত্যাদি।
কাৰকসমূহঃ
ডিপ্ৰেছন হৈছে সামাজিক, মনোবৈজ্ঞানিক আৰু জৈৱিক কাৰকৰ পৰস্পৰ প্ৰভাৱৰ একমাত্ৰ ফল। যিসকল লোকে জীৱনৰ কষ্টদায়ক ঘটনা (বেকাৰত্ব, আপোন লোকৰ মৃত্যু, আঘাতজনক ঘটনা) অতিক্ৰম কৰিছে তেওঁলোকৰ ডিপ্ৰেছনৰ সম্ভাৱনা অলপমান বেছি থাকে। ই পৰৱৰ্তী সময়ত অধিক মানসিক চাপ আৰু কাৰ্যক্ষমতাৰ ক্ষতি ঘটাব পাৰে। ডিপ্ৰেছন শৰীৰিক স্বাস্থ্যৰ সৈতে ঘনিষ্ঠভাৱে সম্পর্কিত আৰু তাৰ দ্বাৰাও প্ৰভাৱিত হয়। হৃদযন্ত্র সম্পর্কীয় ৰোগ, কেঞ্চাৰ, ডায়বেটিছ আৰু শ্বাস-প্ৰণালীৰ ৰোগসমূহেও ডিপ্ৰেছন উদ্বোধক কাৰক হিচাপে প্রতিফলন ঘটাব পাৰে । তাৰ বিপৰীতে এই ৰোগবোৰ থকা মানুহেও নিজৰ অৱস্থা পৰিচালনা কৰাৰ সৈতে জড়িত জটিলতাৰ বাবে ডিপ্ৰেছন অনুভৱ কৰিব পাৰে ।
ৰাষ্ট্ৰসংঘই ১৫ৰ পৰা ২৪ বছৰ বয়সৰ মাজৰ লোকক ‘যুৱচাম’ বুলি সংজ্ঞায়িত কৰিছে। এই বয়সৰ গোটটোৱে ভাৰতৰ জনসংখ্যাৰ প্ৰায় ১০% অংশ গঠন কৰে। ভাৰতৰ যুৱ প্রাপ্তবয়স্কৰ মাজত ডিপ্ৰেছন বৃদ্ধি হোৱাৰ উদ্বেগজনক তথ্য বৃদ্ধি পাইছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বিশ্বজুৰি ৩০০ মিলিয়নৰো অধিক লোক ডিপ্ৰেছনৰ কবলত পাৰিছে আৰু ২০৩০ চনৰ ভিতৰত ই অক্ষমতাৰ প্ৰধান কাৰক হ’ব বুলি অনুমান কৰা হৈছে। সাম্প্ৰতিক অধ্যয়নত প্ৰকাশ পাইছে যে ভাৰতৰ যুৱসমাজৰ মাজত ডিপ্ৰেছনৰ হাৰ বৃদ্ধি পাইছে যাৰ প্ৰচলন হাৰ ৩১%ৰ পৰা ৫৭% পৰ্যন্তৰ। UNICEFয়ে দিয়া তথ্য অনুসৰি ভাৰতৰ যুৱচামৰ প্ৰতি সাতজনৰ ভিতৰত এজনে সদায় ডিপ্ৰেছন অনুভৱ কৰে বা তেওঁৰ কাম কৰিবলৈ ৰুচি কম থাকে। এইটোৱে এই বয়স গোটৰ মাজত চলি থকা মানসিক স্বাস্থ্য সম্পর্কীয় সমস্যাৰ উল্লেখযোগ্য প্ৰৱণতা দর্শায়। এইবোৰ কাৰকে তেওঁলোকৰ সু-স্বাস্থ্য আৰু সামগ্ৰিক জীৱনৰ বাবে দীঘলীয়া সময়ত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে।
আত্মহত্যাৰ মনোভাবৰ এক বিস্তৃত পৰিসৰ আছে। এনে ধৰণৰ মনোভাব নেতিবাচক চিন্তাধাৰা, নিজৰ জীৱন ত্যাগ কৰাৰ স্পষ্ট পৰিকল্পনা আৰু মৃত্যু— এইসমূহ উদ্দেশ্যৰ সৈতে জড়িত। এয়া নহয় যে প্ৰতিটো আত্মহত্যাৰ কাৰ্য সূক্ষ্ম পৰিকল্পনাৰে আগবঢ়োৱা হয় বা যে এই তীব্ৰতাৰ স্তৰ অৱশ্যম্ভাৱী ঘটনা শৃংখলাৰ সৈতে জড়িত (Maltsberger et al., 2010, Nock, 2014)। অনুমান কৰা হৈছে যে ১৩.৫% সাধাৰণ জনসং খ্যাই আত্মহত্যাৰ চিন্তা-ভাবনা অনুভৱ কৰে। তাৰ ভিতৰত ৪.৬%ই সঁচাকৈয়ে আত্মহত্যাৰ প্রচেষ্টা কৰে (May and Klonsky, 2016) | যিসকল লোকে বিষাদ, উদ্বেগ বা আন মানসিক স্বাস্থ্য সমস্যাৰে সংঘৰ্ষ কৰি আছে, তেওঁলোকে আত্মহত্যাৰ কথা ভাবিবলৈ বা চেষ্টা কৰিবলৈ অধিক সম্ভাৱনাপ্ৰৱণ হ’ব পাৰে। এই সংযোগক বুজাটো গুৰুত্বপূৰ্ণ কাৰণ ই আমাক সতর্কতা চিহ্নসমূহ পৰিচয় কৰোৱাত আৰু যিসকল লোকৰ সহায়ৰ প্ৰয়োজন তেওঁলোকক সহায় কৰাত সুবিধাজনক কৰি তুলিব পাৰে।
মানসিক স্বাস্থ্য আৰু আত্মহত্যাৰ মাজৰ সম্পর্ক-
মানসিক স্বাস্থ্যত কেৱল অনুভৱৰেই সীমাবদ্ধ নোহোৱাকৈ বহুতো কাৰক থাকে যিবোৰে আমাৰ চিন্তা-ভাবনা, সম্বন্ধ আৰু সামগ্রিক জীৱন-মানক প্রভাৱিত কৰে। আমাৰ শাৰীৰিক সুস্থতাৰ দৰে মানসিক স্বাস্থ্যও এইটো নিৰ্ধাৰণ কৰাত অত্যাৱশ্যক যে আমি কেনেকৈ চাপ-পৰিস্থিতিসাপেক্ষে সম্বন্ধ গঢ়ি তোলো আৰু বিভিন্ন পৰিস্থিতিত প্ৰতিক্ৰিয়া দেখুৱাওঁ।
মানসিক স্বাস্থ্য সমস্যাই আত্মহত্যাৰ আশংকা বৃদ্ধিৰ সৈতে গভীৰভাৱে জড়িত। ইয়াত অন্তর্ভুক্ত আছে-
বিষাদঃবিষাদ হৈছে আত্মহত্যাৰ আশং কাৰ এটা মূল কাৰক, যিয়ে ঘনে ঘনে নিৰাশা, মূল্যহীনতা আৰু জীৱনত আগ্ৰহৰ অভাৱৰ অনুভৱ জন্মায়। শক্তিশালী অনুভৱসমূহ সময়মতে ব্যৱস্থা নকৰিলে আত্মহত্যাৰ চিন্তা জন্ম দিব পাৰে ।
উদ্বেগজনিত ব্যাধিঃ দীঘলীয়া উদ্বেগে ব্য ক্তিক তেওঁলোকৰ চিন্তাত আবদ্ধ হোৱা অনুৰাগ কৰায়, যিয়ে হতাশাৰ অনুভূতিৰ জন্ম দিয়ে। আতংক আক্ৰমণ, ভয় আৰু গহীন চিন্তা ইত্যাদিবোৰ চিকিৎসা নকৰিলে আত্মহত্যাৰ চিন্তালৈ ধাৱমান হ’ব পাৰে।
বাইপ‘লাৰ ব্যাধিঃ বাইপ’লাৰ ব্যাধিৰ সৈতে থকা ব্যক্তিসকলে গুৰুতৰ মানসিক পৰিৱৰ্তনৰ মুখামুখি হয়, য’ত তীব্র উৎসাহী অৱস্থাৰ পৰা গভীৰ বিষাদময় অৱস্থালৈ সলনি হয়। বিশেষকৈ বিষাদময় অৱস্থাসমূহে আত্মহত্যাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে (বিশেষকৈ তীব্র হতাশাৰ সময়ত)।
পৰৱৰ্তী মানসিক আঘাতজনিত মানসিক ব্যাধি (Post-Traumatic Stress Disorder বা PTSD). PTSD- যি প্ৰায়ে আঘাতজনিত ঘটনা হৈ উঠে, ব্যক্তিসকলক পশ্চাদৱলোকন, দুঃসপোন আৰু তীব্ৰ উৎকণ্ঠা অনুভৱ কৰাব পাৰে। PTSD থকা ব্যক্তিসকলে বাস্তৱতাৰ পৰা পৃথক অনুভৱ কৰিব পাৰে আৰু নিজৰ আঘাত দেখি অতি মর্মাহত হ’ব পাৰে। ইয়াৰ ফলত আত্মহত্যাৰ চিন্তা উদয় হ’ব পাৰে।
পদাৰ্থ ব্যৱহাৰজনিত ব্যাধিঃ আসক্তি আৰু অনুৰূপ পদাৰ্থৰ ব্যৱহাৰে মানসিক স্বাস্থ্য সমস্যাসমূহ বৃদ্ধি কৰিব পাৰে আৰু সমাধান নোপোৱাৰ ক্ষেত্ৰত মানসিক স্বাস্থ্য সমস্যাৰ সং যোগে আত্মহত্যাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি কৰিব পাৰে।
সামাজিক আৰু পৰিৱেশগত কাৰকৰ প্ৰভাৱ-
মানসিক স্বাস্থ্যৰ সমস্যাই আত্মহত্যাৰ ধৰণ বৃদ্ধি কৰে কিন্তু এই সমস্যা কেৱল ব্যক্তিগত পৰিসৰত সীমাবদ্ধ নহয়। সামাজিক আৰু পৰিৱেশগত কাৰকে পৰিস্থিতিক উল্লেখযোগ্য ভাৱে প্ৰভাৱিত কৰে। এই কাৰকে মানসিক স্বাস্থ্য সমস্যাৰ অৱনতি বা উন্নতি ঘটাব পাৰে, ফলত কোনো ব্যক্তিৰ আত্মহনন কৰাৰ সম্ভাৱনা বৃদ্ধি বা হ্রাস পায়। এই কাৰকসমূহ হৈছে—
সামাজিক একাকিত্বঃ একাকিত্বৰ অনুভৱ- পর্যাপ্ত সামাজিক সহায়ৰ অভাৱৰ সৈতে মিলিত হৈ হতাশা আৰু উদ্বিগ্নতাৰ অনুভূতি বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত আত্মহত্যাৰ চিন্তা আৰু কাৰ্যৰ সম্ভাৱনা উল্লেখযোগ্যভাৱে বৃদ্ধি পায়। যিসকল ব্যক্তিয়ে আনৰ পৰা বিচ্ছিন্ন হৈ আছে বুলি অনুভৱ কৰে, তেওঁলোকে বিশ্বাস কৰিব পাৰে যে তেওঁ অনুপস্থিত থাকিলে কোনোবাই লক্ষ্য নকৰিব বা পর্যাপ্ত যত্ন নকৰিব ইত্যাদি।
দীঘলীয়া চাপঃ কাম, সম্পর্ক বা বিত্তীয় সমস্যাৰ পৰা হোৱা স্থায়ী চাপে কোনো ব্যক্তিৰ মানসিক স্বাস্থ্য প্রভাৱিত পৰিব পাৰে। দীঘলীয়া চাপৰ ফলত নিৰাশা আৰু অসহায়তাৰ অনুভূতি জন্ম হ’ব পাৰে, ফলত আত্মহত্যাৰ চিন্তাৰ সম্ভাৱনা বৃদ্ধি পায় ।
আঘাত আৰু দুৰ্য্যৱহাৰঃ বিশেষকৈ শৈশৱকালত আঘাতপ্ৰাপ্ত হোৱা মানসিক স্বাস্থ্যত দীঘলীয়া প্ৰভাৱ পেলাব পাৰে। দুৰ্ব্যৱহাৰ, উপেক্ষা আৰু আন আঘাতজনক অভিজ্ঞতাই মানসিক স্বাস্থ্যৰ অৱনতি সৃষ্টি কৰিব পাৰে, যিয়ে আত্মহত্যাৰ সম্ভাৱনা বৃদ্ধি কৰে ৷
কলংক আৰু বৈষম্যঃ যিসকল ব্যক্তিয়ে কলংক আৰু বৈষম্যৰ সন্মুখীন হয় (মানসিক অৱস্থা, যৌন অভিচলন, জাতি বা লিংগ পৰিচয়ৰ বাবে হ’ব পাৰে) সিহঁতে অধিক চাপ আৰু উৎকণ্ঠা অনুভৱ কৰিব পাৰে। বুজি পোৱা-নোপোৱাৰ অৱস্থা আৰু সহায়ৰ অভাৱে এজন মানুহক আত্মহত্যাৰ প্ৰৱণতাৰ বাবে অধিক সম্পৃক্ত কৰিব পাৰে।
সাৱধানবাণী চিহ্নবোৰৰ চিনাক্তকৰণ-
আত্মহত্যাৰ সমস্যা পৰিহাৰৰ বাবে সাৱধানবাণীৰ চিহ্নবোৰৰ চিনাক্তকৰণ অতিকৈ গুৰুত্বপূৰ্ণ। যদিও মানসিক স্বাস্থ্যৰ সমস্যাত জড়িত সকলো লোকৰ ক্ষেত্ৰত এনে চিহ্ন বা লক্ষণ দেখা নিদিবও পাৰে। ব্যক্তিসাপেক্ষে এই চিহ্নসমূহ ভিন্ন হ’ব পাৰে। এই চিনাক্তকৰণে সাৱধানতাৰে আগতীয়াকৈ হস্তক্ষেপ আৰু সহায়ৰ ব্যৱস্থা কৰাটো সম্ভৱ কৰি তোলে, ফলত জীৱন বচাব পাৰি ।
মৌখিক সংকেতঃ মানুহে আত্মহত্যাৰ চিন্তা প্রত্যক্ষ বা পৰোক্ষভাৱে প্ৰকাশ কৰিব পাৰে । ‘মই মৰিবলৈ আশা কৰোঁ’বা ‘জীৱন যাপন কৰাৰ কোনো অর্থ নাই’- এনে ধৰণৰ বাক্যবোৰ গম্ভীৰভাৱে লোৱা উচিত ।
আচৰণগত পৰিৱৰ্তনঃ হঠাতে হোৱা আচৰণগত পৰিৱৰ্তন যেনে- সামাজিক জীৱনৰ পৰা আঁতৰি যোৱা, মূল্যৱান সামগ্ৰীসমূহ দান কৰা বা হঠাতে প্রতিক্রিয়ামূলক আচৰণ কৰা ইত্যাদি আত্মহত্যাৰ চিন্তাৰ প্ৰমাণ হ’ব পাৰে। ।
মানসিক পৰিৱৰ্তনঃ নাটকীয়ভাৱে হোৱা মানসিক পৰিৱৰ্তন বিশেষকৈ যেতিয়া কোনো ব্য ক্তিয়ে বিষণ্ণতাৰ সময়ৰ পাছত হঠাতে শান্ত বা সন্তুষ্ট হোৱা ইত্যাদি তেওঁলোকৰ জীৱন সমাপন কৰিবলৈ গতি কৰাৰ প্ৰমাণস্বৰূপ।
ৰুচি হ্ৰাসঃ যিসকলে সৰু-সুৰা কাৰ্যকলাপ, ৰুচি বা সম্পৰ্কৰ পৰা পূৰ্বতে আনন্দ অনুভৱ কৰিছিল, সেইসকলৰ ৰুচি নথকাৰ অনুভূতিটো এটা সতর্ক সংকেত হ’ব পাৰে।
শাৰীৰিক লক্ষণসমূহঃ স্পষ্ট চিকিৎসাগত কাৰণ অবিহনে দীঘলীয়া শাৰীৰিক লক্ষণ যেনে- মূৰ আৰু পেটৰ বিষ বা কর্মশক্তি হ্রাস ইত্যাদি মনৰ স্বাস্থ্যৰ সমস্যাৰ সৈতে জড়িত হ’ব পাৰে ।
প্ৰতিৰোধ ব্যৱস্থা আৰু সহায়-
আত্মহত্যা ৰোধৰ বাবে ব্যক্তিগত, সামাজিক আৰু সামগ্রিক প্রচেষ্টাৰ প্ৰয়োজন। এই জটিল সমস্যাটো সমাধান কৰিবলৈ বিভিন্ন কৌশল গ্ৰহণ কৰা হয়—
প্রাক্-চিনাক্তকৰণ আৰু চিকিৎসাঃ মানসিক স্বাস্থ্য সমস্যাৰ প্ৰাক্-নিৰ্ণয় আৰু চিকিৎসাই আত্মহত্যাৰ সম্ভাৱনা যথেষ্ট হ্ৰাস কৰিব পাৰে । থেৰাপী, ঔষধ আৰু অন্যান্য চিকিৎসাই ব্যক্তিগৰাকীৰ লক্ষণসমূহ নিয়ন্ত্ৰণ আৰু মোকাবিলা কৰিবলৈ কৌশল বিকাশ কৰিব পাৰে।
সমৰ্থন সৃষ্টি কৰাঃ ব্যক্তিসকলক শক্তিশালী সামাজিক সম্পর্ক গঢ়ি তোলা আৰু বজাই ৰাখিবলৈ উৎসাহিত কৰিলে সংকটৰ সময়ত সুৰক্ষিত সহায় প্ৰদান কৰিব পাৰে।
গভীৰ মানসিক থেৰাপীঃ এই পদ্ধতিটোৱে মানসিক স্বাস্থ্য সমস্যাৰ লাগত জড়িত বিষয়সমূহক বুজিবলৈ চেষ্টা কৰে লগতে মূল কাৰণবোৰৰ বিশ্লেষণ কৰি আত্মহত্যাৰ সম্ভাৱনা কমাব পাৰে।
দলগত চিকিৎসাঃ ই সচেতনতা বৃদ্ধি কৰি হতাশা কমাব পাৰে আৰু ব্যক্তিগৰাকীক সহায় বিচাৰিবলৈ উৎসাহিত কৰিব পাৰে ।
সামাজিক সহায় আৰু সমৰ্থন-
সমাজ আৰু সামাজিক সহায়ে আত্মহত্যা ৰোধত অতি প্রয়োজনীয় ভূমিকা পালন কৰে । মানসিক স্বাস্থ্য উন্নীত কৰা আৰু আত্মহত্যাৰ আশংকা কমোৱাৰ বাবে পৰিৱেশ সৃষ্টি কৰিবলৈ যৌথ প্রচেষ্টাৰ প্ৰয়োজন। এইসমূহৰ ভিতৰত আছে—
কর্মক্ষেত্ৰত মানসিক স্বাস্থ্য উন্নীতকৰণঃ নিয়োগকর্তাসকলে মানসিক স্বাস্থ্যৰ সচেতনতাৰ বাবে বিভিন্ন ধৰণৰ কৰ্মচাৰী সহায়তা কাৰ্যসূচী আৰু সহায়ক কৰ্মক্ষেত্র সংস্কৃতি সৃষ্টি কৰি আত্মহত্যা ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।
শিক্ষামূলক কাৰ্যসূচীসমূহঃ বিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহে মানসিক স্বাস্থ্য সম্বন্ধীয় শিক্ষামূলক কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰে। এইবোৰে শিক্ষাৰ্থীসকলক মানসিক স্বাস্থ্যৰ গুৰুত্ব সম্পৰ্কে আৰু প্ৰয়োজন হ’লে সহায়-অনুসন্ধান কৰিবলৈ শিক্ষিত কৰিব ।
সামুদায়িক কাৰ্যব্যৱস্থাসমূহঃ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক লোক চিকিৎসা অভিযানসমূহে আত্মহত্যা প্রতিষেধন আৰু মানসিক স্বাস্থ্য সম্পৰ্কীয় উৎসসমূহৰ বিষয়ে জনসাধাৰণৰ সচেতনতা বৃদ্ধি কৰিব পাৰে। এই ধৰণৰ সচেতনতাৰ প্ৰচাৰে সামাজিক ব্যাধি দূৰ কৰি ব্যক্তিসকলক সহায় বিচাৰিবলৈ উৎসাহিত কৰিব পাৰে।
নীতি পৃষ্ঠপোষকতাঃ মানসিক স্বাস্থ্য সেৱা লাভৰ সুবিধা আগবঢ়োৱা আৰু আত্মহত্যা প্ৰতিষেধনৰ প্ৰচেষ্টা সমর্থন কৰা নীতিৰ বাবে পৃষ্ঠপোষকতা কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ । অৰ্থাৎ মানসিক স্বাস্থ্য সেৱাৰ বাবে পুঁজি যোগান ধৰা, স্বাস্থ্য সেৱা প্ৰদানকাৰীসকলৰ বাবে প্রশিক্ষণ আৰু সমাজিক পৰিসৰত আত্মহত্যা প্রতিষেধন কৌশলসমূহ কাৰ্যন্বয় কৰা ইত্যাদি ।
আত্মহত্যাৰ প্ৰতিৰোধ মানসিক স্বাস্থ্যৰ সৈতে গভীৰভাৱে জড়িত। মানসিক স্বাস্থ্য অৱস্থাৰ লগত আত্মহত্যাৰ সংযুক্তি বুজি পোৱাটো জীৱনৰক্ষক পদক্ষেপৰ বাবে অত্যন্ত প্রয়োজনীয়। সতর্কতা সংকেতসমূহ পর্যবেক্ষণ কৰি, সহায় প্ৰদান কৰি আৰু মানসিক সুস্থতা প্ৰচাৰ কৰি আমি আত্মহত্যাৰ প্ৰৱণতা কম কৰিব পাৰোঁ আৰু সংকটত থকা লোকৰ বাবে সহানুভূতিক পৰিৱেশ গঢ়ি তুলিব পাৰো । প্ৰতিজন ব্যক্তি, সমাজ আৰু গোষ্ঠীয়ে আত্মহত্যাৰ প্ৰতিৰোধ, যৌথ সহায় আৰু ব্যৱস্থাগত পৰিৱৰ্তনৰ জৰিয়তে সু-সংগঠিত মানসিক সুস্থতা প্ৰচাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। চৰকাৰ, স্বাস্থ্য সেৱা প্ৰদানকাৰী আৰু সমাজৰ বাবে মানসিক স্বাস্থ্যক অগ্রাধিকাৰ দিয়া আৰু যুৱ প্ৰজন্মৰ বাবে সহজলভ্য মানসিক স্বাস্থ্য সেৱাৰ উৎসসমূহ প্ৰদান কৰাটো অত্যন্ত জৰুৰী। প্ৰাৰম্ভিক হস্তক্ষেপ আৰু সহায়তাই মানসিক স্বাস্থ্যৰ সামগ্রিক গুণমান উন্নীত কৰাৰ ক্ষেত্ৰত যথেষ্ট সঁহাৰি যোগাব পাৰে।
ফোনঃ ৯৪৩৫০-64174
Comments are closed, but trackbacks and pingbacks are open.