ডা° অৰূপ কুমাৰ নাথ
চিকিৎসা খণ্ডত ৰ’বটিক্সৰ সংযুক্তি আধুনিক চিকিৎসা বিজ্ঞানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্রযুক্তিগত অগ্রগতি। ৰ’বটিক্সে ৰোগী-সেৱাৰ সম্ভাৱনাৰ সীমাৰেখা নতুনকৈ নিৰ্ধাৰণ কৰিছে। ৰ’বটিক ছাৰ্জাৰী হৈছে উন্নত আভিযান্ত্ৰিক নিখুঁততা আৰু সুদক্ষ চিকিৎসকৰ অভিজ্ঞতাৰ এক অপূৰ্ব সমন্বয় ৷ ই অতি নিখুঁত, অত্যন্ত সঠিক আৰু অধিক সুৰক্ষিত। ৰ’বটিক ছাৰ্জাৰী হ’ল অতি ন্যূনতম ৰন্ধ্ৰযুক্ত শল্যোদ্ধাৰৰ এক অনন্য পদ্ধতি।
ৰ’বটিক ছাৰ্জাৰীৰ ধাৰণা বিংশ শতাব্দীৰ অন্তিম ভাগৰ পৰা আৰম্ভ হয় । সেনা সদস্যৰ দূৰৱৰ্তী চিকিৎসাৰ বাবে সামৰিক ক্ষেত্ৰত প্ৰাৰম্ভিক প্ৰট’টাইপৰ উন্নয়ন কৰা দিনৰে পৰা ইয়াৰ প্ৰয়োগ হৈছিল। প্রথম গুৰুত্বপূৰ্ণ সাফল্য আহিছিল ZEUS আৰু da Vinci Surgical System-ৰ দৰে ব্যৱস্থাৰ পৰা, যাৰ দ্বাৰা চিকিৎসকে কম্পিউটাৰ সহায়ত সূক্ষ্ম অস্ত্ৰোপচাৰ কৰিবলৈ সক্ষম হৈছিল। যোৱা দুই দশকত ইমেজিং, স্পর্শপ্রতিক্রিয়া (haptic feedback) আৰু ক্ষুদ্রকায় অস্ত্ৰোপচাৰ উপকৰণৰ উন্নতিয়ে ৰ’বটিক ছাৰ্জাৰীক বহুলভাৱে ব্যৱহৃত এক চিকিৎসা পদ্ধতি ৰূপে প্রতিষ্ঠা কৰাইছে।
ৰ’বটিক ছাৰ্জাৰী সাধাৰণতে ছার্জিকেল ৰ’বটিক ছিষ্টেমৰ সহায়ত কৰা হয়, ইয়াত থাকে—
ছাৰ্জন কনচ’লঃ য’ত ছাৰ্জনগৰাকী বহি জ’ইষ্টিক আৰু পেডেলৰ সহায়ত ৰ’বটিক বাহুক নিয়ন্ত্ৰণ কৰে আৰু অস্ত্ৰোপচাৰৰ স্থানক উচ্চ সংজ্ঞাৰ ত্রিমাত্রিক (3D) দৃশ্যত পৰ্যবেক্ষণ কৰে।
ৰোগীৰ কাৰ্টঃ একাধিক ৰ’বটিক বাহু, অস্ত্ৰোপচাৰৰ উপকৰণ আৰু উচ্চ-সংজ্ঞাৰ কেমেৰাৰ সৈতে ৰোগীৰ কাৰ্টটো ভৰি থাকে।
দৃশ্যমান উপকৰণ অর্থাৎ Vision system-এ অস্ত্ৰোপচাৰ ক্ষেত্ৰখনৰ বৃহৎ আৰু ত্রিমাত্রিক দৃশ্য প্ৰদান কৰে ৷
ছফ্টৱেৰ ইণ্টাৰফেছঃ ই চিকিৎসকৰ হাতৰ সঠিক গতি-প্ৰক্ৰিয়াক মূল্যাংকিত কৰি কম্পন- মুক্ত উপায়েৰে ৰ’বটিক উপকৰণলৈ ৰূপান্তৰ কৰে ।
ৰ’বটিক ছাৰ্জাৰীৰ লাভ
- ৰ’বটিক ছাৰ্জাৰীত ৰ’বটৰ উপকৰণ বা অংশবোৰে মানুহৰ হাতৰ প্ৰাকৃতিক সীমাৰ ওপৰঞ্চি গতি কৰিব পাৰে । লেপাৰ’স্কপি পদ্ধতিত শলোদ্ধাৰৰ আহিলাৰ ১৮০ ডিগ্ৰী গতিৰ বিপৰীতে ৰ’বটিক ছাৰ্জাৰীত শলোদ্ধাৰৰ আহিলাৰ ৩৬০ ডিগ্রী গতি পোৱা যায়।
- অতি সূক্ষ্ম ৰন্ধ্ৰযুক্ত হয় বাবে ৰ’বটিক ছাৰ্জাৰীত ৰক্তক্ষৰণ আৰু পীড়া দুয়োটাই কম হয় ।
- ৰ’বটিক ছাৰ্জাৰীত ৰোগীৰ ছাৰ্জাৰী হোৱা অংশৰ পুনৰুদ্ধাৰ ত্বৰান্বিত হয় বাবে ৰোগীৰ শীঘ্ৰে আৰোগ্য সম্ভৱ হয় ।
- ৰ’বটিক ছাৰ্জাৰীত মানুহৰ সংস্পৰ্শ ন্যূনতম থাকে বা প্রায় নাথাকেই বাবে ইনফেকচনৰ সম্ভাৱনা নাথাকে ।
- ৰ’বটে জটিল আভ্যন্তৰীণ অংগৰ অতি উন্নত দৃশ্যমানযুক্ত উচ্চ-সংজ্ঞাৰ ত্ৰিমাত্ৰিক দৃশ্য প্ৰদান কৰে।
- ছাৰ্জনে ভাগৰুৱা অনুভৱ নকৰে বাবে দীঘলীয়া অস্ত্ৰোপচাৰো অধিক ধৈর্যসহকাৰে সুকলমে সম্পন্ন কৰিব পাৰে।
- ৰ’বটিক ছাৰ্জাৰীত শৰীৰৰ কোনো জটিল আৰু দুৰ্গম অংশৰ অপাৰেচন অতি সহজতে সুকলমে কৰা সম্ভৱ হয় ।
- ৰ’বটিক ছাৰ্জাৰীত কিছুমান জটিল টিউমাৰ বা কেঞ্চাৰৰ খুব নিখুঁত ছেদন কৰা সহজ হয়।
আজিৰ দিনত ৰ’বটিক ছাৰ্জাৰী ইউৰ’লজিৰ প্ৰ’ষ্টেটৰ ছাৰ্জাৰী, কিডনীৰ ছাৰ্জাৰী, গাইন’ক’লজিৰ হিষ্টেৰেক্টমি, মায়োমেক্টমি কার্ডিয়াক ছাৰ্জাৰীৰ ভাল্ভ মেৰামতি, কৰ’নাৰী আৰ্টাৰী বাইপাছ, গেস্ট্রোইণ্টেষ্টাইনেল ছাৰ্জাৰীৰ ক’ল’ৰেক্টেল ৰিচেকচন, বেৰিয়াট্রিক ছাৰ্জাৰী, অংক’ল’জীৰ অতি জটিল টিউমাৰৰ অপসাৰণ আদি প্রায় সকলো ক্ষেত্ৰতেই বহুলভাৱে ব্যৱহৃত হৈ আছে।
অৱশ্যে ৰ’বটিক ছাৰ্জাৰীৰ কিছুমান সীমাবদ্ধতাও আছে। ব্যয়বহুলতা, ছাৰ্জনৰ বিশেষ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা, সীমিত প্ৰাপ্যতা (ৰ’বট আজিও মূলতঃ তৃতীয় স্তৰৰ চিকিৎসালয়তহে উপলব্ধ) আৰু প্ৰযুক্তিগত বিঘ্নি (যিকোনো যান্ত্রিক ক্ৰটিয়ে অস্ত্ৰোপচাৰ বাধাগ্ৰস্ত কৰিব পাৰে) আদি ৰ’বটিক্সৰ কেইটামান মুখ্য সীমাবদ্ধতা।
ভৱিষ্যত সম্ভাৱনা-
ভৱিষ্যতে ৰ’বটিক ছাৰ্জাৰী আজিতকৈ আৰু অধিক উন্নততৰ হ’ব।
কৃত্রিম বুদ্ধিমত্তাৰ সংযোজনঃ পূর্বাভাস বিশ্লেষণ আৰু উন্নত সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি কৰিব পৰা যাব ।
দূৰৱৰ্তী ছাৰ্জাৰী (Telesurgery) : বিশ্বৰ যিকোনো স্থানৰ পৰা বিশেষজ্ঞ চিকিৎসকে ৰ’বটিক্সৰ সহায়ত অস্ত্ৰোপচাৰ কৰিবলৈ সক্ষম হ’ব।
বহনযোগ্য ব্যৱস্থাঃ সৰু চিকিৎসালয়তো ৰ’বটিক ছাৰ্জাৰী উপলব্ধ হ’ব।
বর্ধিত বাস্তৱতা (Augmented Reality) : ইয়াৰ সহায়েৰে অস্ত্ৰোপচাৰ ক্ষেত্ৰত ডিজিটেল এনাট’মিকেল আভাসৰ সৃষ্টি কৰাব পৰা যাব ।
ৰ’বটিক্স আৰু ৰ’বটিক ছাৰ্জাৰীয়ে চিকিৎসা বিজ্ঞানত সূক্ষ্মতা, সুৰক্ষা আৰু ৰোগীৰ পুনৰুদ্ধাৰৰ সীমাৰেখা নতুনকৈ নিৰ্ধাৰণ কৰিছে। যদিও ব্যয় আৰু প্ৰাপ্যতা আজিও একপ্ৰকাৰ প্ৰতিবন্ধকতা হৈ আছে, নিৰন্তৰ উদ্ভাৱনে এই প্রযুক্তিক অধিক বিস্তৃত কৰি তুলিছে। ৰ’বটিক্সে কৃত্রিম বুদ্ধিমত্তা আৰু টেলিছাৰ্জাৰীৰ সৈতে একেলগে আগবঢ়াৰ লগে লগে ভৱিষ্যতে অস্ত্ৰোপচাৰ অসীম সম্ভাৱনাপূৰ্ণ হৈ উঠিব বুলি ঠাৱৰ কৰিব পৰা যায়।
ফোন : ৮০১১৫-০১৮৩৩
Comments are closed, but trackbacks and pingbacks are open.