পৃথিৱীত এনে বহু ঠাই আছে যিবোৰ নিজৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে বিখ্যাত, কিন্তু ইয়াৰ মাজতে কিছুমান এনেকুৱা স্থানও আছে যিবোৰ অতি ভয়ংকৰ আৰু য’লৈ যোৱাৰ কথা ভাবিলে মানুহৰ গাত কঁপনি উঠে। তেনে এক স্থান হৈছে ব্ৰাজিলৰ উপকূলৰ পৰা কিছু দূৰত অৱস্থিত ‘ইলহা ডা কুইমাডা গ্ৰাণ্ডে’ (Ilha da Queimada Grande), যাক সমগ্ৰ বিশ্বই ‘স্নেক আইলেণ্ড’ বা ‘সৰ্প দ্বীপ’ বুলি জানে। এই দ্বীপটোক বৰ্তমান পৃথিৱীৰ আটাইতকৈ বিপদজ্জনক আৰু মাৰাত্মক স্থানসমূহৰ অন্যতম হিচাপে গণ্য কৰা হয়।
কিয় ইমান ভয়ংকৰ এই দ্বীপ?
ব্ৰাজিলৰ ছাও পাওলো (São Paulo) উপকূলৰ পৰা প্ৰায় ৩৩ কিলোমিটাৰ দূৰত আটলাণ্টিক মহাসাগৰত অৱস্থিত এই দ্বীপটো মাত্ৰ ১০৬ একৰজুৰি বিস্তৃত। ইয়াৰ ভয়ংকৰতাৰ মূল কাৰণ হ’ল ইয়াত বাস কৰা হাজাৰ হাজাৰ বিষাক্ত সাপ।
জীৱবিজ্ঞানীসকলৰ এক হিচাপ অনুসৰি, এই দ্বীপটোত বৰ্তমান প্ৰায় ২,০০০ ৰ পৰা ৪,০০০ টা অত্যন্ত বিষাক্ত সাপ আছে। দ্বীপটোৰ অৰণ্য অঞ্চলৰ ঘনত্ব ইমানেই বেছি যে কিছুমান ঠাইত প্ৰতি বৰ্গ মিটাৰত এটাকৈ সাপ পোৱা যায়। অৰ্থাৎ, এই দ্বীপটোত খোজ পেলালেই আপোনাৰ ভৰি কোনোবা না কোনোবা সাপৰ গাত পৰাটো নিশ্চিত।
এই দ্বীপটোত পোৱা আটাইতকৈ বিখ্যাত আৰু ভয়ংকৰ সাপবিধ হ’ল ‘গ’ল্ডেন লেন্সহেড ভাইপাৰ’ (Golden Lancehead Viper), যাৰ বৈজ্ঞানিক নাম (Bothrops insularis)। এই প্ৰজাতিৰ সাপ সমগ্ৰ পৃথিৱীৰ ভিতৰত কেৱল এই দ্বীপটোতে পোৱা যায়।
মানুহৰ প্ৰৱেশ সম্পূৰ্ণ নিষিদ্ধ-
ইয়াৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰাজিল চৰকাৰে ১৯২০ চনৰ পৰাই সাধাৰণ ৰাইজ, আৰু পৰ্যটকৰ বাবে এই দ্বীপটোলৈ যোৱা আইনগতভাৱে সম্পূৰ্ণ নিষিদ্ধ কৰিছে।
কেৱল দ্বীপটোত থকা স্বয়ংক্ৰিয় লাইটহাউচটো (Lighthouse) তদাৰক কৰিবলৈ ব্ৰাজিলৰ নৌসেনাৰ (Navy) লোকসকল মাজে মাজে তালৈ যায়। কিন্তু সুৰক্ষাৰ বাবে তেওঁলোকেও নিজৰ লগত বাধ্যতামূলকভাৱে এজন বিশেষজ্ঞ চিকিৎসক আৰু বিষ প্ৰতিষেধক (Anti-venom) কিট লৈ যাব লগা হয়
বৰ্তমান ব্ৰাজিল চৰকাৰে কেৱল বিশেষ গৱেষণাৰ বাবেহে কিছুমান বাচনি কৰা জীৱবিজ্ঞানীৰ দলক অতি কঠোৰ সুৰক্ষা ব্যৱস্থাৰ মাজত এই দ্বীপটোলৈ যোৱাৰ অনুমতি প্ৰদান কৰে। প্ৰকৃতি আৰু বন্যপ্ৰাণী প্ৰেমীসকলৰ বাবে সৰ্প দ্বীপ এক ৰহস্যময় আৰু দূৰৰ পৰাই ভয় সংমিশ্ৰিত শ্ৰদ্ধা জনোৱাৰ এক স্থান হৈয়েই ৰৈছে।
Comments are closed, but trackbacks and pingbacks are open.