৩ ফাগুন, সোমবাৰ , ইং ১৬ ফেব্ৰুৱাৰী ২০২৬
১.মেষ ৰাশি(অ,ল): প্রাকৃতিক দুর্যোগত ক্ষতি হ’ব পাৰে। যিকোনো কাম কৰিলে সফল হ’ব। ব্যৱসায়ত ভাল ফল পাব। তুলসীৰ পূজা কৰিব। শুভ ৰং বগা, সংখ্যা ৩।
২.বৃষ ৰাশি(উ,ব): ঘৰলৈ মূল্যৱান বস্তু অহাৰ সম্ভাৱনা আছে। যিকোনো ভাল কাম কৰিলে সুফল পাব। বন্ধুৰ লগত বিচ্ছেদ ঘটিব পাৰে। শুভ ৰং বেঙুনীয়া, সংখ্যা ২।
৩.মিথুন ৰাশি(ক,ছ): আপুনি কৰা ভুলৰ বাবে আনে কষ্ট পাব লগা হ’ব পাৰে। চাকৰিয়ালসকলে নিজৰ কামত মন দিয়ক, অন্যথা ক্ষতি হ’ব। শুভ ৰং হালধীয়া, সংখ্যা ৫।
৪.কৰ্কট ৰাশি(ড,হ): মূল্যৱান বস্তুৰ ক্ষতি হ’ব পাৰে৷ মাটিৰ সীমাক লৈ সমস্যা হ’ব পাৰে। কৰ্মত বাধা পাব। ঘৰৰ উত্তৰ কোণত খুঁটি এটা মাৰি তাত এখন ৰঙা কাপোৰ বান্ধিব আৰু গুৰিত ধূপ-চাকি জ্বলাব। শুভ ৰং বগা, সংখ্যা ৮।
৫.সিংহ ৰাশি (ম,ট): ব্যৱসায়ীসকলে নতুন ব্যৱসায়ৰ সন্ধান পাব। টকা-পইচাৰ অভাৱ বাঢ়িব। অলপ চেষ্টা কৰিলে কর্মসংস্থাপন লাভ কৰিব পাৰিব। শুভ ৰং আকাশী নীলা, সংখ্যা ৯।
৬.কন্যা ৰাশি(প,ঠ): খং দমাই ৰাখিব, অন্যথা ক্ষতি হ’ব। যুটীয়াকৈ কৰা ব্যৱসায়ৰ ব্যৱসায়ীৰ মতানৈক্য হৈ সংঘাত আহিব পাৰে। শুভ ৰং গুলপীয়া, সংখ্যা ২।
৭.তুলা ৰাশি(ৰ,ত): চাকৰিয়ালসকলে আজি টকা-পইচাৰ লেনদেন নকৰাই ভাল। পুৰণা ৰোগ থকাসকলৰ পীড়া বৃদ্ধি পাব। সন্তানে সমাজত সুনাম পাব। শুভ ৰং বেঙুনীয়া, সংখ্যা ৭।
৮.বৃশ্চিক ৰাশি(ন,য): অচিন শত্ৰুৰ পৰা ক্ষতি হোৱাৰ ভয়। চাকৰিয়ালসকলে সন্মান লাভ কৰিব। ব্যৱসায়ত লোকচানৰ আশংকা আছে। সন্তানে দুখ দিব। শুভ ৰং বগা, সংখ্যা ৪।
৯.ধনু ৰাশি(ধ,ভ): টকা-পইচাৰ লেনদেন কৰোঁতে সাৱধান হ’ব। আর্থিক ক্ষতিৰ যোগ। শিক্ষার্থীয়ে ভাল ফল দেখুৱাব পাৰিব। ।। ব্যৱসায়ত শুভ। শুভ ৰং গেৰুৱা, সংখ্যা ৮।
১০.মকৰ ৰাশি(খ,জ): পুৰণা ৰোগত ভুগি থকাসকলে খোৱা-বোৱাত বিশেষ ধ্যান ৰাখিব। পাবলৈ থকা টকা হাতলৈ আহিব। শুভ ৰং হালধীয়া, সংখ্যা ২।
১১.কুম্ভ ৰাশি(গ,শ,স): বিবাহ সম্পর্কে চলি থকা কথা-বতৰাৰ আজি ভাল খবৰ পাব। আত্মীয়ৰ পৰা ক্ষতি হোৱাৰ আশংক। হাত-ভৰিত আঘাত পাব পাৰে। শুভ ৰং নীলা, সংখ্যা ৩।
১২.মীন ৰাশি(দ,চ): আনক উপকাৰ কৰিবলৈ গৈ ক্ষতি হোৱাৰ ভয়। দুৰ্ঘটনাৰ প্ৰবল সম্ভাৱনা আছে। সন্তানৰ ভুলৰ বাবে লাজত পৰিব। শুভ ৰং সেউজীয়া, সংখ্যা ৫।
Comments are closed, but trackbacks and pingbacks are open.