পৰমজিৎ পাপলী কৌৰ
শব্দৰ শক্তি অপাৰ, আপোনাৰ মোৰ মুখেৰে ওলোৱা এটা শব্দ বা এষাৰি বাক্যই শ্রোতাজনৰ মনোজগতত কি ধৰণৰ ক্ৰিয়া কৰিব, সেয়া সম্পূৰ্ণ ৰূপে কওঁতাজনৰ ওপৰতে নিৰ্ভৰশীল। বহু সময়ত শব্দ উপস্থাপন কৰাৰ ধৰণটোতেই নিৰ্ভৰ কৰে ফলাফল। উদাহৰণস্বৰূপে ধৰক এজনী কণমানিয়ে ছবি আঁকি খুব ভাল পায় আৰু ছবি আঁকিব পালে ঘৰৰ দেৱাল, মজিয়া একো বাদ নপৰে। তাইৰ এইবোৰ কৰ্মকাণ্ডই কিন্তু মা-দেউতাকক ব্যতিব্যস্ত কৰি তোলে। এদিন তাই দেৱালত ৰং পেঞ্চিল লৈ কিবাকিবি আঁকি আছিল, তেনেতে দেউতাকে আহি দেখা পাই ধমক দুটামান দি দ্বিতীয়বাৰ যাতে এনে নকৰে তাৰ বাবে সতৰ্ক কৰি দি থৈ গ’ল। দেউতাকে খঙত কোৱাৰ বাবে তাইৰ জেদ বাঢ়িল, আগতে যদি একগুণ আঁকিছিল এতিয়া কিন্তু দুগুণ আঁকে। দ্বিতীয়বাৰ দেউতাকে আহি তাইক একেই কর্মকাণ্ডত লাগি থকা দেখা পাই ক’লে, ‘মাজনী তুমি এতিয়া ডাঙৰ হৈছা, নিজৰ কোঠা পৰিষ্কাৰকৈ ৰাখিব লাগে, তুমি যিহেতু এজনী ভাল ছোৱালী, মই তোমাৰ কাৰণে কেনভাছ আনি দিম, তুমি এতিয়াৰে পৰা তাতেই ছবি আঁকাৰ চখ পূৰণ কৰিবা’। তাই কিন্তু এইবাৰ দেউতাকৰ কথা মানি ল’লে, কাৰণ দেউতাকে তাইক ভাল ছোৱালী বুলি কৈছে। আৰু ভাল ছোৱালী সদায় ডাঙৰৰ বাধ্য হয় ।
সকলো কথা আচলতে তেনেকুৱাই। কথাৰ উপস্থাপন বা বাক্য গাঁথনিয়ে মানসপটত বহুতো ক্ৰিয়া কৰে, লাগিলে সেয়া আমাৰ ঘৰতেই হওক, বিদ্যালয়, মহাবিদ্যালয় অথবা কর্মস্থানতেই হওক। কেতিয়াবা আপোনাৰ অতিকৈ বেয়া লগা মানুহ এজনৰ এষাৰ কথায়ো আপোনাক তেওঁৰ প্ৰতি মনোভাৱ পৰিৱৰ্তন কৰাত সহায় কৰে।
অসমীয়াত এষাৰ কথা আছে নহয়— ‘কথাতে কটা যায়, কথাতে বঁটা পায় । আমাৰ মুখেৰে ওলোৱা কথা বা শব্দবোৰত আমি বিচাৰিলে মহৌষধৰ শক্তি নিহিত কৰিব পাৰোঁ নাইবা ইয়াক বিহৰ দৰে বিষাক্ত কৰি তুলিব পাৰোঁ। আমেৰিকাৰ লেখক নেপোলিয়ান হিলে কৈছিল— ‘কিবা এটা কোৱাৰ আগতে দুবাৰ ভাবি লওক । কাৰণ আপোনাৰ শব্দ আৰু ইয়াৰ প্ৰভাৱে আন এজনৰ মনত সফলতা অথবা বিফলতাৰ বীজ ৰোপণ কৰে’। শ্ৰেণীকোঠাত পঢ়া-শুনাত আনতকৈ অলপ পিছপৰি থকা বিদ্যার্থী এজনকো নিজৰ প্ৰিয় শিক্ষকজনৰ উৎসাহপূর্ণ কথাবোৰে ছাত্ৰজনৰ মনত কিবা এটা ভাল কৰাৰ হেঁপাহ যোগায়। ১০০ শতাংশ নম্বৰেৰে পৰীক্ষাত ভাল ফলাফল আনক বা নানক কিন্তু ছাত্র এজনক ভাল নাগৰিক হিচাপে গঢ়ি তোলাত এজন শিক্ষকৰ মহৌষধৰূপী শব্দবোৰে বাৰুকৈয়ে উৎসাহ যোগায়। মনত পৰে বিদ্যালয়-মহাবিদ্যালয়ত পঢ়ি থকা সময়ত অথবা আজি চাকৰি কৰি নিজে খুটি খাব পৰা হোৱালৈকেও কেতিয়াও আনে আঙুলি টোৱাব পৰা কাম কৰাৰ সাহস কৰা নাই, ইয়াৰ মূলতে মা-দেউতা আৰু শিক্ষাগুৰুসকলৰ অগাধ বিশ্বাস আৰু মৰমৰ সেই শব্দবোৰ, যাৰ দ্বাৰা প্ৰতিফলিত হয় তেওঁলোকে মোৰ পৰা একো নিবিচাৰিলেও মোৰ পৰা কি আশা কৰে । এই মৰমৰ ভাষাবোৰ যে অকল মানুহৰেই বোধগম্য তেনে নহয়, জীৱকুলেও ভালদৰে বুজে মৰমৰ মাত । যাৰ ঘৰত পোহনীয়া প্রাণী আছে তেওঁলোকে ভালদৰে বুজিব। মৰমৰ কুকুৰটোকো যদি ধমক দি কিবা এটা কয় তেনেহ’লে সিও গেঙেৰি মাৰে, কিন্তু মৰমেৰে ক’লে সিও নেজ জোকাৰি সঁহাৰি দিয়ে, আদৰ কৰে। হয় সকলো এনেকুৱাই। এষাৰ মৰমৰ মাতেৰে, এটি মৰমৰ শব্দৰে সকলোকে আপোন কৰিব পাৰি, অসাধ্যও সাধন কৰোৱাব পাৰি। আনহে নালাগে আন্তৰিকতা, আত্মীয়তাবোৰো অধিক দৃঢ় কৰাত অৰিহণা যোগাব পাৰে একোটা শব্দই । আহকচোন আমি সকলোৱে শব্দৰ শক্তিক উপলব্ধি কৰি সুন্দৰ মাত-কথাৰে নিজৰ মনবোৰ আৰু অধিক সুন্দৰ কৰি তোলোঁ।
Comments are closed, but trackbacks and pingbacks are open.