গল্পঃ অহৈতুক

40

সাগৰিকা গোস্বামী

অপুৰ বিয়া৷ আজি দিশাই ফোনতে কথাষাৰ কোৱাৰ পৰা মোৰ মনটো দেখোন বৰ কিবাকিবি লাগি আছে। ভাল বেয়া, দুখ কি লাগিছে একো গম পোৱা নাই। মানুহজনী ভিতৰি ভিতৰি বৰ অস্থিৰ হৈ আছোঁ। মোৰ কিয় এনে হৈছে মই যে একো ধৰিবই পৰা নাই। বিয়া-বাৰুৰ কথাত মানুহৰ আনন্দহে লাগিব লাগে!

দিশা দিল্লীৰ পৰা আহি আছে। এয়াৰপ’ৰ্টৰ পৰা অপুৱে আনিব। দুপৰীয়া ডেৰ-দুইমান বজাতেই ঘৰ পাবহি। সেয়ে ভাতসাঁজ আজি অপুৰ পছন্দ মতেই ৰান্ধো বুলি পুৱাৰ আহাৰকণ খায়ে বাৰীত সোমাইছোঁ। সি আকৌ বাৰীৰ শাক-পাত, পচলা, কলডিল এইবোৰ খাইহে ভাল পায়। বৰ স্বাস্থ্য সচেতন ল’ৰা! নিয়মিত শৰীৰ চৰ্চাও কৰে। অৱশ্যে এনেবোৰ অসমীয়া খাদ্য মোৰো প্রিয়। গতিকে মনে মিলা লগ এটা পালে ময়ো বৰ আগ্ৰহেৰেই এই শাক- পাতবোৰ ৰান্ধো ৷ আগতে ডাঙৰ ছোৱালী দীপা থাকোঁতে অৱশ্যে মোৰ লগ এটা হৈছিল। শেৱালি ফুলৰ বৰেই হওক বা ভাত দুটামান দি ৰন্ধা খাৰকণেই হওক, তাইৰ বৰ প্ৰিয় আছিল । তাই আৰু অপু থাকিলে ভাতৰ টেবুলত বাকী দুজনীৰ বিশেষকৈ সৰুজনীৰ দিশাৰ গাৰ ভাঁজ কি নাচাবা! টেবুলত বহিয়েই এনেবোৰ খাদ্যলৈ চাই গাটো খুব ধুনীয়াকৈ পাক এটা মাৰি মুখেৰে এটা অদ্ভুত শব্দ ক’ব-‘ই-উ’আজিও সেই একেবোৰেই। খাই খাই একদম ব’ৰ হৈ গৈছোঁ । অ’অপু দাদা, তুমি আহিলে মই বৰ ভালপাওঁ জানা, কিন্তু তুমি থকা কেইদিন সদায় একেবোৰকে খাব লাগে। অকণো ভাল নালাগে।’

: কিয় ? খুৰীয়ে ইমান ধুনীয়াকৈ ৰান্ধে! মোৰ বৰ ভাল লাগিছে খাই। খুৰী, ভেদাইলতাৰ বৰ দুটামান আৰু দিয়কনা। এই কলডিলৰ কোপ্তাটো কেনেকৈ ৰান্ধিছে? এইয়া মই গোটেইখিনি লওঁনে?

: নল’বা, সেইটো ম‍ই ভাল পাওঁ। বাকীবোৰহে !

দিশাৰ কথাত কলডিলৰ কোপ্তা অলপ অপুৱে লৈ বাটিটো তাইলৈ আগবঢ়াই দিলে। তৃপ্তিৰে চুঁচি-বাচি খোৱা কাঁহীখন দেখি মোৰ মনটো ভৰি উঠে। অৱশ্যে ভাত মাত্ৰ অকণমানহে লয়। অকল খায়ে ভাল নাপায় ল’ৰাটোৱে, ভাল ৰান্ধেও। এবাৰ সি ঘৰৰ পৰা মোলৈ বিহজলকীয়া আৰু জলফাই লৈ আহিছিল। মোৰ গাটো বেয়া আছিল সেই কেইদিন। দুপৰীয়া শুই আছোঁ। পাকঘৰত মিক্সি চলোৱা শুনি আহি দেখিছোঁ বিহজলকীয়া মিক্সিত পিহি বপুৰাই বিহজলকীয়াৰ আচাৰ বনাইছে আৰু আনফালে একে সময়তে জলফাইৰো আচাৰ প্রস্তুত। মুহূর্ততে দুবিধ আচাৰ বনোৱা তাকহে প্রথম দেখিলো। বিহজলকীয়াৰ গোন্ধত পাকঘৰত সোমাব নোৱাৰি। প্ৰস্তুত কৰা আহিলাবোৰ দেখিয়ে ভয় লাগিছে- কেনেকৈ ধুম? মুখেৰে ওলায়ে গ’ল- হে ভগৱান! এইবোৰ মই কেনেকৈ ধুম?

: আপুনি একো চিন্তাই নকৰিব। চব ম‍ই কৰিম। আপুনি জিৰণি লওকগৈ৷

আধা ঘণ্টাৰ ভিতৰত আচাৰো ৰেডী, পাকঘৰো সম্পূৰ্ণ চাফা।

অচিনাকি ল’ৰাটো আহি কেনেকৈ আমাৰ সকলোৰে মনত কুৰুকি-কুৰুকি সোমাই গ’ল, একো ততকে ধৰিব নোৱাৰিলোঁ। কেতিয়াবা তাক মোৰ একেবাৰে নিজৰ যেন লাগে। সৰুৰে পৰাই মোৰ কন্যাতকৈ সৰু সৰু কেঁচুৱা ল’ৰালৈহে আগ্ৰহটো বেছি। লোদোৰ-পোদোৰ ল’ৰা দেখিলে একোলা নোলোৱাকৈ নোৱাৰিছিলোঁৱেই। এটা কথা এতিয়াও মোৰ মনত আছে—

তেতিয়া চাগৈ মই পাঁচ-ছয় বছৰীয়া। মাৰ লগত এখন ঘৰুৱা বিয়ালৈ গৈছিলো। এবাৰ ভিতৰলৈ যাওঁতে দেখিলো বহল বিছনাখনত এটা বগা-চগা ধুনীয়া কেঁচুৱা শুই আছে। মাহঁতে কথা পাতি থাকোঁতে মই লাহেকৈ বিছনাখনত উঠি কেঁচুৱাটোৰ ওচৰতে বহি তাৰ হাতখন আলফুলে চুই চালোঁ। মাকজনী ওচৰলৈ আহি ক’লে ঃ মাইনা, ভাইটিটোক নজগাবা দেই।

: ওঁ, কিন্তু ম‍ই ইয়াৰ ওচৰতে বহি থাকিম । একো নকৰোঁ।

তেওঁ মাৰ ফালে প্ৰশ্নবোধক দৃষ্টিৰে চালে । মায়ে ক’লে, ‘তাই সৰু ল’ৰা বৰ ভাল পায়। একো চিন্তা নকৰিবা।”

মাৰ কথাত আশ্বস্ত হৈ তেওঁ আঁতৰি গ’ল। মায়ো ‘ভাইটিটোক ধুনীয়াকৈ চাই থাকিবা’ বুলি কৈ লগৰবোৰৰ লগত হাঁহি-ধেমালি কৰি ফটো উঠাত ব্যস্ত হ’ল। মাকজনীয়ে মাজে-মাজে আহি চাই থাকিল। একোবত সি সাৰ পালে। মাকক কৈ ম‍ই সেই মৰমলগা মাইনাটোক একোলা লৈহে তাৰ পৰা আঁতৰি আহিলো। তাৰ পিছৰ পৰাই মই মাক ‘মোকো এটা ভাইটি লাগে’ বুলি বহুদিন আমনি কৰিলোঁ। আমাৰ দেখোন দাদা এটা আছেই। ভাইটি আহিলে দুইটাই কাজিয়া কৰিব নহয় বুলি মায়ে মোক বুজাই আঁতৰি যায় বা অন্য কথা উলিয়ায়। ডাঙৰ হৈ অহাৰ পৰা ম‍ই আৰু মাক আমনি নকৰা হ’লোঁ। কিন্তু সৰু ল’ৰা দেখিলেই একোলা লোৱাৰ অভ্যাসটো নুগুচিল। বিয়া হৈ আহিলোঁ। দুবছৰৰ পিছত দীপাৰ জন্ম হ’ল। বৰ আশা আছিল এটি পুত্ৰ সন্তানৰ বাবে। পুত্ৰৰ আশা কৰি তিনিজনী ছোৱালীৰ মাক হ’লো । কিন্তু সৰুজনী ছোৱালীৰ কথাৰ ধৰণ-কৰণ, চাল- চলন একদম ল’ৰাৰ দৰে। ছোৱালীতকৈও ল’ৰা বন্ধুহে বেছি।

দীপা-দিয়া দুয়োজনী একেখন কলেজতে পঢ়ে। দুবছৰৰ তফাৎ। এদিন সেইখন কলেজৰে হায়াৰ ছেকেণ্ডেৰী প্ৰথম বৰ্ষলৈ এটা ল’ৰা আহিল । চিনাকি পৰ্বত ল’ৰাটো দীপাৰ কিবা এটা মৰম লাগি গ’ল। ঘৰলৈ আহি দীপাই দিয়াক ক’লে, ‘ফাৰ্ষ্ট ইয়েৰলৈ নতুনকৈ ল’ৰা এটা আহিছে। আজি চিনাকি হৈ ইমান ভাল লাগিল। বৰ ধুনীয়া গানো গায়।

: অ’ বা। আজি আমিও তাৰ লগত চিনাকি হৈছিলো। ইমান নম্র। আমি তাক আজি কেইবাটাও গান গোৱালো। জয়ন্ত হাজৰিকাৰ সেই গানটো যে ‘আগলি বতাহে লৰালে কলৰে পাত’ সেই গানটো মোৰ জয়ন্ত হাজৰিকাতকৈও তাৰ মুখতহে শুনি ভাল লাগিল। অ’ বা এটা কাম কৰোঁ নহ’লে, তাক আমাৰ ভাইটি পাতি লওঁ নেকি? হোষ্টেলত থাকে, বন্ধ-চন্ধ হ’লে আমাৰ ঘৰলৈকে আহিব পাৰিব৷

: ভালেই হ’ব দে। আমাৰ ভাইটি-চাইটি নাই যেতিয়া সিয়ে আমাৰ ভাইটি হ’ব।

তাৰ কিছুদিনৰ পিছতেই এদিন তাক লৈ আহিল আমাৰ ঘৰলৈ। সেইদিনা কিবা কাৰণত কলেজ নহ’ল। গতিকে দুয়োজনী মিলি তাক আমাৰ ঘৰলৈ লৈ আহিল । সেইদিনা মই দুপৰীয়া সাজৰ বাবে কচুশাক কণবিলাহী দি ৰান্ধিছিলো আৰু প্ৰসাদৰ বৰ ভাজিছিলোঁ। দুপৰীয়াৰ সাঁজ খোৱাকৈ আহিব বুলি ফোন কৰাত নিৰামিষ ভাতসাঁজত আৰু দুবিধমান কিবাকিবি ৰান্ধিলোঁ । ল’ৰাটোৱে যে ইমান তৃপ্তিৰে শলাগি-শলাগি ভাতমুঠি খালে ৷ মনটো ভাল লাগি গ’ল । খাই উঠি আকৌ বায়েকহঁতক বাচন ধোৱা, পাকঘৰ চাফা কৰাতো হাত-উজান দিলে। মোক দেখোন একো কৰিবলৈকে নিদিলে। প্রথম আহিছে আমাৰ ঘৰলৈ, একেদিনাই ইমান আপোন কৰি ল’লে সকলোকে। কিবা এটা মৰম লাগি গ’ল ল’ৰাটোলৈ । এক অহৈতুক প্রীতি। সেইদিন ধৰি সি মাজে মাজে আমাৰ ঘৰলৈ আহি থাকে। একেবাৰেই ঘৰুৱা হৈ পৰিল । মন গ’লে নিজেই কিবাকিবা ৰান্ধি আমাক খুৱায়। সি বোলে ৰান্ধি-মেলি খুব ভালপায় ইউটিউব চাই চাই নতুন নতুন ব্যঞ্জন ৰান্ধে ৷ কেতিয়াবা তেনে নতুন কিবা কিবি ৰান্ধিবৰ মন গ’লে আহোঁতেই নিজে বজাৰ কৰি লৈ আহে। গালি পাৰিলে ক’ব ঃ এয়া মই গান গাই পোৱা পইচাৰেহে আনিছোঁ ৷ কালি ‘অমুক’ফাংচনত গীত গাবলৈ গৈছিলো যে!

সময় যোৱাৰ লগে লগে সি আমাৰ বুকুত নিজাকৈ এখন আসন পাতি ল’লে। এসময়ত সি কলেজ শেষ কৰি এম. এ. পঢ়িবৰ বাবে গুৱাহাটীলৈ গ’ল। সেই বছৰতেই দীপাৰো বিয়াৰ কথা-বতৰা চলিল। দীপাৰ বিয়াৰ কথা শুনিয়েই সি আমাক ফোন কৰি ক’লে যে ডিচেম্বৰত তাৰ পৰীক্ষা আছে। গতিকে তাৰ পৰীক্ষাৰ পিছতহে যেন বিয়াৰ দিন লয়। সেই মতেই জানুৱাৰী মাজত দীপাৰ বিয়াৰ দিন ঠিক হ’ল। পৰীক্ষা শেষ কৰি সি ঘৰলৈ গৈ দুৰাতি থাকিয়েই আমাৰ ঘৰলৈ আহিল আৰু বিয়াখনৰ সমস্ত দায়িত্ব কান্ধ পাতি ল’লে। তাৰ কান্ধত ভৰ দিবলৈ পাই দেউতাকেও বহুত সকাহ পালে। নহ’লে অকলে অকলে কি কৰিব পাৰিম বুলি তেওঁ ভয়েই খাইছিল। বিয়াৰ আঠমঙলালৈকে সি আমাৰ ঘৰত থাকি সকলো লেঠা-লুঠুলি মাৰিহে গ’ল।

আজিকালি তাৰ আহ-যাহটো কমি গ’ল, দূৰত্বও বাঢ়িল। কিন্তু খা-খবৰ ডাঁৰৰ বাতৰি ডাঁৰে লৈ থাকে। দিশাই কাৰাটে খেলে। এবাৰ খেলোতে পৰি তাই হাতত দুখ পালে। গম পাই সি দিশাকে মোকে গুৱাহাটীলৈকে মাতি পঠালে । হাড়ৰ কথা আৰু তাই যিহেতু খেলে সেয়ে গুৱাহাটীৰ এজন ভাল ডাক্তৰক দেখুওৱাহে ভাল বুলি সি ডাক্তৰৰ এপইণ্টমেণ্ট লৈ আমাক মাতি পঠালে । সি লগৰ এটাৰ লগত ভাৰাত থাকে। দুৰাতি সি তাহঁতৰ ৰুমতে আমাক ৰাখিলে। সেই দুয়োদিনেই সি আৰু লগৰটোৱে মিলি দিশাক ছাগলীৰ ঠেং আনি চুপ বনাই খুৱালে। তাইৰ হাতত সামান্য ফাট এটা হোৱাত প্লাষ্টাৰ কৰি দিলে। ছাগলীৰ ঠেঙৰ চুৰুহা বোলে হাড়ৰ বাবে উপযোগী। দিশাক সি ভনীয়েকৰ দৰে মৰমো কৰে, শাসনো কৰে।

এদিন দিশাও দিল্লীলৈ গুচি গ’ল পঢ়িবৰ বাবে। দিয়াৰো বিয়া হৈ গ’ল। এইখন বিয়াতো সি দেহে-কেহে খাটিলে। দিয়াৰ দৰাজন অপুৰ সম্পৰ্কীয়। সিয়েই এই বিয়াৰ ঘটক। অপু আমাৰ ইমান ঘৰুৱা অথচ তাৰ ঘৰখনৰ লগতহে আমাৰ ঘনিষ্ঠতা হোৱা নাই। দীপাৰ বিয়াত মতা হৈছিল। কিন্তু দূৰণিবটীয়া আৰু চাকৰিৰ ছুটী নোপোৱা বাবে তেওঁলোক আহিব নোৱাৰিলে। দিয়াৰ বিয়াতো তেওঁলোক দৰাঘৰীয়া হ’ল। অপুহে কইনাঘৰীয়া । সেয়ে অপুহঁতৰ মাক-দেউতাকৰ লগত আমাৰ বৰ বিশেষ চিনাকি হোৱাই নাই। সি আমাক সদায় লগ ধৰে সিহঁতৰ ঘৰলৈ। গ’লে হেনো উজনি অসম ফুৰাব। পৰশুকুণ্ড চাবলৈ মোৰ মন আছে বুলি গম পাই সি এইবাৰ নেৰানেপেৰাকৈ লগ ধৰিলে। মাঘতহে পৰশুকুণ্ডলৈ মানুহবোৰ বেছিকৈ যায়, মানে যোৱা দেখিছোঁ। মাঘমহীয়া গুৱাহাটী, নলবাৰী, শুৱালকুছি, বৰপেটা আদি নামনিৰ মানুহে বাছ ভাৰা কৰি পৰশুকুণ্ড চাবলৈ যায়। ঘূৰি আহোঁতে বা কেতিয়াবা দুয়োবাৰেই শিৱসাগৰ, চৰাইদেউ আদি চাই ৰাতিটো ঢেঁকীয়াখোৱা বৰনামঘৰ অথবা জৰাবাৰী সত্ৰতে থাকে। সত্ৰৰ পৰিৱেশ ডাঙৰ আৰু মুকলি হোৱাৰ বাবে অৱশ্যে বেছিকৈ সত্ৰতহে থাকে। আমাৰ ঘৰ জৰাবাৰী সত্ৰৰ ওচৰতে হোৱা বাবে এনেদৰে যোৱাসকলক প্রায়ে দেখা পাওঁ। তেনেদৰে যোৱাসকলক আমি অৱশ্যে ‘যাত্রী’বুলি কওঁ। আগতে থকাৰ সুবিধাও নাছিল আৰু ৰাইজেও য’তে ৰাতি ত’তে কাতি হৈছিল। কিন্তু এবাৰ একেলগে সাত বাছ মানুহ গোট খোৱাত কিছু বেমেজালিৰ সৃষ্টি হৈছিল। সেই তেতিয়াই কমিটীয়ে এটা অতিথিশালা নিৰ্মাণৰ কাম হাতত ল’লে। পিছত আধুনিক সা-সুবিধাৰে আৰু এটা নিৰ্মাণ কৰিলে। অৱশ্যে খোৱাতো অতিথিসকলৰ নিজা। সৰুৰে পৰাই পৰশুকুণ্ডলৈ যোৱা এনে যাত্ৰীক দেখি মোৰো মন মেলিছিল। কিন্তু আজিকোপতি আশা পূৰ্ণ হোৱা নাছিল৷ মানুহজনৰ ফুৰা-চকাৰ প্ৰতি অলপো ৰাপ নাছিল৷ গতিকে মনৰ আশা মনতেই মাৰ গৈছিলেই আৰু। কিন্তু অপুৰ আগ্ৰহত এইবাৰ সিহঁতৰ ঘৰলৈ যোৱাৰ লগতে পৰশুকুণ্ডলৈও যোৱাতো হ’ব যেন পাইছোঁ। মাঘত নহয় পিছে, আঘোণতে। দিশা ও কেইদিনমান থকাকৈ ঘৰলৈ আহিব বুলি জানি সি যোৱাটো খাটাং কৰি পেলালে। দিশাই কোৱা মতে তাৰ বিয়াৰ কথা-বতাহে চলিছে। এতিয়াও দিন-বাৰ লোৱা হোৱাই নাই। আমি গ’লে আমাকো বোলে ছোৱালীৰ ঘৰলৈ লৈ যাব আৰু তেতিয়াই বিয়াৰ দিনো ল’ব।

বাৰীখনত সোমায়েই অ’ত-ত’ত কচু কেইডালমান দেখি মনটো ভাল লাগি গ’ল । কচু হেনো ওলাওঁতে আৰু সোমাওঁতে খাবলৈ বৰ সোৱাদ হয়। কাতি-আঘোণমহীয়া কচু সোমাই যায়। আকৌ বাৰিষাৰ প্ৰথমজাক বৰষুণৰ পাছতেই পুনৰ গজি উঠে। গোটেই বাৰীখন ঘূৰি-পকি প্রায় এমুঠিমানহে কচু পালোঁ। আলু এটা দিলেহে এসাঁজ হ’ব। আজি জালুকীয়াকে ৰান্ধিব লাগিব। অলপ ঠাণ্ডাও পৰিছে যেতিয়া জালুকেৰেহে ভাল লাগিব। ভেদাইলতা এমুঠিও ছিঙি বাৰীৰ পৰা ওলাই আহিলো। দিশাৰ প্ৰিয় বৰ বেঙেনা দুচকলমান ফ্ৰাই কৰি দিব লাগিব। অৱশ্যে দিল্লীলৈ যোৱাৰ পৰা দিশাৰো আকৌ খোৱাৰ ৰুচি সলনি হৈ গ’ল। ঘৰলৈ আহিলে আজিকালি অসমীয়া ৰন্ধন-প্ৰকৰণহে ভালপোৱা হ’ল। মাছ থাকিলে নিজেই শাকেৰে ৰান্ধিবলৈ কয়। পিৰালি পালেংজোপা লহপহকৈ গজি থকা দেখি তাৰো এমুঠি আনিলো। বিলাহীৰ সৈতে ৰৌ-মাছ পিৰালি পালেং দি ৰান্ধিব লাগিব। মনতে ভাবিলো অপুৱে আৰু কি খাই ভাল পায়। শেৱালি ফুলৰ খাৰখনকে ৰান্ধিব পাৰি দেখোন ৷

অপুৰ কথা মনলৈ অহাত আকৌ মনটো কিবা এটাই হেঁচা মাৰি ধৰিলে। সি যে বিয়া পাতিব, তেতিয়া বাৰু সি সলনি হৈ যাব নেকি! কইনাজনী বা কেনেকুৱা হয়! খোৱা-বোৱাবোৰ সি ভালপোৱা ধৰণেই যতনাই দিবনে! আজিকালিৰ ছোৱালী, ক’ত চাগৈ অসমীয়া খাৰ, টেঙা, জালুকীয়াৰ সোৱাদ চিনি পায়! ল’ৰাটোৱে মন গ’লেও চাগৈ খাওঁ বুলি ক’ব নোৱাৰিব। এটা কথা ঠিক, ৰান্ধিবলৈ সি কাৰোলৈ বাট চাই নাথাকে, কিন্তু খাবলৈতো মানুহক লগ এটা লাগে! খোৱাৰ টেবুলত বহি কোনোবাই আগ্ৰহেৰে ৰন্ধা ব্যঞ্জনখিনি যদি অৱজ্ঞাৰ দৃষ্টিৰে চায়, তেতিয়া ৰান্ধোতাৰ মনত কি প্রতিক্রিয়া হয়, মোতকৈ বেছি কোনে বুজি পাব? তেতিয়া বাৰু অপুৰ কেনেকুৱা লাগিব? আৰু যদি- ‘মই আজিলৈকে একো ৰান্ধিয়ে পোৱা নাই, আমি নহ’লে কিবা এটা অৰ্ডাৰ কৰিয়ে খাওঁ’।— সেই বুলি ক’লে অপুৱে বাৰু কি কৰিব? ৰন্ধাৰ প্ৰতি তাৰ আগ্ৰহ আছে, সেয়া বুজোঁ, তথাপিও বিয়া পাতি সিনো সদায় ভাতকে ৰান্ধিবনে? তাৰোতো বিয়া কৰি অনাজনীৰ হাতেৰে হেঁপাহেৰে আগবঢ়াই দিয়া এসাঁজ খাবলৈ মন যাব। তেতিয়া বাৰু সিহঁতৰ মাজত মনোমালিন্য হ’ব নেকি ? ভাতসাঁজ ৰান্ধি থকাৰ মাজে মাজে এনেবোৰ অহৈতুক প্রশ্নই মোৰ মনটো জোকাৰি গ’ল। আকৌ ভাৱ হ’ল সি বাৰু তেতিয়াও আজিৰ অপুটো হৈ আমাৰ মন জুৰাবনে? নিজাকৈ এখন সংসাৰ হোৱাৰ পিছত তাৰ জানো আমালৈ সময় হ’ব? কেতিয়াবা মন গ’লেও নিশ্চয় আমাক সময় দিব নোৱাৰিব৷ কেতিয়াবা মন-সময় দুয়োটা থাকিলেও ঘৈণীয়েকে বেয়া পাব বুলিয়ে আমাক সংগ নিদিব পাৰে। কি ঠিক, ক’বওতো পাৰে ঘৈণীয়েকে।

: আগৰ কথা বেলেগ৷ এতিয়াতো তোমাৰ নিজা সংসাৰ হ’ল, তোমাৰ মা-দেউতাও আছে। তেওঁলোকটো তোমাৰ তেজ-মঙহৰ নহয় ৷ ময়োতো বিচাৰো তোমাৰ লগত কিছু সময় মনে বিচৰা মতে পাৰ কৰিব! তেতিয়া বাৰু সি কি কৰিব? বিনাবাক্য ব্যয়ে পত্নীৰ কথাকে মানি ল’ব, কাজিয়া কৰিব নে মন বেয়া কৰিব? সি জানো কাজিয়া কৰা ল’ৰা! তথাপিও!

মোৰ বাৰু ভয় হৈছে নেকি অপুক হেৰুৱাম বুলি ? নে সি কষ্ট পাব বুলি ? মোৰেই এনে অৱস্থা, নিজৰ মাকজনীৰ বা কি হৈছে! সকলো মাকেই বাৰু মোৰ দৰে ভাবেনে? তেওঁলোকেও পুত্রক বিয়া পাতি দি অনিশ্চয়তাত ভোগে নেকি? নে ভয় হয়! মাকৰ মৰমৰ ল’ৰাটো বোৱাৰীয়েকে কাঢ়ি ল’ব বুলি! দৰা সাজি কইনা আনিবলৈ ওলাই মাকক সেৱা কৰোঁতে মাকবোৰে কিয় কান্দে, সেয়া ইমান বছৰৰ মূৰত আজিহে যেন উপলব্ধি কৰিব পাৰিছোঁ। হাইস্কুলত পঢ়ি থকাৰ দিনতে এবাৰ গাঁৱৰে বিয়া এখনত দেখিছিলো, দৰাৰ লগত যাবলৈ সকলোৰে যি উলাহ। হাঁহি-মাতি, সাজি- কাচি বুঢ়া মেথাকেইজনৰ বাহিৰে প্ৰায়বোৰেই দৰাৰ লগত যাবলৈ ওলাইছে। দৰাৰ ভনীয়েক আৰু লগৰকেইজনীয়ে দৰাৰ লগত যাওঁতে কি পিন্ধি যাব, সেয়া বিয়াৰ এসপ্তাহৰ আগতেই ঠিক কৰি থৈছে। সৰু ল’ৰা-ছোৱালীজাকে মাক- দেউতাকৰ ওচৰত পেনপেনাইছে, নবাব লগত যাবলৈ দিব লাগে বুলি। অলপ বুজন হোৱা দুই- এটাই ঘৰৰ অনুমতি আদায় কৰি বাছত উঠিছেগৈ। ইতিমধ্যে বাছৰ ছাঁট খালী নাই বোলাত থিয় হৈ হ’লেও যাম’ বুলি হুৰমূৰাই বাছত উঠিছে। কেইটামানে আকৌ দৰাৰ লগত যাবলৈ আগৰে পৰা ছীটৰ তলত লুকাই আছে, সৰু বুলি জানোচা এৰি থৈ যায়। গাঁৱৰ বিহুযোৰাও গৈছিল দৰাৰ লগত বেলেগ এখন গাড়ী লৈ। ইমান ৰং-তামাচাৰ মাজত দৰা সাজি পুতুলদাই যেতিয়া মাকক সেৱা কৰিছিল, তেতিয়া মাকজনীয়ে হিয়াঢাকুৰি কিয় কান্দিছিল, একো বুজি পোৱা নাছিলোঁ। আচৰিত হৈ ডাঙৰ দুই-চাৰিজনক সুধিও একো সদুত্তৰ পোৱা নাছিলো। আগতে ক’ৰবাৰ পৰা আহি মা বুলি মতা ল’ৰাটোৱে যেতিয়া বিয়াৰ পিছত পত্নীক প্রথম মাতষাৰ দিয়ে, মাকৰ হৃদয়খন বাৰু মুচৰি উঠে নেকি? হয়তো উঠে, সেইবাবেই চাগে বেছিভাগ শাহুৱেই বোৱাৰীক সহ্য কৰিব নোৱাৰে। ক’ৰবাত কেতিয়াবা অৱশ্যে ‘বোৱাৰীজনী আহিয়েই ল’ৰাটো মোৰ পৰা আঁতৰাই নিলো, ‘ল’ৰাটো একেবাৰে হাত কৰি পেলালে’ আদি ধৰণৰ বাক্য নুশুনাও নহয়। সেইবাবেই চাগৈ বেছিভাগ শাহুৱে বোৱাৰীক সহ্য কৰিব নোৱাৰে । তেওঁলোক হৈ পৰে নিগনি-মেকুৰীসদৃশ।

মোৰ ল’ৰা-বোৱাৰী থকা হ’লে, ময়ো বাৰু তেনেকুৱাই হ’লোহেঁতেন নেকি? বোৱাৰীৰ লগত মনে নিমিলিলে ময়ো বাৰু এগৰাকী আক্রোশি শাহু হ’লোঁহেঁতেন নেকি?— কথাবোৰ পাগুলি পাগুলি মই ভাত ৰান্ধি আছোঁ। উতলি থকা জোলখিনিত মাছকেইডোখৰ দিওঁতেই বাহিৰত গাড়ীৰ মাত শুনি লৰালৰিকৈ ওলাই আহিলোঁ।

: খুৰীয়ে ভেদাইলতা ৰান্ধিছে যেন পাইছোঁ। গোটেইখন মলমলাই আছে।

এই দুটা ৰাস্তাতে পাই লৈ আহিলোঁ । ভাত- পানী খাই খাব লাগিব।

দুখন হাতত দুটা ৰবাব টেঙা লৈ সি ভিতৰলৈ সোমাই গ’ল। যাওঁতেই কৈ গ’ল : আৰু এটা নতুন বস্তু আনিছোঁ। খায় নে নাখায় নাজানো। এইজনীক সুধিলো, নামেই শুনা নাই বোলে আজিলৈকে। দিশালৈ চাই সি মুখখন ভেঙুচাই দিলে ৷

: কি নতুন বস্তু অ’

খুৰা- ‘শিমলু আলু’। খায়নে আপোনালোকে ?

: আগতে খাইছিলো। আজিকালি দেখিবলৈকে নাই। ছোৱালীয়ে ক’ত চিনি পাব ?

: কোনটোনো শিমলু আলু ? ময়ো নামহে শুনিছোঁ, দেখাও নাই, খায়ো পোৱা নাই । আধুনিক যুগৰ ল’ৰা হৈয়ো তুমি কিন্তু ভাল বস্তুবোৰ চিনি পোৱা দেই। শিমলু আলুৰ টোপোলাটো লৈ ঃ ‘মই ভাত বাঢ়োঁ, তোমালোকে সোনকালে মুখ-হাত ধুই আহা’ বুলি পাকঘৰ পালোহি। অপুৰ সন্মুখত ভাতৰ কাঁহীখন আগবঢ়াই দিওঁতে আপোনা- আপুনি ওলাই গ’ল ঃ বিয়া পতাৰ পিছত ক’তনো আৰু মোৰ হাতৰ খাবলৈ সময় হ’ব?

: কিয় নহ’ব? অলপ চাগৈ সেৰেঙা হ’ব, দায়িত্ব বাঢ়িব যে। কিন্তু এইসাঁজ ভাতৰ জুতি মই এৰিম বুলি আপুনি কেতিয়াও নাভাবিব। আৰু এটা কথা, বিয়াৰ কথা ওলাওঁতেই ম‍ই ঘৰত কৈয়ে দিছিলোঁ। পিন্ধা-উৰা, ফুৰা-চকা সকলোতে এৰা- ধৰা চলিব। কিন্তু মোৰ ভালপোৱা খাদ্যত কাৰো হস্তক্ষেপ নচলিব। আপোনালোক দুজনৰ দায়িত্ব লওঁতেও যেন মোক কোনেও বাধা নিদিয়ে। খুৰী, ছোৱালীজনী মই এদিনেই লগ পাইছোঁ। ফোনত অৱশ্যে বহুদিন কথা হৈছোঁ। বেয়া লগা নাই। তায়ো আপোনালোকক লগ পাবলৈ মন কৰিছে। সেয়ে দিশাৰ লগত আলোচনা কৰি আপোনালোকক এইবাৰ লৈ যাবলৈ আহিছোঁ। পৰশুকুণ্ডও ফুৰাম আৰু ৰীমাহঁতৰ ঘৰলৈও নিম। মা-দেউতা আৰু আপোনালোকৰ কথা মতেই বিয়াৰ দিন ঠিক কৰিম। অপুৰ কথাষাৰে যেন মূৰৰ পৰা এটা বোজাহে নমাই দিলে। তালৈ আকৌ এবাৰ মৰম লাগি গ’ল। নিজলৈ বুলি থোৱাৰ পৰা ভেদাইলতাৰ বৰ দুটা আৰু ৰৌ মাছ এটুকুৰা তাৰ কাঁহীত বাকি দিলোঁ।

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.