পেৰিমেনোপ’জ ?

62

ডাঃ মমতা শর্মা
স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ
ৱ’মেনচ্ হেল্থ কেয়াৰ

আজিকালি মহিলাসকলৰ মাজত এটা সমস্যা প্রায় দেখা যায়। প্রি-মেনোপ’জ বা পেৰিমেনোপ’জ সম্পর্কে আপুনি কি ক’ব। ইয়াৰ লক্ষণ কি কি? ই কেতিয়া আৰম্ভ হয়? কি কৰিলে ইয়াৰ পৰা উপশম পোৱা যায়? ইয়াৰ বাবে হৰমন পৰীক্ষা কৰাব লাগেনে? জীৱনশৈলীত কি সালসলনি কৰিব লাগে ?

♦ এগৰাকী মহিলাৰ যেতিয়া মেনোপ’জৰ সময় আহে, তাৰ আশে-পাশে (পেৰিমেনোপ’জ অর্থাৎ around Menopause) থকা সময়খিনিক পেৰিমেনোপ’জ কোৱা হয়। এই সময়খিনি মাহেকীয়া হোৱাৰ প্ৰক্ৰিয়াৰ শেষ পর্যায় (অৰ্থাৎ ইয়াৰ পিছত আৰু মাহেকীয়া অহা নাই)ৰ পৰা ৫ৰ পৰা ৮ বছৰ পৰ্যন্ত (কেতিয়াবা ১০ বছৰ) আগত আৰু শেষ মাহেকীয়াৰ পৰা ১ বছৰ বুজোৱা হয় ৷ প্রিমেনোপ’জ শব্দটো যদিও একে অৰ্থত ব্যৱহাৰ কৰা হয়, পেৰিমেনোপ’জ শব্দটো প্ৰকৃত শব্দ হ’ব এইক্ষেত্ৰত।

লক্ষণ কি কি হয় ?

♦ এই সময়খিনিত প্রথমে মাহেকীয়া অনিয়মীয়া হয়, হঠাৎ গৰম লগা বা হট ফ্লাছ হোৱা আৰু লগতে ঘামি যোৱা, টোপনি কম হোৱা, ভাগৰুৱা অনুভৱ কৰা, গাৰ বিষ, খিংখিঙীয়া হোৱা, মন বেয়া লগা আদি হ’ব পাৰে।

কি কৰিলে উপশম হ’ব ?

♦ Perimenopause সময়খিনি এগৰাকী মহিলাৰ বাবে Roller coaster Ride ৰ দৰে হ’ব পাৰে। অনিয়মিত মাহেকীয়া, কেতিয়াবা বেছি ৰক্তস্ৰাৱ হোৱা, টোপনি নহা আৰু হট ফ্লেছ আদিয়ে মহিলাগৰাকীক খুব কষ্ট দিয়ে। এইক্ষেত্ৰত ডাক্তৰৰ পৰামৰ্শ ল’ব লাগে, যদিহে বেছি অসুবিধা হৈছে, বিশেষকৈ ৰক্তস্ৰাৱ বেছি হ’লে আৰু হট ফ্লেছ বেছি হ’লে । এই সময়খিনিত টোপনিৰ অভাৱ হ’লে আৰু হট ফ্লেছৰ কাৰণে যোগাভ্যাস আৰু ব্যায়াম কৰিব পাৰে। ইয়াৰ দ্বাৰা মন ভাল লাগে কাৰণ ভাল হৰমন (Endorphins) নির্গত হয় আৰু টোপনিত সহায় হয়।

জীৱনশৈলী কেনে হ‘ব লাগে ?

♦ জীৱনশৈলীৰ কিছু সালসলনিৰ প্ৰয়োজন হ’ব পাৰে, যেনে এটা Disciplined life maintain কৰিলে ভাল হয়। নির্দিষ্ট সময়ত শোৱা আৰু ঠিক সময়ত উঠা আৰু লগতে সুষম খাদ্যৰ ব্যৱহাৰ, যেনে- কেলচিয়াম, প্ৰটিনযুক্ত আহাৰ খোৱা আৰু ভিটামিন ডিৰ বাবে ৰ’দ ল’ব লাগে ৷ লগতে ব্যায়াম আৰু যোগৰ কথা উল্লেখ কৰা হৈছেই। ইয়াৰ লগতে প্রাণায়াম কৰিলে মন শান্ত হয় আৰু হট ফ্লেছ কম হয়।

কি পৰীক্ষা কৰিব লাগিব ?

♦ পেৰিমেনোপ’জ Diagnosis কৰিবৰ কাৰণে কোনো পৰীক্ষা কৰা নহয়। কিন্তু যদিহে Premature Menopause আশংকা কৰা হৈছে, তেন্তে পৰীক্ষা কৰিবলৈ কিছু হৰমন টেষ্ট যেনে FSH, এল এইচ ইষ্ট্ৰ’জেন আৰু প্ৰলেক্টিন টেষ্ট কৰিব দিয়া হয়। কিন্তু পেৰিমেনোপ’জৰ সময়ত থাইৰয়ড সমস্যা বৃদ্ধি হ’ব পাৰে আৰু থাইৰয়ডৰ টেষ্ট কৰিব দিয়া হয় ৷

এইক্ষেত্ৰত আমালৈ অহা কিছু প্রশ্নৰ উত্তৰ আগবঢ়াইছে স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাঃ মমতা শর্মাই—

প্রশ্ন : মোৰ বয়স ৪২, মাহেকীয়া অনিয়মীয়া। এইটো পেৰিমেনোপ’জৰ লক্ষণ হ’ব পাৰে নেকি? হৰমন থেৰাপী ল’ব লাগে নেকি ? ঘৰতে কি কৰিব পাৰোঁ ?

উত্তৰঃ হয়, এইটো পেৰিমেনোপ’জৰ লক্ষণ হ’ব পাৰে। যদি মাহেকীয়া সঘনাই আহিছে আৰু ৰক্তস্ৰাৱ বেছি হৈছে, তেন্তে ডাক্তৰৰ পৰামৰ্শ লওক। হৰমন থেৰাপী ৰোগীৰ লক্ষণ আৰু দেহৰ বিভিন্ন পৰীক্ষা কৰি দিয়া হয়। এই সময়খিনি আপোনাৰ বাবে খুব দৰকাৰ, কাৰণ এই সময়খিনিতে উচ্চ ৰক্তচাপ, মধুমেহ আদি ৰোগে দেখা দিয়ে, গতিকে চিকিৎসা ঘৰতে নকৰি এজন স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞক দেখুওৱা উচিত।

প্রশ্নঃ মোৰ মাহেকীয়াৰ পৰিমাণ বহুত। এনিমীয়া হ’ব পাৰে নেকি? এইটো পেৰিমেনোপ’জৰ লক্ষণ হ’ব পাৰে নেকি ? পৰীক্ষা কি কৰিব লাগিব ?

উত্তৰঃ হয়, এইটো পেৰিমেনোপ’জৰ লক্ষণ হ’ব পাৰে আৰু এনিমীয়া হ’ব পাৰে । পৰীক্ষা কি লাগিব, তেজৰ হওক বা আন হওক ডাক্তৰে চাই লিখি দিলে ভাল।

প্রশ্নঃ পেৰিমেনোপ’জ হ’লে ওজন বৃদ্ধি হয় নেকি? বিশেষকৈ পেটৰ চাৰিওফালে। কি ব্যায়াম আৰু খাদ্য সর্বোত্তম ?

উত্তৰঃ পেৰিমেনোপ’জৰ সময়ত ওজন অলপ বাঢ়িব পাৰে। তথাপি এবাৰ থাইৰয়ড পৰীক্ষা কৰাটো দৰকাৰ। দৈনিক যোগাভ্যাস বা আন ব্যায়াম কৰিব পাৰে আৰু প্ৰটিন আৰু ভিটামিনযুক্ত আহাৰ নিজৰ আহাৰৰ তালিকাত সন্নিৱিষ্ট কৰক।

প্রশ্নঃ মোৰ বয়স ৪০ বছৰ। আজি কিছুদিনৰ পৰা মন কৰিছোঁ যে মাহেকীয়া ২ মাহৰ মূৰে মূৰে হয়। উদ্বিগ্নতা বাঢ়ে। কি কৰিব লাগিব? ঔষধৰ প্ৰয়োজন আছে নেকি ?

উত্তৰঃ বয়স যিহেতু ৪০, অনিয়মিত আৰু দীঘলীয়া মাহেকীয়াৰ কাৰণ বিভিন্ন হ’ব পাৰে। ডাক্তৰৰ পৰামৰ্শ লওক। ঔষধৰ প্ৰয়োজন হ’ব পাৰে।

প্রশ্নঃ মাৰ মেনোপ’জ ৪৫ বছৰত হৈছিল। মোৰো তেনেকুৱাই হ’ব নেকি?

উত্তৰঃ সাধাৰণতে মেনোপ’জৰ বয়সটো Genetic ভাৱে নিৰ্ধাৰিত হয়। গতিকে আপোনাৰ মেনোপ’জ ৪৫ৰ আশে-পাশে হোৱাৰ সম্ভাৱনা আছে।

প্রশ্নঃ পেৰিমেনোপ’জত গৰ্ভধাৰণ সম্ভৱ নেকি ?

উত্তৰঃ  পেৰিমেনোপ’জৰ সময়ত গৰ্ভধাৰণ সম্ভৱ। যিহেতু মাহেকীয়া আৰু Ovulation অনিয়মীয়া হয়, মহিলাগৰাকীয়ে গম নোপোৱাকৈ গৰ্ভধাৰণ হ’ব পাৰে ।

প্রশ্নঃ মোৰ মেজাজ খিংখিঙীয়া হৈছে। হতাশাৰ ভাব আহে। এইটো পেৰিমেনোপ’জৰ লক্ষণ হ’ব পাৰে নেকি ?

উত্তৰঃ আপোনাৰ বয়সটো উল্লেখ কৰা নাই। যদি আপুনি ৪০ বছৰৰ ওপৰত হয় আৰু আগতে আপোনাৰ তেনে নহৈছিল, তেন্তে পেৰিমেনোপ’জৰ বাবে হ’বও পাৰে। কিন্তু আন বহু দিশ চাব লাগিব, যেনে ঘৰুৱা পৰিৱেশত কিবা উৎকণ্ঠা আছে নেকি, আগৰ মানসিক পৰিস্থিতি আদি।

প্রশ্নঃ মোৰ মাহেকীয়া প্ৰচুৰ, পেড প্রতিঘণ্টাত সলনি কৰিব লাগে। বিশেষ চিন্তা কৰিব লগা আছে নেকি ?

উত্তৰঃ আপুনি সোনকালে স্ত্ৰী আৰু প্রসূতি ৰোগ বিশেষজ্ঞৰ ওচৰ চাপিব লাগে। কাৰণ বেছিকৈ ৰক্তস্ৰাৱ হোৱাৰ কাৰণ কেৱল Hormone imbalance নহয়, কেতিয়াবা Fibroid, Polyp, Endometriosis, Adenomyosis আৰু আনকি কেঞ্চাৰো হ’ব পাৰে ।

ফোন : ৯৮৬৪০ – ১০১৬০

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.