গ্রীষ্মৰ যতন

48

মালা মহন্ত

গ্ৰীষ্মত সূৰ্যৰ প্ৰখৰতাই বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। যিয়ে সৌন্দর্য হানি কৰে। বিশেষভাৱে গ্ৰীষ্মৰ সময়ছোৱাত পুৰুষ, নাৰী, শিশুটিকে আদি কৰি প্ৰতিটো বয়সৰ লোকৰ বাবে সৃষ্টি হোৱা কেইটামান প্রধান সৌন্দৰ্য সমস্যাৰ সমিধান দিয়াৰ প্ৰয়াস কৰা হৈছে ।

ছালত মেলানিন নামৰ এবিধ কোষ থাকে। সূৰ্যৰ ক্ষতিকৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা মেলানিনে ছালখন ৰক্ষা কৰে। অতিবেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত মেলানিন ছালৰ উপৰিভাগলৈ উঠি আহে। মেলানিন গাঢ় ৰঙৰ হোৱা বাবে ছালৰ ৰং ক’লা হয়। ছালৰ এই অৱস্থাকেই ছানবার্ন বোলা হয়। ইয়াৰ ফলত ছাল অত্যধিক শুকান হোৱা, বয়সৰ পূৰ্বে বয়সৰ ছাপ পৰা আদি সমস্যাৰ সৃষ্টি হয়। ছালৰ উপৰিভাগলৈ মেলানিন নিয়মিতৰূপে অত্যধিক পৰিমাণে উঠি আহি থাকিলে ছালৰ ক’লা দাগ, ফ্রেকলছ, পিগমেন্টেচন আদি সমস্যাই দেখা দিয়ে ।

ছানবার্ন প্ৰতিৰোধ কৰিবলৈ

  • দুপৰীয়া ১২ বজাৰ পৰা ৩ বজালৈ ৰ’দলৈ নোলালে ভাল।
  • সম্ভৱ অনুযায়ী দেহটো ঢাক খুৱাই সাজপাৰ কৰিব লাগে।
  • ছালকুঁৱৰী, চন্দন, তিল আৰু সূৰ্যমুখীযুক্ত ছানস্ক্ৰীন ব্যৱহাৰে ছানবাৰ্ন প্ৰতিৰোধ কৰি ছালখনৰ আৰ্দ্ৰতা ৰক্ষা কৰে। এই উপাদানসমূহ প্রাকৃতিক এন্টি অক্সিডেন্টযুক্ত হোৱা বাবে ছালখন ডিহাইড্ৰেচনৰ পৰা মুক্ত কৰি ৰাখে ।
  • হাত-ভৰি আৰু বাহুত ছানস্ক্ৰীন লগাবলৈ নাপাহৰিব। ৰ’দলৈ ওলোৱাৰ ২০ মিনিট পূর্বে ছানস্ক্ৰীন লগাব। ৰ’দত এঘণ্টাৰ বেছি সময় থাকিলে ভিজা টিছুৰে মুখ মচি পুনৰ ছানস্ক্ৰীন লগাব।
  • ছাল অতি স্পর্শকাতৰ হ’লে নাইবা সহজেই ৰ’দে পোৰা সমস্যা থাকিলে আৰু ক’লা দাগৰ সমস্যা থকাসকলে এছ পি এফ ৩০ সমৃদ্ধ ছানস্ক্ৰীন ব্যৱহাৰ কৰিব পাৰে ।
  • সাগৰৰ পাৰ নাইবা অত্যধিক ঠাণ্ডা ঠাইলৈ গ’লে ছানস্ক্ৰীন ব্যৱহাৰ কৰিবলৈ বাদ নিদিব। কাৰণ এনে ঠাইত সূৰ্যৰ ক্ষতিকৰ অতিবেঙুনীয়া ৰশ্মিৰ প্ৰভাৱ ছালত বেছিকৈ পৰে ।
  • ছুইমিং কৰাৰ সময়ত ছানবাৰ্নৰ পৰা হাত সাৰিবলৈ ৱাটাৰপ্রুফ ছানস্ক্ৰীন ব্যৱহাৰ কৰিব লাগে।
  • ছানবানৰ সমস্যা নাইকিয়া কৰিবলৈ কেঁচা হালধি পিহা, জলফাই তেল আৰু বুটৰ গুড়ি এটা মিশ্রণ তৈয়াৰ কৰি ছালত ব্যৱহাৰ কৰিব। আধা ঘণ্টাৰ পিছত ধুই পেলাব।
  • ছানবার্ন হ’লে শীতল ছালকুঁৱৰী জেল ছালত লগালে সুফল পাব পাৰি।
  • কেঁচা গাখীৰ ফ্ৰীজত থৈ ঠাণ্ডা কৰি কপাহৰ পেড দিয়াই ছানবাৰ্নৰ ওপৰত লগালে ছাল শীতল হৈ পৰে।

ঘাম

গ্রীষ্মৰ দিনকেইটাত ঘামৰ পৰিমাণ বৃদ্ধি হৈ অস্বস্তিকৰ সমস্যাৰ সৃষ্টি হয়। ঘামৰ সমস্যাৰ পৰা মুক্তি পাবলৈ গোলাপজল আৰু তিয়ঁহৰ ৰস সমপৰিমাণে মিহলাই স্প্রে বটলত ভৰাই ফ্ৰীজত থ’ব। এসপ্তাহলৈ ভালে থাকিব। ৰ’দৰ পৰা ঘৰলৈ উভতি আহি এই মিশ্রণ মুখত আৰু ডিঙিৰ ছালত স্প্রে কৰি ল’ব। ই ছালখন সজীৱ কৰি তুলিব । যিসকলে কর্মব্যস্ততাৰ বাবে দিনটো বাহিৰত কটাবলগীয়া হয়, তেওঁলোকে এই মিশ্রণ লগত নিব পাৰে। মাজে মাজে ব্যৱহাৰ কৰিলে ঘামৰ সমস্যাৰ পৰা মুক্তি পাব। যিসকলৰ অত্যধিক ঘামৰ সমস্যা আছে, তেওঁলোকে এটা বডী পেক তৈয়াৰ কৰি ছালত লগাব। দহটামান তেজপাত পানীত তিয়াই থৈ পিহি ল’ব, পাঁচটামান ডাঙৰ ইলাচি গুড়ি কৰি ল’ব। ইয়াৰ লগত মূলটানি মাটিৰ গুড়ি ঠাণ্ডা পানীৰে একেলগে মিহলাই ছালত লগাব। শুকোৱাৰ পিছত ধুই পেলাব । সপ্তাহত এদিন বা দুদিনকৈ ব্যৱহাৰ কৰিলেও ঘামৰ সমস্যা কমিব ।

ঘামচি

গ্রীষ্মৰ দিনকেইটাত ঘামচিও এক সৌন্দর্য হানিৰ কাৰক ৷

♦ এই সমস্যাৰ পৰা মুক্তি পাবলৈ ঘৰত পতা দৈ আৰু ভুচিযুক্ত আটা একেলগে মিহলাই ছালত লগাব। শুকোৱাৰ পাছত ঘঁহি ঘঁহি তুলি পেলাব।

♦ ক’লা তুলসীপাত, ধনিয়াপাত, পদিনা একেলগে পিহি চাৰি চামুচ পানী মিহলাই চেকি ল’ব। এই মিশ্ৰণৰ লগত সমপৰিমাণৰ কেঁচা হালধিৰ ৰস মিহলাব। ফ্ৰীজত থৈ ঠাণ্ডা কৰি এই মিশ্ৰণত কপাহত তিয়াই ঘামচি হোৱা ছালত লগাব। ২০ মিনিটৰ পিছত ধুই পেলাব।

♦ কেইটামান তেজপাত মিক্সিত গুড়ি কৰি চালনীৰে চালি মিহি পাউডাৰ তৈয়াৰ কৰি ল’ব। ইয়াৰ লগত গোলাপজল মিহলাই এটা পেক তৈয়াৰ কৰি ছালত লগাব। ঘামচি নাইকিয়া হোৱাৰ লগতে ছাল নিমজ হৈ পৰিব ।

♦ ঘামচি নাইকিয়া কৰিবলৈ পানীলাওৰ ভিতৰৰ কোমল অংশ পিহি ল’ব। ইয়াৰ লগত সতেজ দৈ মিহলাই বডী পেক তৈয়াৰ কৰি ছালত লগাব। আধা ঘণ্টাৰ পিছত গা ধুব।

ব্রণ বা একনে-

যিসকল পুৰুষ-নাৰীৰ ছালত ব্ৰণৰ সমস্যা আছে, গ্ৰীষ্মৰ সময়ছোৱাত তেওঁলোকৰ এই সমস্যা যথেষ্ট বৃদ্ধি হয়। আমাৰ ছালত থকা চেবাম গ্রন্থি অধিক সক্ৰিয় হৈ ছাল তেলেতীয়া হোৱা বাবে এনে হয়। ব্ৰণৰ সমস্যা থাকিলে দিনটোত একাধিকবাৰ পিম্পল একনে ক্লিনজাৰ ব্যৱহাৰ কৰি ছাল পৰিষ্কাৰ কৰি ৰাখিব ৷

  • যথেষ্ট পৰিমাণে পানী, সতেজ ফল আৰু টেঙা দৈ খাব।
  • তেল-মচলা দিয়া খাদ্য, মিঠাই, চকলেট, ফাষ্টফুড বৰ্জন কৰিব ।
  • সপ্তাহত তিনি দিন পুৰা খালী পেটত চিতা তিওৱা পানী খাব ।
  • চন্দন পিহা, কেঁচা হালধি পিহা, চিতাৰ পানীৰে মিহলাই ফ্ৰীজত থৈ দৈনিক দহ মিনিটৰ বাবে ছালত লগাব।

আপোনাৰ শিশুটিৰ বাবে কেইটামান টিপছ-

  1. গ্ৰীষ্মৰ দিনকেইটাত চুলি চুটিকৈ কটাই ৰাখিলে ভাল।
  2. দীঘল চুলি থাকিলে ওপৰলৈ আঁচুৰি পনি টেইল বান্ধি ৰাখিব
  3. কপাহী সূতাৰ আৰামদায়ক সাজপাৰ পিন্ধাব। ছিন্থেটিক একেবাৰে নহয় ৷
  4. দিনটোত দুবাৰ গা ধুৱাব আৰু বেছিকৈ ঘামি থাকিলে কোমল টাৱেল বা গামোচা পানীত তিয়াই গা মচি দিব ।
  5. বেছিকৈ পাউডাৰ ব্যৱহাৰ নকৰিব। ই নোমৰ গুড়ি বন্ধ কৰি ছালত আন সমস্যাৰ সৃষ্টি কৰিব।
  6. অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ কাজলৰ ফোঁট দিয়া, ডিডি আৰু হাতত সূতা বন্ধা আদিৰ পৰা বিৰত থাকিব। বিভিন্ন সংক্ৰমণৰ পৰা ছালখন মুক্ত হৈ থাকিব।
  7. স্কুল ইউনিফৰ্মৰ বাদে বন্ধ জোতাৰ সলনি চেণ্ডেল পিন্ধাব ।
  8. ফাষ্টফুডৰ সলনি ঘৰুৱা আহাৰত কিছু নতুনত্বৰে সজাই খুৱাবলৈ চেষ্টা কৰিব। ই শিশুটিৰ সু-স্বাস্থ্য অটুট ৰখাত সহায় কৰিব ।
  9. দুপৰীয়া স্কুলৰ পৰা অহাৰ পিছত ঘৰত তৈয়াৰ কৰা এগিলাচ নেমু, মৌচম্বী, ক’ল্ড, চকলেট মিল্ক নাইবা দৈৰ চৰবত খুওৱাৰ অভ্যাস কৰক। ই শিশুটিৰ শৰীৰ শীতল কৰাৰ লগতে এনার্জি ড্রিংকৰ কাম কৰিব।

 

 

 

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.