মোৰ হ’বী আৰু আনন্দ

22

ৰুবী বৰদলৈ

এন ফ্রেংকে কেতিয়াও এখন বেষ্টছেলাৰ লিখিম বুলি ভবা নাছিল। কিন্তু তেওঁৰ এখন ডায়েৰী লিখাৰ অভ্যাসে ধীৰে ধীৰে তেওঁৰ ব্যক্তিগত অনুভৱবোৰক ইতিহাসৰ এক অমৰ গ্ৰন্থলৈ ৰূপান্তৰ কৰিলে।

এন ফ্ৰেংকে তেওঁৰ ১৩ বছৰীয়া জন্মদিনৰ উপহাৰস্বৰূপে এখন ডায়েৰী লাভ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাৎসীসকলৰ পৰা লুকাই থকা অৱস্থাত তেওঁ প্ৰতিদিনে ডায়েৰীত নিজৰ ভয়, আশা, দুখ-কষ্ট, পৰিয়ালৰ সৈতে থকা সংঘাত আৰু ভৱিষ্যতে এজনী লেখিকা হোৱাৰ সপোনৰ কথা লিপিবদ্ধ কৰি গৈছিল। একাকিত্বৰ সময়ত ডায়েৰী লিখাই তেওঁৰ প্ৰিয় কাম বা একপ্ৰকাৰ চখ হৈ পৰিছিল।

কনচেনট্ৰেচন কেম্পত এন ফ্ৰেংকৰ কৰুণ মৃত্যুৰ পিছত তেওঁৰ পিতৃ অট্টো ফ্ৰেংকে ডায়েৰীখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰু The Diary of a Young Girl নামত প্ৰকাশ কৰে। এজনী কিশোৰীৰ মাধ্যমেৰে যুদ্ধকালীন বাস্তৱ জীৱনৰ আৱেগ- অনুভূতিবোৰ বিশ্বজুৰি পাঠকসকলে অনুভৱ কৰে আৰু ডায়েৰীখনক এখন অমৰ বেষ্টছেলাৰ গ্ৰন্থলৈ ৰূপান্তৰিত কৰে ৷ এখন কিতাপ প্রকাশ কৰি উলিওৱা ফ্ৰেংকৰ যি সপোন আছিল, সেয়া বাস্তৱায়িত হৈছিল। তেওঁৰ সফলতাই দোহাৰে যে নিজৰ ভাল লগা কামবোৰ কৰি যাব লাগে। যিয়ে আমাক সুখী কৰি ৰখাৰ উপৰি জীৱনক অনন্য মাত্ৰা প্ৰদান কৰে। এই যে আমাৰ ভাল লগা কামবোৰ, এইবোৰকেই চখ, ৰুচি বা হ’বী বুলি কওঁ।

সচৰাচৰ সাক্ষাৎকাৰ, সৌন্দৰ্য প্ৰতিযোগিতা বা পৰিচয়পৰ্বত ব্যক্তিগৰাকীৰ হ’বীৰ বিষয়ে প্রশ্ন কৰা হয়, কাৰণ ইয়ে এজন মানুহৰ ব্যক্তিত্ব প্রতিফলিত কৰে। শৈক্ষিক যোগ্যতা বা বাহ্যিক সৌন্দর্যই মানুহৰ আচৰণ, আগ্ৰহ আৰু চিন্তাধাৰা সম্পূৰ্ণৰূপে প্ৰকাশ কৰিব নোৱাৰে। কিন্তু এগৰাকী ব্যক্তিয়ে নিজৰ অৱসৰৰ সময়বোৰ কেনেদৰে ব্যৱহাৰ কৰে, সেয়া তেওঁৰ হ’বীৰ জৰিয়তে বোধগম্য হৈ পৰে। হ’বীয়ে মানুহৰ আত্মবিশ্বাস, সৃষ্টিশীলতা, শৃংখলা আৰু জীৱনৰ প্ৰতি দৃষ্টিভংগী প্ৰকাশ কৰে । সেইবাবেই ভাল পোৱা কামবোৰৰ বিষয়ে জ্ঞাত হ’লেই এজন ব্যক্তিক ভালদৰে বুজিব পাৰি।

পঢ়া, লিখা, সংগীত বা চিত্ৰাংকনৰ দৰে ৰুচিবোৰে মানুহৰ সৃষ্টিশীল আৰু সংবেদনশীল স্বভাৱৰ পৰিচয় দিয়ে। আনহাতে খেলাধূলা বা দলগত কামৰ প্ৰতি আগ্ৰহে সক্ৰিয় আৰু আত্মবিশ্বাসী ব্যক্তিত্ব প্রতিফলিত কৰে। হ’বীবোৰে মানুহৰ সম্পূৰ্ণ ব্যক্তিত্ব নিৰ্ধাৰণ নকৰে যদিও ই মানুহৰ মনোভাব আৰু আগ্ৰহৰ এক স্পষ্ট ছবি দিয়ে। এজন ব্যক্তিৰ ৰুচিবোৰ জন্মগত আৰু পৰিৱেশগত দুয়োটাৰে প্ৰভাৱত গঢ় লৈ উঠে। কাৰোবাৰ মাজত জন্মৰে পৰা বিশেষ আগ্রহ বা প্রতিভা দেখা যায়, যি পাছলৈ হ’বী হিচাপে বিকশিত হয়। তথাপিও পৰিৱেশে হ’বী বা চখবোৰ বিকাশত অধিক গুৰুত্বপূৰ্ণ ভূমিকা লয় । পৰিয়াল, বিদ্যালয়, বন্ধু-বান্ধৱী আৰু সমাজৰ প্ৰভাৱত মানুহে নতুন নতুন কাম শিকে আৰু সেইবোৰৰ প্ৰতি আগ্ৰহ জন্মে। এইদৰে অভ্যাস আৰু উৎসাহৰ জৰিয়তে মানুহৰ হ’বী সময়ৰ সৈতে গঢ় লৈ উঠে। বর্তমান সকলোতে আধিপত্য বিস্তাৰ কৰা ছ’চিয়েল মিডিয়াই মানুহক নিজৰ হ’বীবোৰৰ বিষয়ে সজাগ কৰি লগতে সেইবোৰৰ বিকাশ সাধন কৰি তাৰ ব্যৱহাৰিক দিশটোৰ বিষয়ে সজাগ কৰাত বিশেষ ভূমিকা লৈছে ।

শাৰীৰিক হ’বীসমূহত শৰীৰৰ গতিশীলতা জড়িত থাকে। এইবোৰে মানুহক সুস্থ, সবল আৰু সক্ৰিয় কৰি ৰাখে ।

বিভিন্ন খেল-ধূলা, খোজ কঢ়া, চাইকেল চলোৱা, সাঁতোৰা, যোগাসন, নৃত্য, পৰ্বতাৰোহণ আদি । শৰীৰ চৰ্চাৰ কথাও উল্লেখ নকৰিলে নহ’ব। বর্তমান বহুজনৰ বাবে যোগ, ৱেইট ট্ৰেইটিং আৰু মার্শিয়েল আৰ্টছো হ’বী হৈ পৰিছে।

এইসমূহ চখে শৰীৰৰ লগতে মনকো সতেজ কৰি ৰাখে আৰু শৃংখলা, দলীয় ভাবনা আৰু আত্মবিশ্বাস বৃদ্ধি কৰে ।

মানসিক ৰুচিসমূহে মূলতঃ চিন্তাশক্তি, সৃজনশীলতা আৰু বৌদ্ধিক বিকাশত সহায় কৰে। এইবোৰ চখে গভীৰভাৱে চিন্তা কৰিবলৈ আৰু নতুন কথা শিকিবলৈ উৎসাহিত কৰে।

মনেৰে পৰিপূৰ্ণ কৰা চখ হ’ল পঢ়া, লিখা, কবিতা বা গল্প ৰচনা, ডায়েৰী লিখা, ছবি অঁকা, সংগীত চর্চা, বাদ্যযন্ত্ৰ বজোৱা, দবা খেল, মেডিটেচন, নতুন ভাষা শিকা ইত্যাদি। কিতাপ পঢ়াটো বৰ্তমান আকৌ জনপ্রিয় হবী হৈ পৰিছে। এই চখসমূহে মনক শান্ত ৰাখে আৰু সৃজনশীল মনোভাব গঢ়ি তোলে।

প্ৰযুক্তিৰ বিকাশৰ লগে লগে আধুনিক তথা নতুন যুগৰ লগত খাপ খাই পৰা কিছুমান নতুন হবীও জনপ্ৰিয় হোৱাৰ লগতে ব্যৱহাৰিক দিশতো ফলপ্ৰসূ হৈ পৰিছে।

জীৱনশৈলীৰ লগত জড়িত নতুন যুগৰ চখসমূহৰ ভিতৰত কোডিং আৰু প্রোগ্রামিং, ৱেবছাইট বা ম’বাইল এপ বনোৱা, ফটোগ্রাফী, ভিডিঅ’ সম্পাদনা, ব্লগিং, কনটেন্ট ক্রিয়েচন, ডিজিটেল ডিজাইন, অনলাইন কুকিং চেনেল চলোৱা, গেম ডেভেলপমেণ্ট আদি অন্যতম। এই চখসমূহে কেৱল আনন্দই নিদিয়ে, বহু সময়ত পেছা আৰু আয়ৰ উৎস হিচাপেও গঢ় লৈ উঠে।

ইয়াতে উল্লেখনীয় যে বর্তমান বহুলভাৱে ব্যৱহাৰ কৰি থকা অনলাইন পেমেন্ট প্লেটফর্ম পেটিএমৰ বিজয় শেখৰ শৰ্মা শৈশৱৰ পৰা কোডিং আৰু কম্পিউটাৰ প্রোগ্রামিঙত আগ্রহী আছিল। কোডিং তেওঁৰ বাবে কেৱল পঢ়া বিষয় নহৈ দৈনন্দিন চখ আছিল। এই অভ্যাসে তেওঁক যুক্তিগত চিন্তা আৰু সমস্যা সমাধানৰ দক্ষতা প্ৰদান কৰিছিল। বি টেক ডিগ্ৰীধাৰী শৰ্মাই ভাৰতত ম’বাইল ৰিচাৰ্জ আৰু ডিজিটেল পেমেণ্ট সহজ কৰাৰ লক্ষ্যৰে তেওঁ নিজৰ কোডিং জ্ঞান ব্যৱহাৰ কৰি Paytm আৰম্ভ কৰে। প্ৰথমে ই এটা ম’বাইল ৰিচাৰ্জ সেৱা আছিল, কিন্তু পৰৱৰ্তী পৰ্যায়ত ই এক বৃহৎ ডিজিটেল পেমেণ্ট প্লেটফৰ্মলৈ উন্নীত হয় ।

এইদৰে কোডিঙৰ চখেই বিজয় শেখৰ শৰ্মাক Paytm গঢ়িবলৈ সহায় কৰিলে আৰু ভাৰতৰ ডিজিটেল পেমেণ্ট ব্যৱস্থাত এক ডাঙৰ পৰিৱৰ্তন আনিলে।

চখ বা হ’বীবোৰে মানুহৰ জীৱনক সুন্দৰ, অৰ্থপূৰ্ণ আৰু সজীৱ কৰি তোলে। শৰীৰকেন্দ্ৰিক হ’বীবোৰে শৰীৰ সুস্থ ৰাখে আৰু মানসিক হ’বীবোৰে মনৰ বিকাশ ঘটায় আৰু আধুনিক হ’বীবোৰে মানুহক নতুন যুগৰ সৈতে খাপ খুৱাবলৈ সহায় কৰে। সেয়েহে প্ৰতিজন ব্যক্তিয়ে নিজৰ ৰুচি আৰু সামৰ্থ্য অনুসৰি কোনো নহয় কোনো চখ গঢ়ি তুলি ব্যক্তিত্বৰ পূৰ্ণ বিকাশ ঘটোৱাটো অতি প্রয়োজনীয়।

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.