আমি এনে এখন পৃথিৱীত জন্মগ্ৰহণ কৰিছোঁ, যিয়ে আমাক এক অলৌকিক প্ৰক্ৰিয়াৰ মাজেৰে জীৱন দান কৰিছে। কিন্তু আমি প্ৰায়েই পাহৰি যাওঁ যে এই পৃথিৱীত আমাৰ সময় চিৰস্থায়ী নহয়।
মানৱসৃষ্ট সংকটঃ বিলাসিতা নে লোভ?
গোলকীয় উষ্ণতা কোনো প্রাকৃতিক পৰিঘটনা নহয়, বৰঞ্চ ই আমাৰ জীৱনশৈলীৰ এক বিষময় পৰিণতি। ১৭৫০ চনৰ শিল্প বিপ্লৱৰ পূৰ্বলৈ পৃথিৱীৰ জলবায়ু স্বাভাৱিক চক্ৰৰ দ্বাৰা পৰিচালিত আৰু সুস্থিৰ আছিল। কিন্তু মানুহৰ সীমাহীন লোভৰ ফলত আজি ধৰিত্ৰীৰ অৱস্থা সংকটজনক।
তাপমাত্ৰাৰ বৃদ্ধিঃ অতিমাত্ৰা জীৱাশ্ম ইন্ধন দহনৰ ফলত পৃথিৱীৰ গড় উষ্ণতা প্রায় 1.1Cৰ পৰা 1.42C পৰ্যন্ত বৃদ্ধি পাইছে।
প্ৰকৃতিৰ বিৰূপ প্ৰভাৱঃ মানৱসৃষ্ট কাৰণত হোৱা এই পৰিৱৰ্তনে আজি আমাক বিধ্বংসী তাপপ্রবাহ, বনজুই, হিমবাহৰ গলন আৰু সাগৰীয় জলপৃষ্ঠৰ অস্বাভাৱিক বৃদ্ধিৰ সন্মুখত থিয় কৰাইছে।
জলবায়ু পৰিৱৰ্তনঃ সংকট আৰু সমাধানৰ পথ
উদ্যোগীকৰণ, বন ধ্বংস আৰু তীব্ৰ কৃষি পদ্ধতিয়ে পৰিৱেশৰ ভাৰসাম্য নষ্ট কৰিছে। ইয়াৰ মোকাবিলা কৰিবলৈ আমি এক দ্বিমুখী কৌশল অৱলম্বন কৰিব লাগিব।
নির্গমন হ্রাসঃ সৌৰ শক্তি আৰু বায়ু শক্তিৰ দৰে স্বচ্ছ শক্তিৰ প্ৰসাৰ ঘটাই বিষাক্ত গেছৰ নির্গমন বন্ধ কৰা।
প্রকৃতি-ভিত্তিক সমাধানঃ আমাজনৰ দৰে গভীৰ অৰণ্য সংৰক্ষণ কৰা আৰু জৈৱিক কৃষি পদ্ধতিক প্রাধান্য দিয়া। বর্তমান বিশ্বৰ ১৯৭ খন দেশে ২০৫০ চনৰ ভিতৰত ‘Net Zero Emission’ লক্ষ্যৰে কাম কৰি আছে।
ব্যক্তিগত ভূমিকা
চৰকাৰ বা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ লগতে প্ৰতিজন ব্যক্তিৰ দায়িত্ব ইয়াত অপৰিসীম। আমাৰ সৰু সৰু পদক্ষেপে এক ডাঙৰ পৰিৱৰ্তন আনিব পাৰে।
বহনক্ষম জীৱনশৈলীঃ বস্তুৰ অত্যধিক ভোগ ত্যাগ কৰা আৰু পুনৰ ব্যৱহাৰত গুৰুত্ব দিয়া।
খাদ্য আৰু শক্তিৰ মিতব্যয়িতাঃ উদ্ভিদজাত খাদ্য গ্রহণ কৰা আৰু ঘৰুৱা শক্তিৰ অপচয় ৰোধ কৰা।
আমি পাহৰি যোৱা অনুচিত যে আমি ইয়ালৈ আহিছোঁ এক সীমিত সময়ৰ বাবে। আমাৰ পৰৱৰ্তী প্ৰজন্মৰ বাবে এখন বাসোপযোগী আৰু সেউজ পৃথিৱী এৰি থৈ যোৱাটো আমাৰ নৈতিক ধৰ্ম। আমি যি ধৰিত্ৰী লাভ কৰিছিলোঁ, তাক তাতকৈ অধিক সুন্দৰ কৰি থৈ যোৱাই হওক আমাৰ সংকল্প।
Comments are closed, but trackbacks and pingbacks are open.