মহীচন্দ্ৰ মিৰি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

35

পংকজ কুমাৰ নেওগ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন বৰ্তমান অসমৰ যিখিনি ঠাইত আছে বিংশ শতিকাৰ আৰম্ভণিতে আপুনি সেইখিনি ঠাইত উপস্থিত থকা হ’লে এটা সম্পূৰ্ণ  পৃথক পটভূমি দেখা পালেহেঁতেন৷ অসমত বসবাস কৰা ব্ৰিটিছ প্ৰকৃতিবিদ আৰু চাহ ৰোপণকাৰী এডৱাৰ্ড প্ৰিচাৰ্ড গীয়ে তেওঁৰ ‘দ্য ৱাইল্ডলাইফ অৱ ইণ্ডিয়া’ [১৯৬৪] নামৰ কিতাপখনত তেওঁৰ পৰ্যবেক্ষণসমূহ এইদৰে উল্লেখ কৰিছে– ‘১৯৩০ দশকৰ আৰম্ভণিত কাজিৰঙা  আছিল এখন বন্ধ কিতাপৰ দৰে৷ সমস্ত বন বিভাগৰ বাবে সেই ভূখণ্ড আছিল অজান ভূমি বা ‘টেৰা ইনকগনিটা৷’ মোৰ মনত আছে ১৯৩৪ চনত তালৈ যাবলৈ অনুমতি বিচাৰিছিলো কিন্তু ব্ৰিটিছ ডি.এফ.অ’গৰাকীয়ে অজুহাত দেখুৱাই কৈছিল– ‘এই ঠাইত প্ৰৱেশ কৰিবলৈ কাকো অনুমতি দিয়া নহয়৷ ঠাইখন জলাহভূমি আৰু জোকেৰে ভৰ্তি৷ হাতীয়েও সেই ঠাইত প্ৰৱেশ কৰিব নোৱাৰে৷’ কোৱা বাহুল্য যে কাজিৰঙাৰ বৰ্তমান ৰূপে গীক বাৰুকৈয়ে অবাক কৰিলেহেঁতেন৷ এই ৰাষ্ট্ৰীয় উদ্যানখন এতিয়া ৪৩০ বৰ্গকিলোমিটাৰ বিয়াপি এক সফলতাৰ কাহিনী যি বিশ্বৰ দুই-তৃতীয়াংশ এশিঙীয়া বিপন্ন ভাৰতীয় গঁড়ৰ বাসস্থান৷ লগতে এই উদ্যান জলাশয়ৰ হৰিণ, ডাঙৰ হাতী আৰু উচ্ছ ঘনত্বত লব্ধ বাঘৰো আৱাসস্থল৷ কিন্তু আজিৰ ইউনেস্কো-অনুমোদিত এই সেউজ অঞ্চল এশবছৰৰ পূৰ্বে একেবাৰে বিপৰীত আছিল৷ এই সংস্কাৰৰ পশ্চাতৰ মানুহজন হ’ল মহীচন্দ্ৰ মিৰি যিগৰাকী লোকৰ নাম সংৰক্ষণ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ছাব-বিট বন কাৰ্যালয়ৰ পৰা পাঁচ কিলোমিটাৰ পূবে ‘মহী মিৰি টাৱাৰ’ বুলি ডাঙৰ হৰফেৰে লিখা এখন কাঠৰ ফলক দেখা যায়৷ এটা কাঁড়চিহ্নই দৰ্শনাৰ্থীক এটা পাহাৰলৈ লৈ যায় য’ত সংৰক্ষণবিদজনে বনাঞ্চলখনৰ ওপৰত অনেক সন্ধিয়া চকু ৰাখিছিল (সেই সময়ত ই চিকাৰৰ অভয়াৰণ্য হিচাপে পৰিচিত আছিল)৷ এই সুবিধাজনক ঠাইখিনিয়ে তেওঁক অৰণ্যৰ বিস্তৃত দৃশ্য প্ৰদান কৰিছিল৷ অভয়াৰণ্যখন যিহেতু চোৰাং চিকাৰৰ বাবে কুখ্যাত আছিল, তেওঁ সেই গুপুত স্থানৰ পৰা সন্দেহজনক চোৰাং চিকাৰীৰ গতিবিধি লক্ষ্য কৰিবলৈ সফল হৈছিল৷ মহীয়ে ব্ৰহ্মপুৱাৰে পৰা দূৰবীণ লৈ অবিচলিতভাৱে দূৰ-দূৰণিলৈ চোকা দৃষ্টি ৰাখিছিল আৰু কোনো দুষ্কৃতিকাৰীক দেখা পালে সিহঁতক ধৰিবলৈ হাতীত উঠি আগুৱাই গৈছিল৷ ১৯৩৯ চনত ৩৬ বছৰ বয়সত মহীচন্দ্ৰ মিৰিৰ মৃত্যুৰ বহুদিনৰ পিছত ১৯৭০ চনত তেওঁৰ নামেৰে এই পাহাৰৰ নামকৰণ কৰা হয়৷ তেওঁৰ প্ৰপৌত্ৰ ত্ৰিদীপ পাতিৰৰ মতে পশু-পক্ষী আৰু জীৱ-জন্তুৰ প্ৰতি তেওঁৰ ভালপোৱা আৰু বন্ধন আছিল সহজাত৷

১৯০৩ চনত জন্মগ্ৰহণ কৰা মহীৰ প্ৰকৃতিৰ প্ৰতি ভালপোৱা গঢ় লৈ উঠিছিল অসমৰ লখিমপুৰৰ গৃহ গাঁও আলিমূৰত৷ তেওঁৰ পিতৃ দলে মিৰি আছিল সমাজৰ সন্মানীয় ব্যক্তি আৰু তেওঁৰ পৰাই মহীয়ে সংস্কাৰ আৰু নিয়মানুৱৰ্তিতাৰ শিক্ষা লাভ কৰিছিল৷ তেওঁ আছিল সাধাৰণ পৰিয়ালৰ আৰু শিৱসাগৰত ভাৰা কৰা মাটি এডোখৰত এটা অস্থায়ী খেৰৰ কুটিৰত ভাতৃৰ সৈতে ডাঙৰ-দীঘল হৈছিল৷ তেওঁলোক দুয়োজনে শিৱসাগৰ টাউন চৰকাৰী হাইস্কুলত পঢ়া-শুনা কৰে৷ মহীচন্দ্ৰ মিৰিয়ে ১৯২৩ চনত অংকত ডিষ্টিংচনসহ শিৱসাগৰ হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু কটন কলেজত নামভৰ্তি কৰে  আৰু কটন কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত মেজৰসহ ১৯২৭ চনত স্নাতক ডিগ্ৰী লাভ কৰে৷ তেওঁ কেৱল পঢ়াতেই ভাল নাছিল, এজন কৃতী খেলুৱৈও আছিল৷ শ্বুটিং, মাছ মৰা, হাতীৰ পিঠিত উঠা, সাপ ধৰা আদিত তেওঁ পাকৈত আছিল৷ টেনিছ অনুৰাগী মহীয়ে প্ৰায়ে কিংবদন্তি খেলুৱৈ কটন কলেজৰ অধ্যাপক পিচি ৰয়ৰ সৈতে একেলগে টেনিছ খেলিছিল৷ মহীক লগ পোৱা  প্ৰায় সকলোৱে তেওঁক কঠোৰ পৰিশ্ৰমী, মৃদুভাষী আৰু অনুশাসিত বুলি বৰ্ণনা কৰাৰ লগতে তেওঁক ভালদৰে চিনি পোৱাসকলে তেওঁক এজন খাঁটি আৰু নিকা অন্তৰৰ লোক বুলি অভিহিত কৰে৷ ত্ৰিদীপে কয় যে মানৱ-প্ৰকৃতিৰ সন্দৰ্ভত ডক্টৰেট ডিগ্ৰীৰ গৱেষণা কৰি থাকোঁতে তেও উপলব্ধি কৰিছিল যে তেওঁৰ আদৰ্শ প্ৰপিতামহগৰাকীৰ বিষয়ে অধিক নজনাকৈ বিষয়টোৰ সম্যক অধ্যয়ন অসম্ভৱ৷ তেওঁ মন্তব্য কৰে– ‘অসমৰ বহুতেই তেখেতৰ পত্নী, বিখ্যাত পদ্মশ্ৰী শিক্ষাবিদ ইন্দিৰা মিৰিৰ সৈতে পৰিচিত হ’লেও মহী চন্দ্ৰ মিৰিৰ বিষয়ে কমেইহে জানে৷ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁৰ অৱদান আৰু কাজিৰঙাৰ সুৰক্ষিত মৰ্যাদা প্ৰতিষ্ঠাত তেওঁৰ ভূমিকা আছিল অপৰিসীম৷ কাজিৰঙাক অৱহেলিত জংঘলৰ পৰা বিশ্বখ্যাত সংৰক্ষণৰ লেণ্ডমাৰ্কলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷’

কাজিৰঙা গঠিত হোৱাৰ যাত্ৰা বেছ ওখোৰা-মোখোৰা আছিল৷ শুনা যায় যে লৰ্ড কাৰ্জনৰ স্ত্ৰী মেৰী কাৰ্জন কাজিৰঙা পাৰ্কলৈ যাওঁতে এটাও গঁড় দেখা পোৱা নাছিল আৰু তেওঁৰ হস্তক্ষেপত ১৯০৫ চনত এইখন এখন সংৰক্ষিত বনলৈ ৰূপান্তৰিত হয়৷ অসমৰ এজন নামী এনিমেল ট্ৰেকাৰ বলৰাম হাজৰিকাই মিচেছ কাৰ্জনৰ ওচৰত বন্যপ্ৰাণী সংৰক্ষণৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে আৰু শ্ৰীমতী কাৰ্জনেও স্বামীক এই সন্দৰ্ভত পতিয়ন নিয়ায়৷ ১৯০৫ চনৰ ৰ জুনত কাজিৰঙা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ সৃষ্টি হয় কিন্তু  ১৯৩৮ চনৰ ভিতৰতে চোৰাং চিকাৰী আৰু বেপাৰীৰ অবাধ কাৰ্যকলাপে কাজিৰঙালৈ ভাবুকি কঢ়িয়াই আনে৷ ত্ৰিদীপে তেওঁৰ প্ৰপিতামহক কাজিৰঙাৰ অন-গ্ৰাউণ্ড ৰূপান্তৰৰ কৃতিত্ব দিয়ে৷ ১৯২৯ চনত মহীৰ জীৱনলৈ এটা গুৰুত্বপূৰ্ণ মুহূৰ্ত আহে আৰু অফিচাৰ মাধৱ ভট্টাচাৰ্যৰ সৈতে তেওঁ ইম্পেৰিয়েল ফৰেষ্ট ছাৰ্ভিচলৈ নিৰ্বাচিত হয়৷ তেওঁলোক দুয়োজনকে ফ’ৰেষ্ট কলেজ, ৰেংগুনলৈ প্ৰশিক্ষণৰ বাবে পঠিওৱা হয়৷ এই প্ৰশিক্ষণৰ অন্তত মহীয়ে গুৱাহাটীত অতিৰিক্ত সহকাৰী বন সংৰক্ষক হিচাপে পদবী লাভ কৰে৷

১৯৩০ দশকত কাজিৰঙা চোৰাং চিকাৰৰ বাবে কুখ্যাত আছিল৷ এই বিষয়ে ইপি গীয়ে তেওঁৰ কিতাপখনত এইদৰে উল্লেখ কৰিছে– ‘মই ১৯৩০ দশকৰ মাজভাগত কাজিৰঙা জৰীপৰ বাবে নিযুক্ত প্ৰথম বন বিষয়াগৰাকীৰ সৈতে কথা পাতিছিলোঁ৷ তেওঁ প্ৰত্যেকখন বিলৰ ওচৰে-পাঁজৰে চোৰাং চিকাৰীসকলৰ শিবিৰ আৰু শিং আঁতৰাই নিয়া প্ৰায় চল্লিশটা গঁড়ৰ মৃতদেহ প্ৰত্যক্ষ কৰিছিল৷’ কিতাপখনত বিশদভাৱে বৰ্ণনা কৰা হৈছে যে

মিকিৰসকল অভয়াৰণ্যৰ দক্ষিণ সীমাত মিকিৰ পাহাৰত বাস কৰা সৰল, শান্তিপ্ৰিয় জনজাতীয় লোক কিন্তু তেওঁলোকৰ বহুকেইজন চোৰাং চিকাৰীৰ মাজত আছিল৷ মহীয়ে নিজৰ জীৱনৰ বাজী লগাই তেওঁৰ বন কৰ্মচাৰীসকলৰ সহায়ত অবিচলিতভাৱে শ শ চোৰাং চিকাৰীৰ শিবিৰ উৎখাত কৰিছিল৷ কেৱল বন্যপ্ৰাণীৰ ক্ষেত্ৰতে নহয়, মহীয়ে স্থানীয় সমাজখনতো নিজৰ প্ৰভাৱ বিস্তাৰিত কৰিছিল৷ নিজৰ কৰ্তব্যৰ সৈতে স্থানীয় সম্প্ৰদায়ৰ বৈপৰীত্যৰ সম্পৰ্কে অৱগত হৈ তেওঁ সদায় তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিছিল আৰু পঢ়া-শুনাৰ যোগেৰেহে নিজৰ সপোন পূৰণ কৰিবলৈ উদগনি যাচিছিল৷ ১৯২৯ চনত শ্বিলঙত ৰায়চাহাব সোনাধৰ সেনাপতিৰ নেতৃত্বত চাইমন কমিছনত জনজাতীয় সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰাৰ মাধ্যমেৰেও ইয়াৰ প্ৰতিফলন ঘটে৷ সেনাপতি ডাঙৰীয়াই মহীক ইমানেই ভাল পায় যে তেওঁ নিজৰ জীয়ৰী ইন্দিৰাক মহীৰ সৈতে বিয়া দিয়ে৷ ইন্দিৰা মিৰিয়ে তেওঁৰ আত্মজীৱনীত তেওঁৰ স্বামীয়ে তেওঁৰ প্ৰতি দেখুওৱা সন্মানৰ প্ৰশংসা কৰিছে৷ ‘মোৰ সকলো আশংকা ভিত্তিহীন প্ৰমাণিত হৈছিল’– তেওঁ বিয়াৰ পূৰ্বে নিজৰ সংশয়ৰ কথা উল্লেখ কৰিছে৷ তেওঁৰ আত্মজীৱনীত তেওঁলোকে একেলগে কটোৱা সময়ৰ স্মৃতিৰ প্ৰাঞ্জল বিৱৰণ পোৱা যায়৷ ১৯৩৪ চনত মহীক কাজিৰঙা অভয়াৰণ্যৰ বাগৰি ৰেঞ্জলৈ বদলি কৰা সময়খিনি তেওঁলোকৰ অন্যতম উপভোগ্য স্মৃতিসমূহৰ মাজৰ এটি৷

মহীয়ে চোৰাং চিকাৰ ৰোধত মনোনিৱেশ কৰাৰ সময়খিনিত ইন্দিৰাই নিজকে অৰণ্যৰ সৈতে পৰিচিত কৰি তুলিবলৈ চেষ্টা কৰিছিল৷ ‘ৰাতি কেতিয়াবা বনৰীয়া হাতীবোৰ ধাননিলৈ আহি পকাধান খায়৷ তাৰে মাজৰ কোনোবা এটাই বাংলোৰ চৌহদত প্ৰৱেশ কৰি ঘৰৰ কাঠৰ খুঁটাত ডিঙি মোহাৰে৷ মই ভয়তে বিনিদ্ৰৰজনী কটাইছিলোঁ৷ বাগৰিত প্ৰথম কেইমাহমান মই জংঘল আৰু বন্যপ্ৰাণীবোৰৰ প্ৰতি অহৰহ ভয়ত কটাইছিলো কিন্তু লাহে লাহে ঠাইখন মোৰ ভাল লাগিবলৈ ধৰে’– তেওঁ লিখিছে৷ চৰাইৰ কোৰ্হালত পূবে ধলফাট দিওঁতেই সাৰ পোৱা বা নদ-নদী, বিলবোৰৰ ৰূপোৱালী মাছৰ নৃত্য এই সকলোবোৰৰ সৈতে তেওঁ অভ্যস্ত হৈ পৰিছিল৷ কিন্তু যিটো বস্তুৰ প্ৰতি তেওঁ আটাইতকৈ আকৰ্ষিত হৈছিল সেইটো হ’ল স্থানীয় সম্প্ৰদায়সমূহৰ সৈতে তেওঁৰ স্বামীৰ যোগাযোগ৷ তেওঁৰ প্ৰচেষ্টা আৰু উদ্যমে সম্প্ৰদায়সমূহৰ মাজত তেওঁলোকৰ অৰণ্যক ৰক্ষা কৰিবলৈ নিষ্ঠা জগাই তুলিছিল৷ গাঁওবাসীয়ে মহীক চোৰাং চিকাৰীসকলৰ গতিবিধি সম্পৰ্কে সতৰ্ক কৰিবলৈ আৰম্ভ কৰে আৰু সম্প্ৰদায়সমূহ মহীৰ প্ৰচেষ্টাৰ অংশ হৈ পৰাত তেওঁ সকলো ফালৰ পৰা লাভৱান হয়৷

গাঁওবাসীৰ বেছিভাগেই আছিল প্ৰান্তীয় জনজাতি যিসকল ঐতিহাসিকভাৱে তেওঁলোকৰ জীৱিকা নিৰ্বাহৰ বাবে অৰণ্যৰ ওপৰত নিৰ্ভৰশীল আছিল৷ বুৰঞ্জীবিদ অৰূপজ্যোতি শইকীয়াই ‘ফৰেষ্টছ এণ্ড ইক’লজিকেল হিষ্ট্ৰী অৱ আছাম’ কিতাপখনত উল্লেখ কৰাৰ দৰে– ‘দৈনন্দিন প্ৰয়োজনৰ বাবে তেওঁলোকে পশুপালন, খেতি-বাতি, খৰি সংগ্ৰহ অথবা বনাঞ্চলৰ ভিতৰত মাছ ধৰিছিল… কৃষকসকলে নিজৰ খাদ্যৰ প্ৰয়োজনীয়তা আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে স্থানীয়ভাৱে নিৰ্মিত সঁজুলিৰ সহায়েৰে মাছ সংগ্ৰহ কৰিছিল৷’ কিন্তু উপদেশ আৰু পৰামৰ্শৰ জৰিয়তে মহীয়ে তেওঁলোকৰ জীৱন প্ৰণালীলৈ পৰিৱৰ্তনৰ সূচনা আনিবলৈ সক্ষম হয়৷ জনৈক মিচিং সমাজকৰ্মী দলেয়ে ‘ৰাউণ্ডগ্লাছ ছাষ্টেইন’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে মহী মিৰি নিজে মিচিং জনজাতিৰ লোক হোৱাৰ বাবে কাজিৰঙাৰ জনজাতিসকলৰ প্ৰতি অতি সহানুভূতিশীল হ’ব পাৰিছিল৷ ৰাউণ্ডগ্লাছ ছাষ্টেইন হৈছে কাহিনী, তথ্যচিত্ৰ আৰু সংৰক্ষণৰ প্ৰচেষ্টাৰ জৰিয়তে ভাৰতৰ বন্যপ্ৰাণী আৰু প্ৰাকৃতিক বাসস্থানৰ সুৰক্ষাৰ প্ৰসাৰ ঘটোৱা এটা অলাভজনক উদ্যোগ৷

অসম বন বিভাগৰ ভূতপূৰ্ব সংৰক্ষক এ. জে. মিলৰয়ৰ সৈতে তেওঁ চোৰাং চিকাৰ বন্ধ কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল আৰু তেওঁলোকৰ প্ৰচেষ্টাৰ ফলত ১৯৩৮ চনত প্ৰথমবাৰৰ বাবে কাজিৰঙা দৰ্শনাৰ্থীসকলৰ বাবে মুকলি কৰা হয়৷ মহীয়ে কাজিৰঙাত প্ৰথমটো জীৱন্ত গঁড় ধৰাৰ তত্ত্বাৱধানো কৰিছিল; পৰৱৰ্তী সময়ত গঁড়টো মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এখন চিৰিয়াখানালৈ প্ৰেৰণ কৰা হয়৷ ত্ৰিদীপে উল্লেখ কৰা মতে ১৯৩৯ চনত অসমৰ কাৰ্বি-আংলং অঞ্চল যেতিয়া বন্যাগ্ৰস্ত হৈ পৰে, মহী তাতেই থাকি স্থানীয় লোকসকলক সহায় আগবঢ়োৱাৰ সিদ্ধান্ত লয়৷ এই কাৰ্যত ব্ৰতী হৈ থাকোঁতেই তেওঁ ব্লেক ফিভাৰত আক্ৰান্ত হয় আৰু সেই একে চনতে মাত্ৰ ৩৬ বছৰ বয়সত তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে৷ মহীচন্দ্ৰ মিৰিয়ে অতি কম বয়সত মৃত্যুবৰণ কৰে কিন্তু তেওঁ যিখন কাজিৰঙাৰ স্বপ্ন দেখি তেওঁৰ সমস্ত প্ৰচেষ্টা ব্যয় কৰিছিল, সেই কাজিৰঙাৰ প্ৰতিজোপা গছ-বিৰিখত তেওঁৰ গৌৰৱোজ্জ্বল গাথা আজি প্ৰোথিত হৈ ৰৈছে৷

ফোনঃ+৯৬৮-৯৯৬৭-২৭৮১

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.