অজন্তা উপমন্যু
মাছৰ পেডিকিউৰ হৈছে এটি স্পা চিকিৎসা, য’ত মাছৰ সহায়ত পেডিকিউৰ কৰা হয়। ক্লায়েণ্টসকলক এটা পানীভর্তি টাবত ভৰি দুখন ডুবাবলৈ দিয়া হয়, য’ত এক ভিন্ন প্ৰকাৰৰ মাছ মেলি দিয়া হয়। সেই মাছবোৰক গাৰা ৰুফা বা ডাক্তৰ মাছ বুলিও জনা যায়। এই মাছসমূহে ভৰিৰ পৰা মৃত ছালবোৰ খাই ছালখন মসৃণ কৰি তোলে। এই প্ৰক্ৰিয়াৰ ফলত ছালত এক্সফোলিয়েট কৰি সম্ভাব্য চিকিৎসামূলক উপকাৰ কৰে ।
এই পেডিকিউৰ বিশেষভাৱে সেইবোৰ ঠাইত জনপ্রিয় য’ত এইসমূহ মাছ পোৱা যায়। বিশেষকৈ মধ্যপ্রাচ্যৰ দেশসমূহ আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ এইবিধ মাছ স্থানীয় মাছ। এই পেডিকিউৰ এই দেশসমূহত জনপ্ৰিয় হৈ পৰিল। কিয়নো দেখা গ’ল যে এই মাছবোৰে ভৰি দুখন অতি পৰিষ্কাৰ আৰু মোলায়েম কৰি তোলে। এই ধৰণৰ পেডিকিউৰ কৰিলে কিন্তু কোনো ধৰণৰ বিষ বেদনা বা ঘা হোৱা দেখা নাযায়। কিন্তু এই পদ্ধতিত পৰিৱেশ আৰু কিছু কিছু পৰিমাণে স্বাস্থ্যত বিপদৰ আশংকা কৰি আমেৰিকাৰ বহু ৰাজ্য, কানাডা আৰু ইউৰোপৰ কিছু অংশত নিষিদ্ধ কৰা হৈছে।
ভাৰতৰ কোনো কোনো চহৰত ইয়াৰ ব্যৱহাৰ আছে যদিও ই ইমান জনপ্ৰিয় হৈ উঠিছে বুলি মনে নধৰে । বহুতে হয়তো ইয়াৰ ব্যৱহাৰৰ বিষয়ে ভালকৈ জ্ঞাতেই নহয় । গুৱাহাটী চহৰৰ কোনোবা এখন ডাঙৰ মলত ইয়াৰ এখন চেলুন আছে বুলি শুনিছিলো যদিও কিমান ফলপ্রসূ হ’ল সেই বিষয়ে বিশেষ ধাৰণা নাই।
কেনেকৈ কৰা হয় ?
মাছেৰে পৰিপূৰ্ণ এটা টাবত ক্লায়েন্ট ভৰি দুখন পোন্ধৰ/বিশ মিনিটমান ডুবাই ৰখা হয়। ইয়াৰ আগতে ভৰি দুখন ভালদৰে ধুৱাই লোৱা হয়। এতিয়া ভৰি দুখনৰ মৃত ছালবোৰ মাছসমূহে লাহে লাহে খুটিয়াই খাবলৈ ধৰে। ভৰিত এটা জিনজিনোৱাৰ দৰে অনুভৱ হয়। ইয়াৰ পিছত ভৰি দুখন সাধাৰণ পেডিকিউৰ কৰাৰ দৰে ট্রিমিং, ব্ৰাছিং আৰু মাছাজ কৰা হয় ।
এই ধৰণৰ পেডিকিউৰ সুবিধাঃ
ভৰিৰ ছাল মসৃণ হয়। ভৰিৰ শুকান আৰু অতি ৰুক্ষ ঠাইবোৰত বিশেষভাৱে এক্সফোলিয়েট কৰে। ফুট স্কার্ব বা মিউমিছ ষ্টোনতকৈ উন্নতভাৱে ছাল মিহি কৰি তোলে।
অসুবিধাঃ
মাছৰ পেডিকিউৰ বিপজ্জনক বা অসুৰক্ষিত বুলি ধৰাৰ কেইবাটাও কাৰণ আছে।
- ব্যৱহাৰ কৰা বেচিনসমূহ বা পটসমূহ ছেনিটাইজ কৰাটো কঠিন, কাৰণ মাছবোৰ আঁতৰাই ইয়াক পৰিষ্কাৰ কৰাৰ অসুবিধাৰ লগতে মাছবোৰক ছেনিটাইজ কৰিব নোৱাৰি।
- কিছুমান মাছ গাৰা ৰুফা মাছৰ লগত সাদৃশ্য আছে আৰু ভুলতে সেই ধৰণৰ মাছ ব্যৱহাৰ কৰিলে ভৰিত বিষ হ’ব পাৰে আৰু ৰোগ সং ক্ৰমণৰ সম্ভাৱনা থাকে ।
- মাছৰ ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ ফলত মাছৰ ষ্টেফ সংক্ৰমণ হ’ব পাৰে।
- মাছৰ পেডিকিউৰৰ ফলত অনিকোমে ডিজিজ হ’ব পাৰে। যিটো হ’লে ভৰিৰ নখ ক’লা পৰি পিছত সৰি যায়। কেতিয়াবা মাছৰ বেছি ছাপৰ ফলত নখবোৰত আঘাত লাগি নখবোৰ এনে পৰ্যায়লৈ যাব পাৰে।
- গ্ৰাহকৰ মাজত তেজৰ পৰা সংক্রমিত ৰোগ বিয়পাৰ সম্ভাৱনা থাকিব পাৰে।
টেক্সাছ, নিউ য়র্ক, নিউ জাৰ্ছী, কেলিফর্নিয়া, ৱাশ্বিংটন, মাছাছুছেট আদি ঠাইত এইবিধ পেডিকিউৰ প্ৰায় নিষিদ্ধ কৰা হৈছে। কাৰণ এইবোৰ ঠাইত মাছবিধ উভৈনদী নহয়, তেনেক্ষেত্ৰত ট্রেনজিট কৰোঁতে বহুত মাছ মৰি যায়। মাছবোৰৰ অনাহাৰে ৰাখিব লগা হয় আৰু তেতিয়াহে ভৰিৰ মৃত ছাল খাবলৈ আগ্ৰহী হৈ পৰে। বিশ্বৰ কিছুমান ঠাইত এনে মাছৰ অভাৰ ফাৰ্ম কৰা হয় ।
ফোনঃ ৯৯৫৪২-৪৬২১৬
Comments are closed, but trackbacks and pingbacks are open.