ঘৰতে বনাওক সুস্বাদু পিঠা

41

নিলাক্ষী বৰা

জুতি জীৱনৰ শিতানত এইবাৰ আগবঢ়াইছো ঘৰতে সহজে প্ৰস্তুত কৰিব পৰা দুবিধ সুস্বাদু পিঠাৰ তৈয়াৰ প্ৰণালী। কম সময় আৰু কম খৰচতে তৈয়াৰ কৰিব পৰা এই পিঠাবোৰ ৰুচিকৰ হোৱাৰ লগতে পৰিয়ালৰ সকলোৰে বাবে আনন্দদায়ক খাদ্য হিচাপে পৰিগণিত হয়।

১/ আঙুলি পিঠা

কি কি লাগিবঃ

  • পিঠাগুড়ি- ২ কাপ যিকোনো আৰৈ চাউলৰ পিঠাগুড়ি ল’ব পাৰে ৷ জহাচাউলৰ হ’লে ধুনীয়া গোন্ধ আহে।
  • গাখীৰ- এক লিটাৰ
  • চেনি- একাপ (বা নিজৰ জোখত ল’ব)
  • নিমখ- এচিকুট
  • ইলাচি-৩টা
  • তেজপাত- ২ খিলা
  • পালেং শাকৰ ৰস দুকাপ
  • নাৰিকল গুৰি- ২ চামুচ (বজাৰত পোৱা শুকান নাৰিকলৰ গুড়ি)
  • ঘিউ- তিনি চামুচ
  • পাউডাৰ গাখীৰ চাৰি চামুচ
  • পিষ্টা কেইটামান পৰিৱেশনৰ বাবে

তৈয়াৰ কৰা প্ৰণালীঃ প্রথমে পিঠাগুড়িখিনি এটা দ বাচনত লৈ নিমখ আৰু পালেঙৰ ৰস মিলাই লৈ (পালেং) ৰসখিনি উতলাই ল’ব । আটা মথাৰ দৰে হাতেৰে মথি ল’ব। লগত এক চামুচমান ঘী মিলাই লৈ পুনৰ মথি লৈ ১০ মিনিট ঢাকি ৰাখিব। এতিয়া এটা ননষ্টীক কেৰাহী পাতি লৈ গাখীৰ, পাউডাৰ গাখীৰ, ইলাচি আৰু তেজপাত দি গেছটো চিমত দি গাখীৰখিনি ভালদৰে উতলি ঘন হ’বলৈ দিব । যেতিয়া গাখীৰখিনি উতলি উতলি ঘন হৈ আধা হৈ আহিব, তেতিয়া এক চামুচ ঘী আৰু এক চামুচ নাৰিকলৰ গুড়ি দি পুনৰ লৰাই দিব। তাতে কেশৰ অকণমানো দিব পাৰিব থাকিলে। এতিয়া মথি লোৱা পিঠাগুড়ি মিশ্রণখিনি পুনৰ হাতত অলপমান ঘী সানি লৈ আকৌ এবাৰ মথি ল’ব । এখন থালত ঘী সানি ল’ব । এতিয়া পিঠাগুড়ি মিশ্রণখিনিৰ পৰা অলপ অলপ কৈ পিঠাগুড়ি লৈ হাতেৰে সৰু সৰু আঙুলিৰ আকাৰত আটাইখিনি পিঠা বনাই লৈ থালখনত থৈ ল’ব । এতিয়া উতলি আধা হৈ অহা গাখীৰখিনিত আগতে তৈয়াৰ কৰি লোৱা পিঠাখিনি দি জোখ অনুপাতে চেনি দি পুনৰ ২০ মিনিট মান সময় উতলিবলৈ দিব, যাতে পিঠাখিনি সম্পূৰ্ণকৈ ভিতৰলৈকে সিজি যায়। যেতিয়া পিঠাখিনি সিজিব গেছ বন্ধ কৰি নমাই থ’ব। এতিয়া নিজৰ পছন্দৰ বাটিত আঙুলি পিঠাখিনি দি ওপৰত পিষ্টা মিহিকৈ কাটি দি পৰিৱেশন কৰক। এই পিঠা খাবলৈ খুব সোৱাদভৰা হয় ৷

২/ ভাপত দিয়া পিঠাগুড়াৰ মৌদক 
(অপৰাজিতা ফুলৰ ৰসেৰে সনা (পিঠাগুড়িৰ ক্ষীৰৰ লগত)

কি কি লাগিবঃ

  • পিঠাগুড়ি- জহাচাউলৰ পিঠাগুড়ি ২ কাপ
  • গাখীৰ- এক লিটাৰ নেছলে গাখীৰ
  • নেচলে মিল্কমেইড আধাটিন
  • নিমখ- এচিকুট
  • ইলাচি-৩টা
  • তেজপাত- ২ খিলা
  • অপৰাজিতাৰ ফুল- ৩০ পাহমান
  • কেশৰ কেইডালমান
  • পাউডাৰ গাখীৰ- চাৰি চামুচ
  • ঘিউ- তিনি চামুচ
  • শুকান ফল কেইটামান (কাজু পিষ্টা আলমন ৬-৭টাকৈ)
  • ৰিৱেশনৰ বাবে ল’ব- কাজু পিষ্টা আলমন আৰু সতেজ গোলাপৰ পাহি

তৈয়াৰ কৰা প্ৰণালীঃ প্রথমে পিঠাগুড়িখিনি এটা দ বাচনত লৈ নিমখ ঘি অকণমান আৰু অপৰাজিতাৰ ফুলৰ ৰস মিলাই (ফুলখিনি আগতেই উতলা পানীত দি সিজাই লৈ চেকনিৰে চেকি ৰস উলিয়াই ল’ব) গৰম পানী দি আটা মথাৰ দৰে হাতেৰে মথি ল’ব। আৰু এক চামুচমান ঘিউ মিলাই লৈ পুনৰ মথি লৈ ১০ মিনিট ঢাকি ৰাখিব ।

মৌদকপুৰৰ বাবে বনোৱা ৰাবৰি- এটা ননষ্টিক কেৰাহী পাতি লৈ তাত গাখীৰ, পাউডাৰ গাখীৰ, ইলাচি, তেজপাত কেশৰ দি গেছটো চিমত দি গাখীৰখিনি ভালদৰে উতলি ঘন হ’বলৈ দিব। যেতিয়া গাখীৰখিনি উতলি উতলি ঘন হৈ আধা হৈ আহিব। তেতিয়া তাত আধাটিন নেচলে মিল্কমেইড ঢালি দি ভালকৈ মিলাই লৰাই থাকিব । আৰু তাত শুকান ড্রাই ফ্রুটখিনি দি পুনৰ লৰাই দি ডাঠ কৰি নমাই থ’ব । পিঠাগুড়িৰ ক্ষীৰৰ বাবে- নেচলে গাখীৰ আধা লিটাৰ, মিল্কমেইড চাৰি চামুচ পিঠাগুড়ি দুচামুচ, কেশৰৰ সূতা ৫ ডালমান আৰু কাজু খিচমিচ আলমন ৬-৭টাকৈ, ইলাচী পাউডাৰ আধা চামুচ । গাখীৰখিনি কমজুইত উতলাই অলপ ডাঠ কৰি লৈ তাত নেচলে মিল্কমেইড মিলাই ভালকৈ লৰাই তাত পিঠাগুড়ি মিহলাই বাকী থকা কেশৰ ড্রাই ফ্রুট ইলাচী দি পিঠাগুড়িৰ ক্ষীৰ নমাই থ’ব। এতিয়া মথি লোৱা পিঠাগুড়ি মিশ্রণখিনি পুনৰ হাতত অলপমান ঘিউ সানি লৈ আকৌ এবাৰ মথি ল’ব। এতিয়া পিঠাগুড়ি মিশ্রণখিনি হাতেৰে ভালকৈ লাডু কৰি লৈ মৌদকৰ মল্‌দত হেঁচা মাৰি দি মাজত ৰাবৰি পূৰ ভৰাই আৰু অলপ পিঠাগুড়ি দি হেঁচা মাৰি ডিমল্‌দ কৰি বনাই ল’ব। ডিমল্‌দ কৰি ভাপত দিব, ১০ মিনিটৰ পিছত মৌদককেইটা নমাই থ’ব। এতিয়া এখন প্লেটত প্ৰথমে পিঠাগুড়িৰ ক্ষীৰ দি তাৰ ওপৰত মৌদককেইটা দি শুকান ফল, কেশৰ আৰু গোলাপৰ পাহিৰে পৰিৱেশন কৰিব ।

You might also like

Comments are closed, but trackbacks and pingbacks are open.