গল্পঃ ৰ’দে জলমল

39

মেঘালী দত্ত ঠাকুৰীয়া

গাঁওখনৰ এচুকত থকা জীৰ্ণ-শীৰ্ণ ঘৰটোত এতিয়া মানুহ বুলিবলৈ তিনিটাহে প্রাণী। ডাঙৰ চোতাল আৰু মানুহেৰে গিজগিজাই থকা ঘৰটো এতিয়া শূন্যতাই বেৰি ধৰিছে। মানুহবোৰ নোহোৱা হৈ আহিল। ঘৰটোৰ অ’ত-ত’ত এতিয়া জৰাজীৰ্ণ অৱস্থা স্পষ্ট। বাটাম খুওৱা মাটিৰে লেপি সজোৱা ঘৰটোৰ বহু ঠাইত মটি এৰি গৈ ইকৰাবোৰ ওলাই পৰিছে। চালৰ টিনবোৰত মামৰে খাই ফুটা হৈ পৰা ফাঁকেৰে ৰ’দৰ ৰূপালী কিৰণে এন্ধাৰ কোঠাটো পোহৰাই তোলে। বাৰিষা জেকা মজিয়াখন আকৌ বেছি জেকা হৈ উঠে। কোঠাটোত পাতি দিয়া চৰিয়া,বাল্টিবোৰত বৰষুণৰ পানীৰ টুপ টুপ শব্দবোৰে নিস্তব্ধ নিশাটো কৰুণ কৰি তোলে। ৰিয়াই শুই থকা মাক, পিতাকৰ গভীৰ টোপনি নিৰীক্ষণ কৰি আছে। বুজিবলৈ চেষ্টা কৰে ভাগৰুৱা দেহৰ গভীৰ টোপনি। নিদ্ৰাবিহীন দুচকুত তাইৰ বিক্ষিপ্ত কিছুমান সপোনে অগা-দেৱা কৰি থাকে। বিছনাত পঢ়িবলৈ লোৱা কিতাপখন লৈ তাইৰ কেতিয়া টোপনি আহে তাই গম নাপায় ।

তাঁতশালত বহি মালতীয়ে মহুৰা দুটামান ফুৰাই দিবলৈ ৰিয়াক মতিব বুলিও ৰৈ গ’ল ৷ কাহিলিপুৱাই বাহীবনখিনি কৰি পঢ়িব বহিছেহে, সেয়ে তাইক নামাতিলে। নিজেই কৰিলে। কালিৰ পৰা সূতা ছিঙি যঁট লগোৱা শালখন পৰিপাটী লগাওঁতে মালতীৰ বহু সময় লাগিল। ব’হাগ পালেহিয়ে। সময়মতে গামোচাবোৰ মহিলা সমিতি আৰু দোকান দুখনত দিব নোৱাৰিলে নিজৰেই লাজৰ কথা । বছৰৰ এই ব’হাগতে তাই কাপোৰ ব’ই পোৱা টকাখিনিৰে ৰিয়াৰ পঢ়া খৰচৰ জোৰা মাৰে। নহ’লে অকল খেতিৰ ধানকেইটাৰে মালতীয়ে সৰিয়হৰ ফুল দেখিলেহেঁতেন। ৰিয়াৰ মনত কাৱৈ মাছৰ দৰে খলখলাই থকা সপোনবোৰ তাই মাকৰ আগতহে ব্যক্ত কৰে। বেচেৰীজনীৰ পঢ়াৰ আগ্ৰহ দেখি কেতিয়াবা মালতী হতাশ হৈ পৰে। পাৰিব জানো মালতীয়ে তাইক পোহৰৰ বাট দেখুৱাব। পথাৰতে ব্যস্ত থকা গিৰীয়েকৰ সেইবোৰ ভাবিবলৈ আহৰি নাই। কথাবোৰ মনতে পাগুলি তাই নতুন চিন্তাত বিভোৰ হয়। মহিলা সমিতিৰ বাইদেউকেইজনীকে তাই মনৰ কথা কৈ কিবা সুবিধা কৰি দিব পাৰে নেকি, চেষ্টা কৰিবলৈ থিৰাং কৰে।

কাজলগাঁৱৰ সকলোৰ ঘৰে ঘৰে তাঁতশাল আছে। তাঁত ব’ব নজনা ছোৱালী, বোৱাৰী নাই বুলিয়ে ক’ব পাৰি। চৰকাৰে যোগান ধৰা সূতা তায়ো দুবছৰমান পাইছিল। ৰিয়াই এতিয়া বহুত জনা হ’ল। বাটি কঢ়া, ব তোলা সকলোতে তাই সহায় কৰিব পৰা হ’ল। সেয়ে বিহু বুলি এতিয়া মালতীয়ে সৰহকৈয়ে গামোচাৰ অৰ্ডাৰ লয় ।

‘ঐ ৰিয়া, পিতেৰে শাক’ৰ বাৰীত পানী দি আছে, অলপ সহায় কৰগে চুন! পিতেৰে আক্লাই আৰু কিমান কইৰবো। ভাগাৰে জুগাৰে পথৰোৰ পেৰে আহি পাইছি!”

তাঁতৰ পাতৰ পৰা মালতীয়ে ৰিয়াক চিঞৰি কথাখিনি কৈ আকৌ মাকোৰ তালে তালে চকু ঘূৰাবলৈ ধৰে। ব’হাগলৈ বেছিদিন নাই…!

মাকৰ কথাত ৰিয়াই সাউতকৈ পানী এবাল্টি লৈ দেউতাকৰ সৈতে পাচলিবোৰত পানী দিবলৈ ধৰিলে। মদনে ভালেই পালে। ল’ৰা নোহোৱা ঘৰখনত ৰিয়াই নকৰা কাম নাই । দেউতাকৰ ঔষধ-পথ্য আনি দিয়াৰ পৰা গৰু- ছাগলী চম্ভালা, পথাৰলৈ যোৱা, সকলো কামতে তাই সহায় কৰে । চাইকেল চলায়ে ঘূৰি ফুৰে তাই। গাঁৱৰ মানুহে অৱশ্যে নোকোৱা নহয়—

‘আপাচ’লি নাই নহে, তাইকে আপাচলিৰ কাম’ত লৌগে, বয়া স্বভাৱ কৰি তুলছি! পাব মজা পিছোত…।’

মদন আৰু মালতীয়ে পিছে এনেবোৰ কথালৈ কাণ নিদিয়ে। মানুহবোৰৰো মুখ বন্ধ হয়। সময়বোৰ একে নাথাকে। পৰিৱৰ্তন হ’ব। কাজলগাঁৱৰ ডাঙৰ সম্পদ সিহঁতৰ হাতে বোৱা কাপোৰ। ইয়াতেই যেন গাঁওখনৰ ৰূপ, সৌন্দর্য, সুৰ,সকলোবোৰেই সোমাই থাকেগৈ। সেউজীয়া পথাৰৰ মাজেৰে বৈ যোৱা সৰু নদীটোৰ পাৰত গৰু-ম’হবোৰে সেউজীয়া ঘাঁহ খাই লহপহকৈ বাঢ়ি আহে। সময়ৰ লগত মালতী আৰু ৰিয়াৰ সপোনে পোখা মেলিবলৈ ধৰে। সপোন দেখাৰ অধিকাৰতো সকলোৰে আছে!

মালতী আৰু ৰিয়া এতিয়া গাঁৱৰ প্ৰখ্যাত শিপিনী। মাকৰ পৰাই তাই শিকিছে কেনেকৈ সূতা কাটি এড়ী, মুগা, পাট কাপোৰ বোৱা হয়। তাইৰ কাপোৰবোৰ চুবুৰীয়া গাঁৱত আৰু মানুহৰ বহুত সন্মান বুটলিবলৈ সক্ষম হয়।

গাঁৱলৈ ড° ৰিমঝিম বৰুৱা অহাৰ পৰা সময়বোৰ যেন সলনি হ’ল। তেখেত হস্তশিল্পৰ এগৰাকী গৱেষক। তেখেতে আহি গাঁৱৰ শিপিনীৰ কাপোৰবোৰ দেখি আচৰিত হ’ল। নাৰী সবলীকৰণৰ এয়া যে সুন্দৰ নিদৰ্শন। তেওঁ মহিলা সমিতি, গাঁৱৰ মহিলা সমবায়ে কৰিব পৰা কামৰ আভাষ দিলে ৷ সুযোগ ল’ব জানিব লাগিব । সময়বোৰ একে নাথাকে। ৰ’দৰ পোহৰে জলমলাই থকা সময়ৰ প্ৰতীক্ষা সকলোৱে কৰে। সঁচাকৈয়ে ৰ’দে জলমলাই পদূলি পাইছিল। পোহৰ পৰা মুখবোৰৰ বৰণ সলনি হ’ল। ক্ষীণ আশাবোৰে সকলোকে আনন্দিত কৰিলে। অসম চৰকাৰৰ পৰা হস্তশিল্প আৰু বস্ত্ৰ প্ৰদৰ্শনীৰ নিমন্ত্ৰণ পাই মালতী, ৰিয়া আৰু গাঁৱৰ আন কেইগৰাকীমান ছোৱালী ৰাওনা হ’ল গুৱাহাটীলৈ। প্ৰদৰ্শনীত মালতীয়ে তাঁতশালৰ কাপোৰ প্ৰদৰ্শন কৰিলে। সকলোৱে তবধ মানিলে। ফটোগ্ৰাফাৰৰ লাইট, সাংবাদিকৰ কেমেৰা-সকলো মালতী আৰু ৰিয়াক লৈ ব্যস্ত হৈছিল। মালতীৰ বোৱা কাপোৰবোৰৰ চাহিদা হ’ল। অৰ্দাৰ আহিবলৈ ধৰিলে। গাঁৱৰ ছোৱালীবোৰে গোট খাই গঠন কৰিলে- ‘ৰূপহী হস্তশিল্প’। মালতী হ’ল সেই প্ৰতিষ্ঠানৰ মুখ্য শিপিনী। পাট, মুগা, কপাহী বিভিন্ন কাপোৰে বজাৰ দখল কৰিলে।

আজি ৰূপহী গাঁৱৰ শিপিনীয়ে তাঁতশালত সপোন ৰচে। কাপোৰবোৰ বিভিন্ন ঠাইলৈ যায়। মনৰ মাজৰ সপোনবোৰ কাৱৈ মাছৰ দৰে খলখলাই থাকে। সৰু সপোনবোৰ ডাঙৰ হৈ গৈ থাকে। ৰ’দে জলমলাই থাকে মনবোৰ৷

সঁচাকৈয়ে সেই দিনটো আহিল, যিয়ে সলনি কৰি দিলে মালতী আৰু ৰিয়াৰ ভাগ্য। ৰাতিবোৰক দিন কৰি অশেষ কষ্ট ফল সিহঁতে পালে। মানুহে সপোন দেখিব লাগে, তেতিয়াহে সপোনে ধৰা দিয়ে। সপোন ফলিয়াবলৈও এখন ঘৰৰ বহুতো ত্যাগ আৰু কষ্ট জড়িত হৈ থাকে।

টিভিৰ সন্মুখত সকলোৰে উৎকণ্ঠাভৰা চকু । সকলোৰে বুকুৰ হেজাৰ আশাবোৰ আশীৰ্বাদ হৈ নামি আহে মালতী আৰু ৰিয়াৰ বুকুলৈ। ‘মহিলা উদ্যমী বঁটা’টো হাতত লৈ মালতী আৰু ৰিয়াই সন্তুষ্টি প্রকাশ কৰে। ৰিয়াই সকলো মহিলাক আর্থিকভাৱে স্বাৱলম্বী হ’বলৈ উদগনি দিয়ে। তেতিয়া হাতচাপৰিৰে সভাঘৰ মুখৰ হৈ আছিল।

এতিয়া সকলোৱে সপোন দেখে, ৰিয়াৰ দৰে। গাঁওখনেও দেখে। দেশখনেও দেখে। এয়া যে সপোন সাকাৰ কৰাৰ সময়। সময় কাৰো বাবে ৰৈ নাথাকে। সময়ক সজাব লাগিব সাধনাৰে।

ফোন : ৬০০২৯-১৫০৫৮

You might also like

Comments are closed, but trackbacks and pingbacks are open.