প্ৰেম অন্য এক প্ৰাপ্তি

34

ধৰিত্ৰী দেৱী

কাৰোবাক ভাল পাব পৰাটো জীৱনৰ আটাইতকৈ কঠিন কাম। প্ৰতিটো কথাৰে ই পৰিণতি শেষ প্ৰমাণ আৰু পৰীক্ষা, ই এনে এক প্রকল্প– যাৰ তুলনাত জীৱনৰ আন সকলো প্ৰস্তুতিহে মাত্র, (Rainer Maria Rilke – জার্মান কবি)।

প্ৰেম জীৱনৰ এক অনন্য প্রাপ্তি। প্ৰেমত ফুলিছে শতদল, প্ৰেমত ঘূৰিছে ভূমণ্ডল। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই কৈ যোৱা কথাষাৰি আমি সকলোৱে উপলব্ধি কৰোঁ। প্ৰেমৰ আল্পনাৰে উজ্জীৱিত হৈ সুখানুভূতিৰে সকলোতে ৰোপণ কৰিব পাৰে আস্থা আৰু বিশ্বাসৰ মন্ত্ৰ। ভালপোৱাৰ স্বাক্ষৰ ৰাখিবলৈ বিভিন্ন প্ৰান্তৰ, বিভিন্ন ঠাইৰ মানুহে পালন কৰে ভেলেণ্টাইন ডে’। ভেলেণ্টাইন দিনটোত সকলো উছাহ উৎসর্গিত কৰি ভাষা, সংস্কৃতি ভেদে প্ৰেমৰ স্ফুৰণ ঘটায়। কিন্তু ভেলেণ্টাইন ডে’ প্ৰচলনৰ পূৰ্বেও অসমীয়া ডেকা-গাভৰুৰ মাজত প্ৰেম-ভালপোৱা আদান-প্রদান চলিছিল। গছৰ তলত, হাবিয়ে-বননিয়ে, পথাৰত চেনাইক লুকাই-চুৰকৈ লগ ধৰি প্ৰেম নিবেদন কৰিছিল। অতীজৰে পৰা বহু প্রেমিক যুগলৰ প্ৰেম কাহিনীয়ে আমাক অনুপ্ৰাণিত কৰি আহিছে। ৰাধা-কৃষ্ণ, নল-দময়ন্তী, দুষ্মন্ত শকুন্তলা, জংকী-পানৈ, ৰোমিঅ’-জুলিয়েট, এণ্টনী-ক্লিঅ’পেট্রা আদিৰ প্ৰেমেৰে অনাবিল প্ৰেৰণাৰ আধাৰ হৈ জিলিকি থাকিব। পশ্চিমীয়া সস্তীয়া তথা দৈহিক আকর্ষণজনিত প্ৰেমৰ বিপৰীতে আমাৰ দেশৰ প্ৰেমত আধ্যাত্মিক ৰূপৰেখা প্রোজ্জ্বল।

প্ৰেম জীৱনৰ সুন্দৰতম অভিব্যক্তি। প্ৰেমে মানুহৰ জীৱনত এক অন্য মাত্ৰা প্ৰদান কৰে। প্ৰেম হৈছে পূর্ণিমা জোনাকৰ দৰে স্নিগ্ধ সমাহিত। প্রেমক বাস্তৱ ৰূপত সজাবলৈ অসীম ধৈর্য, দুৰ্বাৰ সাহস আৰু সূৰ্যৰ দৰে চিৰন্তন সত্যৰ প্ৰযোজন। তথাকথিত আধুনিক জগতখনত সঁচা ভালপোৱা বিচাৰি গৈ কোনোৱে পাইছে প্ৰতাৰণা, আকৌ কোনোৱে নিজে প্ৰতাৰকৰ ভূমিকাত অৱতীৰ্ণ হৈছে। কোনোৱে আকৌ প্ৰেমৰ বাবে সৰ্বস্ব ত্যাগ কৰিছে। গতিকে প্ৰেম-ভালপোৱাই কাৰোবাৰ জীৱনটো উচ্চ শিখৰত উপনীত কৰিব পাৰে আৰু কাৰোবাৰ জীৱনটো ধ্বংস কৰি দিব পাৰে। সেয়ে পৱিত্ৰ মন এটা লৈ সত্যৰ পথেৰে আগবাঢ়িলেহে প্রেমিক বাস্তৱায়িত কৰিব পৰা যায়।

প্ৰেম-ভালপোৱাৰ এক অবিচ্ছেদ্য অংগ হৈছে উপহাৰ। তাহানিৰ পৰা ডেকা- গাভৰুৱে কপৌফুল, সতেজ ভেঁট, গামোচা, মুগাৰ ৰিহা আদিৰে উপহাৰ দিয়াৰ পৰম্পৰা এতিয়াও চলি আহিছে। মাথোঁ সময়ৰ পৰিৱৰ্তনৰ লগে লগে প্রেম নিবেদনৰ ষ্টাইল আৰু উপহাৰ সলনি হ’ব ধৰিলে । প্রিয়জনৰ ৰুচি, ইচ্ছা আৰু ব্যক্তিগত অনুভূতিৰ ওপৰত লক্ষ্য ৰাখি উপহাৰ দিয়ক । আপোনাৰ প্ৰেমাস্পদক কিছুমান মনোৰম উপহাৰ দিব পাৰে —

ব্যক্তিগত উপহাৰঃ হাতেৰে লিখা শ্বায়েৰী বা কবিতা দিব পাৰে। ব্যক্তিগত ছবি বা এলবাম দিব পাৰে। নিজে তৈয়াৰ কৰা উপহাৰ যেনে- কেক, হস্তশিল্প।

অভিজ্ঞতা আৰু স্মৃতিৰ উপহাৰঃ দুয়ো মিলি এটা ভ্ৰমণ, থিয়েটাৰ নাটক আদি চোৱা, ৰোমাণ্টিক ডীনাৰ কৰা।

উপহাৰ সামগ্ৰীঃ প্রেমজনক বা মনোমোহা গহনা প্ৰেমৰ থীমযুক্ত টি-ছাৰ্ট বা কবিতা লিখা বেগ।

ৰোমাণ্টিক উপহাৰঃ হৃদয় আকাৰৰ গহনা, প্ৰেমৰ চিহ্ন থকা চেইন। দুয়ো মিলি এটা প্ৰেমৰ কুইজ বা গেম খেলিব পাৰে।

ব্যক্তিগত গান বা ভিডিঅঃ পছন্দৰ গীটাৰ বা অন্য সংগীত উপকৰণ। ভাল লগা ভিডিঅ’ বা চিনেমা দেখাওক। গান গাব পৰা মানুহ হ’লে এটা গান গাই শুনাওক, কবিতা গাই শুনাওক ৷ আপোনাৰ প্ৰেমাস্পদে কেনেধৰণৰ উপহাৰ ভাল পায় বা আশা কৰে তেনে উপহাৰ দিলে নিশ্চয় সুখী হ’ব।

প্ৰেমৰ উটনুৱা বতাহজাকে অৱগুণ্ঠিত অলেখ সপোনৰ চাকনৈয়াত উটি-ভাহি লৈ ফুৰে প্ৰেমিকযুগলক ৷ প্ৰেমৰ মাদকতাভৰা অনুভৱে সকলোকে চিৰনতুন কৰি ৰাখে। প্রত্যেকগৰাকী প্রেমাস্পদে কল্পনাপ্রসূত প্রলেপ আঁতৰাই বাস্তৱ ৰূপত প্ৰেমক প্ৰতিষ্ঠা কৰি জীৱনটো সুন্দৰ কৰি তোলক। শাশ্বত সাধনা হওক প্ৰেমৰ মূলমন্ত্ৰ। প্ৰেমাস্পদৰ ভালপোৱাই হৃদয়তন্ত্রিত শিহৰণ তুলি নিতৌ নতুন কর্মোদ্যমেৰে জীৱনৰ উচ্চতম শিখৰলৈ ধাৱমান হওক।

You might also like

Comments are closed, but trackbacks and pingbacks are open.