অজন্তা উপমন্যু
অসমান ছাল বা হাইপাৰপিগমেণ্টেচনৰ অৰ্থ হ’ল কিছুমান ছালৰ অংশ অতিৰিক্ত মেলানিন উৎপাদনৰ বাবে সেই অংশটো গাঢ় ৰঙৰ হয়। এইবোৰ বিশেষকৈ গাল, কপাল, নাক আদিত হোৱা দেখা যায়। এইবোৰৰ ৰং অতি গাঢ়, প্লেচ বা ব্লটচিনেচ হিচাপে দেখা যায়। প্ৰায়ে সূৰ্যৰ ক্ষতিকাৰক তাপ, হৰমনৰ শিফ্ট, ব্রুন, বয়সিয়াল বা প্ৰদূষণৰ পৰা হ’ব পাৰে। ছালৰ যত্ন কৰিলে ইয়াৰ ৰঙৰ সালসলনি হ’ব পাৰে ।
হাইপাৰপিগমেন্টেচন বা আনইভেন ছালৰ কাৰণ
ৰ’দৰ সংস্পৰ্শঃ UV ৰশ্মিৰ পৰা ছালখনক বচাবলৈ মেলানিনে ছালখনক সুৰক্ষা দিয়ে। ফলত ক’লা দাগ আৰু টোনিং হয়৷
হৰমনৰ পৰিৱৰ্তনঃ হৰমনৰ সৈতে জড়িত মেলাজমাৰ দৰে অৱস্থাৰ ফলত ক’লা দাগ পৰে।
বয়স বৃদ্ধিঃ প্রাকৃতিক বয়স বৃদ্ধিয়ে বয়সৰ দাগ, ছালত মিহি ৰেখা আৰু ছালৰ টেক্সাৰৰ পৰিৱৰ্তন আনে।
প্ৰদূষণঃ বায়ুত থকা বিষাক্ত কণিকা ছালৰ ভিতৰলৈ সোমাই ৰং সলনি কৰে ৷
ঔষধঃ দৈনিক গ্ৰহণ কৰিবলগীয়া কিছুমান বিশেষ বিশেষ ঔষধে ছালখনক ৰ’দৰ তাপৰ প্ৰতি অতি সংবেদনশীলতা বৃদ্ধি কৰিব পাৰে বা ৰঞ্জক পদাৰ্থৰ সৃষ্টি কৰিব পাৰে।
দৈনিক জীৱনশৈলীঃ খাদ্যাভ্যাস, মানসিক চাপ, ধূমপান, সঘনাই হোৱা বেমাৰৰ পৰাও হ’ব পাৰে।
ৰং সলনি হোৱাৰ প্ৰকাৰ
গাঢ় দাগ অর্থাৎ ছান স্পটঃ ৰ’দৰ সংস্পৰ্শত হোৱা দাগ ।
মেলাজমাঃ হৰমন সম্পর্কীয়, প্রায়ে গালত, নাকত আৰু কপালত হয়।
পোষ্ট একনে চিহ্নঃ ব্লেক আউটৰ পিছত হোৱা ৰঙা বা বাদামী দাগ ।
ফ্ৰেকলঃ বয়সৰ লগে লগে দেখা দিয়া সূৰ্যৰ পৰা হ’ব পৰা দাগ ।
হাইপাৰপিগমেন্টেচন হলে সাধাৰণতে দাগ নোহোৱা কৰিবলৈ ভিটামিন চি, নিয়াচিনমাইড, ৰেটিন’ইড যুক্ত কোমল এক্সফোলিয়েচন আৰু অতি গাঢ় ছানস্ক্ৰীন ব্যৱহাৰ কৰি দৈনন্দিন ছালৰ যত্ন ল’ব লাগিব। লগতে ৰাসায়নিক পিলিং, লেজাৰ থেৰাপী বা গভীৰ পিগমেণ্টেচনৰ বাবে মাইক্ৰ’ডার্মাব্ৰেচনৰ দৰে পেছাদাৰী চিকিৎসা কৰা হয়। এনে চিকিৎসা পদ্ধতিয়ে মেলানিন উৎপাদন হ্ৰাস কৰে ।
ঘৰুৱা চিকিৎসা আৰু ট্রপিকেল চিকিৎসা
ছানস্ক্রীনঃ দৈনিক এ, পি, এফ 30+ৰ পৰা 40+ ব্যৱহাৰ কৰা উচিত। এবাৰ ব্যৱহাৰ কৰাৰ কিছু সময়ৰ পিছতে পুনৰ লগাব লাগে। দৈনিক ফেচ ছিৰাম ব্যৱহাৰ কৰিব লাগে। ভিটামিন চি, নিয়াচিনামাইড, কোজিক এচিড, আলফা আব্ৰুটিন বা লিকঃৰাইচ এক্সট্রেক্টযুক্ত হ’ব লাগে।
ৰেটিন’ইডঃ কোষ পৰিৱৰ্তন কৰি ছাল মসৃণ কৰিবলৈ ইয়াক ৰাতি ব্যৱহাৰ কৰিব লাগে।
এক্সফোলিয়েটিংঃ মৃত কোষ আঁতৰাবলৈ সাপ্তাহিকভাৱে দুই/তিনিবাৰ কোমল AHA (আলফা হাইড্রক্সি এচিড) বা BHA (বিটা হাইড্রক্সি এচিড) যুক্ত এক্সফোলিয়েচন পদার্থ ল’ব লাগে।
হাইড্ৰেচনঃ নন কমেড’ জেনিক মইশ্বৰাইজাৰ ব্যৱহাৰ কৰা উচিত ।
পেছাদাৰী চিকিৎসা-
ৰাসায়নিক পিলিংঃ ৰাসায়নিক পিলিং কৰিলে ছালৰ ওপৰৰ তৰপটো এক্সফোলিয়েট কৰে। ফলত সতেজ ছাল ওলাই আহে।
লেজাৰ থেৰাপীঃ ৰঞ্জক পদার্থ (I.P.L. Lager Resurfreshing) একপ্ৰকাৰ লেজাৰ দিয়া হয় ।
মাইক্ৰ’নিডিলিংঃ ক্ষুদ্ৰ ক্ষুদ্ৰ বেজীৰ সহায়ত ছালৰ ক’লাজেনসমূহক উদ্দীপিত কৰে আৰু ছালৰ প্ৰকৃতি আৰু ৰঙৰ পৰিৱৰ্তনত সহায় কৰে।
কেনেদৰে ছালৰ যত্ন ল’ব লাগে
- যিকোনো পদার্থ ছালত লগোৱাৰ আগত ভালদৰে জানি ল’ব লাগে । অতি ৰুক্ষ স্কাবিং এৰাই চলিব লাগে।
- ছালখনৰ যত্ন লওঁতে দৈনিক ৰুটিন মানি কৰিব লাগে ।
- ছালৰ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত। যিয়ে যি কয় সেয়া ব্যৱহাৰ কৰাৰ আগতে ছালৰ বিশেষজ্ঞৰ চিকিৎসা পৰামৰ্শ লোৱা উচিত।
- ঘৰুৱাভাৱে হাইপাৰপিগমেণ্টেচন আৰম্ভ হওঁতেই কেইটামান কাঠবাদাম গোটেই ৰাতি গাখীৰত তিয়াই থৈ পিছদিনা পিহি ছালত লগাই দহ মিনিটৰ পিছত ধুই পেলাব লাগে। এনেদৰে দৈনিক কৰিলে সুফল পোৱা যায়।
- জাইফল পিহি লগালেও সুফল পোৱা যায়।
- ক’লা তুলসী পিহি দৈনিক লগাই কিছুসময়ৰ পিছত ধুই পেলাব লাগে।
অৱশ্যে এবাৰতে সুফল পাব নোৱাৰি। ধৈর্য আৰু নিয়মিতভাৱে চিকিৎসা কৰিলে ছালৰ স্বাভাৱিক ৰং ঘূৰি আহে।
Comments are closed, but trackbacks and pingbacks are open.