সৌন্দৰ্জৰ বাবে টোপনি আদৰো আহক

10

আমাৰে মইনা শুব এ’
বাৰিতে বগৰী ৰুব এ’
বাৰীৰে বগৰী পকি সৰি গ’লে
মইনাই বুতলি খাব

টোপনিৰ কথা ক’লেই মনলৈ আহে প্ৰতি মাতৃৰ কণ্ঠৰ এই নিচুকনি গীতটো । এই গীতেৰেই প্ৰতিটো শিশু মাকৰ কোলাত টোপনি যায়, টোপনিতে বগৰী ৰোৱে, টোপনিতে বগৰী গছ ডাঙৰ হয়, বগৰী পকে, বগৰী সৰে আৰু মইনাই বুটলি খায় টোপনিতে। যি টোপনিত সপোন দেখা যায় এই টোপনিয়ে সদায় ভাল। নামনি অসমত প্রচলিত গীত-মাততো টোপনিৰ উল্লেখ আছে। সুকণ্ঠী গায়ক ৰামেশ্বৰ পাঠকৰ কণ্ঠত শুনা মনত পৰে- টুপুনী টুপুনী অ’ আই টুপুনী, টুপুনীৰ কলৰ তলত ঘৰ… । আকৌ যশোদাই শিশু কৃষ্ণক নিচুকাওতেও গায় ঘুমতি যাব ৰে অ’ৰে কানাই, ছবে কাণখোৱা আসে, সকল শিশুৰ কাণ খাই খাই আসয় তোমাৰ পাশে…।

এটি শিশুৰ দৰেই বয়স্কসকলৰ বাবেও টোপনি বৰ দৰকাৰী। লোক-সংগীত বা লোক- সাহিত্যত শিশুৰ টোপনিৰ প্ৰসংগই বিশেষ গুৰুত্ব লাভ কৰিলেও স্বাস্থ্যৰ কাৰণে বয়স্কসকলৰো ভাল টোপনিৰ প্ৰয়োজন। আচলতে বয়স্কসকলক টোপনিৰ গুৰুত্ব কোনোৱে গীতেৰে বুজাব লগা নাই বাবেই চাগৈ সেইসকলক লৈ গীত-মাত ৰচিত নহ’ল। কিন্তু শিশুৰ সেই সচেতনতা নাই বাবে মাক বা অভিভাৱকৰ এয়া এক ধৰণৰ কৌশলত প্রয়াস ।

মানুহে সাধাৰণতে চাৰিৰ পৰা দহ ঘণ্টা পৰ্যন্ত শোৱা দৰকাৰ। অৱশ্যে বেছিভাগ মানুহৰ বাবে ছয়ৰ পৰা আঠ ঘণ্টাৰ টোপনিয়েই যথেষ্ট হয়। পর্যাপ্ত টোপনি নহ’লে আপুনি নিজেই ক্লান্তিবোধ কৰিব। টোপনি হ্রাস পালে মানুহৰ স্মৃতি শক্তিও হ্রাস পায়, যিটো সাধাৰণতে মানুহৰ বৃদ্ধাৱস্থাত পৰিলক্ষিত হয় । পলমকৈ শুবলৈ গ’লে আমাৰ নিদ্রা হ্রাস হয়, ভালকৈ টোপনি নাহে আৰু পিছদিনা কৰিব লগা কামবোৰো বিশৃংখল হৈ পৰে ৷ আনহাতে ভাল টোপনি নোহোৱাৰ ফলত আমাৰ ত্বক কক্ষ হৈ পৰে আৰু চুলি সৰা আৰম্ভ হয়। টোপনিৰ মাজত গ্রোথ হৰমনৰ চিক্ৰিশ্যন হয়, যি ত্বক আৰু চুলিৰ চেলুলাৰ গ্রোথৰ বাবে বৰ প্ৰয়োজনীয়।

ইয়াৰ প্ৰভাৱত ত্বক আৰু চুলিৰ নতুন কোষৰ সৃষ্টি হয়। টোপনিৰ অভাৱত মুখত ব্ৰণ হয় আৰু ত্বক অনুজ্জ্বল আৰু ক’লা হৈ পৰে। টোপনিৰ মাজত মাল ৰিলেকচেছন হয়, যি আমাৰ শৰীৰৰ দৈনন্দিন ক্ষয় বহুখিনি পূৰণ কৰে। গৰমৰ দিনত শুকান ছালৰ গৰাকীৰ ঘাম বেছি হয়। সেইসকলে শোৱাৰ পূৰ্বে ক্লিনজিং কৰা দৰকাৰ । দহ মিনিটৰ বাবে ক্লিনজিং ব্যৱহাৰ কৰি তাৰ পিছত শীতল পানীৰে মুখখন ধুই পেলাব। তৈলাক্ত ছালৰ গৰাকীৰ এইছোৱা সময়ত ছালত তেলৰ ক্ষৰণ বেছি হয় আৰু মুখমণ্ডলত মলি জমা হয় । সেইসকলে আনাৰসৰ ৰস থৈ সেই ৰস এটুকুৰা তুলাৰে গোটেই মুখখনতে শোৱাৰ আগতে লগাব লাগে। ই তৈলাক্ত ছালৰ বৰ্ধিত তেল শুকুৱায়। ইয়াৰ পিছত টোনিঙৰ বাবে এই ৰসৰ সৈতে সামান্য কৰ্পূৰ মিহলাই ল’ব। তাৰ পিছত অলপ মৌ আৰু কেইটোপালমান গোলাপজল নেমুৰ ৰসেৰে মিহলাই মুখখনত মালিচ কৰিব। ভাল টোপনিৰ বাবে শোৱাৰ আগেয়ে এগিলাচ কুহুমীয়া গাখীৰ চামুচেৰে খাব। শোৱাৰ অন্ততঃ দুঘণ্টাৰ আগত চাহ, কফি আদি কেতিয়াও নাখাব। তদুপৰি বিছনাৰ কাষত কেইথোপামান সুগন্ধি গোলাপ থ’ব পাৰে, যাৰ সুগন্ধিত ৰেণুৱে সুখনিদ্ৰাত সহায় কৰে। ইয়াৰ বাহিৰেও শোৱাৰ আগেয়ে নিয়মীয়াকৈ ধ্যান আৰু প্ৰাণায়াম কৰিব যি আপোনাৰ শৰীৰৰ পেশীবোৰ শিথিল কৰাৰ লগতে মনটোও প্রশান্ত কৰিব। কেতিয়াবা দিনত বেছিকৈ শোৱাৰ ফলতো ৰাতি ভাল টোপনি নহয় ৷ সেয়ে খুব ক্লান্ত অনুভৱ কৰিলেও দিনৰ ভাগত খুব কম সময়ৰ বাবেহে শোৱা উচিত । ভাল টোপনিৰ অভাৱত যিসকলৰ মুখত ব্রণ ওলায়, সেইসকলে শোৱাৰ পূৰ্বে দুচামুচ কেঁচা হালধি পিহা কমলাৰ বাকলিৰ গুৰি, দুফুটা নহৰু বটা কমলাৰ ৰসত মিহলাই মুখখনত লগাব আৰু আধা ঘণ্টাৰ পিছত মুখন ভালকৈ মচি পেলাব ।

আশা কৰো আজিৰ যুৱতী আৰু মাতৃসকলে আমাৰ এইখিনি ঘৰুৱা দিহাৰে লোকগীতৰ সেই শিশুটিৰ দৰেই সুন্দৰ এটাপনি আদৰি ল’ব পাৰিব।

মালা মহন্ত ভূঞা

You might also like

Comments are closed, but trackbacks and pingbacks are open.