ভাৰতীয় উইকেটকীপাৰ-বেটছমেন ঈশান কিষাণে আইচিচি (ICC) পুৰুষ টি–২০ আন্তঃৰাষ্ট্ৰীয় বেটিং ৰেংকিঙত বিশ্বৰ এক নম্বৰ স্থান লাভ কৰি ভাৰতীয় ক্ৰিকেটৰ বাবে এক গৌৰৱৰ মুহূৰ্ত কঢ়িয়াই আনিছে । শেহতীয়া আইচিচি ৰেংকিং অনুসৰি তেওঁ ভাৰতীয় বেটছমেন অভিষেক শৰ্মাক অতিক্ৰম কৰি টি–২০ আন্তঃৰাষ্ট্ৰীয় বেটিং ৰেংকিঙৰ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে।”
এই সাফল্যৰ জৰিয়তে তেওঁ বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ আৰু অভিষেক শৰ্মাৰ পিছত আইচিচি টি–২০ আন্তঃৰাষ্ট্ৰীয় বেটিং ৰেংকিঙত এক নম্বৰ স্থান লাভ কৰা চতুৰ্থজন ভাৰতীয় বেটছমেন হিচাপে নিজৰ নাম লিপিবদ্ধ কৰিলে।
আই চি চি ৰেংকিংৰ শীৰ্ষত থকা খেলুৱৈসকল
টেষ্ট বলিংঃ ভাৰতৰ তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহে পুনৰবাৰ আইচিচি টেষ্ট বলিং ৰেংকিঙৰ শীৰ্ষস্থান দখল কৰিছে।
টেষ্ট বেটিংঃ প্ৰথম স্থানত আছে অষ্ট্ৰেলিয়াৰ ট্ৰেভিছ হেড আনহাতে ইংলেণ্ডৰ হেৰী ব্ৰুক দ্বিতীয় স্থানত আৰু জো ৰুট তৃতীয় স্থানত।
এদিনীয়া বলিংঃ এদিনীয়া বলিং ৰেংকিংৰ শীৰ্ষস্থানত আছে আফগানিস্তানৰ ৰাছিদ খান।
এদিনীয়া বেটিংঃ এদিনীয়া বেটিং ৰেংকিংৰ প্ৰথম স্থানত আছে নিউজিলেণ্ডৰ ডেৰিল মিচেল আনহাতে ভাৰতৰ শুভমন গিল দ্বিতীয় স্থানত আৰু বিৰাট কোহলী তৃতীয় স্থানত ।
টেষ্ট অল-ৰাউণ্ডাৰঃ টেষ্ট অল-ৰাউণ্ডাৰৰ শীৰ্ষস্থানত আছে ভাৰতীয় অল-ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজা ইয়াৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ মাৰ্কো জানছেন দ্বিতীয় আৰু তৃতীয় স্থানত আছে ইংলেণ্ডৰ অল-ৰাউণ্ডাৰ বেন ষ্টোকছ।
ঈশান কিষাণৰ এই অভূতপূৰ্ব সফলতাই ভাৰতীয় ক্ৰিকেটৰ শক্তিশালী বেটিং সামৰ্থ্যক পুনৰবাৰ বিশ্বমঞ্চত প্ৰতিষ্ঠা কৰিছে। তেওঁৰ ধাৰাবাহিক প্ৰদৰ্শনে আগন্তুক প্ৰতিযোগিতাসমূহত ভাৰতীয় দলৰ শক্তিক অধিক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে।
Comments are closed, but trackbacks and pingbacks are open.