আমাৰ সকলোৰে জ্ঞাত অসমৰ পৰ্বত-ভৈয়াম সকলোতে যিমানবোৰ গছ-লতিকা আছে তাৰ বেছিভাগেই ঔষধি গুণসম্পন্ন। তাৰে ভিতৰত ‘দোৰোনবন’ বা ‘দোৰোণশাক’ ঔষধিগুণেৰে ভৰপূৰ এবিধ উল্লেখযোগ্য বনশাক। যিহেতু নামেই যাৰ পৰিচয়, সেয়েহে ‘দোৰোণবন’ বুলি ক’লে চিনি নোপোৱা মানুহ হয়তো নোলাব। অসমীয়াৰ স্বাভিমান আমাৰ সকলোৰে চেনেহৰ ব’হাগ বিহুত ‘গৰুবিহু’ বা ‘মানুহ বিহুৰ দিনা অসমীয়া সমাজত এশ এবিধ শাকেৰে ভাজি বনাই ভাতসাঁজ খোৱাটো পৰম্পৰাগত নীতি। সেই দিনাৰ ভাজিখনত দোৰোণৰ দুই/তিনিটামান আগ মিহলাই দিলে, তাৰ সোৱাদেই অনন্য হয়। কথিত আছে সেইদিনা খোৱা প্ৰতিবিধ শাকেই আমাৰ শৰীৰত ঔষধ হিচাপে কাম কৰে ৷
অসমীয়া সমাজ ব্যৱস্থাত ‘দোৰোণবনে’ অতীজৰে পৰা এক সুকীয়া স্থান দখল কৰি আহিছে। দোৰোণগছৰ ফুল, পাত সকলোবোৰৰে সুকীয়া, সুকীয়া মহত্ত্ব আছে। দোৰোণ বন গোটেই গছজোপাই (ফুল, পাত, শিপা বনৌষধি হোৱাৰ লগতে অসমীয়া সমাজৰ পৰম্পৰা ধৰি ৰখাৰ বাৰ্তা বহন কৰি আহিছে বুলি বিজ্ঞ লোকে কয় ৷ ল’ৰালি কালত দোৰোণফুলৰ মিঠা ৰস চুহি খোৱাৰ মিঠা স্মৃতি মোৰ দৰে আন বহু লোকৰে আছে নিশ্চয় । দোৰোণ ফুলৰ ব্যৱহাৰ আমাৰ পূজা-পাৰ্বণতো বিশেষকৈ শিৱপূজাভাগত বহুলভাৱে ব্যৱহৃত হয়। অসমৰ গাঁৱে-ভূঞে, নগৰে-চহৰে, শাকনিবাৰী, ফুলনিবাৰী ইত্যাদি সকলোতে স্বাভাৱিকভাৱেই দোৰোণবন গজি উঠা দৃষ্টিগোচৰ হয় । শুদ্ধ বগা ফুলপাহেৰে ছিৰিলি ছিৰিলি পাতেৰে সৈতে পথাৰ-সমাৰ, পথৰ দাঁতিতো দোৰোণবনৰ আধিপত্য বিদ্যমান। দোৰোণবনৰ বৈজ্ঞানিক নাম হ’ল–Leucas aspera. (লিউকাছ এস্পেৰা), ইংৰাজীত common laucas (কমন লিউকাছ), অসমীয়াত আমি ‘দোৰোণবন’ বা ‘দোৰোণশাক’ বুলি কওঁ। কিছুমানৰ মতে আকৌ ‘দোলবন’। দোৰোণবন এবিধ Lamiaceae (লেমিয়াছি) গোত্ৰৰ অন্তৰ্গত তৃণজাতীয় উদ্ভিদ। দোৰোণগছৰ পাতৰ ৰং ডাঠ সেউজীয়া, ফুলৰ বৰণ শুভ্র। দোৰোণগছৰ ফুল ফুলাৰ উপযুক্ত সময় হ’ল জুলাই মাহৰ পৰা অক্টোবৰ মাহপর্যন্ত। বছৰৰ বাকী সময়খিনিতো কম-বেছি পৰিমাণে দোৰোণ ফুল দেখিবলৈ পোৱা যায়। দোৰোণৰ পাতখিলা অলপীয়াকৈ মোহাৰি দিলেই ইয়াৰ চিৰপৰিচিত সুবাসে মন ভৰাই তোলে। দোৰোণবন সাধাৰণতে শুকান বালিচঁহীয়া মাটিত বেছিকৈ হোৱা দেখা যায়।
ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লগতে দোৰোণবন দেখিবলৈ পোৱা বিশ্বৰ অন্য ঠাইসমূহ হ’ল—বাংলাদেশ, নেপাল, শ্রীলংকা, ফিলিপাইনছ, চীন, মালয়েছিয়া, ইণ্ডোনেছিয়া ইত্যাদি। শেহতীয়াকৈ মোৰ মালয়েছিয়া ভ্ৰমণ কালত কুৱালালামপুৰত অৱস্থিত থিয়য়েন হাউ মন্দিৰত থকা চীনা ঔষধি বাগিচাখনত আমাৰ অসমত থকা বিভিন্ন উদ্ভিদবোৰ দেখাৰ লগতে দোৰোণবনৰ গছো দৃষ্টিগোচৰ হৈছিল। গতিকে দোৰোণবনৰ স’তে সংযোগ থকা মনৰ অনুভৱটোও ব্যক্ত কৰিলোঁ।
দোৰোণবনৰ উপকাৰিতাৰ কথা কৈ শেষ কৰিব নোৱাৰি। প্ৰথমেই কওঁ নাকৰ এলার্জি বা হাঁচি অহা ৰোগত দোৰোণপাতৰ ৰস পাতলকৈ তিনি দিন মান দিলেই এই পুৱাই শুই উঠি আহোঁতেই লাগি অহা হাঁচিটোৰ পৰা উপশম পাব পাৰি । অলপ সময় নাকটো জ্বলে যদিও জীৱনলৈ এই অশান্তিকৰ হাঁচিটো নোহোৱা হয়। মই নিজেই এই ৰোগৰ ভুক্তভোগী আছিলোঁ। তদুপৰি পেটৰ বিভিন্ন সমস্যা, বদহজম, ভোক নোহোৱা হোৱা, ইত্যাদি সমস্যাবোৰ দোৰোণশাকৰ ব্যৱহাৰে নোহোৱা কৰে বুলি বিশ্বাস কৰা হয়। তদুপৰি দোৰোণশাকক কৃমিনাশকাৰী বুলিও জনা যায়। খৰ-খজুৱতিতো দোৰোণপাতৰ ৰস ব্যৱহাৰ কৰিলে যথেষ্ট সকাহ পোৱা যায় বুলি বিভিন্ন উৎসৰ পৰা জানিব পাৰিছোঁ। সৰু ল’ৰা-ছোৱালীৰ চৰ্দি, কাহ আদিত দোৰোণ ফুলৰ ৰস মৌজোলৰ স’তে মিহলাই খুৱালে উপকাৰ হয় বুলি জনবিশ্বাস আছে। এনে ধৰণৰ আমি বহু জনা-নজনা শৰীৰৰ বিভিন্ন ৰোগ নিৰাময়ত নিয়মিত দোৰোণ শাকৰ ব্যৱহাৰে মহৌষধ হিচাপে কাম কৰে বুলি ভবা হয়।
বিভিন্ন সময়ত দোৰোণবনৰ পৰা সুস্বাদু খাদ্যও প্রস্তুত কৰিব পাৰি।
♦ কোমলীয়া দোৰোণবনৰ আগ পিঁয়াজ আৰু বেচনৰ সৈতে মিহলাই পকৰি বা বৰ্ বনাই গৰমে গৰমে ভাত বা সন্ধিয়া চাহ কাপৰ লগত খোৱাৰ জুতি নিশ্চয় সকলোৱে লৈছে।
♦ তদুপৰি কলখাৰ দি ৰন্ধা দোৰোণশাকৰ খাৰৰ সোৱাদ নাখালে অনুমান কৰিব নোৱাৰি।
♦ নহৰু, কেঁচা জলকীয়াৰ স’তে দোৰোণশাক কলপাতত দি কেঁচা মিঠাতেল আৰু পিঁয়াজ কাটি কৰা পিটিকাখন অতি লোভনীয়।
♦ বতৰৰ বিভিন্ন মিহলি শাকৰ লগত দোৰোণৰ আগ কেইটামান মিলাই মিহিকৈ কুটি টেঙাদি ৰন্ধা মাছৰ তৰকাৰীখনৰ সুগন্ধ আৰু সোৱাদ অনন্য।
♦ কলখাৰ দি ৰন্ধা দোৰোণশাকৰ লগত ৰৌ, বাহু বা কুঢ়িমাছৰ জোল আপোনালোকে খাইছেনে? সুগন্ধত ভাত এগৰাহ বেছিকৈ খাবলৈ মন যাব। ৰেচিপিটো তলত দিছোঁ।
উপকৰণ
- এমুঠি দোৰোণশাক
- নহৰু ৫/৬ কোঁহ
- পিঁয়াজ এটা মিহিকৈ কুটি লোৱা
- কলাখাৰ জোখমতে
- সিজোৱা আলু এটা
- যিকোনো ডাঙৰ মাছ ৫/৬ টুকুৰা
- নিমখ, হালধি, কেঁচাজলকীয়া জোখমতে
প্রস্তুত প্ৰণালী
প্রথমে দোৰোণশাকখিনি ভালকৈ ধুই মিহিকৈ কুটি ল’ব। মাছকেইডোখৰ আধাভজা কৰি ল’ব। এতিয়া কেৰাহীত তেল দি গৰম হ’লে তাত মিহিকৈ কুটি লোৱা পিঁয়াজ, খুন্দি লোৱা নহৰু আৰু কেঁচাজলকীয়াৰ ফুৰণ দি অলপ ভাজি ল’ব। তাৰ পিছত কুটি লোৱা দোৰোণশাকখিনি দি অলপ ভাজি সিজোৱা আলুটো পিটিকি তাতে দিব। ভালকৈ ভাজ খালে তাত কলাখাৰ আৰু অলপ পানী দি উতলিবলৈ দিব। অলপ উতল আহিলে মাছকেইডোখৰ দি কম জুইত অলপ সময় উতলাব। তাৰ পিছত পানী জোখত থৈ জোলখন নমাই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব, ৰেচিপি লিখি থাকোঁতেই খাবলৈ মন যোৱা সুবাদ আৰু সুগন্ধৰে মাছৰ জোল। আপোনালোকেও নিশ্চয় ৰান্ধি খাই ইয়াৰ সোৱাদ ল’ব। সকলো জাতিৰে লোক-বিশ্বাসসমূহে সামাজিক জীৱন প্ৰতিফলিত কৰে। লোক-বিশ্বাসসমূহ কোনো এটা জাতিৰ সংস্কৃতিৰো পৰিচায়ক। তেনে লোক-বিশ্বাসৰ ভিত্তিতেই কোনো কোনো অঞ্চলৰ মানুহে ঘৰৰ চাৰিওকাষে দোৰোণবনৰ গছ থাকিলে কোনো অশুভশক্তি বা বেমাৰ-আজাৰৰ পৰা ঘৰখন দূৰৈত থাকে বুলি অতীজৰে পৰা কিছু প্রবাদ প্ৰচলিত হৈ আহিছে। এনে প্ৰবাদসমূহকো আমি থাউকতে নোহোৱা কৰিব নোৱাৰোঁ।
নগৰীয়া জীৱনত কমকৈ মাটি থকা বা শাকনিবাৰী পাতিবলৈ অসুবিধা থকা লোকসকলেও ইচ্ছা কৰিলে ঘৰত টাবতে দোৰোণগছ ৰুই ইয়াৰ সুফলসমূহ উপলব্ধি কৰিব পাৰে। আহকচোন তেন্তে ভগৱানে অকৃপণ হাতেৰে মানৱ সমাজলৈ উপহাৰস্বৰূপে দিয়া এই সুন্দৰ, অথচ সহজতে উপলব্ধ গছজোপা আদৰ কৰি ৰাখিবলৈ আমি সকলোৱে যত্নপৰ হওঁ।
আইমণি গোহাঁই দিহিঙ্গীয়া
Comments are closed, but trackbacks and pingbacks are open.