থাইলেণ্ডৰ ৰসাল কথা- জীপাল সময়

35

ড° নিৰ্মলা দেৱী

(ক) ৫৫৫৫

পি. চেণ্ড নামৰ গৱেষক ছাত্ৰগৰাকীয়ে ম’বাইল ফোনত কথা-বাৰ্তাৰ মাজতে লিখি পঠিয়ালে এনেদৰে। চাৰিটাকৈ পাঁচ হঠাৎ কিয়নো লিখি পঠিয়ালে, মই কোনো সূত্ৰ বিচাৰি নাপালোঁ। হয়তোবা, পাঁচ সংখ্যাটো চাৰিবাৰ অজানিতে টিপা খাই মোৰ নামত বা নম্বৰত লাগি গ’ল। হয়েই কেতিয়াবা— চিন্তা কৰিবৰ একো নাই । এবাৰ মোৰ নিজৰো লেপটপৰ ‘৪’ অংকটোৰ বুটামটো জঠৰ হৈ পৰিছিল। জোৰকৈ, মানে ভালেখিনি জোৰকৈ হেঁচি ধৰিলেহে অংকটো টাইপ হয়, নতুবা নহয়। তাতো জঞ্জাল। বেছি জোৰেৰে টিপা মাৰিবলৈ যাওঁতে আকৌ প্ৰায়েই কেইবাটাও চাৰি একেলগে শাৰী পাতি টাইপ হৈ যায়, যেন চাৰিৰ সমদলহে। এনে অভিজ্ঞতা হয়তো ভিন্ন সময়ত বহুতৰে হৈছে, এক সাধাৰণ ভুল বুলি উপেক্ষা কৰি এৰি দিলোঁ। গ’ল কথা গুচিল ।

বহু দিনৰ পাছত মেছেজৰ বাৰ্তালাপত আকৌ এদিন একেধৰণৰ কথাৰ পুনৰাবৃত্তি হ’ল। পুনৰ উপেক্ষা কৰিলোঁ ।

এদিন গৱেষণাগাৰত থাই ল’ৰা-ছোৱালী কেইগৰাকীমানকে ধৰি ইণ্ডোনেছিয়া আৰু মালয়েছিয়াৰ গৱেষক ছাত্ৰৰ সৈতে বিভিন্ন খুহুতীয়া ৰসাল কথাৰ আদান- প্ৰদান হৈ আছিল। অনুপস্থিত এজন বন্ধু পি. কেনক পি. চেণ্ডে মেছেজ কৰি দুই-এটা খুহুতীয়া কথাৰ খবৰ দি আছিল। তাৰ মাজতে টাইপ কৰা দেখিলোঁ— ৫৫৫৫। তাৰ মানে? মই সুধিয়েই পেলালোঁ, ‘তাৰ মানে এই ইংৰাজী পাঁচবোৰ তুমি সঁচা-সঁচিকৈ টাইপ কৰা ?’ উত্তৰ দিলে, “ম‍ই বুজা নাই ড° দেৱী, আপুনি কি ক’ব খুজিছে! ম‍ই এনেই ইংৰাজীত দুৰ্বল । কিবা যদি ভুল হৈছে মাফ কৰিব।

তেওঁলোকে ইংৰাজী কথোপকথন বৰ মন্থৰ গতিত কৰে আৰু ম‍ই বা বিভাগৰ আন ভাৰতীয় গৱেষকৰ ইংৰাজী কথা থাউকতে তেওঁলোকে বুজি নাপায়। কেতিয়াবা দুই-তিনিবাৰ পৰ্যন্ত ক’বলগীয়া হয়। কিন্তু এইবাৰ আচল কথাটো বেলেগ বুলি মোৰ মনটোৱে ক’লে। কথাটো সঁচাই বেলেগ। কিছুদিন ধৰি থাই ভাষাৰ শিক্ষাগ্রহণো কৰি আছিলোঁ। সাউতকৈ কেতবোৰ কথাই মোৰ চিন্তাৰ ক্ষেত্ৰখনত ‘ক্লিক’ কৰিলে।

‘৫’ বা পাঁচ অংকটোক থাই ভাষাত ‘হা’ (Ha) বুলি উচ্চাৰণ কৰা হয়। গতিকে অতি চমু বাৰ্তালাপ বা চাটত ‘৫৫৫৫’ লিখা মানে ‘হা হা হা হা কৈ হঁহা। নিজৰ মূৰ্খামি উপলব্ধি কৰাৰ পাছত হাঁহোঁ নে কান্দো যেন লাগিল। বেচেৰা পি চেণ্ড। মই ‘৫৫৫৫’ৰ কোনো প্ৰত্যুত্তৰ নিদিয়াত ইমান দিনে সি বা মোৰ বিষয়ে কেনে ধাৰণা লৈ পেলাইছিল।

হাঁহি উঠা আন এটা মজাৰ কথা হ’ল— ইতিমধ্যে মই লিখি অহা পি. চেণ্ড আৰু পি. কেন্ নাম দুটাও আচলতে চেণ্ড আৰু কেন্ হে— সেয়াও বহুদিনৰ পাছতহে বুজি পালোঁ। থাই ভাষাত ‘পি’ বা ‘ফি’ মানে ককাইদেউ বা বাইদেউ অর্থাৎ দাদা বা বা। লেব’ৰেটৰীত যিহেতু আন সকলো গৱেষকেই কেন্‌ আৰু চেণ্ডতকৈ বয়সত দুই-এবছৰ কনিষ্ঠ আছিল, তেওঁলোক দুয়োৰে নামৰ আগত ‘পি’ যোগ দিছিল। সেয়েহে জুনিয়ৰ এজনে প্ৰথমবাৰ দুয়োকে চিনাকি কৰি দিওঁতে এনেদৰেই ‘পি’ সংযোগ কৰি চিনাকি কৰাই দিছিল, আৰু ময়ো তেনেদৰেই সম্বোধন কৰি থাকিলোঁ। প্ৰকৃতাৰ্থত চেণ্ড আৰু কেন্‌ মোতকৈ কেইবছৰমানৰ সৰু। নিজতকৈ সৰু হ’লে আচলতে ‘নঙ’ (Nong) ব্যৱহাৰ কৰিব লাগে।

আমাৰ ভাষাত আমি নামৰ পাছতহে ‘দা’, ‘দাদা’, ‘বা’ আদিবোৰ ব্যৱহাৰ কৰোঁ। কিন্তু থাই ভাষাত আগত ৷

থাইসকল কথা-বতৰাত, ব্যৱহাৰত অতি ভদ্র, মাৰ্জিত আৰু অমায়িক। কেৱল নামেৰে সাধাৰণতে সম্বোধন নকৰে। চেণ্ডে এবাৰ কৈছিল, পানীৰ বটলটো ওপৰলৈ দাঙি ওপৰমুৱাকৈ পানী খোৱাটো হেনো এক অমার্জিত ৰুচি। তেওঁলোকে তেনেদৰে পানী খোৱা দেখা নাযায়েই। প্রায়ে গ্লাছ বা বটলত ষ্ট্ৰ ব্যৱহাৰ কৰিহে পানী খায়।

(খ) ল’ৱলী মেথড

‘Doctor, can you please teach me the method ‘lowly’?’

চেণ্ডে এদিন হঠাতে ক’লে।
মই থমত্ খালোঁ।
মই তেওঁক ক’লোঁ, ‘মই ‘ল’ৱলী মেথড’ আজিলৈকে ব্যৱহাৰ কৰা নাই আৰু শুনাও নাই। বেয়া নাপাবা। ম‍ই জানিবলৈ চেষ্টা কৰিম যাতে তোমাক বুজাই দিব পাৰোঁ।’ গৱেষক ছাত্ৰজনে সোধা মেথডটো নজনাৰ বাবে ভিতৰি ভিতৰি নিজে অলপমান লাজো পালোঁ। অতিথি গৃহৰ নিজৰ কোঠালৈ গৈ গধূলি ইণ্টাৰনেটত মেথডটো বিচৰাত লাগিলোঁ। কোনো সন্ধান নাপালোঁ।

পিছদিনা তেওঁক সুধিলোঁ, তেওঁ কি কামতনো মেথডটো খটুৱাব বিচাৰিছে? তেওঁ প্ৰ’টিনৰ সন্দৰ্ভত কাম কৰি আছে, তাতে প্ৰ’টিনৰ বিশ্লেষণ কৰিবলৈ প্ৰায়ে দৰকাৰ হয়। এইবাৰ কিছু আইডিয়া পালোঁ যে বস্তুটো প্ৰ’টিনৰ বিশ্লেষণ সম্পর্কীয় এক পদ্ধতি। পুনৰ সন্ধানত নামি পৰিলোঁ, ‘ল’ৱলী মেথড ?’

এইবাৰো একো উৱাদিহ নাপালোঁ। অৱশেষত তেওঁক তৃতীয় দিনা অনুৰোধ কৰিলোঁ যে তেওঁ পঢ়ি থকা এখন ইংৰাজী পেপাৰ মোক দিয়ক য’ত মেথডটো উল্লেখ কৰা আছে।

তেওঁ সাউতকৈ টেবুলৰপৰা আনি মোৰ হাতত দিলে। পেপাৰত দেখি বিচূৰ্তি খালোঁ— It’s lowly method! মই জানি থকা কথা এটা। থাইসকলে ‘ৰ’ বৰ্ণৰ উচ্চাৰণ ‘ল’ৰ দৰে কৰে। বহি থকা চকীখনৰ ওপৰতে মূৰটো থৈ অকলে বহু পৰ হাঁহিলোঁ।

(গ) ছকেন, ছপোন… আদি

চুলালংকর্ণ বিশ্ববিদ্যালয়ৰ কেণ্টিন। দুপৰীয়াৰ সুস্বাদু আহাৰৰ জুতি এক পাহৰিব নোৱাৰা অভিজ্ঞতা। নানা তৰহৰ ৰঙা, বগা আৰু মুগা বৰণীয়া ভাত। লগতে, আঠা চাউলৰ ভাত, কলপাতত দিয়া ভাত, আঠা চাউল-আম আৰু নাৰিকলৰ গাখীৰেৰে সমৃদ্ধ ভাত (খাঅ’ নিয়াঅ’ মামুৱাং), তুলসী পাতেৰে ৰন্ধা কুকুৰা মাংস (পেড ক্রা পাঅ’ গাই অথবা পেড ক্রাপাউ গাই), সাগৰীয় মাছ, সিদ্ধ কৰা গোমধান আৰু বিভিন্ন তৰহৰ চুপ। ‘গাই’ মানে মুর্গী মাংস, ‘প্লা’ মানে মাছ। এই কেইটামান নাম জানিলেই মোটামুটিভাৱে চলি যায়। মোৰ অতি প্ৰিয় থাই ব্যঞ্জনবোৰৰ কিছুমান হ’ল— খাউ মন গাই, থাই ফলৰ ৰস বিশেষকৈ বাৰ মাহে প্ৰচুৰ পৰিমাণে উপলব্ধ কেঁচাতেই মিঠা আমবোৰ আৰু থাই চুপ। দাইল বা দাইলজাতীয় একো ব্যঞ্জন দেখা পোৱা নাছিলোঁ। গতিকে ভাতৰ লগত সানি খাবলৈ মই থাই চুপেই ব্যৱহাৰ কৰিছিলোঁ। চকলা-চকলে ডাঙৰকৈ কটা জালি কোমোৰা, গাজৰ কেইটুকুৰামান, বন্ধাকবিৰ পাত, নেমুৰ পাত আৰু গলাংগল (ঠাৰি আৰু পাত) দি সিজাই তাতে কণীৰ টফু বা কুকুৰাৰ মাংসৰ নভজা পকী দিয়া চুপৰ সোৱাদ থাই খাদ্যৰ অনির্বচনীয় জুতি— এনে জুতি লগা চুপ পৃথিৱীৰ যিকেইখন দেশ মই ফুৰিছোঁ, আনে খাইছে যদি মই নাজানোঁ অন্ততঃ ম‍ই ক’তো খোৱা নাই, দেখাও নাই।

থাই ভাষাত ভাতক ‘খাউ’ (বা খাঅ’) বোলে। ৰঙা ভাত (Brown Rice) খালে ক’ব লাগিব ‘খাউ গৰং’। ৰঙা শব্দটো পাছলৈ যায়। তাৰমানে ৰঙা ভাত নহয়, ভাত ৰঙা । ভাত, চুপৰ নাম আৰু দুই-এটা পাচলিৰ নাম শিকি দুপৰীয়াৰ আহাৰ খাবলৈ আৰম্ভণিৰে এটা দিনত কেণ্টিনলৈ খোজ দিলোঁ। ঠিকমতেই সকলো ল’লোঁ । কিন্তু চামুচ নাপালোঁ, দেখাও নাপালোঁ— কত বা থোৱা আছে! ইংৰাজীতে spoon বুলি বুজালোঁ, বুজাবলৈ প্ৰয়াস কৰিলোঁ। নাই,বুজাব পৰা নাই । তাৰ পাছত ভংগীৰে, ছবিৰে সৈতে বুজাওঁতে সাউতকৈ বুজি পালে, ‘অ’অ’ছপোন? ছপোন নোবোলা কেলৈ ?” হয়, হাঁহি উঠাৰে পাল। ‘আজান’ কিয়েতে (শিক্ষাগুৰুক আজান বোলা হয়) কেতিয়াবাই কৈছিল, থাইসকলে spoon ক ‘ছপোন’, scan ক ‘ছকেন’, sanskrit ক ‘ছম্‌ছাকিত’ আদি ধৰণে উচ্চাৰণ কৰে ৷

(ঘ) ৰণ ৰণ্‌ চা !

জুলাই মাহৰ শেষৰফালে বিশ্ববিদ্যালয় কিছুদিন বন্ধ আছিল। ৰজা ৰামাৰ জন্মদিন উপলক্ষে বন্ধটো চৰকাৰী বন্ধৰ তালিকাত সন্নিৱিষ্ট। আন্তঃৰাষ্ট্ৰীয় অতিথি গৃহৰ কেইবাজনো ভাৰতীয়, পাকিস্তানী আৰু বাংলাদেশী গৱেষক মিলি উত্তৰ থাইলেণ্ডৰ এক ঐতিহ্যপূৰ্ণ চহৰ চিয়াংমাইলৈ নৈশ বাছেৰে ৰাওনা হ’লোঁ। নিশা এঠাইত বাছখন ৰখাই যাত্ৰীসকলক ৰাতিৰ আহাৰ খোৱাৰ ব্যৱস্থা কৰা থাকে। টিকটৰ দামত খোৱাও অন্তর্ভুক্ত।

আমি নামি ইফালে সিফালে চাহৰ সন্ধান কৰিলোঁ। নাই, ক’তো চাহ নাই। এখন দোকানত আছিল, পিছে কমলা বৰণৰ থাই চাহকাপ, তাকো বৰফ দিয়া চাহ। আমাৰ কাৰোৱেই খাবলৈ মন নগ’ল।

ৰাতিপুৱাতেই চিয়াংমাই পালোঁহি। চিয়াংমাই চহৰৰ বাছ আস্থান। বৰকৈ বৰষুণ দি আছিল। পুনৰ চাহৰ সন্ধানত নামি পৰিলোঁ । অধিকাংশ দোকানতে শীতল চাহ। চকুত পৰিল এখন গৰম চাহ-কফিৰ দোকান। লগে লগে দিলোঁ অৰ্ডাৰ। চুমুক দি দেখোঁ গৰম চাহ মানে কুহুমীয়া গৰমহে । মেচিনত গৰম চাহ বনাই তাতে ফ্ৰীজৰ ঠাণ্ডা গাখীৰ দিয়ে। গতিকে চাহকাপ কুহুমীয়া।

বুজাবলৈ প্ৰয়াস কৰিলোঁ যে আমাক একাপ সম্পূৰ্ণ গৰম চাহৰ প্ৰয়োজন। য’ত গাখীৰো গৰম। দোকানীগৰাকীয়ে ভালদৰে নুবুজে— তেওঁৰ মতে চাহকাপতো গৰমেই। থাই ভাষাত গৰম মানে ‘ৰণ্‌’। চাহক ‘চা’ বুলিয়ে কয়। গতিকে কোৱা হ’ল ‘ৰণ্‌’ ‘ৰণ্‌’ চা। এজনে অংগি-ভংগিৰে মুখেৰে ফুৱাই দেখুৱাই পুনৰ ক’লে, ‘ৰণ ৰণ ৰণ চা’। আমাৰ সকলোৰে হাঁহি উঠিল। দোকানীগৰাকীয়েও কিবা এটা বুজি পাই মিচিকিয়াই হাঁহিলে।

 

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.