গল্পঃ জেতুকা পাতৰ দৰে

40

কৰবী দেৱী

প্রেম, সঁচাকৈয়ে বৰ আচৰিত নহয়নে আস্থা ? ঠিক জেতুকা পাতৰ দৰেই। বাহিৰে সেউজীয়া ভিতৰি ৰঙা। বুকুৰ ভিতৰত যেন হাজাৰ কৃষ্ণচূড়াৰ থোপা। এই যে ভিৰ কৰি তোলা সুখবোৰ, আমাক দেখোন পাহৰাই তোলে বাস্তৱ জগতৰ কথা। শূন্যহীন অভিলাষাৰে অন্ধৰ দৰে মাথোন আমি মৰমৰ হাতত ধৰি গুচি যাওঁ কোনোবা অসীম সীমনালৈ।

ৰাগিণীয়ে কৈ যায় যতি নপৰাকৈ ।
আস্থাই মৌন হৈ শুনি থাকে। ৰাগিণীৰ এই বৈশিষ্ট্যটো আস্থাৰ ভীষণ প্রিয় । পৰাপক্ষত ৰাগিণীয়ে কথা খুব কমেই কয়, কিন্তু যেতিয়া আৰম্ভ কৰে কথাবোৰে কবিতাৰ ৰূপ লয় । ৰাগিণীৰ কথাবোৰ যেন হাজাৰ যন্ত্ৰণাৰ মহৌষধ। মুঠতে শুনিলে শুনি থাকিবৰ মন যোৱা। কিমান সৰল হৃদয়ৰ হ’লে বাৰু ইমান ধুনীয়াকৈ কোনোবাই কথা ক’ব পাৰে? কিমান সৰল হৃদয়ৰ হ’লে বাৰু সৰ্বহাৰা হৈও প্রিয়জনক হৃদয়ৰ থাপনাত ৰাখি নৈবেদ্য আগবঢ়াব পাৰে। পূজিব পাৰে ?

: এই জেতুকাবুলিয়া মৰমবোৰেও হঠাতে কিয় ৰং সলায় ৰাগিণী?
বিষাদ… নৈৰাশ্য… এইবোৰো মৰমৰে একো একোটা অংগ আস্থা ৷ এই অংগবোৰৰ অবিহনে মৰম বোধকৰো ইমান সতেজ, ইমান জীয়া জীয়া আদৰৰ নহ’লহেঁতেন। সেয়ে চাগৈ বিচ্ছেদৰো বৰণ আছে। তাতো লুকাই থাকে জীয়াই থকাৰ মাদকতা। ঠিক কল্লোল আৰু মোৰ দৰেই ।

: তুমি কল্লোলৰ খবৰ পোৱানে ৰাগিণী?
: খবৰ! আৰু মই! কি আচৰিত প্ৰশ্ন কৰিছা আস্থা! আমি দুয়োজনী দেখোন একেখন পৃথিৱীৰে বাসিন্দা। তেনেস্থলত মই কেনেকৈ খবৰ পাম কল্লোলৰ ?

এটা গভীৰ হুমুনিয়াহ সৰি পৰে ৰাগিণীৰ বুকুৱে।

আহিন মাহ। প্রকৃতিৰ বুকুলৈ শৰৎ নামিছে। দশোদিশে সৌন্দৰ্যৰ বৰ্ণিল সমাহাৰ । শেৱালিবোৰ ফুলিছে নিজস্ব সৌন্দর্যতাক সাবটি। একেদৰে কঁহুৱাবোৰো । দূবৰিৰ দলিচাত বাখৰুৱা বৰণেৰে সৰি পৰা নিয়ৰৰ টোপালৰ চিকমিক নাচোন৷ কিন্তু কাৰ বাবে এই সৌন্দৰ্য!! কাৰ বাবে প্ৰকৃতিৰ বুকুত এই বৰ্ণিল সমাহাৰ! কাৰ বাবে এনে সুবর্ণময় আয়োজন? প্ৰেম-ভালপোৱাৰ আবেদন জনাবলৈকে নেকি?

খোলা খিৰিকীখনেৰে শৰতৰ মনোৰম সৌন্দর্য চাই চাই এনেবোৰ অবান্তৰ প্ৰশ্নৰ মেৰপেঁচত সোমাই পৰে ৰাগিণী । একেদৰে আস্থা ৷

: শেৱালি ফুল কিয় ৰাতি ফুলে জানানে ৰাগিণী?

: নাই নাজানো নহয় আস্থা। তুমি জানা?
: শুনিছিলো। সৰুতেই শুনিছিলো আইতাৰ মুখত। শৈশৱৰ অবুজ মনটোৱে একো সাৰমৰ্ম বুজি নোপোৱা বয়সতে শুনিছিলোঁ। আৰু যিদিনা প্ৰাণৰ আপোন প্রেমিকজনে ছলনা কৰি এনে এক নিষিদ্ধ স্থানত এৰি থৈ গ’ল, সেইদিনাহে হৃদয়ংগম কৰিব পাৰিছিলো শেৱালিৰ বুকুৰ যাতনা ।

: তোমাৰ প্ৰেমিকে কি ছলনাৰে এই ঠাইলৈ আনিলে, সেয়া কৈছা বহুবাৰ। এতিয়া শেৱালিৰ ৰহস্যটো কোৱাচোন আস্থা।

উৎসুকতাৰে ক’লে ৰাগিণীয়ে।
: সূৰ্য দেৱতাৰ প্ৰেয়সী আছিল হেনো কোনোবা এগৰাকী দিপলিপ ৰাজকুমাৰী। সূর্য দেৱতাক স্বামী হিচাপে বৰণ কৰিবলৈ ভীষণ ইচ্ছা পুহি ৰাখিছিল। কিন্তু এদিন সূৰ্য দেৱতাই প্ৰতাৰণা কৰিলে। সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাছি ল’লে ৰাজকুমাৰীজনীয়ে। কিন্তু সৎকাৰ কৰা ঠাইখিনিতে এটা গছপুলিৰ জন্ম হ’ল। সেই পুলিটোৱে হেনো বৰ্তমানৰ শেৱালি গছ। যি প্ৰেম-ভালপোৱাৰ লগতে বিষাদৰো প্ৰতীক। কিন্তু শেৱালিয়ে অন্য এটা পণ বুকুত বান্ধি জী উঠিল। সূৰ্য দেৱতাৰ মুখ দৰ্শন নকৰাৰ পণ । সেয়ে হেনো শেৱালি সদায় সূৰ্যাস্তৰ পিছত ফুলে আৰু সূর্যোদয়ৰ আগেয়ে সৰি পৰে।

: কি! সঁচা!- আশ্চৰ্যৰ ভাবে ছানি ধৰে ৰাগিণীৰ মুখমণ্ডল।

: সঁচা-মিছা কি নাজানো ৰাগিণী! কিন্তু কিয় জানো শেৱালি জোপাৰ লগত কথাবোৰ মিলি যোৱা যেন লাগিল। ভাবাচোন ৰাগিণী, তেজীমলাৰ চৰিত্ৰটোও দেখোন সঁচা নহয় । চম্পাৱতী নামৰো কোনো বাস্তৱ চৰিত্ৰ নাই এই পৃথিৱীত। কিন্তু কিয় আমি আজিও তেজীমলাক পাহৰিব নোৱাৰিলোঁ। তেজীমলাৰ লগে লগে আমিও জী উঠো। একেদৰে চম্পাৱতী? এডাল প্রকাণ্ড অজগৰৰ লগত বিয়া হোৱা চম্পাৱতীক যেতিয়া বিয়াৰ প্ৰথম নিশা পাটৰ সাজ আৰু গহনা- গাঁথৰিয়ে সজাই পেলালে সেই অজগৰটোৰ প্ৰতি আমাৰো বুকুত মৰম উথলি উঠা নাছিল জানো ?

: তুমি ঠিকেই কৈছা আস্থা। কল্পনা শক্তিবোৰৰো এক সুকীয়া সৌন্দর্য আছে। সেয়ে চাগৈ কল্পনা শক্তিৰে সৃষ্ট পৃথিৱীখন ভ্ৰমৰৰ বাসস্থান বুলি জনাৰ পিছতো আমি তাত মৰীচিকাৰ সন্ধানত নামো। একো একোটি কাল্পনিক চৰিত্ৰয়ো আমাৰ নিদ্রা হৰে। কেতিয়াবা প্রেমাস্পদো হৈ পৰে।

: সেয়েতো চন্দনৰ প্ৰেমত হাবুডুবু খাইছিলোঁ মই। আলোচনীসমূহৰ পাতত যেতিয়া লেখক চন্দন বৰুৱাৰ নামটো স্পৰ্শ কৰিছিলো এক মুহূৰ্তৰ বাবে এনে অনুভৱ হৈছিল, মই যেন তেওঁৰ কলিজাৰ ধপনিৰ শব্দবোৰ শুনিছোঁ। তেওঁক এবাৰ লগ পাবলৈ তীব্র বাসনা জাগিছিল। কিন্তু যিদিনা টেলিভিছনৰ পৰ্দাত এটা সাক্ষাৎকাৰত দেখিলো, মোৰ কল্পনাৰ প্ৰেমিক পুৰুষজনৰ আঁৰত অন্য এগৰাকী গহীন ব্যক্তি লুকাই আছে, মই সঁচাকৈ মৰ্মাহত হৈছিলোঁ। আনকি যিটো নাম সংগোপনে এবাৰ উচ্চাৰণ কৰি মই দিনটো সুন্দৰতাৰে সজাই তুলিব খুজিছিলো, সেই নামটোও আপোন হৈ থকা নাছিল ৷ চন্দন নামটোও তেওঁৰ ছদ্মনামহে আছিল।

:তেওঁৰ প্ৰকৃত নামটো কি আছিল আস্থা ?
:বেদব্রত। বেদব্রত ভূঞা ৷ তেওঁৰ কাষতে বহি আছিল অত্যন্ত সুন্দৰী পত্নী প্রিয়দর্শিনী ভূঞা আৰু দুই দুহিতা ভাস্বতী আৰু বৈষ্ণৱী।

: তুমি সেই মুহূর্ততে চন্দনৰ নামটো বুকুৰ পৰা মচি দিব পাৰিছিলা জানো আস্থা?

: নাই। নোৱাৰিলোঁ। মর্মাহত হৈছিলো সঁচা। কিন্তু চন্দন নামটোৰে কল্পিত মোৰ সপোনৰ পুৰুষজন দেখোন বুকুতেই সংপৃক্ত হৈ থাকিল।

: তেন্তে কিয় কৈছা প্রেমে জেতুকাৰঙী
বৰণবোৰ সলাই বুলি? প্রেমে কেতিয়াও বৰণ নসলায় আস্থা। প্ৰেমৰ বৰণ একেই। ৰঙা। মাথোঁ ৰঙা। তেওঁ কাষত থাকক নাথাকক সেয়া জীৱনৰ অভিযোগ হ’ব নোৱাৰে। তেওঁৰ সুহৃদ হ’ব পৰাটোহে বিশেষ। ঠিক ৰাধা-কৃষ্ণৰ দৰেই। সময়েহে ৰং সলায়। মুহূৰ্ততে ৰং সলায় ৷

: ঠিকেই কৈছা ৰাগিণী। সেয়ে বোধকৰো মোৰ হৃদয়ৰ পৰা প্ৰেমবোৰ কমি নগ’ল। তেওঁকেই একপক্ষীয়ভাৱে ভাল পাই থাকিলোঁ। কিন্তু মোৰ মনটো অস্থিৰ হৈ পৰিছিল। এনেকুৱা লাগিছিল মই যেন শূন্যত ওপঙি ফুৰা এটুকুৰা ধূসৰ ডাৱৰ ।

এদিন বন্ধু সমক জনাইছিলো ব্যথাবোৰ। আৰু সমৰে! সমৰে মোক সেইখন ভ্ৰমৰৰ পৃথিৱীৰ পৰা উলিয়াই অনাৰ প্ৰতিশ্ৰুতি দিলে। মোৰ উশাহবোৰ পুনৰ সতেজ হৈ পৰিল। চন্দন ক্ৰমান্বয়ে স্মৃতিৰ মণিকোঠাত সঞ্চিত হৈ পৰিল আৰু জীৱনৰ ৰং হৈ পৰিল সমৰ। কিন্তু সমৰৰ সৰলতাৰ সিপাৰৰ মানুহজন ইমান পৈশাচিক বুলি মই কল্পনাই কৰিব পৰা নাছিলোঁ। বিবাহৰ প্ৰতিশ্ৰুতিৰে লগত লৈ আহি এনে এক নিষিদ্ধ স্থানত দলিয়াই থৈ যাব বুলি সপোনতো ভবা নাছিলো মই। মোৰেই ভুল হৈছিল৷ ভ্ৰম হৈছিল। বাস্তৱত এটা ভ্ৰমৰৰ পিছত দৌৰি দৌৰি মই আজি আন এখন ভ্ৰমৰৰ পৃথিৱীৰ বাসিন্দা ।

ৰৈ যায় আস্থা। তাই ঘন ঘনকৈ ফোপাবলৈ ধৰিছে।

ৰাগিণীয়ে চাই থাকে তাইৰ কপালত প্রস্ফুটিত বিন্দু বিন্দু ঘামৰ কণিকাবোৰলৈ।

‘এৰা, ঠিকেই কৈছে আস্থাই এইখন অন্য এক ভ্ৰমৰৰ পৃথিৱী। য’ত সোমোৱাৰ ৰাস্তাহে পৰিলক্ষিত হয়। কিন্তু ইয়াৰ পৰা কোনো ওলাব নোৱাৰে। ঠিক অভিমন্যুৰ বেহুৰ ভিতৰচ’ৰাৰ কাহিনীৰ দৰেই।

: টক্ টক্ টক্
হঠাৎ দুৱাৰত টোকৰ পৰে। ৰাগিণী আৰু আস্থা মুহূৰ্ততে বাস্তৱৰ নিষ্ঠুৰ নৰককুণ্ডটোলৈ উভতি আহে ৷

: ৰাগিণী। ৰাগিণী। দুৱাৰ খোল বে।

ৰাগিণীয়ে চপচ পীয়া দুচকু শাৰীৰ আঁচলটোৱে মোহাৰি দুৱাৰখন খুলি দিয়ে। আস্থাই খৰধৰকৈ কোঠাটোৰ পৰা ওলাই যাব খোজে। হঠাৎ দুৱাৰমুখতে নন্দীলাল নামৰ দালালটোৱে তাইক আগচি কয়—

: মোক দেখিলেই ইমান গুচ্ছা কিয় কৰ বে? আব্বে গুচ্ছা জাহিৰ কৰিব যদি খুজিছ যদি তোৰ সেই লাভাৰ টোক কৰ না।

: চুপ থাক। মই আনৰ কথা নাজানো। মুঠতে তই এটা দালাল। দুটামান টকাৰ বাবে, এসাঁজ আহাৰৰ বাবে মহিলাৰ শৰীৰৰ মাংসপেশীক লৈ খেল খেলিব পৰা এটা দালাল । আনৰ আৱেগ-অনুভূতিক লৈ খেল খেলি বৰ ৰং পাইছ নহয়। এদিন তোৰ খেল খতম হ’ব চাই থাক । ভগৱানে দিব তোৰ পাপৰ শাস্তি।- আস্থাৰ দুচকুৰে যেন দুডাল জুইশলাহে বাহিৰ হৈছিল। কিন্তু সেই জুইশলাই নন্দীলালক তিলমানো দহিব পৰা নাছিল। আস্থাৰ চুলিকোছাত ধৰি চিঞৰি উঠিছিল সি।

: চুপ বে। একদম চুপ। দিল আমাৰো আছে ৰেই। লেকিন এইখন দুনীয়াত বহুত খাৰাপ মানুষ আছে। একদম চাল্লা দৰদ নাই। একদিন ৰাতি কামৰ পৰা আহি দেখিলে, ৰাস্তাৰ কাষত একটা লড়কী পৰি আছে। নাই জানে কোনে ৰেপ কৰিলে। আমি যেই হাংগামা লগাই দিলে ত’ আমাকে সৱে ফচাই দিলে। লড়কীটো বাচিল, লেকিন আমি? হাৰে গৰীব হ’ব পাৰো, লেকিন মান সন্মানেৰ গৰীব নাই আছে। মিছা অপবাদে সব কুচ হেৰাই গ’ল। হাৰে, আমাৰ বাপু আৰু আয়েও ঘৃণা কৰিব ললে বে। জে’লৰ পৰা ওলাই যেইদিন ঘৰত গেল, আমাকে কৈ দিলে, তই মৰি গলি আমাৰ মনতে, নাই আইবি এখানে। ধুৰ। গুচি আহিলো চাল্লা ।

আচ্ছা ঐ ৰাগিণী। চহৰৰ একটা খানদানী মাইকী আহিছে, দুর্গা পূজাৰ প্রতিমা বনাইকে থোড়া মাটি নিব খুজিছে। দি দিবি তই। উল্টা- পুল্টা নাই ক’বি। হাৰে, পূজাৰ প্রতিমা বনাইকে নিব খুজিছে, এইটা টো গৌৰবেৰ বাত আছে ন ? গুচি যায় নন্দীলাল ।

এক মুহূৰ্তৰ চমকপ্ৰদ মাথোন। এখন জয়াল জয়াল লগা ৰহস্যময় উপন্যাসৰ পাত লুটিয়াই লুটিয়াই এটি পৃষ্ঠাত যেন স্থবিৰ হৈ পৰিছিল আস্থাআৰু ৰাগিণী। নন্দীলাল। যাক দেখিলেই প্রচণ্ড বিতৃষ্ণা ওপজে। ঘৃণা ওপজে। সেই নন্দীলালৰ হৃদয়তো তেন্তে মানৱীয়তা আছিল। যি মানৱীয়তা এদিন এচামে ধ্বংস কৰি পেলালে।

: অ’ আস্থা। মালিকে মাতিছে তোক।
চান্দনীৰ মাতত আস্থা আৰু ৰাগিণী দুয়োজনী বাস্তৱলৈ আহে। আস্থা নামি যায় চিৰিৰে। ৰাগিণী পুনৰ কোঠাটোলৈ সোমাই আহে।

কিছুদিনৰ পিছতে দুর্গোৎসৱ আৰম্ভ হ’ব।
সকলোতে আৰম্ভ হ’ব এটা উৎসৱমুখৰ পৰিৱেশ। আৰু ৰাগিণী! অতীতৰ ঘা টুকুৰাই পুনৰ তাইক যন্ত্ৰণা দিব। কাণত লাগি ধৰিব পুনৰ পায়েলৰ ঝংকাৰ—

ঝণ ঝণ ঝণ।
টক্ টক্
: দুৱাৰ খোলা আছে। সোমাই আহক। স্মৃতিৰ মণিকোঠাত সোমাই পায়েলৰ ঝণ ঝণ শব্দত তন্ময় হৈ পৰা ক্ষণতে দুৱাৰত টোকৰ পৰে ৷

সৰল মাতেৰে ভদ্র মহিলাগৰাকীক ভিতৰলৈ আহিবলৈ অনুমতি দিয়ে যদিও ৰাগিণীয়ে বাহিৰৰ নান্দনিক দৃশ্যৰ পৰা নিজকে আঁতৰাব পৰা নাই। চাই থাকে তাই খোলা খিৰিকীৰে।

: মই অহাৰ কাৰণটো নিশ্চয় জানিছাই?
: হয় গম পাইছোঁ। অন্যথা এনেকুৱা নিষিদ্ধ গলিত আপোনাৰ দৰে এগৰাকী সম্ভ্রান্ত ঘৰৰ মহিলাৰ কামেইবা কি?

ঈষৎ হাঁহিৰে কয় ৰাগিণীয়ে ।
: প্ৰতিবছৰে আমাৰ পূজাখনেই আগশাৰীৰ স্থান লাভ কৰে। কিন্তু আজি তিনি বছৰ মানৰ পৰা নাজানো কি অশনি প্ৰভাৱ পৰিছে, বেপাৰ-বাণিজ্য সকলোতে যথেষ্ট লোকচান। গণক এজনে দিহা দি ক’লে মা দুৰ্গাৰ আশীৰ্বাদত পুনৰ সকলো ঠিক হ’ব। কিন্তু প্রতিমা নিৰ্মাণৰ বাবে মাটি একাঁজলি নিয়াৰ দায়িত্ব মোৰ। তুমি ঠিকেই কৈছা, এই স্থানলৈ মই অপ্রয়োজনত নাহো। মোৰ আঁচলত দি দিয়া একাঁজলি মাটি। জীৱনত যিবোৰ পাপ কৰিলা, তাৰ কিঞ্চিত হ’লেও কটা যাব।

মহিলাগৰাকীৰ ইতিকিংসূচক কথাষাৰে ৰাগিণীক ক্রোধান্বিত কৰি তোলে। প্রচণ্ড আত্মগ্লানিত চিঞৰি উঠে তাই,

: পাপী ম‍ই নহয়। আমি কোনোৱেই পাপী নহয় ৷

শেষৰ শব্দটো কওঁতে ৰাগিণীয়ে বাহিৰৰ দৃশ্যৰাজিৰ পৰা দৃষ্টি আঁতৰাই মহিলাগৰাকীৰ দুচকুত দুচকু ৰাখি কয় । কিন্তু ই কি….?

: এয়া দেখোন তাইৰ সন্মুখত কল্লোলৰ মাক।

এইগৰাকী, একমাত্ৰ এইগৰাকী মহিলাৰ বাবেই তাই আজি পৰোক্ষভাৱে হ’লেও এনেকুৱা এখন নিষিদ্ধ পৃথিৱীত মদাৰৰ দৰে অনাদৰ হৈ ফুলিব লগা হৈছে।

সৰুতেই ঘাতমাউৰা হোৱা ৰাগিণী মোমায়েক মামীয়েকেই পিতৃ-মাতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিয়াকৈ বুকুৰ উমেৰে ডাঙৰ দীঘল কৰিছিল। ৰূপে-গুণে, শিক্ষাই-দীক্ষাই অতুলনীয় ৰাগিণী নৃত্যবিদ্যাতো পাকৈত আছিল। এবাৰ কল্লোলহঁতৰ পূজাৰ পেণ্ডেলত তাইৰ চমকপ্রদ নৃত্যই তাক মুগ্ধিত কৰিছিল। সি মাক- দেউতাকৰ একমাত্র সন্তান যদিও কলিকতাত বেছিকৈ থাকে। কাৰণ তাত ভাল ব্যৱসায় আছে তাৰ।

কল্লোল প্ৰচুৰ আত্মবিশ্বাসী আৰু স্পষ্টবাদী। স্বভাৱৰ আছিল। এদিন ৰাগিণীক সিহঁতৰ ঘৰলৈ লৈ গৈছিল। স্পষ্টকৈ জনাই দিছিল সিহঁতৰ সম্পৰ্কৰ কথা। বিপৰীতে কল্লোলৰ মাক- দেউতাকে গুজৰি উঠিছিল। স্পষ্টকৈ জনাই দিছিল, তেওঁলোকৰ বংশ পৰিয়ালৰ যোগ্য নোহোৱা ছোৱালী এজনীক বোৱাৰীৰ মৰ্যাদা দিয়াৰ আগতে মৃত্যুক আমন্ত্রণ জনাব দুয়ো ।

এজনী প্ৰেমিকাৰ বাবে ইয়াতকৈ ডাঙৰ অপমান কি হ’ব পাৰে? সেয়ে তাইৰ মনটো শিলৰ দৰে কঠিন কৰিবলৈ ধৰে। কিন্তু পিছদিনা পুৱাই কল্লোল আহিছিল। তাৰ স্পষ্ট সিদ্ধান্ত জনাই কৈছিল,

: ৰাগিণী, যিকোনো এটা নতুন বিষয় প্রথমে চর্চিত হয়। কিন্তু সময়ৰ সোঁতত সকলো সহজ হৈ পৰে। মা-দেউতাৰ দৃষ্টিত এদিন আমাৰ প্ৰেম সহজ কথা হৈ পৰিব। অলপ ধৈর্য ধৰা ।

প্রিয়জনৰ আকুল অনুৰোধ তাই উপেক্ষা কৰিব নোৱাৰিলে। তাৰ দুবাহুত মুখ গুঁজি জীয়াই থকাৰ প্ৰতিশ্ৰুতি লয়। সময়ৰ ইতিবাচক সিদ্ধান্তলৈ অপেক্ষা কৰে।

কিন্তু সেইদিনাই আবেলি অনাকাং ক্ষিতভাৱে আহিছিল কল্লোলৰ মাক। ৰাগিণীক আৱেগেৰে বশ কৰিব খুজি কৈছিল—

: ৰাগিণী, তোমাৰ মৃত মা-দেউতাৰ শপত । মোৰ আঁচলত অকণমান সুখ উপহাৰ দিবানে ?

মানুহগৰাকীৰ কাণ্ড কাৰখানা দেখি আচৰিত হয় তাই।

: আপুনি! আপুনি এইবোৰ কি কৰিছে! আপুনি মোৰ মাৰ বয়সৰ। এনেকুৱা আচৰণ নকৰিব। নকৰিব।

কওক কেনেকৈ সুখী কৰিম আপোনাক ? আৱেগিক হৈ পৰে ৰাগিণী ।

চাদৰৰ আঁচলটো একেদৰে মেলি ধৰি কয় তেওঁ,

: কল্লোলক ওভতাই দিয়া মোক ৷ গোটেই জীৱন চলিব পৰাকৈ মই তোমাক ধন-সম্পত্তিৰে ওপচাই ৰাখিম ।

খুব টানকৈ হাঁহিবলৈ মন গৈছিল ৰাগিণীৰ। কাৰণ বুকুত যেতিয়া বিষাদে হেঁচুকি ধৰে, সেই বিষাদবোৰৰ প্রকাশভংগীৰ সূত্ৰবোৰ কেতিয়াবা বিপৰীতমুখীও হ’ব পাৰে।

: কথা দিলোঁ আপোনাক। কল্লোলৰ জীৱনৰ পৰা এই মুহুর্ততে ম‍ই আঁতৰিলোঁ। শ্ৰীকৃষ্ণৰ ৰাধিকাজনীয়ে যদি ত্যাগেৰে সুখী হ’ব পাৰিছিল, মই নোৱাৰাৰ প্ৰশ্নই নুঠে।

হেল্ল মনীষা, তই যে কিবা কোম্পানী এটাত কৰি আছ মোকো সুবিধা এটা কৰি দে না?

: সঁচা? কিন্তু তই কলিকতালৈ আহিবি জানো?
: যাম আকৌ।

কল্লোলৰ মাকৰ আঁচল সুখেৰে ওপচাই বিদায় দিয়াৰ পিছতেই তাইৰ একালৰ বান্ধৱী মনীষালৈ ফোন কৰে। মনীষাৰ সঁহাৰিয়ে চুম্বক শক্তিৰে লৈ যায় তাইক সুদূৰ কলিকতালৈ। মনীষাৰ ঠিকনাটো আৰু প্ৰগ্ৰেম কৰি পোৱা সাঁচতীয়া টকা কেইটামানেই আছিল তাইৰ যাত্রাপথৰ লগৰী।

কল্লোলক অতীত কৰি দুৰলৈ পঠিয়াব নোৱাৰে ৰাগিণীয়ে। সি থাকিব। সদায় থাকিব তাইৰ বুকুত। কিন্তু সিহঁতৰ সম্পৰ্কটো অনামী হৈয়ে থাকক।

মনীয়াই দিয়া ঠিকনাটোৰ মতে আহি কলিকতাত উপস্থিত হয় তাই।
টক্‌ টক্ টক্

পেলেচ্‌টোৰ নির্দিষ্ট কোঠাটোৰ দুৱাৰমুখত ৰৈ তাই টুকুৰিয়াবলৈ ধৰে।

দুৱাৰখন খোল খোৱাৰ লগতেই ৰাগিণীৰ দুচকু কপালত উঠে। প্রায় ছয় সাতজনমান যুৱক বিলাতী সুৰাত বত্ত। মনীয়াৰ হাততো। ৰাগিণীক দেখা মাত্রেই বেপৰোৱা সুৰে ক’লৈ মনীষাই,

: আহক মেডাম। আপোনাৰ বাবে থকা, খোৱা সকলো ব্যৱস্থা কৰি থোৱা আছে। মাথোঁ চিঞৰ-বাখৰ নকৰিব? ফেচিলিটী সকলো পাব ।

পিছত আৰু একো মনত নাই ৰাগিণীৰ ।

সম্বিৎ ঘূৰি অহালৈ সকলো নিঃশেষ হৈ পৰিছিল। সকলো শূন্য হৈ পৰিছিল।

: ৰাগিণী…. কিন্তু তুমি কেনেকৈ এই স্থানত! কল্লোলৰ মাকৰ মাতত এইবাৰ ধনীত্বৰ দাম্ভিকতা নাছিল। আছিল এক কোমলতা।

ৰাগিণীয়ে কৈছিল নিঃসংকোচে আটাইবোৰ কাহিনী।

কল্লোলৰ মাকৰ বুকুখনত শোক এটাই খুন্দা মাৰি ধৰে। কোঠাটোৰ চৌপাশে এবাৰ লক্ষ্য কৰে তেওঁ। অকস্মাৎ দুচকু মা দুৰ্গাৰ মূৰ্তিটোত নিবদ্ধ হয় ।

বেশ্যাৰো হৃদয়ত তেন্তে ভক্তি আছে?
স্বগতোক্তি কৰে।
খস্তেক পিছতেই ৰাগিণী কাষ চাপি আহি ক’লে,

: এয়া লওক। ভৰাই দিলো আপোনাৰ আঁচল আজিও ।

ৰাগিণীয়ে দুহাতৰ আঁজলিত লৈ অহা মাটিখিনিয়ে কল্লোলৰ মাকৰ আঁচলখন ভৰাই তোলে।

: ধন্যবাদ ৰাগিণী।

: ওহো, ধন্যবাদ মোক নালাগে। ধন্যবাদ যদি দিব খুজিছে তেন্তে তেওঁক দিয়ক, যিয়ে এই নিয়মৰ স্ৰষ্টা কৰিলে । সঁচাকৈ বৰ আচৰিত নহয়নে খুৰী সম্ভ্ৰান্ত ঘৰৰ হাজাৰ হাজাৰ পুৰুষৰ নৈশৰ আমোদ-প্রমোদৰ স্থান এয়া । অথচ, দিনৰ পোহৰত কিন্তু সিহঁতেই এনেবোৰ নিষিদ্ধ স্থানৰ বিৰুদ্ধে হাজাৰটা প্ৰতিবাদ কৰে। সেয়ে চাগৈ মা দুর্গা আঁকোৰগোজ। এই স্থানৰ মাটিৰ অবিহনে প্রতিমা গাঢ় লৈ নুঠে। এতিয়া আপুনিয়ে কওক প্ৰকৃততে পাপী কোন? ভদ্ৰতাৰ মুখা পিন্ধি নিশাৰ আন্ধাৰৰ সুযোগত ইয়াত মেহফিল্ ক্যাব অহা লোকসকল, নে কাৰোবাৰ প্ৰৰোচনাত এই স্থানত আশ্রয় ল’ব লগা হোৱা অৱলা নাৰীবোৰৰ ৷

ৰাগিণীৰ প্ৰশ্নবোৰে, যুক্তিবোৰে মৌন কৰি তোলে কল্লোলৰ মাকক। আজিহে চাইছে ভালকৈ ৰাগিণীৰ মুখখনলৈ। ইমান মনোমোহা । উগ্র প্রসাধনে যে তাইক সৌন্দৰ্যৰ অধিকাৰিণী কৰি তুলিছে তেনে নহয়, ৰাগিণী সঁচাকৈয়ে মোহময়ী।

: যাওক খুৰী। এই স্থানত বেছি পলম নকৰিব। ইয়াৰ পৰা ওলাওঁতেও পাৰিলে অলপ সাৱধানে যাব। মানুহে বদনাম গাবলৈ সুযোগবোৰ বিচাৰিয়েই থাকে নহয় ৷

ৰাগিণীৰ শিৰত এবাৰ হাতখন থ’ব খুজিও ৰৈ যায় তেওঁ। বিপৰীতে ৰাগিণীয়ে হাগুলি এটি সেৱা জনায়, অবশ্যে দুভৰি স্পৰ্শ নকৰাকৈ ।

: আপোনাৰ ওচৰত এটাই অনুৰোধ খুৰী, পাৰিলে প্রতিমাগৰাকীৰ চৰণত এটা কাকূতি ৰাখিব। প্ৰেম, এই শব্দটো যেন মানুহে মানৱীয়তাৰ গুণেৰে সন্মান কৰে। প্ৰতাৰণাৰ জালত বন্দী হৈ পুনৰ যেন কোনো ৰাগিণী নিষিদ্ধ গলিৰ বাসিন্দা হ’ব লগা নহয়। যাওক এতিয়া আপুনি।

দুৱাৰ্ডলিতে ৰৈ থকা মানুহজনী দুখোজমান পিছুৱাই যোৱা মাত্ৰেই ৰাগিণীয়ে প্রচণ্ড শব্দেৰে দুৱাৰখন জপাই দিয়ে।

কল্লোলৰ মাকৰ দুচকু টলমলীয়া হৈ পৰে। ভাগৰুৱা শৰীৰটোৰে লাহে লাহে চিৰিৰে নামি আহে। আজি দেখোন ৰাগিণীৰ মান-অভিমানবোৰো তেওঁৰ লগতে লাগি আহিছে। অথচ তেওঁ কিয় ক’ব পৰা নাই, কল্লোল যে প্রবাসী হ’ল। আজি তিনি বছৰে হ’ল সি ভাৰতৰ বাহিৰত। তাৰ পত্নীও বাহিৰৰ যোৱা বছৰ এটি ল’ৰা সন্তানৰ দেউতাকো হ’ল। অথচ সি এবাৰো আহিব খোজা নাই। সেয়ে এইবাৰ পূজাভাগ তেওঁ নিজেই আগভাগ লৈছে। কিজানিবা দেৱী মা সন্তুষ্ট হৈয়েই। কিজানিবা কল্লোলৰ মনটো কোমলে। আহেই কিজানি নাতিটোক লৈ….

বিপৰীত চিন্তাধাৰাৰে বিপৰীত যুক্তিবে একে সময়তে দুগৰাকী নাৰী ভাবুক হৈ পৰে। বিশেষকৈ এক অব্যক্ত কোলাহলৰ আজি সামৰণি পৰাত ৰাগিণীৰ মনটো ফৰকাল হৈ পৰে। মুহূর্ততে শাৰদীয় বতাহ এছাটি আহি চুই যায় তাইৰ গালে মুখে । কাণৰ কাষত সুৰ তোলে তাইৰ অতিকৈ প্রিয় পায়েল জোবৰ শব্দই

ঝন ঝন ঝন…
হৃদয়খনো ভিতৰি ভিতৰি ৰঙীন হৈ পৰে
জেতুকা পাতৰ দৰেই….

ফোন : ৯৩৬৫৫-৫০৩৮৪

 

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.