দৈনিক ৰাশিফল ১৮ ফেব্ৰুৱাৰী ২০২৬

37

৫ ফাগুন, বুধবাৰ , ইং ১৮ ফেব্ৰুৱাৰী ২০২৬

১.মেষ ৰাশি(অ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, কৰ্মত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব, শুভ সংবাদ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২.বৃষ ৰাশি(উ,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, কৰ্মত সফলতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে সঞ্চিত ধন সম্পত্তি ক্ষতিগ্ৰস্ত হ’ব পাৰে, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ বিদ্যা আহৰণত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব যদিও আজি শিল্পী সকলে সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, কৰ্মত পদোন্নতি লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত নতুন নতুন যোগাযোগ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ক’ৰবাত পাবলগীয়া ধন সম্পত্তি ঘূৰাই পাৱ পাৰে, যদিও আজি আপুনি সজাগ নহ’লে সামান্য পেটৰ ৰোগ বাঢ়িব পাৰে লগতে আজি আপোনাৰ মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশি(প,ঠ): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে দেহ মন সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত চেষ্টা কৰিলে সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ সৰু সুৰা কথাতে মনত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে আজি আপোনাৰ দেহ মনত পৰা এলাহ ভাব পৰিত্যাগ নকৰিলে সামান্য ক্ষতিৰ সন্মূখীন হোৱাৰ যোগ দেখা যায়।

৯.ধনু ৰাশি(ধ,ভ): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত সামগ্ৰী লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে শত্ৰু পৰা ভয় বাঢ়িব পাৰে লগতে শত্ৰু পৰা ক্ষয়-ক্ষতি সন্মুখীন হ’ব পাৰে, লগতে আজি আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, হাতলৈ ধন আহিব পাৰে, যদিও আজি আপুনি সজাগ নহ’লে সামান্য মিছা অপৱাদ পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি(দ,চ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব পাৰে, আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বাঢ়িব পাৰে, লগতে আজি আপোনাৰ সৰু সুৰা অভাৱ অভিযোগৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.