দৈনিক ৰাশিফল ১৭ মাৰ্চ ২০২৬

41

২ চ’ত, মঙ্গলবাৰ, ইং ১৭ মাৰ্চ ২০২৬

১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উৎসাহ বাঢ়িব, ছাত্ৰ ছাত্ৰী সকলৰ শিক্ষাত মনোযোগ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য হতাশাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, যদিও আজি আপুনি ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব লগতে আজি আপোনাৰ বিপদ হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি সাধন হব, আনৰ পৰা মৰম- চেনেহ লাভ কৰিব, লগতে আজি আপোনাৰ হাতলৈ ধন সম্পত্তি আহাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব যদিও আজি সজাগ নহ’লে খেতিয়ক সকলৰ মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে, লগতে আজি আপোনাৰ কৰ্মত সামান্য জটিলতাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব , নতুন নতুন ব্যৱসায় বানিজ্যত আৰম্ভণি কৰিবলৈ সুযোগ লাভ কৰিব, লগতে আজি আপুনি যায় বাহন ক্ৰয় কৰিবলৈ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে আজি আপুনি মনোমালিন্য হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব, কৰ্মত সামান্য পৰিবৰ্তন আহিব পাৰে যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনোমালিন্য বা ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সাহসেৰে কৰ্মত আগুৱাই যাবলৈ সক্ষম হব, প্ৰেমত শুভ বুলি কব পাৰি যদিও আজি আপুনি কৰ্মত সজাগ নহ’লে আনৰ নিন্দনীয় হোৱৰ যোগ দেখা যায়।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, প্ৰেমত আনন্দ বাঢ়িব, নতুন প্ৰেমৰ আৰম্ভণি হ’ব যদিও আজি আপুনি সজাগ নহ’লে আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত সৰু সুৰা কথাতে মনত সামান্য হতাশাৰ সৃষ্টি হ’ব পাৰে লগতে আজি আপোনাৰ কৰ্মত সামান্য বাধাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, কৰ্মত পিতৃ মাতৃ বা জেষ্ঠ্য ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব, লগতে আজি আপোনাৰ মনৰ আশা পূৰণ হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আন পৰা সহায় সহযোগিতা লাভ কৰিব, ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হব যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.