ইউৰোপৰ নৱজাগৰণৰ পবিত্ৰ ভূমি- ফ্লোৰেন্স নগৰত

25

হৰিশংকৰ কাকতী
অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক
দক্ষিণ কামৰূপ মহাবিদ্যালয়, মিৰ্জা

২১ মে’ 2024 চন। ইটালী ভ্ৰমণৰ দ্বিতীয় দিন। আগদিনা গাইডে আমাক আজিৰ দিনটোৰ বাবে যাত্ৰা কৰিবলগীয়া ঠাইখনৰ বিষয়ে জনাই থৈছিল। ঠাইখন আছিল ইউৰোপৰ নৱজাগৰণৰ পৱিত্ৰ ভূমি ফ্লোৰেন্স। আমাক আটাইকে পুৱা ৮ বজাত লাগেজসহ সাজু হৈ থাকিবলৈ কৈছিল। আগদিনা ৰোমৰ কলছিয়াম, ৰোমান ফ’ৰাম আৰু ভেটিকান চহৰ দৰ্শন কৰোঁতে ঠাইবোৰ খোজকাঢ়ি চাবলগীয়া হৈছিল। ফলত যথেষ্ট ভাগৰুৱা অনুভৱ কৰিছিলোঁ । হোটেলৰ ৰেষ্টুৰেণ্টতে ইটালীৰ বিখ্যাত ‘মাৰ্ঘেৰিটা পিজা’ এখন ৰাতিৰ আহাৰ হিচাপে গ্ৰহণ কৰিলোঁ। ইটালীলৈ আহি পিজাৰ সোৱাদ নোলোৱাকৈ গ’লে যেন গোটেই ভ্ৰমণটোৱেই অসম্পূৰ্ণ হৈ ৰ’ব। খাই উঠি ৰুমলৈ গৈ নিদ্ৰা দেৱীৰ শীতল কোলাত ঢলি পৰিলোঁ।

ম‍ই ৰুমত অকলেই আছিলোঁ। পুৱা ৬ বজাত হোটেলৰ পৰা কৰা Wake up call-ত সাৰ পালোঁ। ৰুমৰ খিৰিকীখন খুলি দি দেখিলো বতৰ বেছ ফৰকাল। মনটো মুকলি মুকলি লাগিল । মুখ হাত ধুই প্রাতঃকৃত্য সমাপন কৰি পুৱাৰ চাহকাপ ৰুমতেই তৈয়াৰ কৰি খালোঁ । গা-পা ধুই ৭.৩০ বজাত ব্রেকফাষ্ট খাবলৈ ডাইনিং হললৈ গ’লো, য’ত বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য সজাই খোৱা আছিল। ব্রেকফাষ্ট খাই আকৌ ৰুমলৈ গৈ লাগেজ লৈ আহিলো, কাৰণ আমাৰ বাবে ফ্লোৰেন্সত বেলেগ হোটেলৰ ব্যবস্থা কৰা আছিল। হোটেলৰ অভ্যর্থনা কক্ষত ৰুমৰ চাবি গতাই লাগেজবোৰ বাছত ভৰাবলৈ ৰাওনা হ’লোঁ। ঠিক ৮ বাজি ৫ মিনিট যোৱাত আমাৰ যাত্ৰা আৰম্ভ হ’ল ফ্লোৰেন্স অভিমুখে। দূৰত্ব ৩৫০ কিঃমিঃ।

আমাৰ গাড়ী ৰোম মহানগৰ পাৰ হৈ অকোৱা পকোৱা ৰাস্তাৰে আগবাঢ়ি গৈ থাকিল। ৰাস্তাবোৰ ইমান মসৃণ যে বাছৰ ভিতৰত বহি থাকিলে জোকাৰণি মুঠেও অনুভৱ কৰা নাযায় ৷ চাৰিওফালৰ নৈসৰ্গিক দৃশ্যবোৰ চাই অভিভূত হৈ পৰিছিলোঁ। কেৱল আৰু কেৱল সেউজীয়া পৰিৱেশ। আমাৰ গাড়ীখন টাইবাৰ উপত্যকাৰ মাজেৰে আপেণ্টাইন পর্বতমালাৰ কাষেৰে গৈ আছিল। যাত্ৰাপথত কেইবাটাও দীঘল সুৰংগৰ মাজেদি যাবলগীয়া হৈছিল। এই টাইবাৰ উপত্যকাতেই আছে কিছুমান টাস্কান আঙুৰৰ বাগিচা। এই টাস্কানী অঞ্চলৰ আঙুৰৰ পৰাই বিশ্বমানৰ ৱাইন তৈয়াৰ কৰা হয়। পর্যটকে এই আঙুৰৰ বাগিচাসমূহৰ ভিতৰত থকা হোটেলত থাকি ইয়াৰ নৈসৰ্গিক দৃশ্য, ঐতিহাসিক পৰিৱেশ, ইটালীয় খাদ্য, সংস্কৃতি আৰু অভিজ্ঞতাৰ সোৱাদ ল’ব পাৰে ।

টাইবাৰ উপত্যকা হৈছে টাইবাৰ নদী অৱবাহিকাৰ ভৌগোলিক অঞ্চল। ই ইটালীৰ এমিলিয়া-ৰোমাগনা, টাস্কানী, উমব্রিয়া আৰু লাজিঅ’ অঞ্চলৰ কিছু অংশ সামৰি লৈছে। টাইবাৰ হ’ল ইটালীৰ আটাইতকৈ ডাঙৰ নদী। টাইবাৰ নদীৰ লেণ্ডস্কেপ, তাৰ মাজত থকা সৰু সৰু গাঁওবোৰৰ দৃশ্যপটে যিকোনো পৰ্যটকৰ মন মুহিব পাৰে। কলাত্মক আৰু প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধ এই অঞ্চলটো যিকোনো পৰ্যটকৰ বাবে এক আকর্ষণীয় ঠাই। আটায়ে হেঁপাহ পলুৱাই নান্দনিক দৃশ্যসমূহ উপভোগ কৰিলোঁ ।

প্রায় দুঘণ্টামান যোৱাৰ পিছত মূল ৰাস্তাৰ পৰা ফালৰি কাটি আহল-বহল ঠাই এটুকুৰাত আমাৰ বাছখন ৰ’ল। ইতিমধ্যে অন্য ঠাইৰ পৰা অহা দুই এখন বাছো তাত ৰৈছিলহি। এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে আমাৰ ইয়াৰ নিচিনা বাছবোৰ হাইৱে’ৰ কাষত য’তে- ত’তে নাৰাখে। বাছ ৰখাই য’তে-ত’তে প্ৰস্ৰাৱ কৰিব নোৱাৰি। বাছৰ পৰা নামি গৈ দেখিলো এখন ডাঙৰ ডিপার্টমেণ্টেল ষ্টোৰ। খোৱা-বোৱাৰ লগতে টয়লেটলৈ যোৱাৰ ব্যৱস্থাও আছে। কিন্তু টয়লেটবোৰত ধন ভৰি টিকট কাটি লৈহে প্ৰৱেশ কৰিব পাৰি। ইউৰোপৰ বিভিন্ন ঠাইত দেখিলো ৰাজহুৱা টয়লেটবোৰতো পইচা দি টিকট লৈহে সোমাব লাগো। সি যি কি নহওক ০.৫০ ইউৰো (তেতিয়াৰ ভাৰতীয় মুদ্ৰাৰ হিচাপত প্ৰায় ৪৬ টকা) দি কামফেৰা কৰিলোঁ। ষ্টোৰখনত পাতলীয়াকৈ কিবা এটালৈ কফি একাপ খাই বাছত উঠি পুনৰ যাত্ৰা আৰম্ভ কৰিলো ফ্লোৰেন্স অভিমুখে।

ফ্লোৰেন্সলৈ যোৱা বাছখনত আমাৰ গাইড আছিল এগৰাকী কম বয়সীয়া ইউৰোপীয়ান মহিলা ৷ নাম ইভা। বৰ সুন্দৰকৈ ইংৰাজী ক’ব পৰা গাইডজনীয়ে আমাক ভ্ৰমণসূচীত থকা ঠাইবোৰৰ বুৰঞ্জী আৰু সেইবোৰ কিয় বিখ্যাত, সেই বিষয়ে অতি ৰসালকৈ বুজাই দিছিল। তেওঁৰ বৰ্ণনাবোৰ শুনি শুনি আহি কেতিয়া যে আমাৰ বাছখন এঠাইত ৰখাই দিলে গমেই নেপালোঁ। বাছৰ পৰা নামি দেখিলো এটি ওখ টিলা। সেই সময়ত তাৰ বতৰ বেছ ডাৱৰীয়া হৈ আছিল। বৰষুণ আহো আহো। চালকে যিঠাইত বাছখন ৰখালে সেই ঠাইখিনি আছিল পিজ্জালে মাইকেলেঞ্জেলো অঞ্চল। গাইডে তেওঁৰ পিছে পিছে গৈ থাকিবলৈ ক’লে। অলপ দূৰ গৈ দেখিলো এখন আহল-বহল ঘূৰণীয়া ঠাই। ইটালীৰ ফ্লোৰেন্সৰ বিখ্যাত ভিউ পইণ্ট, য’ৰ পৰা ফ্লোৰেন্সৰ Panoramic View, বৈ যোৱা আৰ্ণো নদী বৰ সুন্দৰ কৈ দেখা যায়। পিজ্জালেৰ কেন্দ্ৰত এটা স্তম্ভৰ ওপৰত মাইকেল এঞ্জেলাই নিৰ্মাণ কৰা ডেভিদৰ নগ্ন মূৰ্তিৰ এটা বিশিষ্ট প্ৰতিৰূপ (Replica) আছে। শৌর্য-বীর্য, অথচ শান্ত-সমাহিত আৰু মুক্ত জীৱনৰ প্ৰতীক এজন আদর্শৱান পুৰুষ হিচাপে এক জীৱন্ত ৰূপ যেন লগাকৈ ডেভিদৰ মূৰ্তিটো নিৰ্মাণ কৰা হৈছে। ঠাই খিনিৰ তাপমাত্রা ৩২°ৰ পৰা ১৮° চেলচিয়াছৰ ভিতৰত থাকে। মূৰ্তিটো থিয় হৈ থকা তাৰ পাদদেশত কেইবাজনো শিল্পীৰ বহি থকা মূৰ্তি স্থাপন কৰা আছে।

১৫০১ চনত মাইকেল এঞ্জেলোই নির্মাণ কৰা ডেভিদৰ নগ্ন প্ৰতিমূৰ্তিটো চালে আপুনি অবাক হৈ যাব। ইমান নিখুঁত, ইমান সুন্দৰ, ইমান সমানুপাতিক যে সঁচাকৈয়ে সুন্দৰ স্বাস্থ্যৱান যুৱক এজন থিয় হৈ থকা যেন লাগে। ২০ বছৰ বয়সত ৰোমলৈ গৈ তাত ছেইণ্ট পিটাৰ্ছ বেছিলিকাত বিভিন্ন মূর্তি সাজি পিছত আকৌ ফ্লোৰন্সলৈ উভতি আহে। এজন ভাস্কৰে এৰি থৈ যোৱা ১৮ ফুট দীঘল মাৰ্বলৰ টুকুৰা এডোখৰ পাই তাৰ পৰাই কাটি উলিয়াইছিল তেওঁৰ বিখ্যাত মূর্তি ডেভিদ। ১৫০৪ চনৰ এপ্ৰিল মাহত সেই মূৰ্তিটো আনুষ্ঠানিকভাৱে পিজ্জা ডেলা চিগনোৰিয়াৰ সন্মুখত স্থাপন কৰা হৈছিল। এই মূৰ্তিটো নিৰ্মাণ কৰাৰ পিছতই মাইকেল এঞ্জেলো বিখ্যাত হৈ পৰিছিল। ৮৮ বছৰ বয়সত ১৫৬৪ চনৰ ১৮ ফেব্ৰুৱাৰীত মাইকেল এঞ্জেলোৰ মৃত্যু হৈছিল। মৃত্যুশয্যাত পৰি তেওঁ কৈছিল— “I die just as I am begining to learn the alphabet of my proffession.” এয়াহে শিল্পী। মৰাৰ আগমুহূৰ্তলৈকে ইমান বিখ্যাত শিল্পী হৈয়ো মনৰ মাজত নাছিল কোনো অহংকাৰ। ৰোমৰ আৰু ফ্লোৰেন্সৰ মূৰ্তিবিলাকৰ মাজত এটা পাৰ্থক্য দেখিলোঁ- ৰোমৰ মূৰ্তিবোৰৰ বেছিভাগেই কাপোৰ পিন্ধি থকা, কিন্তু ফ্লোৰেন্সৰ মূৰ্তিবোৰৰ বেছিভাগেই নগ্ন। ইয়াৰ এটি সম্ভাব্য কাৰণ হ’ল ৰেনেছাঁ যুগৰ ফ্লোৰেন্সৰ মূৰ্তিবোৰ মানৱতাৰ বিশুদ্ধ, নিখুঁত আৰু প্ৰাকৃতিক ৰূপক প্ৰতিনিধিত্ব কৰিবলৈ আৰু প্ৰাচীন গ্ৰীক আদৰ্শ আৰু ভৌতিক সংস্কৃতিৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰতীক হিচাপে মানৱতাবাদৰ আদৰ্শ প্ৰকাশ কৰিবলৈ প্ৰায়ে নগ্ন ৰূপত নিৰ্মাণ কৰা হৈছিল।

ডেডিদৰ মূৰ্তিটো থকা চৌহদটোৰ পৰা পৰ্যটকে সূর্যাস্তৰ মনোৰম দৃশ্য উপভোগ কৰিব পাৰে। ঠাইখিনিত কফি, ক’ল্ডড্ৰিংকছ আৰু স্মৃতিচিহ্নৰ দোকান কিছুমানো দেখিলো। ইতিমধ্যে কিনকিনীয়া বৰষুণ এজাক আৰম্ভ হ’লেই। হাতত ছাতি নাছিল বাবে আমি কেইজনমানে দোকান এখনত আশ্ৰয় ল’লোঁ। পিছত বৰষুণ কমাত বাছখনত উঠি ফ্লোৰেন্সৰ মূল কেন্দ্ৰলৈ ৰাওনা হ’লোঁ।

কিছুদূৰ যোৱাৰ পিছত বাছখন এঠাইত ৰ’ল। ইয়াৰ পৰাই খোজকাঢ়ি আমাৰ ভ্ৰমণ আৰম্ভ হ’ব ফ্লোৰেন্স নগৰৰ বিখ্যাত ঠাইবোৰলৈ । ইতিমধ্যে বতৰ ফৰকাল হৈছিল। গাইডে আমাৰ সকলোৰে ডিঙিত দূৰ সংযোগী ক্ষুদ্র ছাউণ্ড বক্স এটি ওলোমাই দিলে ৰোমৰ কল’ছিয়ামত দিয়াৰ নিচিনাকৈ। আমাৰ যাত্ৰা আৰম্ভ হ’ল ফ্লোৰেন্সৰ Viali di Circonva Ilazioneৰ এটা চৌহদ Piazza Piaveৰ পৰা। ই আৰ্ণো নদীৰ উত্তৰ দিশত অৱস্থিত ঐতিহাসিক চহৰখনৰ কেন্দ্ৰৰ পূব ফালে ৷ নগৰখনৰ মাজে মাজে ঠেক ৰাস্তাৰে আগবাঢ়িলোঁ ইউৰোপৰ ৰেনেছাঁ যুগ অর্থাৎ নৱজাগৰণৰ বা নৱন্যাসৰ জন্মভূমি ফ্লোৰেন্সৰ মূল কেন্দ্ৰভাগলৈ। ইটালীৰ ধৰ্মীয় তথা আধ্যাত্মিক জীৱনৰ কেন্দ্ৰস্থল যেনেকৈ ৰোম নগৰ, তেনেকৈ কৃষ্টি আৰু কলাৰ বৰ ঘৰ হ’ল ফ্লোৰেন্স নগৰ। এষ্ট্রাকান অঞ্চলৰ এখন বিখ্যাত নগৰ ফ্লোৰেন্স। যীশুৰ জন্মৰ প্ৰায় ৪০ বছৰ আগতে ৰোমৰ সেই সময়ৰ অশ্বাৰোহী সৈন্যসকলে আজিৰ ফ্লোৰেন্সৰ নাম দিছিল ‘ফ্লোৰেনটিয়া’। প্রায় তেৰশ বছৰ পিছত ব্যৱসায়- বাণিজ্য আদিৰে সেই সময়ত চলিত ২৪ কেৰেট সোণৰ মুদ্ৰা ‘ফ্লোনি’ৰ নামেৰে শেষত ফ্লোৰেন্সৰ নাম হ’লগৈ। মুদ্ৰাৰ নামেৰে নগৰৰ নাম হোৱা পৃথিৱীত বোধকৰো এয়ে প্রথম। আন এটি তথ্য মতে ফ্লোৰেন্স নামটোৰ উৎপত্তি লেটিন শব্দ ‘ফ্লোৰিঅ’(ফুল বা ফুলি উঠা)ৰ পৰা লোৱা হৈছে, যাৰ অৰ্থ সমৃদ্ধিশালী। ইংৰাজীভাষী দেশসমূহত এই নামটোৰ জনপ্ৰিয়তা বাঢ়িছিল বিখ্যাত নাৰ্ছ ফ্লোৰেন্স নাইটিংগেলৰ বাবে ৷

দিন যোৱাৰ লগে লগে ফ্লোৰেন্সৰ আয়তন বাঢ়িব ধৰে আৰু ১৪ শতিকাত ই ইটালীৰ এখন বিখ্যাত নগৰ হৈ উঠে। সেই শতিকাৰ ছিল্ক আৰু ঊলৰ ব্যৱসায় তথা লেৰেঞ্জোৰ চিত্ৰকলাৰ বাবেও ফ্লোৰেন্স বিখ্যাত হৈ উঠে। ১৮৬৫ চনৰ পৰা ১৮৭০ চনলৈকে ই ইটালীৰ ৰাজধানী আছিল। নৱন্যাসৰ চাৰিশ বছৰত এই চহৰত আৱিৰ্ভাৱ ঘটিছিল বিশ্বৰ শ্ৰেষ্ঠ কলাকাৰ, চিত্রশিল্পী, ভাস্কৰ আৰু স্থপতিবিদসকলৰ। গিয়েটো, বটিচেলি, লিঅ’নাৰ্ডো-ডা-ভিন্সি, মাইকেল এঞ্জেলো, ৰাফেল আদিৰ। বিশ্ববিখ্যাত চিত্রশিল্পী লিঅ’নাৰ্ডৰ জন্ম হৈছিল ফ্লোৰেন্সৰ পৰা অলপ দূৰৈৰ ভিন্সি নামৰ সৰু গাঁও এখনত। সেয়েহে তেওঁ লিঅ’নার্ড-ডা- ভিন্সি নামেৰে পৰিচিত হয়। লিঅ’নাৰ্ড অকল চিত্রশিল্পীয়েই নাছিল, তেওঁ একাধাৰে ভাস্কৰ, বৈজ্ঞানিক, পদার্থবিদ আৰু জীৱতত্ত্ববিদো আছিল ৷ আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বহুতো বস্তু তেওঁ আৱিষ্কাৰ কৰিছিল। এটা জীৱনত মানুহ এজন ইমানবোৰ গুণৰ অধিকাৰী হোৱাটো সঁচাই বিস্ময়কৰ। তদুপৰি ‘ডিভাইন কমেডী’ আৰু ‘ভিটা নুওভাৰ’ লেখক অমৰ কবি ডান্টে, বিখ্যাত ৰাজনৈতিক চিন্তাবিদ মেকিয়াভেলী— এই সকলো আছিল ফ্লোৰেন্সৰ। তেওঁলোকৰ মহা মহা মনীষী, ইতিহাসপ্রসিদ্ধ বীৰপুৰুষসকলক ফ্লোৰেন্সৰ ৰাজপথত সুন্দৰ ৰূপত সজাই খোৱা দেখি শ্ৰদ্ধাত মূৰ দোঁ খাই গৈছিল ।

ফ্লোৰেন্সৰ মাটিত ভৰি দি সেই বিখ্যাত মনীষীসকলক প্ৰণিপাত জনালোঁ। এনেহেন ফ্লোৰেন্স চৌৱাৰ সৌভাগ্য মোৰ বাবে আছিল এক আনন্দৰ কথা। ফ্লোৰেন্সৰ বিভিন্ন ঠাই আৰু বিভিন্ন সংগ্ৰহালয়বোৰ চাবলৈ কেইবাদিনৰো প্ৰয়োজন। কিন্তু সিমান দিন চাবলৈ আমাৰ হাতত অৰ্থও নাই, সময়ো নাই। মাত্র কেইঘণ্টামানৰ ভিতৰত আমি সামৰিব লাগিব ফ্লোৰেন্স দৰ্শন। পোনতে আমাক লৈ যোৱা হ’ল ঐতিহ্যময় ফ্লোৰেন্সৰ কেন্দ্ৰস্থল ‘ডুঅ’মোলৈ। ডুঅ’মোৰ অৰ্ধগোলাকাৰ গম্বুজ। ই আচলতে এটা বৃহৎ গির্জা। ১২৯৬ খ্ৰীষ্টাব্দৰ এই বৃহৎ গিৰ্জাটোৰ সন্মুখত থিয় হৈ ইয়াৰ অপৰূপ নির্মাণশৈলী দেখি এনেকুৱা ভাব হয়, কেনেকৈ ইমান নিখুঁতভাৱে ইয়াক নিৰ্মাণ কৰিছিল। সন্মুখত আহল-বহল পথাৰসদৃশ পকা চোতাল। পর্যটকে ঠাহ খাই থকা ঠাইখিনিত পৰ্যটকক মুহিব পৰাকৈ অসংখ্য দোকান দেখিলো। দুই এটা সৰু সুৰা স্মৃতিচিহ্ন কিনি আন ঠাইবোৰলৈ আগবাঢ়িলোঁ।

এইবাৰ গাইডে আমাক ফ্লোৰেন্স নগৰৰ বিভিন্ন মিউজিয়াম আৰু ঐতিহাসিক সম্পদ সংৰক্ষণ হৈ থকা অঞ্চলবোৰলৈ লৈ গ’ল। গোটেই নগৰখন যেন সঁচাকৈয়ে এখন আউটড’ৰ মিউজিয়াম। ইটালীৰ ফ্লোৰেন্সৰ এটা ধৰ্মীয় ভবন হৈছে ফ্লোৰেন্স বেপ্টিষ্টেৰী, যাক সন্ত জন বেপ্টিষ্টেৰী বুলিও কোৱা হয়। চহৰখনৰ পৃষ্ঠপোষক সন্ত জন বেপ্টিষ্টৰ প্ৰতি উৎসৰ্গিত এই বেপ্টিষ্টেৰীটো সম্পূৰ্ণ হোৱাৰ পিছৰ পৰাই ধৰ্মীয় নাগৰিক আৰু কলাত্মক জীৱনৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আহিছে। কেথেড্ৰেলৰ সন্মুখত থিয় হৈ থকা বেপ্টিষ্টেৰীটো ইটালীয় ৰোমানস্ক (Romanesque) স্থাপত্যৰ এক অপূৰ্ব নিদর্শন । আটায়ে বেপ্টিষ্টেৰীটোৰ সমুখত ফটো উঠিলোঁ । তাৰ পৰা অলপ দূৰ আঁতৰত আছে ফ্লোৰেন্সৰ কেন্দ্ৰীয় অঞ্চলত অবস্থিত মূল প্লাজা বা চৌহদসমূহৰ অন্যতম পিয়াজ্জা চাণ্টা ক্র’চ। ই পিয়াজা ডেলা চিগন’ৰিয়া আৰু নেচনেল চেণ্ট্ৰেল লাইব্ৰেৰীৰ ওচৰত অৱস্থিত। ইয়াৰ নামটো চৌহদটোৰ ওচৰতে থকা চাণ্টা ক্ৰ’চেৰ বেচিলিকাৰ পৰা লোৱা হৈছে। ভৱনটোৰ সন্মুখত আটায়ে চিনস্বৰূপে ফটো উঠাৰ পিছত আন গন্তব্য স্থলীলৈ ৰাওনা হ’লোঁ।

আমি এইবাৰ আগবাঢ়িলোঁ ফ্লোৰেন্স নগৰৰ মাজেৰে বৈ যোৱা আৰ্ণো নদীৰ পাৰৰ পথটিলৈ। নদীখন ডাঙৰ নহয়, কিন্তু গভীৰ, খৰস্ৰোতা, পানীবোৰ পৰিষ্কাৰ। বিদেশৰ নদীবোৰৰ এটি বিশেষত্ব হ’ল যে ইয়াৰ পৰিষ্কাৰ পানী। আমাৰ দেশৰ নদীসমূহৰ নিচিনাকৈ ইয়াত আৱৰ্জনাটো বাদেই সামান্য গছৰ পাত এটাও পৰি থকা দেখা নাযায়। খোজ কাঢ়ি গৈ আৰ্ণো নদীৰ সৌন্দৰ্য উপভোগ কৰিলোঁ। পুৰণিকালত এই আৰ্ণো নদীৰ ওপৰত কেইবাখনো শক্তিশালী দলং আছিল। কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বোমাবর্ষণৰ ফলত এখনৰ বাহিৰে আটাইবোৰ দলং ধ্বংস হ’ল । জাৰ্মানীৰ পলায়নৰ ফলত ধ্বংস নোহোৱা দলংখন হ’ল Ponte Vecchio। ১৩৪৫ চনত বানপানীৰ পিছত দলংখনৰ পুনঃনিৰ্মাণ কৰা হয়। এই দলংখনে বৰ্তমান ইয়াৰ সাংস্কৃতিক ঐতিহ্য আৰু ৰোমাঞ্চৰ এক মূৰ্ত প্ৰতীক হিচাপে থিয় দি আছে। বাকী ধ্বংস হোৱা দলংবোৰ নতুনকৈ নিৰ্মাণ কৰা হৈছে।

এইবাৰ আমি আগবাঢ়িলোঁ এটি পৃথিৱী বিখ্যাত মিউজিয়ামলৈ, নাম-উফিজি। ইয়াত সংৰক্ষণ কৰা আছে গিওটো, মাইকেল এঞ্জেলো, ৰাফেল, বটিছেলি, টিটিয়ান আদি বিখ্যাত চিত্রশিল্পীসকলৰ বিখ্যাত চিত্ৰসমূহ। কিন্তু সময়ৰ অভাৱত ভিতৰত সোমাই চাব পৰা নগ’ল। ওচৰতে থকা চৈধ্যশ শতিকাৰ পিয়াজ্জা ডেলা ছিগ্‌নেৰিয়াত উপস্থিত হ’লো যি ফ্লোৰেন্সৰ ৰাজনৈতিক কেন্দ্ৰ হৈ পৰিছিল। ইয়াৰ পিছত আমাৰ গন্তব্যস্থান আছিল পালাজ্জো ভেকিঅ’। ১৩ শতিকাৰ শেষৰ ফালে আৰু চতুৰ্দশ শতিকাৰ আৰম্ভণিতে নির্মিত পালাজ্জো ভেকিঅ’ই ফ্লোৰেন্স চৰকাৰৰ মুখ্য কাৰ্যালয় হিচাপে কাম কৰিছিল আৰু সাত শতিকাৰো অধিক সময় ই ক্ষমতাৰ প্ৰতীক হিচাপে চিহ্নিত হৈ আহিছে। বৰ্তমান ই এটি মিউজিয়াম আৰু টাউন হল। আটায়ে হলটোৰ বাহিৰত ৰৈ হেঁপাহ পলুৱাই ফটো উঠিলোঁ।

ফ্লোৰেন্সক ইটালিয়ানসকলে ‘ফিনেজে’ বুলিও কয়। প্রায় ৯ লাখ ৫০ হাজাৰজন সংখ্যাৰ মধ্যযুগীয় আৰু নৱন্যাস যুগৰ স্থাপত্য কলাৰে নিৰ্মিত বর্গাকৃতিৰ সমান ফ্লোৰেন্স নগৰখনক ১৯৮২ চনত ইউনেস্কোৱে ‘বিশ্ব ঐতিহ্য ক্ষেত্র’ হিচাপে স্বীকৃতি প্ৰদান কৰে। পদব্ৰজে ফ্লোৰেন্সৰ মাজেৰে কৰা মোৰ এই যাত্ৰা এক বিৰল অভিজ্ঞতা, অনুভৱ আদিৰে চিৰস্মৰণীয় হৈ ৰ’ব। তাত থাকি ভাবিছিলোঁ, কেতিয়াবা ইয়ালৈ আহিবলৈ সুযোগ পালে তন্ন তন্নকৈ মিউজিয়াম, গির্জা আদি সকলো চাম। ‘ফুলৰ মহানগৰ’ হিচাপে পৰিচিত ফ্লোৰেন্স নগৰীয়ে প্ৰতিবছৰে পৃথিৱীৰ বিভিন্ন দেশৰ লাখ লাখ পর্যটকক আকৰ্ষণ কৰে যাৰ সংখ্যা নগৰখনৰ বাসিন্দাতকৈ বহু বেছি। বর্তমানো শিল্প-কলা আৰু সংস্কৃতিৰ সাধনা চলি থকা ফ্লোৰেন্সত বাস কৰা বেছিভাগেই শিল্পী নেকি? এই কথাবোৰ মনলৈ আহিছিল যেতিয়া দেখিছিলোঁ বাটে-ঘাটে, জনসমাৱেশ হোৱা পিয়াজ্জাবোৰ আৰু মিউজিয়ামাৰ সন্মুখত চিত্রশিল্পীসকলে আঁকি থকা চিত্ৰবোৰ দেখি। প্রত্যেকেই বিভিন্ন ধৰণৰ ছবি অঁকাত ব্যস্ত, কোনোবাই যদি প্রাকৃতিক দৃশ্য, আন কোনোবাই আঁকিছে মানুহৰ ছবি, প্ৰকৃতিৰ বিনন্দীয়া দৃশ্য, চৰাই-চিৰিকটি, জীৱ-জন্তু আদি। প্রত্যেকখন ছবিতেই তেওঁলোকৰ শিল্পীমনৰ সুন্দৰ প্ৰতিচ্ছবি ফুটি উঠিছে। কোনোবাজনে আকৌ পেলনীয়া কাঠৰ টুকুৰা লৈ হাতুৰি-বটালি আদিবে বিভিন্ন প্রতিমূর্তি সাজি ৰং বুলাই প্ৰাণৱন্ত কৰি তুলিছে। মুঠতে কাৰো মূৰ দাঙি চাবলৈ সময় নাই। সেইবোৰ চাই চাই আমি আপোনপাহৰা হৈ পৰিছিলোঁ। কিন্তু সেইবোৰ চাই থাকিবলৈ আমাৰ সময় ক’ত ? গাইডে আমাক সময়ৰ কথা সোঁৱৰাই দিওঁতেহে আমাৰ সম্বিৎ ঘূৰি আহিল ৷ গোটেই নগৰখন শিল্পকলা, চিত্র ভাস্কর্য, ৰং-তুলিকা আৰু পেইণ্টিঙৰ বাবে পৃথিৱী বিখ্যাত। সেইবাবে এই নগৰখনক “City of Art” বুলিও কোৱা হয়।

লাহে লাহে আমাৰ ফ্লোৰেন্স নগৰ ভ্ৰমণৰ সময় চমু চাপি আহিল। আমাৰ প্ৰত্যেকৰে ডিঙিত ওলোমাই লোৱা ছাউণ্ড বক্সটো গাইডক ওভোতাই দিলোঁ। ওচৰৰে এখন হোটেলত দুপৰীয়াৰ আহাৰ খাই আমাৰ দলৰ অপাৰ্টেৰ সঞ্জয়ৰ সৈতে বিখ্যাত ‘পিছাৰ হেলনীয়া স্তম্ভ’ চাবলৈ ৰাওনা হ’লোঁ।

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.