এখন এনে পৃথিৱীত আমি বাস কৰোঁ, য’ত সফলতা, সৌন্দৰ্য, প্ৰতিভা আৰু সাফল্যক বেছি গুৰুত্ব দিয়া হয়। ছ’চিয়েল মিডিয়াত দেখা নিখুঁত মুখ, চকুত লগা জীৱনশৈলী আৰু সফলতাৰ কাহিনীবোৰে বহুত সময়ত আমাৰ মনত এনে এটা ধাৰণা জন্মায় যে নিখুঁত হোৱাটোৱে জীৱনৰ লক্ষ্য। কিন্তু সত্যটো হ’ল — কোনোৱেই নিখুঁত নহয়।
প্ৰত্যেক মানুহৰেই কিছুমান নিজস্ব শক্তি থাকে, লগতে দুৰ্বলতাও থাকে। জীৱনত কেতিয়াবা আত্মবিশ্বাসে ভৰপূৰ মুহূৰ্ত আহে, আকৌ কেতিয়াবা সন্দেহে মনটো আৱৰি ধৰে। যিসকলক আমি সফল বুলি ভাবো, তেওঁলোকেও নিজৰ যাত্ৰাত বহু বাধা, ব্যৰ্থতা আৰু সমালোচনাৰ সন্মুখীন হ’ব লগা হ’ব পাৰে। কিন্তু আমি সাধাৰণতে তেওঁলোকৰ জীৱনৰ কেৱল উজ্বল আৰু সফল দিশটোহে দেখা পাওঁ।
জীৱনৰ পথত বাধা, ব্যৰ্থতা আৰু অসম্পূৰ্ণতা সকলোৰে সংগী। এই দোষ-গুণ আৰু অভিজ্ঞতাবোৰেই অৱশেষত আমাক প্ৰকৃত মানুহ হিচাপে গঢ়ি তোলে। আমাৰ ভুলবোৰেই আমাক নম্ৰতা, সহানুভূতি আৰু ধৈৰ্য শিকায়।
এটা শিশুৱে বহুবাৰ পৰি পৰি অৱশেষত খোজ দিবলৈ শিকে। তেনেদৰে মানুহেও জীৱনত ভুলৰ পৰা শিক্ষা লৈ আগুৱাই যায়। ভুল মানেই ব্যৰ্থতা নহয় — ভুল মানেই এটা মূল্যৱান শিক্ষা। নিখুঁত হোৱাৰ হেঁপাহে বৰ্তমান সমাজত পেলাব’ পৰা কিছুমান প্ৰভাৱ-
মানসিক চাপ আৰু উদ্বেগ বৃদ্ধি পায়:
নিখুঁত হ’বলৈ কৰা অধিক চেষ্টা আৰু সমাজৰ আশা-প্ৰত্যাশাই মানুহক মানসিকভাৱে ক্লান্ত কৰি তোলে। সৰু সৰু বিষয়তো চিন্তা বাঢ়ে আৰু মনত অশান্তি জন্মে। ফলত দৈনন্দিন জীৱনৰ আনন্দ কমি যায়।
আত্মবিশ্বাস কমি যোৱা: নিজক যথেষ্ট ভাল বুলি অনুভৱ নকৰাৰ বাবে আত্মবিশ্বাস কমে। নিজৰ সামৰ্থ্যত বিশ্বাস নাথাকিলে নতুন কাম কৰিবলৈ সাহস নাথাকে।
সদায়ে অন্যৰ সৈতে তুলনা কৰা: মানুহে নিজৰ সাফল্য, সৌন্দৰ্য বা জীৱনশৈলীক আনৰ সৈতে তুলনা কৰি থাকে। এই অভ্যাসে সন্তুষ্টি কমায় আৰু নিজৰ ওপৰত সন্দেহ জন্মায়। ধীৰে ধীৰে নিজৰ মূল্যবোধ কমি যোৱাৰ অনুভৱ হয়।
বাস্তৱ সুখ উপভোগ নকৰা: মানুহে বাস্তৱ অনুভৱ আৰু সুখত মন নিদি বাহ্যিক প্ৰতিচ্ছবিৰ ওপৰত অধিক গুৰুত্ব দিয়ে। ছ’চিয়েল মিডিয়া বা সমাজৰ দৃষ্টিত ভাল দেখাবলৈ চেষ্টা কৰি জীৱনৰ সৰু সুখবোৰ উপেক্ষা কৰে। ফলত অন্তৰৰ সন্তুষ্টি কমে।
ব্যৰ্থতাৰ ভয় বৃদ্ধি: নিখুঁত ফলাফল নাপাম বুলি ভয় কৰি থাকিলে মানুহে নতুন সুযোগ ল’বলৈ আগবাঢ়িব নোৱাৰে। চেষ্টা নকৰাৰ বাবে উন্নতিৰ পথো বন্ধ হৈ যায় আৰু এই ভয়ে ব্যক্তিগত বিকাশত বাধা সৃষ্টি কৰে।
হীনমন্যতা আৰু একাকীত্বৰ অনুভূতি বৃদ্ধি : অধিক চাপ আৰু অসন্তুষ্টিৰ বাবে মনত দুখ বা শূন্যতাৰ অনুভৱ জন্মে। মানুহে নিজৰ সমস্যাবোৰ আনৰ সৈতে ভাগ নকৰাৰ বাবে একাকীত্ব অনুভৱ কৰে। দীঘল সময় ধৰি এনে অৱস্থা থাকিলে মানসিক স্বাস্থ্যত প্ৰভাৱ পৰে।
আনৰ জীৱনৰ “উজ্বল অংশ”ৰ সৈতে নিজৰ বাস্তৱ জীৱন তুলনা কৰাটো ভুল। নিখুঁত হ’বলৈ চেষ্টা কৰাৰ সলনি প্ৰতিদিনে অলপকৈ উন্নতি কৰাটোৱেই অধিক গুৰুত্বপূৰ্ণ।
নিজক গ্ৰহণ কৰাটো হৈছে প্ৰকৃত শক্তি, নিজৰ অসম্পূৰ্ণতাক গ্ৰহণ কৰা মানে উন্নতিৰ পথ এৰি দিয়া নহয়। ইয়াৰ অৰ্থ হ’ল — উন্নতি এটা অবিৰত যাত্ৰা। যেতিয়া আমি নিজকে গ্ৰহণ কৰোঁ, তেতিয়া আত্মবিশ্বাস আৰু মনৰ শান্তি লাভ কৰোঁ আৰু আনৰ বিচাৰৰ ভয় নোহোৱাকৈ নিজৰ দৰে জীয়াই থাকিব পাৰোঁ।
জীৱনৰ উদ্দেশ্য নিখুঁত হোৱা নহয়, বাস্তৱ হোৱা। ভুল, শিক্ষা আৰু অভিজ্ঞতাই আমাৰ ব্যক্তিত্ব গঢ়ে। যেতিয়া আমি নিজৰ অসম্পূৰ্ণতাক আঁকোৱালি লওঁ, তেতিয়া প্ৰকৃত সুখ আৰু স্বাধীনতা অনুভৱ কৰোঁ।
সেয়ে নিখুঁত হ’বলৈ নহয়, সত্যবাদী, দয়ালু আৰু সাহসী হ’বলৈ চেষ্টা কৰা উচিত।
Comments are closed, but trackbacks and pingbacks are open.